< দ্বিতীয় বিবরণ 21 >

1 আপোনাৰ ঈশ্বৰ যিহোৱাই, যি দেশ অধিকাৰৰ অৰ্থে আপোনাক দিছে, তাৰ পথাৰত যদি কোনো লোকৰ মৃতদেহ পৰি থকা দেখা পোৱা, কিন্তু তাক কোনে হত্যা কৰিলে সেয়ে জনা নাযায়;
Ngati munthu apezeka ataphedwa mʼmunda mʼdziko limene Yehova Mulungu wanu akukupatsani kukhala lanu koma inu osadziwa amene wamupha,
2 তেতিয়া আপোনালোকৰ মাজৰ বয়জ্যেষ্ঠলোক আৰু বিচাৰকৰ্ত্তাসকল বাহিৰলৈ গৈ, সেই হতহোৱা লোকজনৰ মৃতদেহৰ চাৰিওফালে থকা নগৰবোৰৰ দুৰত্বৰ মাপ ল’ব।
akuluakulu anu ndi oweruza adzapite ndi kuyeza kutalikirana kuchokera pamene pali mtembowo ndi mizinda yoyandikira.
3 যেতিয়া আপোনালোকে নিহত ব্যক্তিজনৰ সকলোতকৈ ওচৰত থকা চহৰ খনৰ বিষয়ে জানিব, সেই নগৰৰ বৃদ্ধ লোকসকলে, জাকৰ পৰা এনে এজনী চেঁউৰী গৰু ল’ব যাৰ দ্বাৰাই যুৱলি টনা আদি কোনো কাম কৰোঁৱা নাই।
Kenaka akuluakulu a mzinda wapafupi kwambiri ndi mtembowo adzatenge ngʼombe imene sinagwirepo ntchito kapena kuvalapo goli
4 পাছত সেই নগৰৰ বৃদ্ধ লোকসকলে চেঁউৰী গৰুজনী লৈ, হাল নোবোৱা, গুটি নিসিচাঁ পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ, সেই উপত্যকাত গৰুজনীৰ ডিঙি বিচ্ছেদ কৰিব।
ndi kuyikusira ku chigwa chimene sichinalimidwepo ndiponso kumene kuli mtsinje woyenda. Ku chigwa kumeneko ayenera kukayithyola khosi ngʼombeyo.
5 আৰু লেবীসকলৰ সন্তান পুৰোহিতসকলো অৱশ্যেই তালৈ যাব; কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোকসকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব।
Ansembe, ana a Aaroni, adzapite patsogolo pangʼono, popeza ndiwo amene Yehova Mulungu wanu anawasankha kuti azitumikira, kupereka mdalitso mʼdzina la Yehova ndi kugamula milandu yonse yamikangano ndi yovulazana.
6 সেই শৱটোৰ ওচৰত থকা নগৰৰ উপত্যকাত আটাই বৃদ্ধসকলে, গৰুজনীৰ দিঙি বিচ্ছেদ কৰাৰ ওপৰত নিজৰ নিজৰ হাত ধুব।
Kenaka akuluakulu a mzinda wapafupi kwambiri ndi mtembowo adzasamba mʼmanja pamwamba pa ngʼombe yothyoledwa khosi ija,
7 আৰু এই লোকসকলে ক’ব “আমাৰ হাতে এই ৰক্তপাত কৰা নাই আৰু আমি এই ঘটনাও দেখা নাই।
nadzatsimikiza kuti, “Manja athu sanakhetse magazi awa ndipo sitinaonerere kuphedwako.
