< দ্বিতীয় বিবরণ 2 >

1 যিহোৱাই যেনেকৈ আমাক নির্দেশ দিছিল, সেইদৰে আমি ঘূৰি চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাত্ৰা কৰিছিলোঁ আৰু বহুদিন ধৰি আমি চেয়ীৰ পর্বতমালাত ঘূৰি ফুৰিছিলোঁ।
ונפן ונסע המדברה דרך ים סוף כאשר דבר יהוה אלי ונסב את הר שעיר ימים רבים
2 তাৰ পাছত যিহোৱাই মোক কৈছিল,
ויאמר יהוה אלי לאמר
3 “তোমালোকে অনেক দিন ধৰি এই পাহাৰী এলেকাত ঘূৰিলা; এতিয়া উত্তৰ ফালে ঘূৰা।
רב לכם סב את ההר הזה פנו לכם צפנה
4 তুমি লোকসকলক এই আজ্ঞা দিয়া, ‘চেয়ীৰত বাস কৰা তোমালোকৰ ভাই এচৌৰ বংশধৰসকলৰ সীমাৰ ওচৰেদি এতিয়া তোমালোক যাব লাগে; তাতে তেওঁলোকে তোমালোকলৈ ভয় কৰিব; তোমালোকক দেখি তেওঁলোক আতঙ্কিত হ’ব; সেয়ে তোমালোক সাৱধানে থাকিবা।
ואת העם צו לאמר אתם עברים בגבול אחיכם בני עשו הישבים בשעיר וייראו מכם ונשמרתם מאד
5 তোমালোকে এচৌৰ বংশধৰৰ সৈতে যুদ্ধ নকৰিবা; কিয়নো তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক নিদিওঁ; এনেকি ভৰি থব পৰা ঠাইৰ পৰিমাণো নিদিওঁ। কাৰণ চেয়ীৰ এই পার্বত্য অঞ্চল মই এচৌক অধিকাৰ কৰিবলৈ দিলোঁ।
אל תתגרו בם--כי לא אתן לכם מארצם עד מדרך כף רגל כי ירשה לעשו נתתי את הר שעיר
6 তোমালোকে আহাৰৰ কাৰণে তেওঁলোকৰ পৰা ধন দি আহাৰ কিনি খাবা; সেইদৰে পানীও তেওঁলোকৰ পৰা কিনি পান কৰিবা।
אכל תשברו מאתם בכסף ואכלתם וגם מים תכרו מאתם בכסף--ושתיתם
7 কিয়নো, মনত ৰাখিবা যে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্যত তোমালোকক আশীৰ্ব্বাদ কৰিছে; এই বৃহৎ মৰুভূমিৰ মাজেদি তোমালোকে খোজকাঢ়ি ফুৰা সময়ৰ ঘটনাবোৰ তেওঁৰ অৱগত। এই চল্লিশটা বছৰ তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত আছে আৰু তোমালোকৰ একোৰে অভাৱ হোৱা নাই।”
כי יהוה אלהיך ברכך בכל מעשה ידך--ידע לכתך את המדבר הגדל הזה זה ארבעים שנה יהוה אלהיך עמך--לא חסרת דבר
8 সেয়ে আমি আমাৰ ভাই চেয়ীৰৰ বাসিন্দা এচৌৰ বংশধৰৰ ওচৰেদি পাৰ হৈ আহিলোঁ। আমি এলৎ ও ইচিয়োন-গেবৰ নগৰৰ পৰা অৰাবাৰ বাট ত্যাগ কৰি মোৱাবৰ মৰুভূমিলৈ যোৱা পথৰ ফালে ঘূৰিছিলোঁ।
ונעבר מאת אחינו בני עשו הישבים בשעיר מדרך הערבה מאילת ומעצין גבר ונפן ונעבר דרך מדבר מואב
9 তাৰ পাছত যিহোৱাই মোক কৈছিল, “তোমালোকে মোৱাবীয়াসকলক বিৰক্ত নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা। তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, তেওঁলোক লোটৰ বংশধৰ আৰু মই তেওঁলোকক অধিকাৰৰ অৰ্থে আৰ নগৰ দিলোঁ।”
ויאמר יהוה אלי אל תצר את מואב ואל תתגר בם מלחמה כי לא אתן לך מארצו ירשה--כי לבני לוט נתתי את ער ירשה
