< দ্বিতীয় বিবরণ 2 >
1 ১ যিহোৱাই যেনেকৈ আমাক নির্দেশ দিছিল, সেইদৰে আমি ঘূৰি চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাত্ৰা কৰিছিলোঁ আৰু বহুদিন ধৰি আমি চেয়ীৰ পর্বতমালাত ঘূৰি ফুৰিছিলোঁ।
Silloin me palasimme ja matkustimme korpeen Punaisen meren tietä, niinkuin Herra minulle sanonut oli, ja vaelsimme Seirin vuorta ympäri kauvan aikaa.
2 ২ তাৰ পাছত যিহোৱাই মোক কৈছিল,
Ja Herra puhui minulle, sanoen:
3 ৩ “তোমালোকে অনেক দিন ধৰি এই পাহাৰী এলেকাত ঘূৰিলা; এতিয়া উত্তৰ ফালে ঘূৰা।
Jo te olette kyllä vaeltaneet tätä vuorta ympäri, palatkaat pohjoiseen päin.
4 ৪ তুমি লোকসকলক এই আজ্ঞা দিয়া, ‘চেয়ীৰত বাস কৰা তোমালোকৰ ভাই এচৌৰ বংশধৰসকলৰ সীমাৰ ওচৰেদি এতিয়া তোমালোক যাব লাগে; তাতে তেওঁলোকে তোমালোকলৈ ভয় কৰিব; তোমালোকক দেখি তেওঁলোক আতঙ্কিত হ’ব; সেয়ে তোমালোক সাৱধানে থাকিবা।
Ja käski kansalle, sanoen: teidän pitää vaeltaman teidän veljenne Esaun lasten rajain ylitse, jotka Seirissä asuvat, ja he pelkäävät teitä; mutta karttakaat teitänne sangen visusti.
5 ৫ তোমালোকে এচৌৰ বংশধৰৰ সৈতে যুদ্ধ নকৰিবা; কিয়নো তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক নিদিওঁ; এনেকি ভৰি থব পৰা ঠাইৰ পৰিমাণো নিদিওঁ। কাৰণ চেয়ীৰ এই পার্বত্য অঞ্চল মই এচৌক অধিকাৰ কৰিবলৈ দিলোঁ।
Älkäät alkako sotaa heitä vastaan; sillä en minä anna teille jalankaan leveyttä heidän maastansa; sillä Esaun lapsille olen minä antanut Seirin vuoren perimiseksi.
6 ৬ তোমালোকে আহাৰৰ কাৰণে তেওঁলোকৰ পৰা ধন দি আহাৰ কিনি খাবা; সেইদৰে পানীও তেওঁলোকৰ পৰা কিনি পান কৰিবা।
Rahalla pitää teidän heiltä ruuan ostaman, jonka te syötte, niin myös veden pitää teidän heiltä rahalla ostaman, jota te juotte:
7 ৭ কিয়নো, মনত ৰাখিবা যে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্যত তোমালোকক আশীৰ্ব্বাদ কৰিছে; এই বৃহৎ মৰুভূমিৰ মাজেদি তোমালোকে খোজকাঢ়ি ফুৰা সময়ৰ ঘটনাবোৰ তেওঁৰ অৱগত। এই চল্লিশটা বছৰ তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত আছে আৰু তোমালোকৰ একোৰে অভাৱ হোৱা নাই।”
Sillä Herra sinun Jumalas on siunannut sinun, kaikissa sinun kättes töissä, hän tietää sinun matkustukses tässä suuressa korvessa. Jo neljäkymmentä ajastaikaa on Herra sinun Jumalas ollut sinun kanssas, niin ettei sinulta mitäkään ole puuttunut.
