< দ্বিতীয় বিবরণ 18 >
1 ১ লেবীয়া পুৰোহিতসকল আৰু লেবী গোষ্ঠীৰ সকলো লোকে আন ইস্ৰায়েলীয়াসকলৰ দৰে কোনো ভূমি বা সম্পত্তিৰ আধিপত্য নাপাব। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে যি সকলো অনা হ’ব আৰু যিহোৱাক আন যি সকলো আগবঢ়োৱা হ’ব, তেওঁলোকে সেইবোৰ বস্তুহে খাব।
पुजारीहरू अर्थात् लेवीहरू र सबै लेवी कुलको इस्राएलीहरूसित कुनै हिस्सा वा अंश हुने छैन । तिनीहरूले आफ्नो अंशको रूपमा आगोद्वारा चढाइएका परमप्रभुका बलिहरू खाऊन् ।
2 ২ ইস্রায়েলীয়া ভাইসকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰপ্রাপ্তি বুলি একো নাথাকিব। যিহোৱাই কৰা প্রতিজ্ঞা অনুসাৰে যিহোৱাই হ’ব তেওঁলোকৰ উত্তৰাধিকাৰ।
आफ्ना दाजुभाइहरूका बिचमा तिनीहरूको कुनै अंश नहोस् । तिनीहरूलाई प्रतिज्ञा गरिएअनुसार परमप्रभु नै तिनीहरूका अंश हुनुहुन्छ ।
3 ৩ লোকসকলে যিবোৰ গৰু-ছাগলী বা মেৰ-ছাগ বলি দিব, সেইবোৰৰ কান্ধ, গাল দুখনৰ মাংস আৰু পাকস্থলী তেওঁলোকে পুৰোহিত সকলক দিব; এইবোৰেই হ’ব পুৰোহিতসকলে পাবলগীয়া ভাগ।
गोरु वा भेडा बलिदान गर्ने मानिसहरूबाट पुजारीहरूले पाउने भाग यही होः कुम, दुईवटा गाला र आन्द्रा-भुँडी ।
4 ৪ আপোনালোকৰ প্রথমে চপোৱা শস্যৰ ফলবোৰ, নতুন দ্ৰাক্ষাৰস আৰু তেল, আৰু মেৰ-ছাগৰ পৰা প্রথমবাৰ কাটি উলিওৱা নোম আপোনালোকে পুৰোহিতক দিব।
तिमीहरूको अन्न, नयाँ मद्य, तेलको पहिलो फलसाथै तिमीहरूको भेडाको पहिलो ऊन तिमीहरूले पुजारीलाई दिनू ।
5 ৫ কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰসকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে।
किनकि परमप्रभु तिमीहरूका परमेश्वरले परमप्रभुको नाउँमा सेवा गर्न त्यो र त्यसका छोराहरूलाई सदाको लागि चुन्नुभएको छ ।
6 ৬ সমগ্র ইস্ৰায়েল দেশৰ কোনো নগৰৰ পৰা এজন লেবীয়াই যদি নিজৰ বাসস্থান এৰি সম্পূর্ণ নিজ ইচ্ছাৰে যিহোৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায়,
इस्राएलको कुनै पनि सहरमा बसेको कुनै एउटा लेवीले आफ्नो सारा हृदयले इच्छा गरेर परमप्रभुले छान्नुहुने ठाउँमा आयो भने
7 ৭ তেতিয়া আন সকলো লেবীয়া ভাইসকলৰ দৰে তেৱোঁ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পৰিচর্যা কার্য কৰিব লাগিব।
परमप्रभुको सामु खडा हुने त्यसका सबै लेवी दाजुभाइले जस्तै गरी त्यसले परमप्रभु त्यसका परमेश्वरको नाउँमा सेवा गरोस् ।
8 ৮ সেই লেবীয়া লোকে পৈত্রিক সম্পত্তি বিক্রী কৰি পোৱা মূল্যৰ উপৰিও সেই ঠাইৰ আন লেবীয়াসকলৰ লগত আহাৰৰ সমান ভাগ পাব।
त्यसको आफ्नो परिवारको सम्पतिको बिक्रीबाट आएको अतिरिक्त त्यसले पनि खानको लागि समान हिस्सा पाउनुपर्छ ।
9 ৯ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ গৈছে, সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিণলগীয়া কার্য কৰে, আপোনালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিব।
जब तिमीहरू परमप्रभु तिमीहरूका परमेश्वरले तिमीहरूलाई दिन लाग्नुभएको देशमा आउँछौ तब तिमीहरूले ती जातिहरूका घृणित कुराहरूको देखासिकी गर्न नसिक्नू ।
10 ১০ আপোনালোকৰ মাজত যেন এনে কোনো লোক নাথাকে, যি জনে নিজৰ সন্তানক হোমবলি উৎসর্গ কৰে, যি জনে মঙ্গল চায়, যি জনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়াবিদ্যা, যাদুবিদ্যাৰ অভ্যাস কৰে,
तिमीहरूका बिचमा आफ्नो छोरा या छोरीलाई आगोमा बलि गर्ने, शकून-अपशकून बताउने, जोखना हेर्ने, वा गिलासमा भएको चिन्हहरू पढ्ने वा टुनामुना गर्ने,
