< দ্বিতীয় বিবরণ 21 >
1 ১ আপোনাৰ ঈশ্বৰ যিহোৱাই, যি দেশ অধিকাৰৰ অৰ্থে আপোনাক দিছে, তাৰ পথাৰত যদি কোনো লোকৰ মৃতদেহ পৰি থকা দেখা পোৱা, কিন্তু তাক কোনে হত্যা কৰিলে সেয়ে জনা নাযায়;
If one is found slain, lying in a field in the land that the LORD your God is giving you to possess, and it is not known who killed him,
2 ২ তেতিয়া আপোনালোকৰ মাজৰ বয়জ্যেষ্ঠলোক আৰু বিচাৰকৰ্ত্তাসকল বাহিৰলৈ গৈ, সেই হতহোৱা লোকজনৰ মৃতদেহৰ চাৰিওফালে থকা নগৰবোৰৰ দুৰত্বৰ মাপ ল’ব।
your elders and judges must come out and measure the distance from the victim to the neighboring cities.
3 ৩ যেতিয়া আপোনালোকে নিহত ব্যক্তিজনৰ সকলোতকৈ ওচৰত থকা চহৰ খনৰ বিষয়ে জানিব, সেই নগৰৰ বৃদ্ধ লোকসকলে, জাকৰ পৰা এনে এজনী চেঁউৰী গৰু ল’ব যাৰ দ্বাৰাই যুৱলি টনা আদি কোনো কাম কৰোঁৱা নাই।
Then the elders of the city nearest the victim shall take a heifer that has never been yoked or used for work,
4 ৪ পাছত সেই নগৰৰ বৃদ্ধ লোকসকলে চেঁউৰী গৰুজনী লৈ, হাল নোবোৱা, গুটি নিসিচাঁ পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ, সেই উপত্যকাত গৰুজনীৰ ডিঙি বিচ্ছেদ কৰিব।
bring the heifer to a valley with running water that has not been plowed or sown, and break its neck there by the stream.
5 ৫ আৰু লেবীসকলৰ সন্তান পুৰোহিতসকলো অৱশ্যেই তালৈ যাব; কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোকসকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব।
And the priests, the sons of Levi, shall come forward, for the LORD your God has chosen them to serve Him and pronounce blessings in His name and to give a ruling in every dispute and case of assault.
6 ৬ সেই শৱটোৰ ওচৰত থকা নগৰৰ উপত্যকাত আটাই বৃদ্ধসকলে, গৰুজনীৰ দিঙি বিচ্ছেদ কৰাৰ ওপৰত নিজৰ নিজৰ হাত ধুব।
Then all the elders of the city nearest the victim shall wash their hands by the stream over the heifer whose neck has been broken,
7 ৭ আৰু এই লোকসকলে ক’ব “আমাৰ হাতে এই ৰক্তপাত কৰা নাই আৰু আমি এই ঘটনাও দেখা নাই।
and they shall declare, “Our hands did not shed this blood, nor did our eyes see it.
8 ৮ হে যিহোৱা, তুমি মুক্ত কৰা তোমাৰ প্ৰজা ইস্ৰায়েলক ক্ষমা কৰি, তোমাৰ প্ৰজা ইস্ৰায়েলৰ গাত নিৰ্দোষীৰ ৰক্তপাতৰ দোষ নেপেলাবা।” তাতে তেওঁলোকলৈ সেই ৰক্তপাতৰ দোষ ক্ষমা কৰা হ’ব।
Accept this atonement, O LORD, for Your people Israel whom You have redeemed, and do not hold the shedding of innocent blood against them.” And the bloodshed will be atoned for.
9 ৯ এইদৰে আপোনালোকে যিহোৱাৰ দৃষ্টিত যি ভাল, তাকেই কৰি আপোনালোকৰ মাজৰ পৰা নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ দূৰ কৰিব।
So you shall purge from among you the guilt of shedding innocent blood, since you have done what is right in the eyes of the LORD.
