< দ্বিতীয় বিবরণ 22 >
1 ১ আপোনালোকে ইস্রায়েলীয়া কোনো ভাইৰ গৰু বা মেৰ-ছাগে বাট হেৰুৱাই অন্যফালে যোৱা দেখিলে, তালৈ অৱহেলা নকৰিব। আপোনালোকৰ ভাইৰ ওচৰলৈ অৱশ্যে তাক ওভটাই নিব।
Cuando veas extraviado el buey de tu hermano, o su oveja, no pasarás de largo, sino que los conducirás a tu hermano.
2 ২ যদি আপোনালোকৰ সেই ইস্রায়েলীয়া ভাই ওচৰত নাই, বা সেই ভাই কোন হয় তাক নাজানে, তেন্তে সেই পশুক আপোনালোকে নিজৰ ঘৰলৈ লৈ যাব আৰু সেই ভায়ে বিচাৰি নাহে মানে তাক আপোনালোকৰ ঘৰতে ৰাখি থ’ব; পাছত বিচাৰি আহিলে আপোনালোকে তাক ওলোটাই দিব।
Si tu hermano no es vecino tuyo, y tú no lo conoces, recogerás el animal en tu casa y estará contigo hasta que tu hermano lo busque; entonces se lo devolverás.
3 ৩ আপোনালোকে তেওঁৰ গাধলৈকো একেদৰেই কৰিব; আৰু তেওঁলোকৰ কাপোৰ-কানিলৈকো সেইদৰেই কৰিব; আপোনালোকৰ ইস্রায়েলীয়া সকলৰ হেৰোৱা যিকোনো বস্তু আপোনালোকে পায়, সেই সকলো বিষয়তে আপোনালোকে সেই একেদৰেই কৰিব; আপোনালোকে নিজৰ মতে লুকুৱাই নাৰাখিব।
Así harás también con su asno, y así harás con su manto, y así harás con toda cosa que tu hermano hubiere perdido y tú encuentres; no podrás sentirte desinteresado.
4 ৪ আপোনালোকৰ কোনো ভাইৰ গাধ বা গৰু বাটত পৰি থকা দেখিলে, আপোনালোকে সেইবোৰলৈ অৱহেলা নকৰিব; সেইবোৰক পুনৰাই উঠিবলৈ সহায় কৰিব।
Si ves el asno de tu hermano o su buey caído en el camino, no te pases de largo, sino que le ayudarás a levantarlos.
5 ৫ পুৰুষৰ অধিকাৰত থকা কোনো পোছাক মহিলাই পৰিধান কৰিব নালাগে, বা পুৰুষেও মহিলাৰ পোছাক পিন্ধিব নালাগে; কিয়নো যি কোনোৱে তেনে কাৰ্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত তেওঁলোক বিতৃষ্ণাজনক।
La mujer no se vista de hombre, ni lleve el hombre vestido de mujer; porque quien tal hace es objeto de abominación para Yahvé, tu Dios.
6 ৬ আপোনালোকে বাটৰ কাষত থকা গছত বা মাটিত থকা কোনো চৰাইৰ বাঁহত চৰাইৰ মাকে পোৱালীৰ ওপৰত বা কণীৰ ওপৰত উমনিত বহি থকা যদি দেখা পায়, তেন্তে আপোনালোকে পোৱালিবোৰৰ সৈতে চৰাইজনীক ধৰি লৈ নাযাব।
Si encuentras delante de ti en el camino, en un árbol, o en el suelo, un nido de pájaros con polluelos o huevos, estando la madre echada sobre los polluelos o los huevos, no tomarás la madre juntamente con los polluelos.
7 ৭ আপোনালোকে পোৱালিবোৰক লৈ যাব পাৰে, কিন্তু মাকক অৱশ্যেই আপোনালোকে এৰি দিব লাগিব। তাতে আপোনালোকৰ উন্নতি হ’ব আৰু আপোনালোকৰ আয়ুস দীঘল হ’ব।
Soltarás a la madre y tomarás para ti solamente los hijos, para que te vaya bien y vivas largo tiempo.
8 ৮ ঘৰ নির্ম্মাণ কৰাৰ সময়ত আপোনালোকে ছাদৰ চাৰিওঁফালে বেৰা দিব, যাতে কোনো ঘৰৰ ছাদৰ ওপৰৰ পৰা পৰি কোনো মানুহৰ মৃত্যু হ’লে, সেই ঘৰৰ লোক তাৰ ৰক্তপাতৰ দায়ী নহ’ব।
Al edificar una casa nueva, pondrás un pretil alrededor de tu terrado, para que no traigas culpa de sangre sobre tu casa si alguien se cayera de él.
