< দ্বিতীয় বিবরণ 18 >

1 লেবীয়া পুৰোহিতসকল আৰু লেবী গোষ্ঠীৰ সকলো লোকে আন ইস্ৰায়েলীয়াসকলৰ দৰে কোনো ভূমি বা সম্পত্তিৰ আধিপত্য নাপাব। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে যি সকলো অনা হ’ব আৰু যিহোৱাক আন যি সকলো আগবঢ়োৱা হ’ব, তেওঁলোকে সেইবোৰ বস্তুহে খাব।
Ansembe Achilevi amene ndi fuko lonse la Alevi, asapatsidwe malo kapena cholowa pakati pa Aisraeli. Iwowa azidzadya zoperekedwa kwa Yehova ngati nsembe, popeza zimenezo ndiye cholowa chawo.
2 ইস্রায়েলীয়া ভাইসকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰপ্রাপ্তি বুলি একো নাথাকিব। যিহোৱাই কৰা প্রতিজ্ঞা অনুসাৰে যিহোৱাই হ’ব তেওঁলোকৰ উত্তৰাধিকাৰ।
Iwowa sadzakhala ndi cholowa pakati pa abale awo pakuti Yehova ndiye cholowa chawo monga anawalonjezera.
3 লোকসকলে যিবোৰ গৰু-ছাগলী বা মেৰ-ছাগ বলি দিব, সেইবোৰৰ কান্ধ, গাল দুখনৰ মাংস আৰু পাকস্থলী তেওঁলোকে পুৰোহিত সকলক দিব; এইবোৰেই হ’ব পুৰোহিতসকলে পাবলগীয়া ভাগ।
Anthu amene abwera kudzapereka nsembe ya ngʼombe kapena nkhosa, azipereka kwa wansembe gawo lake motere: mwendo wakutsogolo, nyama yamʼmasaya ndi zamʼkati.
4 আপোনালোকৰ প্রথমে চপোৱা শস্যৰ ফলবোৰ, নতুন দ্ৰাক্ষাৰস আৰু তেল, আৰু মেৰ-ছাগৰ পৰা প্রথমবাৰ কাটি উলিওৱা নোম আপোনালোকে পুৰোহিতক দিব।
Muziwapatsa zamasika zoyamba za tirigu wanu, vinyo watsopano ndi mafuta, ndi ubweya woyamba pometa nkhosa zanu,
5 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰসকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে।
pakuti Yehova Mulungu wanu wawasankha iwowa ndi ana awo pakati pa mafuko anu onse kuti aziyimirira ndi kutumikira mʼdzina la Yehova nthawi zonse.
6 সমগ্র ইস্ৰায়েল দেশৰ কোনো নগৰৰ পৰা এজন লেবীয়াই যদি নিজৰ বাসস্থান এৰি সম্পূর্ণ নিজ ইচ্ছাৰে যিহোৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায়,
Ngati Mlevi asuntha achoka ku mzinda wake ndi kupita kumalo kwina kumene Yehova wasankha mu Israeli momwemo ndi mtima wake wonse,
7 তেতিয়া আন সকলো লেবীয়া ভাইসকলৰ দৰে তেৱোঁ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পৰিচর্যা কার্য কৰিব লাগিব।
kumeneko akhoza kukatumikirako mʼdzina la Yehova Mulungu wake monga Alevi anzake onse amene akutumikira pamaso pa Yehova.
8 সেই লেবীয়া লোকে পৈত্রিক সম্পত্তি বিক্রী কৰি পোৱা মূল্যৰ উপৰিও সেই ঠাইৰ আন লেবীয়াসকলৰ লগত আহাৰৰ সমান ভাগ পাব।
Iye ayenera kulandira zogawana zawo mofanana ndi anzakewo ngakhale kuti iye anagulitsa kale cholowa cha pa banja pawo.
9 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ গৈছে, সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিণলগীয়া কার্য কৰে, আপোনালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিব।
Mukafika mʼdziko limene Yehova Mulungu wanu akukupatsani, musakaphunzire makhalidwe onyansa a anthu a mʼdzikolo.
10 ১০ আপোনালোকৰ মাজত যেন এনে কোনো লোক নাথাকে, যি জনে নিজৰ সন্তানক হোমবলি উৎসর্গ কৰে, যি জনে মঙ্গল চায়, যি জনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়াবিদ্যা, যাদুবিদ্যাৰ অভ্যাস কৰে,
Pasapezeke pakati panu munthu wootcha pa moto mwana wake wamwamuna kapena wamkazi ngati nsembe. Asapezekenso pakati panu munthu wowombeza kapena wochita mawula, wolosera, wochita za ufiti,
11 ১১ যি জনে তন্ত্র-মন্ত্রৰে সন্মোহিত কৰে, যিজনে ভূতৰ পৰামর্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পর্ক ৰাখে।
wolodza, kapena woyankhula ndi mizimu ya anthu akufa ndi kumafunsira nzeru kwa anthu akufawo.
