< দ্বিতীয় বিবরণ 25 >
1 ১ যদি লোকসকলৰ মাজত বিবাদ হয় আৰু সেই বিবাদ আদালতলৈ নিয়া হয়, তেন্তে বিচাৰকসকলে বিচাৰ কৰি তেওঁলোকৰ নিৰ্দোষীক নিৰ্দোষ আৰু দোষীক দোষী কৰিব;
人と人との間に爭辯ありて來りて審判を求むる時は士師これを鞫きその義き者を義とし惡き者を惡とすべし
2 ২ সেই বিচাৰত যদি দোষী প্ৰহাৰৰ যোগ্য হয়, তেন্তে বিচাৰকে তেওঁক মাটিত শুৱাই লৈ তাৰ দোষ অনুসাৰে হিচাপ কৰি নিজৰ সন্মুখতে তেওঁক কোবোৱাব।
その惡き者もし鞭つべき者ならば士師これを伏せその罪にしたがひて數のごとく自己の前にてこれを扑すべし
3 ৩ বিচাৰকে তেওঁক চল্লিশ কোবৰ অধিক মৰাব নোৱাৰিব; তাৰ অধিক মাৰিলে এজন ইস্রায়েলীয়া ভাইক অাপোনালোকৰ আগত নীহ কৰা হ’ব।
これを扑ことは四十を逾べからず若これを逾て是よりも多く扑ときは汝その汝の兄弟を賤め視にいたらん
4 ৪ শস্য মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব।
穀物を碾す牛に口籠をかく可らず
5 ৫ যদি ককাই-ভাইসকল একেলগে থাকে আৰু তেওঁলোকৰ মাজৰ এজন ভাই পুত্রহীন হৈ মৰে, তেন্তে সেই মৃতকৰ ভাৰ্য্যাই বাহিৰৰ আন পুৰুষক বিয়া কৰিব নোৱাৰিব; দেওৰেক বা বৰ-জনাই তাইক বিয়া কৰি কৰিব আৰু তাইৰ প্রতি দেওৰেক বা বৰ-জনাৰ কৰিবলগীয়া কর্তব্য পালন কৰিব।
兄弟ともに居んにその中の一人死て子を遺さざる時はその死たる者の妻いでて他人に嫁ぐべからず其夫の兄弟これの所に入りこれを娶りて妻となし斯してその夫の兄弟たる道をこれに盡し
6 ৬ পাছত সেই মহিলাৰ ঔৰসত যি প্ৰথম সন্তান জন্ম হ’ব, তেওঁ সেই মৃত ভাইৰ নাম ৰক্ষা হ’ব আৰু সেই মৃত ভাইৰ নাম ইস্ৰায়েলৰ মাজৰ পৰা লুপ্ত হৈ নাযাব।
而してその婦の生ところの初子をもてその死たる兄弟の後を嗣しめその名をイスラエルの中に絶ざらしむべし
7 ৭ কিন্তু সেই পুৰুষে যদি নিজ ভায়েক বা ককায়েকৰ তিৰোতাক গ্ৰহণ কৰিব নোখোজে, তেন্তে তাৰ ককায়েক বা ভায়েকৰ সেই তিৰোতাই নগৰৰ দুৱাৰ মুখলৈ বৃদ্ধ লোকসকলৰ ওচৰলৈ গৈ ক’ব, “মোৰ দেওৰ বা বৰজনাই ইস্ৰায়েলৰ মাজত নিজ ককায়েক বা ভায়েকৰ নাম ৰাখিবলৈ অসন্মত হৈছে; মোৰ প্রতি মোৰ দেওৰ বা বৰজনাই কৰিবলগীয়া কর্তব্য পালন কৰিবলৈ ইচ্ছুক নহয়।”
然どその人もしその兄弟の妻をめとることを肯ぜずばその兄弟の妻門にいたりて長老等に言べし吾夫の兄弟はその兄弟の名をイスラエルの中に興ることを肯ぜず吾夫の兄弟たる道を盡すことをせずと
8 ৮ তেতিয়া সেই নগৰৰ বৃদ্ধ লোকসকলে সেই পুৰুষক মাতি আনি বুজাব; ইয়াৰ পাছতো যদি তেওঁ দৃঢ়তাৰে কয় যে, “তাইক লবলৈ মোৰ ইচ্ছা নাই,”
然る時はその邑の長老等かれを呼よせて諭すべし然るも彼堅く執て我はこれを娶ることを好まずと言ば
9 ৯ তেতিয়া তেওঁৰ ককায়েক বা ভায়েকৰ ভাৰ্য্যাই বৃদ্ধ লোকসকলৰ সাক্ষাতে দেওৰেক বা বৰজনাৰ গুৰিলৈ গৈ তেওঁৰ ভৰিৰ পৰা জোতা খুলি ল’ব আৰু তেওঁৰ মুখত থু পেলাই ক’ব, “নিজ ককাই বা ভাইৰ বংশ যি জনে ৰক্ষা কৰিবলৈ নিবিচাৰে, তেওঁৰ প্রতি এনে ব্যৱহাৰকে কৰা হয়।”