10 ১০ যেতিয়া আপোনালোকে আপোনালোকৰ শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাব, তেতিয়া আপোনাৰ ঈশ্বৰ যিহোৱাই সেই লোকসকলক পৰাস্ত কৰিব আৰু আপোনালোকে শত্রুবোৰক বন্দীকৰি আনিব পাৰিব।
When you go to war against your enemies and the LORD your God delivers them into your hand and you take them captive,
11 ১১ আৰু সেই বন্দী কৰি অনা লোকসকলৰ মাজত কোনো সুন্দৰী যুৱতীক দেখি মুগ্ধহৈ আপুনি যদি তাইক বিয়া কৰি পত্নী কৰিব খোজে,
if you see a beautiful woman among them, and you desire her and want to take her as your wife,
12 ১২ তেন্তে তেওঁক আপোনাৰ ঘৰলৈ নিব আৰু তাই নিজৰ মুৰ খুৰাই নখ কাটি,
then you shall bring her into your house. She must shave her head, trim her nails,
13 ১৩ বন্দী অৱস্থাৰ কাপোৰ সোলোকাই থৈ, আপোনাৰ ঘৰত থাকি বাপেক-মাকৰ কাৰণে পুৰা এমাহ শোক প্রকাশ কৰিব; তাৰ পাছত আপুনি তাইৰ ওচৰলৈ যাব পাৰিব বা তেওঁৰ স্বামী হ’ব, আৰু তাই আপোনাৰ ভাৰ্য্যা হ’ব।
and put aside the clothing of her captivity. After she has lived in your house a full month and mourned her father and mother, you may have relations with her and be her husband, and she shall be your wife.
14 ১৪ পাছত যদি আপুনি তেওঁকলৈ সুখী নহয়নো, তেন্তে যি ঠাইলৈ তেওঁ যাবলৈ ইচ্ছা কৰে, সেই ঠাইলৈকে যাবলৈ দিব; কিন্তু কোনো ধন লৈ তাইক নেবেচিব, আপুনি তাইলৈ বেটী বা দাসীৰ নিচিনাকৈ ব্যৱহাৰ নকৰিব, কিয়নো আপুনি তাইক অপদস্থ কৰিলে।
And if you are not pleased with her, you are to let her go wherever she wishes. But you must not sell her for money or treat her as a slave, since you have dishonored her.
15 ১৫ যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ। দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়;
If a man has two wives, one beloved and the other unloved, and both bear him sons, but the unloved wife has the firstborn son,
16 ১৬ তেতিয়া সেই ব্যক্তিয়ে পুতেক কেইজনক সম্পত্তিৰ ভাগকৰা দিনা, ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰ পুতেক থাকোঁতে, তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিব।
when that man assigns his inheritance to his sons he must not appoint the son of the beloved wife as the firstborn over the son of the unloved wife.
17 ১৭ কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগীজনীৰ পুতেককে বৰ-পো বুলি স্বীকাৰ কৰিব। কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্রথমে জন্মপোৱা হিচাবে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে।
Instead, he must acknowledge the firstborn, the son of his unloved wife, by giving him a double portion of all that he has. For that son is the firstfruits of his father’s strength; the right of the firstborn belongs to him.
18 ১৮ কোনো এজন মাক-বোপেকৰ যদি জেদী ও বিৰোধী বা মাক দেউতাকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁলোকৰ কথা শুনিবলৈ অস্বীকাৰ কৰা ল’ৰা, কোনো মানুহৰ থাকিলে;
If a man has a stubborn and rebellious son who does not obey his father and mother and does not listen to them when disciplined,
19 ১৯ সেই ল’ৰা জনৰ বাপেক-মাকে তেওঁক ধৰি, নিজৰ নগৰৰ বয়জ্যেষ্ঠসকলৰ ওচৰলৈ আৰু তেওঁলোকে নিবাস কৰা নগৰৰ দুৱাৰ-মুখলৈ লৈ আহিব।
his father and mother are to lay hold of him and bring him to the elders of his city, to the gate of his hometown,
20 ২০ নগৰৰ বয়জ্যেষ্ঠ লোকসকলক ক’ব “আমাৰ এই লৰাটি অবাধ্য আৰু বিৰোধী, আমাৰ কথা নুশুনে, তেওঁ অপব্যয়ী আৰু মদপী।”
and say to the elders, “This son of ours is stubborn and rebellious; he does not obey us. He is a glutton and a drunkard.”
21 ২১ তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইস্ৰায়েলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব।
Then all the men of his city will stone him to death. So you must purge the evil from among you, and all Israel will hear and be afraid.
22 ২২ পাছত কোনো মানুহে যদি প্ৰাণ দণ্ডৰ যোগ্য পাপ কৰে আৰু তেওঁৰ প্ৰাণদণ্ড হয়; তেওঁৰ মৃত দেহতো এডাল গছত আঁৰি ৰাখিব;
If a man has committed a sin worthy of death, and he is executed, and you hang his body on a tree,
23 ২৩ কিন্তু তেওঁৰ মৃতদেহটো ৰাতি গছডালৰ ওপৰতে ৰাখি নথব; বৰং একেদিনাই দেহটো পুতি পেলাব। কিয়নো যি জনৰ শৱ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। সেই কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিবলৈ গৈছে, আপোনালোকে সেই দেশ অশুচি নকৰিব।
you must not leave the body on the tree overnight, but you must be sure to bury him that day, because anyone who is hung on a tree is under God’s curse. You must not defile the land that the LORD your God is giving you as an inheritance.