8 হে যিহোৱা, তুমি মুক্ত কৰা তোমাৰ প্ৰজা ইস্ৰায়েলক ক্ষমা কৰি, তোমাৰ প্ৰজা ইস্ৰায়েলৰ গাত নিৰ্দোষীৰ ৰক্তপাতৰ দোষ নেপেলাবা।” তাতে তেওঁলোকলৈ সেই ৰক্তপাতৰ দোষ ক্ষমা কৰা হ’ব।
Yehova, landirani nsembe yopepesa ya anthu anu Aisraeli amene munawapulumutsa, ndipo muwakhululukire tchimo la kupha munthu wosalakwa.” Mukatero ndiye kuti adzapezeka kuti ndi osalakwa.
9 এইদৰে আপোনালোকে যিহোৱাৰ দৃষ্টিত যি ভাল, তাকেই কৰি আপোনালোকৰ মাজৰ পৰা নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ দূৰ কৰিব।
Kotero mudzadzichotsera nokha tchimo lokhetsa magazi wosalakwa, popeza mwachita zoyenera pamaso pa Yehova.
10 ১০ যেতিয়া আপোনালোকে আপোনালোকৰ শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাব, তেতিয়া আপোনাৰ ঈশ্বৰ যিহোৱাই সেই লোকসকলক পৰাস্ত কৰিব আৰু আপোনালোকে শত্রুবোৰক বন্দীকৰি আনিব পাৰিব।
Mukapita kukachita nkhondo ndi adani anu, Yehova Mulungu wanu nawapereka adani anuwo mʼmanja mwanu muwagwira ukapolo,
11 ১১ আৰু সেই বন্দী কৰি অনা লোকসকলৰ মাজত কোনো সুন্দৰী যুৱতীক দেখি মুগ্ধহৈ আপুনি যদি তাইক বিয়া কৰি পত্নী কৰিব খোজে,
ndiye ngati muona mkazi wokongola pakati pa ogwidwawo nakutengani mtima, mukhoza kumutenga kuti akhale mkazi wanu.
12 ১২ তেন্তে তেওঁক আপোনাৰ ঘৰলৈ নিব আৰু তাই নিজৰ মুৰ খুৰাই নখ কাটি,
Mumutengere ku nyumba kwanu, kumumeta tsitsi lake, mumuwenge zikhadabo zake
13 ১৩ বন্দী অৱস্থাৰ কাপোৰ সোলোকাই থৈ, আপোনাৰ ঘৰত থাকি বাপেক-মাকৰ কাৰণে পুৰা এমাহ শোক প্রকাশ কৰিব; তাৰ পাছত আপুনি তাইৰ ওচৰলৈ যাব পাৰিব বা তেওঁৰ স্বামী হ’ব, আৰু তাই আপোনাৰ ভাৰ্য্যা হ’ব।
ndipo avulidwe zovala zimene anagwidwa nazo. Atakhala mʼnyumba mwanu nalira maliro a abambo ndi amayi ake kwa mwezi wathunthu, ndiye mukhoza kupita kwa iye ndi kukhala mwamuna wake ndipo iyeyo adzakhala mkazi wanu.
14 ১৪ পাছত যদি আপুনি তেওঁকলৈ সুখী নহয়নো, তেন্তে যি ঠাইলৈ তেওঁ যাবলৈ ইচ্ছা কৰে, সেই ঠাইলৈকে যাবলৈ দিব; কিন্তু কোনো ধন লৈ তাইক নেবেচিব, আপুনি তাইলৈ বেটী বা দাসীৰ নিচিনাকৈ ব্যৱহাৰ নকৰিব, কিয়নো আপুনি তাইক অপদস্থ কৰিলে।
Ngati simukukondweretsedwa naye, muloleni kuti apite kumene afuna. Musamugulitse kapena kumuzunza ngati kapolo, popeza mwamuchotsa ulemu.