8 ৮ সেয়ে আমি আমাৰ ভাই চেয়ীৰৰ বাসিন্দা এচৌৰ বংশধৰৰ ওচৰেদি পাৰ হৈ আহিলোঁ। আমি এলৎ ও ইচিয়োন-গেবৰ নগৰৰ পৰা অৰাবাৰ বাট ত্যাগ কৰি মোৱাবৰ মৰুভূমিলৈ যোৱা পথৰ ফালে ঘূৰিছিলোঁ।
Kuin me veljemme Esaun lasten tyköä vaeltaneet olimme, jotka Seirin vuorella asuivat, sitä kedon tietä Elatista ja Etseongeberistä, niin palasimme me, ja menimme Moabin korven tietä.
9 ৯ তাৰ পাছত যিহোৱাই মোক কৈছিল, “তোমালোকে মোৱাবীয়াসকলক বিৰক্ত নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা। তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, তেওঁলোক লোটৰ বংশধৰ আৰু মই তেওঁলোকক অধিকাৰৰ অৰ্থে আৰ নগৰ দিলোঁ।”
Ja Herra sanoi minulle: älä vahingoitse Moabilaisia, älä myös sekoita itsiäs sotaan heidän kanssansa; silä en minä anna sinulle mitäkään hänen maastansa perimiseksi; sillä Lotin lapsille olen minä antanut Arin perimiseksi.
10 ১০ পূর্বে এই ঠাইত এমীয়াসকলে বাস কৰিছিল; এমীয়া জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰে দীৰ্ঘকায়।
Emiläiset ovat muinen sillä paikalla asuneet, jotka olivat suuri, väkevä ja pitkä kansa, niinkuin Enakilaiset;
11 ১১ অনাকীয়াসকলৰ দৰে এমীয়সকলকো ৰফায়ীয়া বুলি গণিত কৰা হৈছিল; কিন্তু মোৱাবীয়াসকলে তেওঁলোকক এমীয়া বুলি কয়।
He luultiin myös Refalaisiksi, niinkuin Enakilaiset, ja Moabilaiset kutsuivat heitä Emiläisiksi.
12 ১২ চেয়ীৰতো পূর্বে হোৰীয়াসকলে বাস কৰিছিল, কিন্তু পাছত এচৌৰ বংশধৰসকলে তেওঁলোকৰ সেই ঠাইত আধিপত্য বিস্তাৰ কৰিলে। যিহোৱাই অধিকাৰ সূত্রে ইস্ৰায়েলীয়াসকলক যি দেশ দিছিল তাত তেওঁলোকে যি কার্য কৰিছিল, এচৌৰ বংশধৰসকলেও সেই একে কার্য কৰিছিল। তেওঁলোকৰ আগৰ পৰা হোৰীয়াসকলক বিনষ্ট কৰি তেওঁলোকে সেই ঠাইত নিজে বাস কৰিবলৈ ধৰিলে।
Asuivat myös muinen Horilaiset Seirissä, ja Esaun lapset ajoivat pois ja hukuttivat ne edestänsä, ja asuivat heidän siassansa: niinkuin Israel teki perintömaassansa, jonka Herra heille antoi.
13 ১৩ পাছত যিহোৱাই কৈছিল, “এতিয়া তোমালোকে উঠি জেৰদ জুৰি পাৰ হৈ যোৱা।” তেতিয়া আমি জেৰদ জুৰি পাৰ হলোঁ।
Niin nouskaat nyt, ja matkustakaat Saredin ojan ylitse. Ja me vaelsimme Saredin ojan ylitse.
14 ১৪ কাদেচ-বৰ্ণেয়াৰ পৰা জেৰদ জুৰি পাৰ হোৱালৈকে আমি যাত্ৰা কৰা আঠত্ৰিশ বছৰ হ’ল; এই আঠত্রিশ বছৰত আমাৰ ছাউনিত যিসকল যোদ্ধা পুৰুষ আছিল, তেওঁলোক সকলো যিহোৱাৰ শপত অনুসাৰে সেই প্রজন্মৰ সকলো লোক উচ্ছন্ন হ’ল।
Vaan aika, kuin me matkustimme KadesBarneasta, siihen asti kuin me tulimme Saredin ojan ylitse, oli kahdeksan vuotta neljättäkymmentä, siihenasti kuin kaikki sotamiehet leirissä olivat hukkuneet, niinkuin Herra heille vannonut oli.
