< দ্বিতীয় বিবরণ 23 >
1 ১ যি পুৰুষৰ অণ্ডকোষ চূর্ণ বা গুপুত অঙ্গ কটা হৈছে, তেওঁ যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
၁ယောက်ျား၏ အင်္ဂါလက္ခဏာ မစုံလင်၊ ချို့တဲ့ သောယောက်ျားသည် ထာဝရဘုရား၏ ပရိသတ်တော်၌ အပါအဝင်မဖြစ်ရ။
2 ২ কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
၂မျောက်မထား၍ ရသောသားသည် ထာဝရ ဘုရား၏ ပရိသတ်တော်၌ အပါအဝင်မဖြစ်ရ။ ဆယ် ဆက်မြောက်အောင် မဝင်ရ။
3 ৩ কোনো অম্মোনীয়া বা মোৱাবীয়া লোক যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
၃အမ္မုန်အမျိုးသား၊ မောဘအမျိုးသားသည် လည်း၊ ထာဝရဘုရား၏ ပရိသတ်တော်၌ အပါအဝင် မဖြစ်ရ။ ကာလအစဉ်မကုန်၊ ဆယ်ဆက်မြောက်အောင် မဝင်ရ။
4 ৪ কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত আপোনালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং আপোনালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল।
၄အကြောင်းမူကား၊ သင်သည် အဲဂုတ္တုပြည်မှ ထွက်လာသောအခါ၊ သူတို့သည် မုန့်နှင့်ရေကို ဆောင်၍ ခရီးဦးကြို မလာကြ။ သင့်ကို ကျိန်ဆဲစေခြင်းငှာ၊ မေသောပေါတာမိပြည်၊ ပေသော်မြို့၌ နေသော ဗောရ သား ဗာလမ်ကို ငှားကြ၏။
5 ৫ কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিলিয়মৰ কথা নুশুনিলে; আপোনালোকক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনালোকৰ পক্ষে সেই শাও আশীৰ্ব্বাদত পৰিণত কৰিলে।
၅သို့ရာတွင် သင်၏ဘုရားသခင် ထာဝရဘုရား သည် ဗာလမ်စကားကို နားမထောင်။ သင့်ကိုချစ်သော ကြောင့် ကျိန်ဆဲခြင်းကို သင်၌ ကောင်းကြီးမင်္ဂလာ ဖြစ်စေတော်မူ၏။
6 ৬ আপোনালোক জীয়াই থাকেমানে কেতিয়াও তেওঁলোকৰ মঙ্গল কি উন্নতিৰ চেষ্টা নকৰিব।
၆သင်သည် သူတို့ချမ်းသာ၊ သူတို့စည်းစိမ်ကို တသက်လုံးအစဉ်မပြုစုရ။
7 ৭ কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল।
၇ဧဒုံအမျိုးသားကိုမူကား၊ မမုန်းရ။ သူသည် သင်၏ ညီအစ်ကို ဖြစ်၏။ အဲဂုတ္တုအမျိုးသားကိုလည်း မမုန်းရ။ သူ၏ပြည်၌ သင်သည် ကျွန်ခံခဲ့ဘူးပြီ။
8 ৮ আপোনালোকৰ মাজত বাস কৰাৰ পাছত তৃতীয় পুৰুষৰ পৰা তেওঁলোক যিহোৱাৰ সমাজত সোমাব পাৰিব।
၈သူတို့အမျိုးအနွယ်သည် သုံးဆက်မြောက်မှသာ ထာဝရဘုရား၏ ပရိသတ်တော်၌ အပါအဝင်ဖြစ်ရသော အခွင့်ရှိ၏။
9 ৯ শত্রুসকলৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি ওলাই যোৱা সময়ত, সকলো মন্দৰ পৰা আপোনালোকে নিজক দূৰৈত ৰাখিব।
၉ရန်သူတို့ကို စစ်တိုက်သွားသောအခါ၊ မတရား သောအမှု ရှိသမျှကို ရှောင်လော့။
10 ১০ আপোনালোকৰ মাজত যদি কোনো পুৰুষ ৰাতি ঘটা ঘটনাৰ কাৰণে অশুচি হয়, তেন্তে সি ছাউনিৰ বাহিৰলৈ যাব লাগিব; ছাউনিৰ ভিতৰলৈ ঘূৰি নাহিব।