9 ৯ দ্ৰাক্ষাবাৰীত আপোনালোকে দুই জাতৰ বীজ নলগাব; তেনে কৰিলে আপোনালোকে সিচাঁ বীজৰ শস্য আৰু দ্ৰাক্ষাবাৰীৰ ফল উভয়ে অপবিত্ৰ হ’ব।
No sembrarás en tu viña dos clases de semillas; por cuanto todo sería inmundo, tanto la semilla que siembras como el producto de la viña.
10 ১০ গৰু আৰু গাধ দুয়োকে একজুঁট কৰি হাল নাবাব।
No ararás con yunta de buey y asno.
11 ১১ ঊল আৰু শণ সুতা মিহলাই বোৱা কাপোৰ নিপিন্ধিব।
No vistas ropa tejida de lana mezclada con lino.
12 ১২ আপোনালোকৰ গাত লোৱা চাদৰৰ চাৰি কোণা, পকোৱা সুতাৰে দহি বটিব।
Te harás borlas en las cuatro puntas del manto con que te cubres.
13 ১৩ কোনোলোকে যদি বিয়া কৰি ভার্যাক লৈ শোৱাৰ পাছত তাইক পছন্দ নকৰে
Si un hombre después de tomar mujer y haberse llegado a ella, le tomare aversión,
14 ১৪ আৰু তাইৰ অহিতে অনৰ্থক অপবাদ দি ক’য়, “মই এই মহিলাক বিয়া কৰিলোঁ হয়, কিন্তু তাই যে কুমাৰী ছোৱালী তাইৰ ওচৰত সেই প্রমাণ মই নাপালোঁ।”
e imputándole acciones vergonzosas la difamare, diciendo: ‘Tomé a esta mujer más al acercarme a ella no la he hallado virgen’;
15 ১৫ তেতিয়া সেই ছোৱালীৰ বাপেক-মাকে নগৰৰ দুৱাৰত বৃদ্ধ নেতাসকলৰ ওচৰলৈ তাইৰ সতীত্বৰ প্রমাণ লৈ যাব।
entonces el padre y la madre de la joven tomarán las señales de la virginidad de la joven y las presentarán delante de los ancianos en la puerta de la ciudad.
16 ১৬ ছোৱালীজনীৰ বাপেকে বৃদ্ধ নেতাসকলক ক’ব, “মই এই মানুহৰ সৈতে মোৰ জীক বিয়া দিছিলোঁ কিন্তু তেওঁ তাইক পচন্দ নকৰে।
Y dirá el padre de la joven a los ancianos: ‘He dado mi hija a este hombre por mujer, mas él le ha tomado aversión,
17 ১৭ এতিয়া তেওঁ তাইক অপবাদ দি কৈছে, ‘মই তাইক কুমাৰী অৱস্থাত পোৱা নাই।’ কিন্তু এইয়া চাওঁক মোৰ ছোৱালীৰ সতীত্বৰ প্রমাণ।” এই বুলী কৈ তেওঁলোকে বৃদ্ধ নেতাসকলৰ আগত কাপোৰখন মেলি দেখুৱাব।
y le ha imputado acciones vergonzosas, diciendo: ‹No la he hallado virgen›; ved aquí las señales de la virginidad de mi hija’; y desplegarán la ropa de ella ante los ancianos de la ciudad.
18 ১৮ পাছত নগৰৰ বৃদ্ধ নেতাসকলে সেই পুৰুষক ধৰি আনি শাস্তি দিব।
Y los ancianos de la ciudad tomarán al hombre y lo castigarán.
19 ১৯ সেই পুৰুষৰ পৰা তেওঁলোকে জৰিমনা হিচাবে এশ চেকল ৰূপ আদায় কৰি ছোৱালী জনীৰ বাপেকক দিব, কিয়নো সেই মানুহে এগৰাকী ইস্ৰায়েলীয়া কুমাৰীৰ দুৰ্নাম কৰিলে; তাৰ উপৰিও ছোৱালী জনী তেওঁৰ ভার্যা হৈ থাকিব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
Y lo multarán con cien siclos de plata, que darán al padre de la joven, por haber difamado a una virgen de Israel; y ella quedará mujer suya. Nunca en todos sus días podrá repudiarla.
