< দ্বিতীয় বিবরণ 20 >
1 ১ যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে।
"Jos lähdet sotaan vihollistasi vastaan ja näet hevosia ja sotavaunuja ja sotajoukon, joka on sinua suurempi, niin älä pelkää heitä, sillä Herra, sinun Jumalasi, on sinun kanssasi, hän, joka johdatti sinut Egyptin maasta.
2 ২ যেতিয়া আপোনালোকে যুদ্ধলৈ যাবলৈ সাজু হ’ব, পুৰোহিতে আগবাঢ়ি আহি সৈন্যদলক উদ্দেশ্যি ক’ব,
Kun olette ryhtymässä taisteluun, astukoon pappi esiin puhumaan kansalle
3 ৩ “হে ইস্ৰায়েলীয়াসকল, শুনা, আজি তোমালোকৰ শত্রুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা; তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা; ভয় নকৰিবা বা কম্পিত নহ’বা আৰু শত্রুপক্ষক দেখি ভয়ত ত্ৰাসিত নহ’বা।
ja sanokoon heille: 'Kuule, Israel! Te ryhdytte nyt taisteluun vihollisianne vastaan. Älkää arkailko, älkää peljätkö älkääkä hätääntykö, älkää säikähtykö heitä;
4 ৪ কিয়নো, তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱায়েই তোমালোকৰ লগত গৈছে।”
sillä Herra, teidän Jumalanne, käy teidän kanssanne, sotii teidän puolestanne vihollisianne vastaan ja antaa teille voiton.'
5 ৫ তাৰ পাছত বিষয়াসকলে সৈন্যবোৰক ক’ব, “তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, মৰিলে, আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিব।
Ja päällysmiehet puhukoot kansalle ja sanokoot: 'Joka on rakentanut uuden talon, mutta ei vielä ole sitä vihkinyt, menköön ja palatkoon kotiinsa, ettei hän kaatuisi taistelussa ja joku toinen vihkisi sitä.
6 ৬ দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ নকৰাকৈ কোনো লোক আছে নেকি? তেৱোঁ নিজ ঘৰলৈ উলটি যাওঁক। নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে তাৰ ফল ভোগ কৰিব।
Joka on istuttanut viinitarhan, mutta ei vielä ole korjannut sen ensi hedelmää, menköön ja palatkoon kotiinsa, ettei hän kaatuisi taistelussa ja joku toinen korjaisi sen ensi hedelmää.
7 ৭ বিয়াৰ সম্বন্ধ হোৱাৰ পাছত বিয়া নকৰাকৈ থকা কোনো লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে সেই ছোৱালীক বিয়া কৰিব।”
Joka on kihlannut naisen, mutta ei vielä ole ottanut häntä vaimoksensa, menköön ja palatkoon kotiinsa, ettei hän kaatuisi taistelussa ja joku toinen ottaisi hänen morsiantaan vaimoksensa.'
8 ৮ সেই বিষয়াসকলে পুনৰ ক’ব যে, “তোমালোকৰ মাজত কোনো ভয়াতুৰ বা সাহস নথকা হৃদয়ৰ লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওঁক; নহ’লে আন ইস্রয়েলীয়া ভাইসকলৰ মনোবল তেওঁৰ হৃদয়ৰ দৰে ভাঙি পৰিব।”
Vielä puhukoot päällysmiehet kansalle ja sanokoot: 'Joka pelkää ja arkailee, menköön ja palatkoon kotiinsa, etteivät hänen veljensäkin menettäisi rohkeuttaan niinkuin hän'.
9 ৯ সৈন্যসকলৰ ওচৰত কথা কোৱা শেষ কৰি বিষয়াসকলে সৈন্যদলৰ ওপৰত সেনাপতি নিযুক্ত কৰিব।
Ja kun päällysmiehet ovat tämän kaiken kansalle puhuneet, asettakoot he osastopäälliköt väen johtoon.
10 ১০ আপোনালোকে কোনো নগৰ আক্রমণ কৰিবলৈ যাওঁতে, প্ৰথমতে সেই ঠাইৰ লোকসকলৰ ওচৰত শান্তিৰ প্রস্তাৱ আগবঢ়াব।
Kun lähestyt jotakin kaupunkia sotiaksesi sitä vastaan, tarjoa sille ensin rauhaa.
11 ১১ যদি তেওঁলোকে প্রস্তাৱ গ্রহণ কৰে আৰু তেওঁলোকৰ দুৱাৰবোৰ আপোনালোকলৈ মুকলি কৰি দিয়ে, তেন্তে সেই ঠাইৰ সকলো লোক আপোনালোকৰ অধীনত ক্রীতদাস হ’ব আৰু আপোনালোকৰ কাৰণে কার্য কৰিবলৈ বাধ্য হ’ব।
Ja jos se suostuu tarjoamaasi rauhaan ja avaa sinulle porttinsa, suorittakoon kaikki siellä oleva kansa sinulle työveroa ja palvelkoon sinua.