၁၀ညဉ့်အချိန်၌ ရောက်တတ်သော မစင်ကြယ် သော အကြောင်းကြောင့် မစင်ကြယ်သောသူသည် သင်တို့တွင်ရှိလျှင် သူသည် တပ်ပြင်သို့ ထွက်ရမည်။ တပ်ထဲသို့မဝင်ရ။
11 ১১ সন্ধিয়া হৈ আহিলে তেওঁ নিজে পানীত গা ধুব। সূৰ্য মাৰ যোৱাৰ পাছত তেওঁ ছাউনিলৈ ঘূৰি যাব পাৰিব।
၁၁မိုဃ်းချုပ်သောအခါ ရေချိုး၍၊ နေဝင်ပြီးမှ တပ်ထဲသို့ ဝင်ရမည်။
12 ১২ পায়খানাৰ কাৰণে আপোনালোকে ছাউনিৰ বাহিৰত এটা ঠাই ঠিক কৰি ল’ব লাগিব।
၁၂သင့်ကျင်ကြီးစွန့်ရာ အရပ်သည် တပ်ပြင်၌ရှိရ မည်။
13 ১৩ আপোনালোৰ সা-সামগ্রীৰ মাজত মাটি খান্দিবলৈ এখন খন্তি থাকিব। পায়খানা কৰাৰ আগতে আপোনালোকে তাৰে গাত কৰি মলখিনি আকৌ মাটিৰে ঢাকি দিব।
၁၃တပ်ပြင်သို့ထွက်၍ စွန့်သောအခါ၊ ကိုယ်၌ပါ သော သစ်သားတူးရွင်းနှင့် မြေ၌တူးရမည်။ နောက်တဖန် လှည့်၍ မစင်ကို ဖုံးအုပ်ရမည်။
14 ১৪ আপোনালোকক ৰক্ষা কৰিবলৈ, আৰু আপোনালোকৰ শত্রুবোৰক আপোনালোকৰ হাতত তুলি দিবলৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, আপোনালোকে ছাউনি পবিত্ৰ কৰি ৰাখিব লাগিব যাতে আপোনালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ আপোনালোকৰ পৰা বিমুখ হৈ নাযায়।
၁၄အကြောင်းမူကား၊ သင်၏ဘုရားသခင် ထာဝရ ဘုရားသည် သင့်ကိုကယ်တင်၍ ရန်သူတို့ကို သင့်လက်၌ အပ်ခြင်းငှာ၊ သင်၏တပ်ထဲမှာ သွားလာတော်မူ၏။ ထို့ကြောင့်၊ သင့်အထဲ၌ မစင်ကြယ်သောအရာ တစုံတခု ကို မြင်၍ သင်မှ ရှောင်သွားတော် မမူမည်အကြောင်း၊ သင်၏ တပ်သည် သန့်ရှင်းရမည်။
15 ১৫ কোনো দাসে যদি নিজৰ গৰাকীৰ পৰা পলাই আহি আপোনালোকৰ ওচৰত আশ্রয় লয়, আপোনালোকে তাক তাৰ গৰাকীৰ হাতত শোধাই নিদিব।
၁၅မိမိသခင်ထံကပြေး၍ သင့်ထံသို့ ရောက်သော ကျွန်ကို သခင်၌ မအပ်ရ။
16 ১৬ সেই দাসে যি কোনো এখন নগৰত আপোনালোকৰ মাজত, য’তে বাস কৰিব বিচাৰে, তাতে বাস কৰিবলৈ দিব। তাক উপদ্ৰৱ নকৰিব।
၁၆ထိုကျွန်သည် အလိုအလျောက်နေချင်သော အရပ်၊ သင့်နေရာမြို့ တစုံတမြို့၌ သင့်ထံမှာနေရသော အခွင့်ရှိ၏။ သူ့ကို မညှဉ်းဆဲရ။
17 ১৭ ইস্ৰায়েলৰ যুৱতীসকলৰ মাজত যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়; ইস্ৰায়েলীয়া পুৰুষৰ মাজতো যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়।
၁၇ဣသရေလအမျိုးသမီးတို့တွင် ပြည်တန်ဆာ မရှိရ။ ဣသရေလအမျိုးသားတို့တွင် ယောက်ျားအလိုသို့ လိုက်တတ်သော မိန်းမလျှာမရှိရ။
18 ১৮ পুৰষ হওঁক বা মহিলাই হওঁক, যি জনে বেশ্যাৰ জীৱন কটায়, তেওঁৰ উপার্জনৰ ধন কোনো সঙ্কল্প-সিদ্ধিৰ অৰ্থে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ নানিব; কাৰণ সেই ধৰণৰ পুৰুষ আৰু মহিলাক আপোনালোকৰ ঈশ্বৰ যিহোৱাই ঘৃণা কৰে।
