< দ্বিতীয় বিবরণ 24 >

1 কোনো পুৰুষে কোনো যুৱতীক বিয়া কৰাৰ পাছত, যদি তাইত কোনো দোষ পোৱাৰ কাৰণে, তাই তেওঁৰ দৃষ্টিত অনুগ্ৰহ নাপায়, তেন্তে সেই পুৰুষে এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দিব আৰু তাইক নিজ ঘৰৰ পৰা বিদায় দিব পাৰিব।
Mwanamume akimchukua mke na kumuoa, na mke asipokubalika machoni pa mumewe kwa sababu kagundua jambo ambalo si jema kwake, basi anatakiwa amwandikie talaka, aiweke mkononi mwake, na kumfukuza nyumbani kwake.
2 সেই মহিলাই তেওঁৰ ঘৰৰ পৰা ওলাই গৈ, আন পুৰুষৰে সৈতে বিয়া হ’ব পাৰিব।
Akishaondoka nyumbani kwake, anaweza kwenda na kuwa mke wa mwanamume mwingine.
3 কিন্তু পাছত দ্বিতীয় স্বামীয়েও যদি তাইক পছন্দ নকৰে আৰু এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দি, নিজৰ ঘৰৰ পৰা তাইক বিদায় দিয়ে বা সেই দ্বিতীয় স্বামীৰ যদি মৃত্যু হয়,
Iwapo mume wa pili akamchukia na kumwandikia talaka, akaiweka mkononi mwake, na kumfukuza nyumbani kwake; au huyu mume wa pili akafariki, mwanamume aliyemchukua kuwa mke wake –
4 তেন্তে তাইৰ প্রথম স্বামী, যি জনে তাইক বিদায় দিছিল তেওঁ তাইক পুনৰ ভার্যা কৰি ল’ব নোৱাৰিব। কাৰণ তাই অশুচি হ’ল। এই ধৰণৰ বিয়া যিহোৱাৰ দৃষ্টিত ঘিণলগীয়া। আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিব, আপোনালোকে এইভাৱে সেই দেশক পাপত নেপেলাব।
basi mume wa awali, yule aliyemfukuza mara ya kwanza, haruhusiwi kumchukua tena awe mke wake, baada ya yeye kuwa mchafu, kwa maana hiyo itakuwa ni chukizo kwa Yahwe. Hautakiwi kusababisha nchi iwe na hatia, nchi ambayo Yahwe Mungu wako anakupatia kama urithi.
5 অলপতে বিয়া কৰা পুৰুষে সৈন্য সমূহৰ লগত যুদ্ধলৈ ওলাই নাযাব নাইবা তেওঁৰ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে, তাইৰ আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বচ্ছন্দে নিজ ঘৰত থাকিব দিব লাগিব।
Mwanamume atakapochukua mke mpya, hatakwenda vitani na jeshi, na wala hataamrishwa kwenda kwenye shughuli yoyote ya kulazimishwa; atakuwa huru kuwa nyumbani kwa mwaka mzima na atamfurahisha mke wake aliyemchukua.
6 ঋণৰ বন্ধক হিচাবে কাৰো জাঁত শিল বা তাৰ ওপৰৰ পাথৰটো নলব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়।
Mwanamume yeyote hatachukua kinu wala jiwe la kinu kama dhamana, kwa maana hivyo itakuwa kuchukua Maisha ya mtu kama dhamana.
7 কোনো মানুহে যদি ইস্ৰায়েলীয়া নিজ ভাইসকলৰ মাজত কোনোক চুৰ কৰি নি দাস হিচাবে ব্যৱহাৰ কৰে বা বিক্রী কৰি দিয়ে, তেন্তে সেই চোৰৰ মৃত্যুদণ্ড হ’ব। এইদৰে আপোনালোকৰ মাজৰ পৰা আপোনালোকে দুষ্টতা দূৰ কৰিব লাগিব।
Iwapo mwanamume kakutwa kamteka mmoja wa kaka zake miongoni mwa watu wa Israeli, na kumtendea kama mtumwa na kisha kumuuza, huyo mwizi lazima afe; na utakuwa umeondoa uovu miongoni mwenu.