15 ১৫ যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ। দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়;
Ngati munthu ali ndi akazi awiri, nakonda wina koposa mnzake, onsewa ndikubereka ana aamuna koma woyamba nakhala mwana wa mkazi amene samukondayo,
16 ১৬ তেতিয়া সেই ব্যক্তিয়ে পুতেক কেইজনক সম্পত্তিৰ ভাগকৰা দিনা, ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰ পুতেক থাকোঁতে, তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিব।
akamagawa chuma chake akanali moyo kwa ana akewo, asapereke ufulu wa mwana woyamba kubadwa kwa mwana wamwamuna wa mkazi amene amamukonda mʼmalo mwa mwana wake woyamba kubadwa weniweni amene ndi mwana wamkazi amene samukonda.
17 ১৭ কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগীজনীৰ পুতেককে বৰ-পো বুলি স্বীকাৰ কৰিব। কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্রথমে জন্মপোৱা হিচাবে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে।
Iye ayenera kuonetsa kuti mwana wake wamwamuna wa mkazi wosakondedwayo ndiye woyamba kubadwa pomupatsa miyeso iwiri ya zonse zimene ali nazo. Mwana wamwamuna ameneyo ndiye chizindikiro cha mphamvu za abambo ake. Ufulu wokhala mwana wamwamuna woyamba ndi wake.
18 ১৮ কোনো এজন মাক-বোপেকৰ যদি জেদী ও বিৰোধী বা মাক দেউতাকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁলোকৰ কথা শুনিবলৈ অস্বীকাৰ কৰা ল’ৰা, কোনো মানুহৰ থাকিলে;
Ngati munthu ali ndi mwana wamwamuna wosamvera ndi wowukira amene samvera a abambo ake ndi amayi ake akamuweruza,
19 ১৯ সেই ল’ৰা জনৰ বাপেক-মাকে তেওঁক ধৰি, নিজৰ নগৰৰ বয়জ্যেষ্ঠসকলৰ ওচৰলৈ আৰু তেওঁলোকে নিবাস কৰা নগৰৰ দুৱাৰ-মুখলৈ লৈ আহিব।
abambo ndi amayi ake amugwire ndi kupita naye kwa akuluakulu ku chipata cha mzinda wake ndipo
20 ২০ নগৰৰ বয়জ্যেষ্ঠ লোকসকলক ক’ব “আমাৰ এই লৰাটি অবাধ্য আৰু বিৰোধী, আমাৰ কথা নুশুনে, তেওঁ অপব্যয়ী আৰু মদপী।”
akawawuze akuluakuluwo kuti, “Mwana wathu wamwamunayu ndi wosamva ndi wowukira. Iyeyu satimvera. Ndi mwana wadyera komanso ndi chidakwa.”
21 ২১ তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইস্ৰায়েলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব।
Pamenepo anthu onse a mu mzinda wake adzamuphe ndi miyala. Muyenera kuchotsa zoyipa pakati panu. Aisraeli onse adzamva zimenezi ndipo adzachita mantha.
22 ২২ পাছত কোনো মানুহে যদি প্ৰাণ দণ্ডৰ যোগ্য পাপ কৰে আৰু তেওঁৰ প্ৰাণদণ্ড হয়; তেওঁৰ মৃত দেহতো এডাল গছত আঁৰি ৰাখিব;
Ngati munthu wopezeka ndi mlandu wopha mnzake waphedwa ndipo mtembo wake wapachikidwa pamtengo,
23 ২৩ কিন্তু তেওঁৰ মৃতদেহটো ৰাতি গছডালৰ ওপৰতে ৰাখি নথব; বৰং একেদিনাই দেহটো পুতি পেলাব। কিয়নো যি জনৰ শৱ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। সেই কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিবলৈ গৈছে, আপোনালোকে সেই দেশ অশুচি নকৰিব।
musasiye mtembowo pa mtengopo usiku wonse. Muonetsetse kuti mwakawukwirira tsiku lomwelo, chifukwa aliyense wopachikidwa pamtengo ndi wotembereredwa ndi Mulungu. Musayipitse dziko limene Yehova Mulungu wanu akupatsani ngati cholowa chanu.

< দ্বিতীয় বিবরণ 21 >