15 ১৫ ছাউনিৰ মাজৰ পৰা সেই প্রজন্মক উচ্ছন্ন কৰিবৰ কাৰণে তেওঁলোক নিঃশেষ নোহোৱা পর্যন্ত যিহোৱাৰ হাত তেওঁলোকৰ বিৰুদ্ধে আছিল।
Sillä Herran käsi oli heitä vastaan, hukuttamaan heitä leirissä, siihenasti kuin hän peräti lopetti heidät.
16 ১৬ সেয়ে, সকলো যোদ্ধাৰ মৃত্যু হ’ল আৰু তেওঁলোক লোকসকলৰ মাজৰ পৰা গ’ল।
Kuin kaikki sotamiehet olivat loppuneet ja kuolleet kansan seasta,
Puhui Herra minulle, ja sanoi:
18 ১৮ “আজি তোমালোকে মোৱাবৰ সীমায়েদি আৰ নগৰ পাৰ হৈ যাব লাগে।
Tänäpänä pitää sinun matkustaman Moabin rajain yli, lähellä Aria.
19 ১৯ তোমালোকে যেতিয়া অম্মোনৰ লোকসকলৰ কাষত গৈ উপস্থিত হ’বা, তেতিয়া তেওঁলোকক বিৰক্ত নকৰিবা আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধও নকৰিবা। কিয়নো, অম্মোনীয়াসকলৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, লোটৰ বংশধৰসকলক মই অধিকাৰৰ অৰ্থে এই নগৰ দিলোঁ।”
Ja kuin lähestyt Ammonin lapsia, älä heitä vahingoitse, älä myös sekoita itsiäs sotaan heidän kanssansa; sillä en minä anna sinulle Ammonin lasten maata perimiseksi; vaan Lotin lapsille olen minä sen antanut perimiseksi.
20 ২০ সেই দেশকো ৰফায়ীয়াসকলৰ দেশ বুলি গণিত কৰা হয়, কাৰণ পূর্বে ৰেফায়ীয়াসকলে তাত বাস কৰিছিল। কিন্তু অম্মোনীয়াসকলে তেওঁলোকক জুমজুমীয়া বুলিহে কয়।
Se on myös luettu Refalaisten maaksi; sillä Refalaiset ovat muinen siinä asuneet. Ja Ammonilaiset kutsuvat heidät Samsumilaisiksi.
21 ২১ এই জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰেই দীর্ঘকায়। কিন্তু যিহোৱাই তেওঁলোকক উচ্ছন্ন কৰিলে; অম্মোনীয়াসকলে জুমজুমীয়াসকলক উচ্ছন্ন কৰিলে আৰু তেওঁলোকৰ ঠাইত নিজৰ আধিপত্য বিস্তাৰ কৰি সেই ঠাইত বসতি কৰিলে।
Sillä he olivat suuri, väkevä ja pitkä kansa, niinkuin Enakilaiset. Ja Herra hävitti heitä heidän edestänsä, niin että he ajoivat heidät ulos, ja asuivat heidän siassansa.
22 ২২ যিহোৱাই চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলৰ কাৰণেও এই একে কাৰ্য কৰিছিল। সেই সময়ত যিহোৱাই এচৌৰ লোকসকলৰ সন্মুখৰ পৰা হোৰীয়াসকলক উচ্ছন্ন কৰিছিল আৰু তেওঁলোকে সেই ঠাইৰ আধিপত্য ল’লে; আজি পর্যন্ত তেওঁলোক সেই ঠাইতে বাস কৰি আছে।
Niinkuin hän oli tehnyt Esaun lapsille Seirin vuorella asuvaisille, hävittäissänsä Horilaiset heidän edestänsä, niin että he ovat heidät ajaneet ulos, ja asuneet heidän siassansa tähän päivään asti.