10 ১০ পূর্বে এই ঠাইত এমীয়াসকলে বাস কৰিছিল; এমীয়া জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰে দীৰ্ঘকায়।
האמים לפנים ישבו בה--עם גדול ורב ורם כענקים
11 ১১ অনাকীয়াসকলৰ দৰে এমীয়সকলকো ৰফায়ীয়া বুলি গণিত কৰা হৈছিল; কিন্তু মোৱাবীয়াসকলে তেওঁলোকক এমীয়া বুলি কয়।
רפאים יחשבו אף הם כענקים והמאבים יקראו להם אמים
12 ১২ চেয়ীৰতো পূর্বে হোৰীয়াসকলে বাস কৰিছিল, কিন্তু পাছত এচৌৰ বংশধৰসকলে তেওঁলোকৰ সেই ঠাইত আধিপত্য বিস্তাৰ কৰিলে। যিহোৱাই অধিকাৰ সূত্রে ইস্ৰায়েলীয়াসকলক যি দেশ দিছিল তাত তেওঁলোকে যি কার্য কৰিছিল, এচৌৰ বংশধৰসকলেও সেই একে কার্য কৰিছিল। তেওঁলোকৰ আগৰ পৰা হোৰীয়াসকলক বিনষ্ট কৰি তেওঁলোকে সেই ঠাইত নিজে বাস কৰিবলৈ ধৰিলে।
ובשעיר ישבו החרים לפנים ובני עשו יירשום וישמידום מפניהם וישבו תחתם כאשר עשה ישראל לארץ ירשתו אשר נתן יהוה להם
13 ১৩ পাছত যিহোৱাই কৈছিল, “এতিয়া তোমালোকে উঠি জেৰদ জুৰি পাৰ হৈ যোৱা।” তেতিয়া আমি জেৰদ জুৰি পাৰ হলোঁ।
עתה קמו ועברו לכם--את נחל זרד ונעבר את נחל זרד
14 ১৪ কাদেচ-বৰ্ণেয়াৰ পৰা জেৰদ জুৰি পাৰ হোৱালৈকে আমি যাত্ৰা কৰা আঠত্ৰিশ বছৰ হ’ল; এই আঠত্রিশ বছৰত আমাৰ ছাউনিত যিসকল যোদ্ধা পুৰুষ আছিল, তেওঁলোক সকলো যিহোৱাৰ শপত অনুসাৰে সেই প্রজন্মৰ সকলো লোক উচ্ছন্ন হ’ল।
והימים אשר הלכנו מקדש ברנע עד אשר עברנו את נחל זרד שלשים ושמנה שנה--עד תם כל הדור אנשי המלחמה מקרב המחנה כאשר נשבע יהוה להם
15 ১৫ ছাউনিৰ মাজৰ পৰা সেই প্রজন্মক উচ্ছন্ন কৰিবৰ কাৰণে তেওঁলোক নিঃশেষ নোহোৱা পর্যন্ত যিহোৱাৰ হাত তেওঁলোকৰ বিৰুদ্ধে আছিল।
וגם יד יהוה היתה בם להמם מקרב המחנה עד תמם
16 ১৬ সেয়ে, সকলো যোদ্ধাৰ মৃত্যু হ’ল আৰু তেওঁলোক লোকসকলৰ মাজৰ পৰা গ’ল।
ויהי כאשר תמו כל אנשי המלחמה למות--מקרב העם
17 ১৭ যিহোৱাই মোক কৈছিল,
וידבר יהוה אלי לאמר
18 ১৮ “আজি তোমালোকে মোৱাবৰ সীমায়েদি আৰ নগৰ পাৰ হৈ যাব লাগে।
אתה עבר היום את גבול מואב את ער
19 ১৯ তোমালোকে যেতিয়া অম্মোনৰ লোকসকলৰ কাষত গৈ উপস্থিত হ’বা, তেতিয়া তেওঁলোকক বিৰক্ত নকৰিবা আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধও নকৰিবা। কিয়নো, অম্মোনীয়াসকলৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, লোটৰ বংশধৰসকলক মই অধিকাৰৰ অৰ্থে এই নগৰ দিলোঁ।”
וקרבת מול בני עמון--אל תצרם ואל תתגר בם כי לא אתן מארץ בני עמון לך ירשה--כי לבני לוט נתתיה ירשה