12 ১২ কিন্তু যদি শান্তিৰ প্রস্তাৱ প্রত্যাখান কৰে আৰু তাৰ পৰিবর্তে আপোনালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তেতিয়া আপোনালোকে সেই নগৰ অৱৰোধ কৰিব।
Mutta jos se ei tee rauhaa sinun kanssasi, vaan valmistautuu taistelemaan sinua vastaan, niin piiritä sitä.
13 ১৩ আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া আপোনালোকক জয়ী কৰিব আৰু সেই ঠাই আপোনালোকৰ হাতত তুলি দিব, তেতিয়া নগৰৰ সকলো পুৰুষকে আপোনালোকে বধ কৰিব।
Ja jos Herra, sinun Jumalasi, antaa sen sinun käsiisi, niin surmaa kaikki sen miesväki miekan terällä.
14 ১৪ কিন্তু মহিলাসকলক, শিশুসকলক আৰু পশুপাল আদি কৰি সেই নগৰত থকা আন সকলো বস্তু আপোনালোকে লুটদ্রব্যৰ সামগ্রীৰূপে নিজৰ কাৰণে নিব পাৰিব। শত্রুবোৰৰ দেশৰ পৰা লুট কৰা যি সকলো বস্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিব, তাক আপোনালোকে ভোগ কৰিব পাৰিব।
Mutta naiset, lapset ja karja ja kaikki, mitä kaupungissa on, kaikki, mitä sieltä on saatavana saalista, ryöstä itsellesi, ja nauti vihollisiltasi saatu saalis, minkä Herra, sinun Jumalasi, sinulle antaa.
15 ১৫ যিবোৰ নগৰ আপোনালোকৰ দেশৰ পৰা অনেক দূৰৈত আছে, যিবোৰ আপোনালোকৰ ওচৰৰ জাতিবোৰৰ নগৰ নহয়, সেইবোৰৰ প্রতি আপোনালোকে সেইদৰে কৰিব।
Tee näin kaikille niille kaupungeille, jotka ovat sinusta hyvin kaukana, jotka eivät ole näiden kansojen kaupunkeja.
16 ১৬ কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে এই জাতিবোৰৰ যি সকলো নগৰ আপোনালোকক দিব, সেইবোৰ ঠাইৰ কোনো প্ৰাণীকে আপোনালোকে জীৱিত নাৰাখিব;
Mutta näiden kansojen kaupungeissa, jotka Herra, sinun Jumalasi, antaa sinulle perintöosaksi, älä jätä ainoatakaan henkeä eloon,
17 ১৭ কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আপোনালোকে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলক সম্পূর্ণভাৱে ধ্বংস কৰি পেলাব।
vaan vihi ne tuhon omiksi: heettiläiset ja amorilaiset, kanaanilaiset ja perissiläiset, hivviläiset ja jebusilaiset, niinkuin Herra, sinun Jumalasi, on sinua käskenyt,
18 ১৮ এনে নহওঁক যে যি ঘৃণনীয় কার্য তেওঁলোকে নিজৰ দেৱতাবোৰৰ পূজাৰ উদ্দেশ্যে কৰে, সেইবোৰ আপোনালোককো শিকাব। তাতে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিব।
etteivät he opettaisi teitä tekemään kaikkia niitä kauhistavia tekoja, joita he ovat tehneet palvellessaan jumaliansa, ja ettette te rikkoisi Herraa, teidän Jumalaanne, vastaan.
19 ১৯ আপোনালোকে অনেক দিন ধৰি যেতিয়া কোনো নগৰ অৱৰোধ কৰি ৰাখি অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকিব, তেতিয়া তাত থকা গছবোৰ কুঠাৰৰে কাটি নষ্ট নকৰিব। কিয়নো সেই গছবোৰৰ ফল আপোনালোকে খাব পাৰিব। সেয়ে আপোনালোকে গছবোৰ নাকাটিব। পথাৰৰ গছবোৰ জানো মানুহ যে, সেইবোৰক আপোনালোকে অৱৰোধ কৰিব?
Jos joudut kauan piirittämään kaupunkia ja sotimaan sitä vastaan valloittaaksesi sen, niin älä hävitä sen puita äläkä heiluta kirvestäsi niitä vastaan. Niiden hedelmiä saat nauttia, mutta älä hakkaa niitä maahan, sillä eivät kedon puut ole ihmisiä joutuakseen sinun piiritettäviksesi.
20 ২০ কিন্তু যিবোৰ গছৰ ফল খাব পৰা নাযায় বুলি জানিব, কেৱল তেনে গছহে কাটি নষ্ট কৰিব পাৰিব আৰু যি ঠাইৰ লোকসকলে আপোনালোকৰ লগত যুদ্ধ কৰিব, তেওঁলোকৰ পতন নোহোৱালৈকে সেই গছবোৰক আপোনালোকে আত্মৰক্ষাৰ গড় কৰি ব্যৱহাৰ কৰিব পাৰিব।
Ainoastaan ne puut, joista tiedät, että niissä ei ole mitään syötävää, saat hävittää ja hakata maahan, rakentaaksesi niistä varustuksia sinun kanssasi sotivaa kaupunkia vastaan, kunnes se kukistuu."