23 ২৩ কপ্তোৰৰ পৰা কপ্তোৰীয়াসকলে আহি অবীয়াসকলক উচ্ছন্ন কৰি তেওঁলোকৰ সেই ঠাইত বসতি কৰিছিল। অব্বীয়াসকল তেতিয়া গাজা পর্যন্ত সকলো গাওঁবোৰতে বাস কৰি আছিল।
Availaiset asuivat maakylissä Gatsaan asti; mutta Kaphtorilaiset läksivät Kaphtorista ja hävittivät ne, ja asuivat heidän siassansa.
24 ২৪ তাৰ পাছত যিহোৱাই কৈছিল, “তোমালোক উঠা আৰু যাত্ৰা কৰি অৰ্ণোন উপত্যকা পাৰ হৈ যোৱা। চোৱা, মই হিচবোনৰ ৰজা ইমোৰীয়া চীহোনক আৰু তেওঁৰ দেশকো তোমালোকৰ হাতত সমৰ্পণ কৰিলোঁ; তোমালোকে তাক অধিগ্রহণ কৰিবলৈ আৰম্ভ কৰা; সেয়ে তেওঁৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰা।
Nouskaat ja lähtekäät, ja matkustakaat Arnonin ojan ylitse: katso, minä annoin sinun käsiis Sihonin Amorilaisten kuninkaan Hesbonissa, mainensa, rupee siis omistamaan, ja sotimaan häntä vastaan.
25 ২৫ আজিৰ পৰা মই আকাশৰ তলত থকা সমগ্র জাতিৰ মাজত তোমালোকৰ সম্বন্ধে এক ভীতি আৰু ত্ৰাসৰ সঞ্চাৰ কৰিম। তোমালোকৰ বিষয়ে শুনা মাত্ৰকেই তেওঁলোকৰ কঁপনি উঠিব আৰু তোমালোকৰ কাৰণে অত্যন্ত আতঙ্কিত হ’ব।”
Tänäpänä minä alan tuottamaan kaiken kansan päälle koko taivaan alla pelvon ja vapisemisen sinun edessäs, niin että he, sanoman sinusta kuultuansa, pitää värisemän, ja surulliset oleman sinun edessäs.
26 ২৬ সেয়ে মই কদেমোৎ মৰুভূমিৰ হিচবোনৰ ৰজা চীহোনলৈ লোক পঠাই শান্তিৰ প্রস্তাৱ দি কৈছিলোঁ,
Niin minä lähetin sanansaattajat Kedemotin korvesta Sihonille Hesbonin kuninkaalle rauhallisilla sanoilla, sanoen:
27 ২৭ “আপোনাৰ দেশৰ মাজেদি মোক ৰাজআলিয়েদি যাবলৈ দিয়ক; মই সোঁ বা বাওঁ কোনোফালে নুঘূৰিম।
Minä tahdon vaeltaa sinun maakuntais lävitse, ja niinkuin tie antaa, niin minä vaellan: en minä oikialle puolelle enkä vasemmalle poikkee.
28 ২৮ আপোনালোকে ধনৰ বিনিময়ত মোক খাবলৈ আহাৰ আৰু পান কৰিবলৈও পানী বেচিব। কেৱল আপোনাৰ দেশৰ মাজেদি মোক খোজকাঢ়ি যাবলৈ দিয়ক।
Ruokaa pitää sinun rahan edestä antaman minulle syödä, ja vettä rahan edestä juoda: minä käyn vaivoin joudukkaasti sen lävitse,
29 ২৯ চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলে আৰু আৰ নগৰ নিবাসী মোৱাবীয়াসকলে মোক তেওঁলোকৰ দেশৰ মাজেদি খোজকাঢ়ি যাবলৈ দিয়াৰ দৰে আপুনিও মোক ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, যৰ্দ্দন নদী অতিক্রম কৰি সেই দেশ নোপোৱা পর্যন্ত আপোনাৰ দেশৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ক।”
Niinkuin Esaun lapset, jotka Seirissä asuvat, minulle tehneet ovat, ja Moabilaiset, jotka Arissa asuvat, siihenasti että minä tulen Jordanin ylitse, siihen maahan, jonka Herra meidän Jumalamme antaa meille.