8 চর্মৰোগে দেখা দিলে আপোনালোক সতর্ক হ’ব লাগিব আৰু লেবীয়া পুৰোহিতসকলে যি নির্দেশ দিব, সেই সকলোকে যত্ন সহকাৰে পালন কৰিব লাগিব; মই তেওঁলোকক যি যি আজ্ঞা দিছিলোঁ, তাক পালন কৰি আপোনালোকে সেই মতে কাৰ্য কৰিব।
Kuwa mwangalifu kuhusu kiini chochote cha ukoma, ili kwamba uwe makini katika kuchunguza na kufuata kila agizo linalopewa kwako ambalo makuhani, Walawi, wanakufundisha; kama nilivyowaamuru, ili utekeleze.
9 মিচৰ দেশৰ পৰা আপোনালোক ওলাই অহাৰ সময়ত বাটত আপোনালোকৰ ঈশ্বৰ যিহোৱাই মিৰিয়মলৈ কি ব্যৱস্থা কৰিছিল তাক সোঁৱৰণ কৰিব।
Kumbukeni nini Yahwe Mungu wako alichomfanya Miriam ulipokuwa ukitoka Misri.
10 ১০ ওচৰ-চুবুৰীয়াক আপোনালোকে কিবা ধাৰ দিলে, বন্ধক হিচাবে কিবা বস্তু আনিবৰ কাৰণে আপোনালোক তেওঁৰ ঘৰৰ ভিতৰত নোসোমাবা।
Utoapo mkopo wa aina yoyote kwa jirani yako, hautakiwi kwenda ndani ya nyumba yake kutafuta dhamana yake.
11 ১১ বাহিৰত থিয় হৈ থাকিব আৰু যি জনক ধাৰ দিয়ে, তেওঁকেই বন্ধকী বস্তু উলিয়াই আপোনালোকৰ ওচৰলৈ আনিব দিয়ক।
Utasimama nje, na mwanamume aliyekopa kwako ataleta dhamana yake nje kwako.
12 ১২ মানুহজন যদি দুখীয়া হয়, তেন্তে তেওঁৰ বন্ধকী বস্তু নিজৰ ওচৰত ৰাখি নিদ্ৰা নাযাব।
Iwapo ni mtu maskini, hautakiwi kulala na dhamana yake ikiwa mikononi mwako.
13 ১৩ সূৰ্য মাৰ যোৱাৰ সময়ত তেওঁৰ সেই বন্ধকী বস্তু অৱশ্যেই ওলোটাই দিব যাতে তেওঁ নিজৰ কাপোৰ গাত লৈ টোপনি যাব পাৰে। তাতে আপোনালোকক আশীৰ্ব্বাদ দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত সেই ঘূৰাই দিয়া কার্যই ধাৰ্মিকতা হ’ব।
Hakika unapaswa kumrejeshea dhamana yake kabla jua halijazama, ili aweze kulala ndani ya vazi lake na akubariki; itakuwa utakatifu kwako mbele za Yahwe Mungu wako.
14 ১৪ আপোনালোকে ভাড়ালৈ অনা কোনো দুখীয়া আৰু অভাৱী দাসৰ প্রতি অন্যায় নকৰিব - তেওঁ আপোনালোকৰ কোনো ইস্রায়েলীয়া ভাইয়ে হওক, বা আপোনালোকৰ দেশত নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীয়েই হওক।
Hautakiwi kumuonea mtumishi wa kuajiriwa ambaye ni maskini na mhitaji, hata kama ni jamaa wa Israeli, au ni kati ya wageni mbao wamo katika nchi ndani ya malango ya mji wako;
15 ১৫ প্রতিদিনে আপোনালোকে তেওঁৰ মজুৰি দিব। সূৰ্য মাৰ যোৱাৰ আগেয়ে তাক আপোনালোকে পৰিশোধ কৰিব। কিয়নো তেওঁ দুখীয়া আৰু সেই মজুৰিৰ ওপৰতে তেওঁ ভাৰসা কৰে। আপোনালোকে এই কার্য কৰিব যাতে তেওঁ আপোনাৰ অহিতে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আপোনালোকৰ পাপ হ’ব।
Kila siku unapaswa kumlipa mshahara wake; jua halipaswi kuzama kabla ya suala hili kutatuliwa, kwa maana ni maskini na anautegemea. Fanya hivi ili asilie dhidi yako kwa Yahwe, na kwamba isiwe ikawa dhambi ambayo umeitenda.
