< দ্বিতীয় বিবরণ 19 >
1 ১ আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক আধিপত্যৰ বাবে দিব, সেই ঠাইৰ জাতিবোৰক যেতিয়া উচ্ছন্ন কৰিব, আৰু আপোনালোকে তেওঁলোকৰ নগৰ আৰু ঘৰবোৰত বাস কৰিবলৈ ধৰিব,
Allahınız Rəbb torpaqlarını sizə verəcəyi millətləri yox edəndə və siz onların mülkünü alıb şəhərlərində və evlərində yaşayanda
2 ২ তেতিয়া যি দেশ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে আপোনালোকক দিব, আপোনালোকে সেই দেশৰ মধ্য ভাগত তিনিখন নগৰ নিজৰ কাৰণে মনোনীত কৰি ল’ব লাগিব।
Allahınız Rəbbin mülk olaraq almaq üçün sizə verəcəyi torpağın mərkəzində özünüz üçün üç şəhər ayırın.
3 ৩ সেই ঠাইলৈ যাবলৈ এটা পথও আপোনালোকে নির্মাণ কৰি ল’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশত প্রৱেশ কৰাবলৈ আপোনালোকক নিছে, সেই দেশৰ সীমা আপোনালোকে তিনি ভাগত ভাগ কৰিব যাতে কোনো ব্যক্তিক হত্যা কৰা প্ৰতিজন হত্যাকাৰী তালৈ পলাই যাব পাৰে।
Bu şəhərlərə getmək üçün yollar çəkib Allahınız Rəbbin irs olaraq sizə verəcəyi ölkəni üç bölgəyə ayırın. Belə ki qətl edən bu şəhərlərdən birinə qaçsın.
4 ৪ সেই ঠাইলৈ পলাই গৈ বাস কৰাই হৈছে কোনো হত্যাকৰীৰ বাবে এই নিয়ম। পূর্বে মনত কোনো ঘৃণা নাৰাখি কোনোৱে যদি অজ্ঞাতে কাৰোবাক হত্যা কৰে,
Sağ qalmaq üçün oraya qaçan qatil haqqında – yəni qonşusu ilə əvvəlcədən ədavəti olmadan və bilmədən onu öldürən adam barədə belə bir qaydanız olsun.
5 ৫ যেনেকৈ এজন লোক নিজৰ চুবুৰীয়াৰ সৈতে কাঠ কাটিবলৈ হাবিলৈ গ’ল আৰু গছ কাটিবলৈ কুঠাৰখন দাঙিলত, সেই কুঠাৰ নালৰ পৰা সুলকি পৰি চুবুৰীয়াক আঘাত কৰিলে, তাতে তেওঁৰ মৃত্যু হ’ল; তেতিয়া সেই ব্যক্তিজনে সেই তিনিখনৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ তাতে বাস কৰি থাকিব পাৰিব;
Məsələn, odun kəsmək üçün qonşusu ilə meşəyə gedib ağac doğramaq üçün balta vuranda baltanın dəmiri sapından çıxıb qonşusuna dəyərsə və qonşusu ölərsə, ölümə bais adam bu şəhərlərdən birinə qaçıb canını qurtarsın.
6 ৬ তেওঁ এইদৰে কৰা উচিত, কিয়নো ৰক্তপাতৰ প্রতিশোধ লবলৈ নিহত ব্যক্তিৰ কোনো নিকট আত্মীয়ই খঙতে তেওঁক পাছে পাছে খেদি যাব পাৰে; আশ্রয় নগৰখনৰ বাট বহু দূৰ হ’লে, নগৰত সোমোৱাৰ আগেয়ে আত্মীয়ই ক্রুদ্ধ হৈ তেওঁক ধৰি বধ কৰিব পাৰে; যদিও সেই ব্যক্তি মৃত্যুদণ্ডৰ যোগ্য নাছিল; কিয়নো তেওঁ মনত কোনো ঘৃণা লৈ সেই ব্যক্তিজনক হত্যা কৰা নাছিল।
Yoxsa qan qisasını alan qəzəblə qatilin izinə düşə bilər. Yol uzaq olarsa, çatıb onu öldürə bilər. Bu adamın öldürdüyü adamla əvvəllər heç bir ədavəti olmamışdı. Ona görə də ölüm hökmünə layiq deyil.