11 ১১ যি জনে তন্ত্র-মন্ত্রৰে সন্মোহিত কৰে, যিজনে ভূতৰ পৰামর্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পর্ক ৰাখে।
मोहनी लगाउने, आत्मासित सल्लाह लिने वा भाग्य बताउने वा मरेकाहरूका आत्मासित कुरा गर्ने कोही पनि नपाइयोस् ।
12 ১২ এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
किनकि जसले यी कुराहरू गर्छ, त्यो परमप्रभुको दृष्टिमा घृणित हुन्छ । यी घृणित कामहरूको कारणले गर्दा नै परमप्रभु तिमीहरूका परमेश्वरले तिमीहरूकै सामु तिनीहरूलाई धपाउँदै हुनुहुन्छ ।
13 ১৩ আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত নির্দোষী হ’ব লাগিব।
तिमीहरू परमप्रभु तिमीहरूका परमेश्वरको सामु निष्खोट हुनुपर्छ ।
14 ১৪ আপোনালোকে যি জাতিবোৰক উদ্ধাস্তু কৰি ভূমি অধিকাৰ কৰিব, তেওঁলোকে মায়াবিদ্যা আৰু মঙ্গল চোৱা ভৱিষ্যত বক্তাসকলৰ কথা শুনে। কিন্তু আপোনালোকক হ’লে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেনে কৰিবলৈ নিষেধ কৰিছে।
किनकि तिमीहरूले हराउने जातिहरूले जादुगरी, शकून-अपशकूनको अभ्यास गर्नेहरूको कुरा सुन्छन् । तर परमप्रभु तिमीहरूका परमेश्वरले तिमीहरूलाई त्यसो गर्न अनुमति दिनुभएको छैन ।
15 ১৫ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ মাজৰ ভাইসকলৰ এজনক আপোনালোকৰ কাৰণে মোৰ নিচিনা এজন ভাববাদীক উৎপন্ন কৰিব। আপোনালোকে তেওঁৰ কথামতে চলিব লাগিব।
परमप्रभु तिमीहरूका परमेश्वरले तिमीहरूका बिचबाट तिमीहरूका दाजुभाइबाट मजस्तै एक जना अगमवक्ता खड गर्नुहुने छ । तिनको कुरा सुन्नू ।
16 ১৬ হোৰেব পাহাৰৰ ওচৰত আপোনালোক সকলোৱেই যিহোৱাৰ সন্মুখত সমবেত হোৱাৰ দিনা আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত ইয়াকে প্রার্থনা কৰিছিল। আপোনালোকে এইবুলি প্রার্থনা কৰিছিল, “ঈশ্বৰ যিহোৱাৰ মাত আমাক পুনৰ শুনিবলৈ নিদিব বা এই মহা-অগ্নি আমাক পুনৰ চাবলৈ নিদিব; সেয়ে হ’লে আমি মৰি যাম।”
होरेबमा सभाको दिनमा तिमीहरूले यसो भन्दै परमप्रभु तिमीहरूका परमेश्वरलाई बिन्ती चढायौ, 'हामीले फेरि परमप्रभु हाम्रा परमेश्वरको आवाज सुन्न नपरोस् न त उहाँको यो डरलाग्दो आगो देख्न परोस् नत्रता हामी मर्ने छौँ ।'
17 ১৭ যিহোৱাই মোক কৈছিল, “তেওঁলোকে ঠিকেই কৈছে।
परमप्रभुले मलाई भन्नुभयो, 'तिनीहरूले भनेका कुरा ठिक छ ।
18 ১৮ মই তেওঁলোকৰ ভাইসকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব।
म तिनीहरूकै दाजुभाइहरूका बिचबाट तँजस्तै एक जना अगमवक्ता खडा गर्ने छु । म त्यसको मुखमा मेरा वचन हालिदिने छु र त्यसले मैले तँलाई आज्ञा गरेका सबै वचन बोल्ने छ ।
19 ১৯ সেই ভাৱবাদীয়ে মোৰ নামেৰে এই যি কথা ক’ব, কোনোৱে যদি মোৰ সেই কথা নুশুনে, তেন্তে মই নিজে তেওঁৰ পৰা তাৰ হিচাপ ল’ম।
त्यसले मेरो नाउँमा बोल्ने मेरा वचन नसुन्ने कोही पनि मारिने छ ।
20 ২০ কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
तर मेरो नाउँमा अहङ्कारी भएर मैले आज्ञा नगरेको वचन बोल्ने वा अन्य देवताहरूको नाउँमा बोल्ने अगमवक्ता मारिनैपर्छ ।'
21 ২১ “কোনো কথাত আপোনালোকে হয়তো মনতে ভাৱিব পাৰে, ‘এই বার্তা যিহোৱাই কৈছে নে নাই, তাক আমি কেনেকৈ জানিম?’
तिमीहरूले आ-आफ्ना हृदयमा सोधौला, 'परमप्रभुले बोल्नुभएको वचन होइन भनेर हामीले कसरी थाहा पाउने?'
22 ২২ কোনো ভাববাদীয়ে যদি যিহোৱাৰ নামেৰে কথা ক’য় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। আপোনালোকে তেওঁক ভয় নকৰিব।”
परमप्रभुको नाउँमा बोल्ने अगमवक्ताले बोल्दा तिमीहरूले परमप्रभुको सन्देश थाहा पाउने छौ ।