その兄弟の妻長老等の前にて彼の側にいたりこれが鞋をその足より脱せその面に唾して答て言べしその兄弟の家を興ることを肯ぜざる者には斯のごとくすべきなりと
10 ১০ ইস্ৰায়েলৰ মাজত সেই লোকৰ বংশ ‘জোতা-খোলা পুৰুষৰ বংশ’ বুলি প্ৰখ্যাত হ’ব।
またその人の名は鞋を脱たる者の家とイスラエルの中に稱へらるべし
11 ১১ দুজন লোকৰ মাজত কাজিয়া কৰাৰ সময়ত যদি এজনৰ ভাৰ্য্যাই তেওঁৰ স্বামীক আঘাত কৰা আন জনৰ হাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ওচৰলৈ আহে আৰু হাত মেলি আন লোকজনৰ গুপুত অঙ্গ ধৰে,
人二人あひ爭そふ時に一人の者の妻その夫を撃つ者の手より夫を救はんとて進みより手を伸てその人の陰所を執ふるあらば
12 ১২ তেতিয়া অাপোনালোকে তাইৰ হাত কাটি পেলাব; তাইলৈ আপোনালোকে কোনো দয়া নেদেখুৱাব।
汝その婦の手を切おとすべし之を憫れみ視るべからず
13 ১৩ আপোনালোকৰ মোনাত যেন সৰু আৰু ডাঙৰ দুই ৰকমৰ দগা নাথাকে।
汝の嚢の中に一箇は大く一箇は小き二種の權衡石をいれおくべからず
14 ১৪ আপোনালোকৰ ঘৰত সৰু আৰু ডাঙৰ দুই ধৰণৰ জোখৰ পাত্র যেন নাথাকে।
汝の家に一箇は大く一箇は小き二種の升斗をおくべからず
15 ১৫ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিব, সেই দেশত আপোনালোকৰ আয়ুস দীঘল হ’বৰ কাৰণে আপোনালোকে সঠিক আৰু ন্যায় দগা, সঠিক আৰু ন্যায় জোখৰ পাত্র ৰাখিব লাগিব।
唯十分なる公正き權衡を有べくまた十分なる公正き升斗を有べし然せば汝の神ヱホバの汝にたまふ地に汝の日永からん
16 ১৬ কাৰণ, যেয়ে এই সকলো কাৰ্য কৰে অর্থাৎ সকলো ধৰণৰ অধার্মিক কার্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁক ঘৃণা কৰে।
凡て斯る事をなす者凡て正しからざる事をなす者は汝の神ヱホバこれを憎みたまふなり
17 ১৭ আপোনালোক মিচৰ দেশৰ পৰা ওলাই আহোঁতে বাটত অমালেকীয়াসকলে আপোনালোকৰ সৈতে যি কৰিছিল, তাক সোঁৱৰণ কৰক।
汝らがエジプトより出きたりし時その路においてアマレクが汝に爲たりし事を記憶よ
18 ১৮ আপোনালোক শ্রান্ত আৰু ক্লান্ত হৈ থকা অৱস্থাত যি দুর্বল লোকসকল পাছত গৈ আছিল, কেনেকৈ তেওঁলোকে বাটত লগ পাই আক্রমণ কৰিছিল, তাক সোঁৱৰণ কৰক। তেওঁলোকে ঈশ্বৰক ভয় কৰা নকৰিছিল।
即ち彼らは汝を途に迎へ汝の疲れ倦たるに乗じて汝の後なる弱き者等を攻撃り斯かれらは神を畏れざりき
19 ১৯ এই হেতুকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ স্বৰূপে অধিকাৰ কৰিবলৈ আপোনালোকক দিবলৈ গৈছে, সেই দেশত আপোনালোকৰ চাৰিওফালে থকা সকলো শত্রুবোৰৰ পৰা তেওঁ যেতিয়া আপোনালোকক বিশ্ৰাম দিব, তেতিয়া আকাশৰ তলৰ পৰা অমালেকীয়াসকলৰ চিন আপোনালোকে একেবাৰে মছি পেলাব লাগিব। এই কথা আপোনালোকে নাপাহৰিবা।
然ば汝の神ヱホバの汝に與へて產業となさしめたまふ地において汝の神ヱホバ汝にその周圍の敵を盡く攻ふせて安泰ならしめたまふに至らば汝アマレクの名を天が下より塗抹て之をおぼゆる者なからしむべし