7 ৭ এই কাৰণতে মই আপোনালোকৰ নিজৰ বাবে তিনিখন নগৰ নির্বাচন কৰিবলৈ আজ্ঞা দিছো।
Bunun üçün “özünüzə üç şəhər seçin” deyə əmr edirəm.
8 ৮ যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্বপুৰুষসকলৰ ওচৰত প্রতিজ্ঞা কৰাৰ দৰে গোটেই দেশ দিয়ে আৰু আপোনালোকৰ সীমাবোৰ বৃদ্ধি কৰে,
Allahınız Rəbbi sevmək və daim Onun yolları ilə getmək üçün bu gün sizə buyurduğum bütün bu əmrlərə diqqətlə əməl etdiyiniz üçün
9 ৯ মই আজি আপোনালোকক দিয়া সকলো আজ্ঞা যদি আপোনালোকে মানি চলে - যদি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ পথত চলে, তেতিয়া আপোনালোকে সেই তিনিখন নগৰৰ উপৰিও পুনৰ তিনিখন নগৰ নিজৰ বাবে যোগ দিব।
Allahınız Rəbb atalarınıza and etdiyi kimi sizin sərhədinizi genişləndirərsə və atalarınıza verməyi vəd etdiyi bütün torpaqları sizə verərsə, o zaman özünüz üçün bu üç şəhərdən əlavə üç şəhər də seçin.
10 ১০ আপোনালোকে এইদৰে কার্য কৰিব, যাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে আপোনালোকক যি দেশ দিব সেই দেশৰ মাজত নিৰ্দ্দোষীলোকৰ ৰক্তপাত নহ’ব আৰু নির্দোষী লোকৰ ৰক্তপাতৰ দোষত আপোনালোকো দোষী নহ’ব।
Belə ki Allahınız Rəbbin irs olaraq sizə verəcəyi torpaqda günahsız qan tökülməsin və həm də qan tökməkdə təqsirkar olmayasınız.
11 ১১ কিন্তু কোনোৱে যদি আন ব্যক্তিক ঘৃণা কৰি হত্যা কৰাৰ কাৰণে অপেক্ষা কৰি থাকে আৰু তেওঁৰ বিৰুদ্ধে উঠি আঘাত কৰি বধ কৰে, তাৰ পাছত সেই তিনিখন নগৰৰ কোনো এখনলৈ যদি তেওঁ পলাই যায়,
Lakin kiminsə qonşusu ilə ədavəti varsa, pusquda durub onu izləyərsə, hücum edərək onu vurub öldürərsə və bu şəhərlərdən birinə qaçarsa,
12 ১২ তেন্তে তেওঁৰ নগৰৰ বৃদ্ধলোকে মানুহ পঠাই সেই আশ্রয় নগৰৰ পৰা হত্যাকাৰীজনক ধৰি আনিব আৰু তেওঁক বধ কৰি ৰক্তপাতৰ প্ৰতিশোধ লবলৈ নিহতৰ আত্মীয়ৰ হাতত শোধাই দিব।
bu adamın şəhərinin ağsaqqalları adam göndərib onu oradan götürüb öldürmək üçün qan qisası alana təslim etsin.
13 ১৩ আপোনালোকে তেওঁলৈ কোনো দয়া নেদেখুৱাব। কিন্তু, তাৰ পৰিবর্তে আপোনালোকে ইস্ৰায়েলৰ মাজৰ পৰা নিৰ্দ্দোষী লোকৰ ৰক্তপাতৰ দোষ মছি পেলাব। তাতে আপোনালোকৰ মঙ্গল হ’ব।
Ona rəhm etməyin. Günahsız qanı İsraildən təmizləyin ki, güzəranınız xoş olsun.