20 ২০ সেই দেশকো ৰফায়ীয়াসকলৰ দেশ বুলি গণিত কৰা হয়, কাৰণ পূর্বে ৰেফায়ীয়াসকলে তাত বাস কৰিছিল। কিন্তু অম্মোনীয়াসকলে তেওঁলোকক জুমজুমীয়া বুলিহে কয়।
ארץ רפאים תחשב אף הוא רפאים ישבו בה לפנים והעמנים יקראו להם זמזמים
21 ২১ এই জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰেই দীর্ঘকায়। কিন্তু যিহোৱাই তেওঁলোকক উচ্ছন্ন কৰিলে; অম্মোনীয়াসকলে জুমজুমীয়াসকলক উচ্ছন্ন কৰিলে আৰু তেওঁলোকৰ ঠাইত নিজৰ আধিপত্য বিস্তাৰ কৰি সেই ঠাইত বসতি কৰিলে।
עם גדול ורב ורם כענקים וישמידם יהוה מפניהם ויירשם וישבו תחתם
22 ২২ যিহোৱাই চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলৰ কাৰণেও এই একে কাৰ্য কৰিছিল। সেই সময়ত যিহোৱাই এচৌৰ লোকসকলৰ সন্মুখৰ পৰা হোৰীয়াসকলক উচ্ছন্ন কৰিছিল আৰু তেওঁলোকে সেই ঠাইৰ আধিপত্য ল’লে; আজি পর্যন্ত তেওঁলোক সেই ঠাইতে বাস কৰি আছে।
כאשר עשה לבני עשו הישבים בשעיר--אשר השמיד את החרי מפניהם ויירשם וישבו תחתם עד היום הזה
23 ২৩ কপ্তোৰৰ পৰা কপ্তোৰীয়াসকলে আহি অবীয়াসকলক উচ্ছন্ন কৰি তেওঁলোকৰ সেই ঠাইত বসতি কৰিছিল। অব্বীয়াসকল তেতিয়া গাজা পর্যন্ত সকলো গাওঁবোৰতে বাস কৰি আছিল।
והעוים הישבים בחצרים עד עזה--כפתרים היצאים מכפתר השמידם וישבו תחתם
24 ২৪ তাৰ পাছত যিহোৱাই কৈছিল, “তোমালোক উঠা আৰু যাত্ৰা কৰি অৰ্ণোন উপত্যকা পাৰ হৈ যোৱা। চোৱা, মই হিচবোনৰ ৰজা ইমোৰীয়া চীহোনক আৰু তেওঁৰ দেশকো তোমালোকৰ হাতত সমৰ্পণ কৰিলোঁ; তোমালোকে তাক অধিগ্রহণ কৰিবলৈ আৰম্ভ কৰা; সেয়ে তেওঁৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰা।
קומו סעו ועברו את נחל ארנן--ראה נתתי בידך את סיחן מלך חשבון האמרי ואת ארצו החל רש והתגר בו מלחמה
25 ২৫ আজিৰ পৰা মই আকাশৰ তলত থকা সমগ্র জাতিৰ মাজত তোমালোকৰ সম্বন্ধে এক ভীতি আৰু ত্ৰাসৰ সঞ্চাৰ কৰিম। তোমালোকৰ বিষয়ে শুনা মাত্ৰকেই তেওঁলোকৰ কঁপনি উঠিব আৰু তোমালোকৰ কাৰণে অত্যন্ত আতঙ্কিত হ’ব।”
היום הזה אחל תת פחדך ויראתך על פני העמים תחת כל השמים--אשר ישמעון שמעך ורגזו וחלו מפניך
26 ২৬ সেয়ে মই কদেমোৎ মৰুভূমিৰ হিচবোনৰ ৰজা চীহোনলৈ লোক পঠাই শান্তিৰ প্রস্তাৱ দি কৈছিলোঁ,
ואשלח מלאכים ממדבר קדמות אל סיחון מלך חשבון דברי שלום לאמר
27 ২৭ “আপোনাৰ দেশৰ মাজেদি মোক ৰাজআলিয়েদি যাবলৈ দিয়ক; মই সোঁ বা বাওঁ কোনোফালে নুঘূৰিম।
אעברה בארצך בדרך בדרך אלך לא אסור ימין ושמאול
28 ২৮ আপোনালোকে ধনৰ বিনিময়ত মোক খাবলৈ আহাৰ আৰু পান কৰিবলৈও পানী বেচিব। কেৱল আপোনাৰ দেশৰ মাজেদি মোক খোজকাঢ়ি যাবলৈ দিয়ক।
אכל בכסף תשברני ואכלתי ומים בכסף תתן לי ושתיתי רק אעברה ברגלי