16 ১৬ সন্তানৰ পাপৰ কাৰণে পিতৃ-মাতৃক বা পিতৃ-মাতৃৰ পাপৰ কাৰণে সন্তানক প্ৰাণ দণ্ড দিয়া নহ’ব; প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব লাগিব।
Wazazi hawapaswi kuuwawa kwa niaba ya watoto wao, na wala watoto hawapaswi kuuawa kwa niaba ya wazazi wao. Badala yake, kila mtu anapaswa kuuwawa kwa dhambi yake mwenyewe.
17 ১৭ বিদেশী বা পিতৃহীনৰ প্রতি অন্যায় বিচাৰ নকৰিব আৰু কোনো বিধৱাৰ কাপোৰ বন্ধক স্বৰূপে নল’ব।
Haupaswi kutumia nguvu kuchukua haki inayomhusu mgeni au yatima, wala kuchukua vazi la mjane kama dhamana.
18 ১৮ মনত ৰাখিব, মিচৰ দেশত আপোনালোক দাস আছিল আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰা আপোনালোকক মুক্ত কৰি আনিলে। এইবাবেই মই আপোনালোকক এই সকলো কাৰ্য কৰিবলৈ আজ্ঞা দিছোঁ।
Badala yake, unapaswa ukumbuke ya kwamba ulikuwa mtumwa Misri, na kwamba Yahwe Mungu wako alikukomboa kutoka kule. Kwa hiyo ninakuagiza kutii amri hii.
19 ১৯ আপোনালোকৰ খেতিৰ শস্য দোৱাৰ সময়ত যদি শস্যৰ কোনো মুঠি লগত আনিবলৈ পাহৰি যায়, তেন্তে তাক আনিবলৈ উলটি নাযাব; সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে হ’ব। তাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কাৰ্যতে আপোনালোকক আশীৰ্ব্বাদ কৰিব।
Utakapovuna zao lako shambani mwako, na ukasahau kipande cha mbegu shambani, haupaswi kurudi na kukichukua; kinapaswa kuwa cha mgeni, cha yatima, au cha mjane, ili Yahwe Mungu wako akubariki katika kazi ya mikono yako.
20 ২০ জিত পৰাৰ সময়ত আপোনালোকে একেবোৰ ডালৰ পৰা দুবাৰ ফল পাৰিবলৈ নাযাব। যি থাকি যাব সেয়ে বিদেশী, পিতৃহীন আৰু বিধৱাসকলৰ বাবে ৰাখিব।
Utakapotikisa mti wako wa mzeituni, haupaswi kupanda juu ya matawi tena; itakuwa kwa ajili ya mgeni, kwa yatima na kwa mjane.
21 ২১ আপোনালোকে দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপোৱাৰ সময়ত, একেডাল ডালৰ পৰা দুবাৰ আঙুৰ নিছিঙিব। যি থাকি যাব, সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে ৰাখিব।
Utakapokusanya mizabibu shambani mwako, haupaswi kukusanya masazo yake tena. Kinachobaki kitakuwa cha mgeni, cha yatima na cha mjane.
22 ২২ পাহৰি নাযাব যে আপোনালোকো মিচৰ দেশত দাস আছিল। সেইবাবেই মই আপোনালোকক এই সকলো কৰিবলৈ আজ্ঞা দিছোঁ।
Unatakiwa ukumbuke kuwa ulikuwa mtumwa katika nchi ya Misri; kwa hiyo nakuagiza kutii amri hii.

< দ্বিতীয় বিবরণ 24 >