30 ৩০ কিন্তু হিচবোনৰ ৰজা চীহোনে নিজ দেশৰ মাজেদি যাবলৈ আমাক অনুমতি নিদিলে; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ মন কঠিন কৰি হৃদয় অটল কৰি ৰাখিছিল, যাতে তেওঁ আপোনালোকৰ হাতত পৰে। আজি এই সময়ত তেওঁ তাকেই কৰিছে।
Vaan ei Sihon Hesbonin kuningas tahtonut meidän antaa vaeltaa sen lävitse; sillä Herra sinun Jumalas kovetti hänen mielensä ja paadutti hänen sydämensä, että Herra tahtoi antaa hänen sinun käsiis, niinkuin tänäpäivänä on.
31 ৩১ পাছত যিহোৱাই মোক কৈছিল, “শুনা, মই চীহোন আৰু তেওঁৰ দেশ তোমাৰ হাতত শোধাই দিবলৈ আৰম্ভ কৰিলোঁ। তুমি এতিয়া তেওঁৰ দেশত বাস কৰিবৰ অর্থে সেই দেশ অধিগ্রহণ কৰা।”
Ja Herra sanoi minulle: katso, minä olen ruvennut antamaan Sihonin kuninkaan ja hänen maansa sinun etees: rupee omistamaan ja perintönäs pitämään hänen maatansa.
32 ৩২ তেতিয়া আমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ চীহোন আৰু তেওঁৰ সকলো লোক যহচ নামৰ ঠাইলৈ ওলাই আহিছিল।
Ja Sihon läksi sotimaan meitä vastaan, hän ja kaikki hänen väkensä Jaksassa.
33 ৩৩ আমাৰ ঈশ্বৰ যিহোৱাই তেওঁক আমাৰ হাতত শোধাই দিলে; তাতে আমি তেওঁক, তেওঁৰ পুত্রসকলক আৰু তেওঁৰ লোকসকলকো আঘাত কৰি পৰাস্ত কৰিছিলোঁ।
Mutta Herra meidän Jumalamme antoi hänen meidän eteemme, ja me löimme hänen ja hänen lapsensa ja kaikki hänen väkensä.
34 ৩৪ সেই সময়ত আমি তেওঁৰ সকলো নগৰ অধিকাৰ কৰি লৈছিলোঁ; নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালীক নিঃশেষে বিনষ্ট কৰিছিলোঁ, কাকো অৱশিষ্ট নাৰাখিলোঁ;
Ja me otimme silloin kaikki hänen kaupunkinsa, ja hukutimme kaikki kaupungit, miehet ja vaimot ja lapset, niin ettemme yhtäkään jättäneet,
35 ৩৫ কেৱল পশুধনবোৰ আৰু নগৰৰ পৰা লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো।
Paitsi eläimiä jotka me meillemme otimme, ja kaupunkein saaliin, jotka me voitimme,
36 ৩৬ অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।
Hamasta Aroerista Arnonin ojan reunalla, ja siitä kaupungista ojan vieressä, niin Gileadiin asti. Ei yhtäkään kaupunkia ollut, joka taisi olla meitä väkevämpi: Herra meidän Jumalamme antoi kaikki meidän allemme.
37 ৩৭ কেৱল অম্মোনৰ বংশধৰসকলৰ দেশ, যব্বোক নদীৰ কাষলৈ, পার্বত্য অঞ্চলৰ নগৰবোৰলৈ আৰু অন্যান্য যি সকলো ঠাইলৈ আমাৰ ঈশ্বৰ যিহোৱাই নিষেধ কৰিছিল, তাৰ ওচৰলৈ আপোনালোক যোৱা নাই।
Vaan Ammonin lasten maahan et sinä tullut, etkä mihinkään, joka oli Jabbokin ojan tykönä, eikä niihin kaupunkeihin vuorella, taikka johonkuhun muuhun, josta Herra meidän Jumalamme meitä kieltänyt on.