29 ২৯ চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলে আৰু আৰ নগৰ নিবাসী মোৱাবীয়াসকলে মোক তেওঁলোকৰ দেশৰ মাজেদি খোজকাঢ়ি যাবলৈ দিয়াৰ দৰে আপুনিও মোক ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, যৰ্দ্দন নদী অতিক্রম কৰি সেই দেশ নোপোৱা পর্যন্ত আপোনাৰ দেশৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ক।”
כאשר עשו לי בני עשו הישבים בשעיר והמואבים הישבים בער--עד אשר אעבר את הירדן אל הארץ אשר יהוה אלהינו נתן לנו
30 ৩০ কিন্তু হিচবোনৰ ৰজা চীহোনে নিজ দেশৰ মাজেদি যাবলৈ আমাক অনুমতি নিদিলে; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ মন কঠিন কৰি হৃদয় অটল কৰি ৰাখিছিল, যাতে তেওঁ আপোনালোকৰ হাতত পৰে। আজি এই সময়ত তেওঁ তাকেই কৰিছে।
ולא אבה סיחן מלך חשבון העברנו בו כי הקשה יהוה אלהיך את רוחו ואמץ את לבבו למען תתו בידך כיום הזה
31 ৩১ পাছত যিহোৱাই মোক কৈছিল, “শুনা, মই চীহোন আৰু তেওঁৰ দেশ তোমাৰ হাতত শোধাই দিবলৈ আৰম্ভ কৰিলোঁ। তুমি এতিয়া তেওঁৰ দেশত বাস কৰিবৰ অর্থে সেই দেশ অধিগ্রহণ কৰা।”
ויאמר יהוה אלי ראה החלתי תת לפניך את סיחן ואת ארצו החל רש לרשת את ארצו
32 ৩২ তেতিয়া আমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ চীহোন আৰু তেওঁৰ সকলো লোক যহচ নামৰ ঠাইলৈ ওলাই আহিছিল।
ויצא סיחן לקראתנו הוא וכל עמו למלחמה--יהצה
33 ৩৩ আমাৰ ঈশ্বৰ যিহোৱাই তেওঁক আমাৰ হাতত শোধাই দিলে; তাতে আমি তেওঁক, তেওঁৰ পুত্রসকলক আৰু তেওঁৰ লোকসকলকো আঘাত কৰি পৰাস্ত কৰিছিলোঁ।
ויתנהו יהוה אלהינו לפנינו ונך אתו ואת בנו ואת כל עמו
34 ৩৪ সেই সময়ত আমি তেওঁৰ সকলো নগৰ অধিকাৰ কৰি লৈছিলোঁ; নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালীক নিঃশেষে বিনষ্ট কৰিছিলোঁ, কাকো অৱশিষ্ট নাৰাখিলোঁ;
ונלכד את כל עריו בעת ההוא ונחרם את כל עיר מתם והנשים והטף לא השארנו שריד
35 ৩৫ কেৱল পশুধনবোৰ আৰু নগৰৰ পৰা লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো।
רק הבהמה בזזנו לנו ושלל הערים אשר לכדנו
36 ৩৬ অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।
מערער אשר על שפת נחל ארנן והעיר אשר בנחל ועד הגלעד לא היתה קריה אשר שגבה ממנו את הכל נתן יהוה אלהינו לפנינו
37 ৩৭ কেৱল অম্মোনৰ বংশধৰসকলৰ দেশ, যব্বোক নদীৰ কাষলৈ, পার্বত্য অঞ্চলৰ নগৰবোৰলৈ আৰু অন্যান্য যি সকলো ঠাইলৈ আমাৰ ঈশ্বৰ যিহোৱাই নিষেধ কৰিছিল, তাৰ ওচৰলৈ আপোনালোক যোৱা নাই।
רק אל ארץ בני עמון לא קרבת כל יד נחל יבק וערי ההר וכל אשר צוה יהוה אלהינו

< দ্বিতীয় বিবরণ 2 >