14 ১৪ আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আধিপত্যৰ অৰ্থে আপোনালোকক প্রৱেশ কৰিবলৈ দিব, প্রতিবেশীৰ ভূমিৰ সীমাৰ চিহ্ন কেতিয়াও নলৰাব। বহুদিনৰ আগেয়ে সেই চিহ্নবোৰ তাত ৰখা হৈছিল।
Allahınız Rəbbin mülk olaraq almaq üçün sizə verəcəyi torpaqda alacağınız mülkdə qonşunuzun əvvəlki adamlar tərəfindən qoyulan sərhədini dəyişdirməyin.
15 ১৫ কোনো ব্যক্তিয়ে কৰা অপৰাধৰ বাবে বা পাপ কার্যৰ বাবে, তেওঁৰ বিৰুদ্ধে যদি গোচৰ অনা হয়, তেন্তে কেৱল এজন সাক্ষী থিয় হ’লে নহ’ব; দুই বা তিনিজন সাক্ষীৰ মুখেৰেহে কোনো বিষয় সত্য ৰূপে প্রমাণিত হ’ব।
Bir adamı işlədə biləcəyi hər hansı bir günahda yaxud cinayətdə təqsirləndirmək üçün bir şahid kifayət deyil. Hər iddia iki yaxud üç nəfərin şahidliyi ilə təsdiq edilsin.
16 ১৬ যদি কোনো অধার্মিক সাক্ষীয়ে কোনো লোকৰ ভুল কার্যৰ হৈ সাক্ষ্য দিবলৈ উঠে,
Əgər bir yalançı şahid pis məqsədlə birini təqsirləndirərsə,
17 ১৭ তেন্তে সেই বিষয়ত জড়িত উভয় লোক সেই সময়ৰ পুৰোহিত আৰু বিচাৰকসকলৰ আগত যিহোৱাৰ সাক্ষাতে থিয় হ’ব লাগিব;
aralarında münaqişə olan iki adam Rəbbin hüzurunda, o dövrdə xidmət edən kahinlərin və hakimlərin qarşısında dayansın.
18 ১৮ বিচাৰকসকলে বিষয়টো ভালদৰে তদন্ত কৰিব; যদি তেওঁ নিজৰ ইস্রায়েলীয়া ভাইৰ বিৰুদ্ধে মিছা সাক্ষী দিয়াৰ দ্বাৰা মিথ্যাবাদী বুলি ধৰা পৰে,
Hakimlər yaxşı-yaxşı araşdırsınlar. Əgər şahid yalançıdırsa, soydaşlarına qarşı yalandan şahidlik etmişsə,
19 ১৯ তেন্তে, তেওঁ নিজ ভাইলৈ যিহকে কৰিব বিচাৰিব, তাকে তেওঁলৈ কৰিব; এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিব লাগিব।
onda soydaşına etmək istədiyini onun öz başına gətirin. Beləliklə, aranızdan pisliyi atın.
20 ২০ তাতে এই কথা শুনি বাকী সকলো ইস্রায়েলীয়া লোকে ভয় খাব আৰু এই ধৰণৰ অন্যায় কার্য তেওঁলোকে তেতিয়াৰে পৰা আপোনালোকৰ মাজত পুনৰ কেতিয়াও নকৰিব।
Qalanları da bunu eşidib qorxacaq və bir daha bu cür pislik etməyəcəklər.
21 ২১ আপোনালোকে তেওঁৰ প্রতি কোনো দয়া নেদেখুৱাব; প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি ল’ব।
Belə adama rəhm etməyin, can əvəzinə can, göz əvəzinə göz, diş əvəzinə diş, əl əvəzinə əl, ayaq əvəzinə ayaq ödənsin.