20 ২০ কিন্তু কথাটো যদি সত্য হয় আৰু ছোৱালীজনীৰ সতীত্বৰ কোনো প্ৰমাণ পোৱা নাযায়,
Pero si la acusación es verdad, no hallándose en la joven las señales de la virginidad,
21 ২১ তেন্তে তেওঁলোকে ছোৱালীজনীক নিজৰ বাপেকৰ ঘৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব, আৰু নগৰৰ পুৰুষসকলে তাইক শিল দলিয়াই বধ কৰিব। কিয়নো তাই নিজৰ বাপেকৰ ঘৰত থকাৰ সময়ত ব্যভিচাৰ কৰি ইস্ৰায়েলীয়া সকলৰ মাজত ভীষণ ঘৃণণীয় কাম কৰিলে। এইদৰেই ইস্ৰায়েলীয়া সকলৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
sacarán a la joven a la puerta de la casa de su padre, y los hombres de su ciudad la apedrearán para que muera; porque cometió una infamia en Israel, fornicando en casa de su padre. Así extirparás el mal de en medio de ti.
22 ২২ যদি আন কোনো লোকৰ ভার্যাৰ লগত কোনো পুৰুষে শয়ন কৰোঁতে ধৰা পৰে, তেন্তে মহিলাগৰাকীৰ লগত শয়ন কৰা পুৰুষ আৰু মহিলা দুয়োৰে প্ৰাণ দণ্ড হ’ব; এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
Cuando un hombre fuere hallado acostado con una mujer casada, entrambos morirán; el hombre que se acostó con la mujer, y la mujer. Así extirparás el mal de en medio de Israel.
23 ২৩ যদি কোনো লোকলৈ বাগদান কৰি কুমাৰী ছোৱালীক আন কোনো মানুহে নগৰৰ মাজত পাই তাইৰ লগত শয়ন কৰে,
Si un hombre encuentra dentro de la ciudad a una doncella virgen, desposada con un hombre, y se acuesta con ella;
24 ২৪ তেন্তে আপোনালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব আৰু মৃত্যু নোহোৱা পর্যন্ত তেওঁলোকক শিল দলিয়াই বধ কৰিব। নগৰৰ মাজত থাকিও ছোৱালীজনীয়ে চিঞৰ-বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইস্রায়েলীয়া ভাইৰ ভার্যাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
sacaréis a entrambos a la puerta de aquella ciudad, y los apedrearéis para que mueran, a la joven por no haber gritado, estando como estaba en la ciudad, y al hombre por cuanto deshonró a la mujer de su prójimo. Así extirparás el mal de en medio de ti.
25 ২৫ কিন্তু যদি কোনো বাগদত্তা ছোৱালীক পথাৰৰ নির্জন ঠাইত পাই, বলেৰে ধৰি কোনো পুৰুষে তাইৰ লগত শয়ন কৰে, তেন্তে যি পুৰুষে শয়ন কৰে, কেৱল তেওঁৰহে প্ৰাণদণ্ড হ’ব;
Pero si el hombre halla a la joven desposada en el campo, y haciéndole fuerza se acuesta con ella, morirá solo el hombre que se acostó con ella.
26 ২৬ কিন্তু ছোৱালীজনীক হ’লে আপোনালোকে একো নকৰিব। প্ৰাণদণ্ডৰ যোগ্য কোনো পাপ তাই কৰা নাই; কিয়নো, ই এজনে আন এজনৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰাৰ দৰেই হয়।
A la joven, empero, no le harás nada; no hay en ella pecado digno de muerte; pues así como alguno se levanta contra su prójimo y le mata, así es este caso;
27 ২৭ পুৰুষজনে পথাৰতহে তাইক পালে, সেই বাগদত্তা ছোৱালীজনীয়ে যদিও চিঞঁৰ মাৰিছিল, কিন্তু তাইক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
porque la halló en el campo; la joven desposada dio voces pero no hubo quien la socorriese.
28 ২৮ বাগদত্তা নোহোৱা এনে কোনো কুমাৰীক যদি কোনো পুৰুষে পাই বলেৰে ধৰি তাইৰ লগত শয়ন কৰে আৰু যদি তেওঁলোক ধৰা পৰে,
Si encuentra un hombre a una joven virgen, no desposada, y echándole mano, se acostare con ella, y son sorprendidos,
29 ২৯ তেন্তে তাইৰ লগত শয়ন কৰা পুৰুষে ছোৱালীজনীৰ বাপেকক পঞ্চাশ চেকল ৰূপ দিব লাগিব। সেই পুৰুষে তাইক নষ্ট কৰাৰ কাৰণে তায়েই তেওঁৰ ভার্যা হ’ব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
aquel que se acostó con ella pagará al padre de la joven cincuenta siclos de plata, y ella será su mujer, por haberla él deshonrado; no podrá despedirla en toda su vida.
30 ৩০ পুৰুষে বাপেকৰ কোনো ভার্যাকে নিজৰ কৰি গ্ৰহণ নকৰিব; তেওঁ বাপেকৰ বৈবাহিক অধিকাৰৰ আৱৰণ নুগুচাব।
Ninguno tomará la mujer de su padre, ni levantará la colcha del lecho de su padre.