၁၈ပြည်တန်ဆာလုပ်၍ ရသောငွေ၊ ခွေးကိုရောင်း ၍ ရသောငွေကို သစ္စာဂတိပြေစေခြင်းငှာ၊ သင်၏ဘုရား သခင် ထာဝရဘုရား၏ အိမ်တော်သို့ မသွင်းရ။ ထိုသို့ သောငွေကို စက်ဆုပ်ရွံရှာတော်မူ၏။
19 ১৯ আপোনালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিব - সেই সুদ ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক।
၁၉သင်၏အမျိုးသားချင်း၌ အတိုးယူ၍၊ ငွေ၊ စားစရာ၊ အသုံးအဆောင်ကို မချေးမငှားရ။
20 ২০ অন্য জাতিৰ লোকসকলৰ পৰা আপোনালোকে ধাৰ দি সুদ ল’ব পাৰে, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰে। এইদৰে চলিলে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, সেই দেশত আপোনালোকে যিহতে হাত দিব, সকলো কাৰ্যতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।
၂၀တပါးအမျိုးသား၌ အတိုးယူ၍ ချေးငှားရ၏။ သင်သွား၍ ဝင်စားသောပြည်တွင် သင်ပြုလေရာရာ၌ သင်၏ဘုရားသခင် ထာဝရဘုရားသည် ကောင်းကြီးပေး တော်မူမည်အကြောင်း၊ အမျိုးသားချင်း၌ အတိုးယူ၍ ချေးငှားခြင်းကို ရှောင်ရမည်။
21 ২১ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যদি আপোনালোকে কোনো সঙ্কল্প কৰে, তেন্তে তাক পূৰণ কৰিবলৈ পলম নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পৰা তাক নিশ্চয়ে আদায় কৰিব; তাক পূৰণ নকৰিলে আপোনালোকৰ পাপ হ’ব।
၂၁သင်၏ဘုရားသခင် ထာဝရဘုရားအား သစ္စာ ဂတိထားလျှင်၊ ထားသည်အတိုင်း မပြုဘဲမနေရ။ သင်၏ ဘုရားသခင် ထာဝရဘုရားသည် ဧကန်အမှန်တောင်း တော်မူမည်။ သင်သည် မပြုဘဲနေလျှင် အပြစ်ရောက် လိမ့်မည်။
22 ২২ কিন্তু সঙ্কল্প নকৰিলে, তাত কোনো পাপ নহ’ব।
၂၂သစ္စာဂတိ မထားဘဲနေလျှင် အပြစ်မရောက်။
23 ২৩ আপোনালোকৰ মুখৰ পৰা যি সঙ্কল্পৰ কথা ক’ব, তাক আপোনালোকে পূৰণ কৰিবই লাগিব, কাৰণ আপোনালোকে স্ব-ইচ্ছাৰে নিজ মুখেৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত সেই প্ৰতিজ্ঞা কৰিছে।
၂၃သင်သည် သင်၏ ဘုရားသခင် ထာဝရဘုရား အား ကိုယ်အလိုအလျောက် သစ္စာဂတိထား၍၊ ကိုယ်နှုတ် နှင့် မြွက်ဆိုသောစကားကို တည်စေ၍၊ ဂတိရှိသည်အ တိုင်း ပြုရမည်။
24 ২৪ আনৰ দ্ৰাক্ষাবাৰীলৈ গৈ আপোনালোকে ইচ্ছামতে হেঁপাহ পলুৱাই আঙুৰ খাব পাৰিব, কিন্তু লৈ যোৱাৰ বাবে আপোনালোকৰ পাত্ৰত অলপো নল’ব।
၂၄သင်သည် အိမ်နီးချင်း၏ စပျစ်ဥယျာဉ်ထဲသို့ ဝင်သောအခါ၊ အလိုအလျောက် စပျစ်သီးကို ဝစွာစားရ သော်လည်း မသိမ်းမယူရ။
25 ২৫ অন্যৰ শস্যক্ষেত্রত গৈ আপোনালোকে নিজ হাতেৰে থোক ছিঙিব পাৰিব, কিন্তু শস্যত কাচি লগাব নোৱাৰিব।
၂၅အိမ်နီးချင်း၏ စပါးလယ်ထဲသို့ ဝင်သောအခါ၊ စပါးနှံကိုလက်နှင့် ဆွတ်ရသော်လည်း တံစဉ်နှင့်မရိတ်ရ။