12 ১২ এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
Aliyense wochita zinthu zotere ndi wonyansa pamaso pa Yehova, ndipo chifukwa cha zonyansa zimenezi Yehova adzakupirikitsirani mitundu ya anthu imeneyi.
13 ১৩ আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত নির্দোষী হ’ব লাগিব।
Muzikhala angwiro pamaso pa Yehova Mulungu wanu.
14 ১৪ আপোনালোকে যি জাতিবোৰক উদ্ধাস্তু কৰি ভূমি অধিকাৰ কৰিব, তেওঁলোকে মায়াবিদ্যা আৰু মঙ্গল চোৱা ভৱিষ্যত বক্তাসকলৰ কথা শুনে। কিন্তু আপোনালোকক হ’লে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেনে কৰিবলৈ নিষেধ কৰিছে।
Mitundu ya anthu imene mudzayipirikitseyo imamvera anyanga kapena owombeza mawula. Koma inu Yehova Mulungu wanu sanakuvomerezeni kutero.
15 ১৫ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ মাজৰ ভাইসকলৰ এজনক আপোনালোকৰ কাৰণে মোৰ নিচিনা এজন ভাববাদীক উৎপন্ন কৰিব। আপোনালোকে তেওঁৰ কথামতে চলিব লাগিব।
Yehova Mulungu wanu adzawutsa pakati pa abale anu mneneri ngati ine. Muyenera kumumvera ameneyo.
16 ১৬ হোৰেব পাহাৰৰ ওচৰত আপোনালোক সকলোৱেই যিহোৱাৰ সন্মুখত সমবেত হোৱাৰ দিনা আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত ইয়াকে প্রার্থনা কৰিছিল। আপোনালোকে এইবুলি প্রার্থনা কৰিছিল, “ঈশ্বৰ যিহোৱাৰ মাত আমাক পুনৰ শুনিবলৈ নিদিব বা এই মহা-অগ্নি আমাক পুনৰ চাবলৈ নিদিব; সেয়ে হ’লে আমি মৰি যাম।”
Pakuti izi ndi zimene munapempha kwa Yehova Mulungu wanu ku Horebu pa tsiku la msonkhano lija pamene munati, “Ife tisamvenso mawu a Yehova Mulungu wathu kapena kuona moto woopsawu, kuopa kuti tingafe.”
17 ১৭ যিহোৱাই মোক কৈছিল, “তেওঁলোকে ঠিকেই কৈছে।
Yehova anati kwa ine, “Zimene akunenazi ndi zabwino.
18 ১৮ মই তেওঁলোকৰ ভাইসকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব।
Ndidzawawutsira mneneri ngati iwe pakati pa abale awo ndipo ndidzayika mawu anga mʼkamwa mwake ndipo adzawawuza chilichonse chimene ndidzamulamula.
19 ১৯ সেই ভাৱবাদীয়ে মোৰ নামেৰে এই যি কথা ক’ব, কোনোৱে যদি মোৰ সেই কথা নুশুনে, তেন্তে মই নিজে তেওঁৰ পৰা তাৰ হিচাপ ল’ম।
Ine mwini ndidzaweruza aliyense amene sadzamvera mawu anga amene mneneriyo adzayankhula mʼdzina langa.
20 ২০ কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
Koma mneneri wonena zinthu mʼdzina langa ndisanamulamulire kutero, kapena mneneri wonenera mʼdzina la milungu ina, ayenera kuphedwa.”
21 ২১ “কোনো কথাত আপোনালোকে হয়তো মনতে ভাৱিব পাৰে, ‘এই বার্তা যিহোৱাই কৈছে নে নাই, তাক আমি কেনেকৈ জানিম?’
Mwina mukhoza kumadzifunsa kuti, “Kodi tingadziwe bwanji kuti uthengawu sanayankhule ndi Yehova?”
22 ২২ কোনো ভাববাদীয়ে যদি যিহোৱাৰ নামেৰে কথা ক’য় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। আপোনালোকে তেওঁক ভয় নকৰিব।”
Ngati zimene mneneriyo wanenera mʼdzina la Yehova sizinachitike kapena kukwaniritsidwa, ndiye kuti umenewo si uthenga umene Yehova wayankhula. Mneneri ameneyo amangoyankhula za mʼmutu mwake ndiye musadzidzimuke naye.

< দ্বিতীয় বিবরণ 18 >