< দ্বিতীয় বিবরণ 18 >

1 লেবীয়া পুৰোহিতসকল আৰু লেবী গোষ্ঠীৰ সকলো লোকে আন ইস্ৰায়েলীয়াসকলৰ দৰে কোনো ভূমি বা সম্পত্তিৰ আধিপত্য নাপাব। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে যি সকলো অনা হ’ব আৰু যিহোৱাক আন যি সকলো আগবঢ়োৱা হ’ব, তেওঁলোকে সেইবোৰ বস্তুহে খাব।
«لَا يَكُونُ لِلْكَهَنَةِ ٱللَّاوِيِّينَ، كُلِّ سِبْطِ لَاوِي، قِسْمٌ وَلَا نَصِيبٌ مَعَ إِسْرَائِيلَ. يَأْكُلُونَ وَقَائِدَ ٱلرَّبِّ وَنَصِيبَهُ.١
2 ইস্রায়েলীয়া ভাইসকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰপ্রাপ্তি বুলি একো নাথাকিব। যিহোৱাই কৰা প্রতিজ্ঞা অনুসাৰে যিহোৱাই হ’ব তেওঁলোকৰ উত্তৰাধিকাৰ।
فَلَا يَكُونُ لَهُ نَصِيبٌ فِي وَسَطِ إِخْوَتِهِ. ٱلرَّبُّ هُوَ نَصِيبُهُ كَمَا قَالَ لَهُ.٢
3 লোকসকলে যিবোৰ গৰু-ছাগলী বা মেৰ-ছাগ বলি দিব, সেইবোৰৰ কান্ধ, গাল দুখনৰ মাংস আৰু পাকস্থলী তেওঁলোকে পুৰোহিত সকলক দিব; এইবোৰেই হ’ব পুৰোহিতসকলে পাবলগীয়া ভাগ।
«وَهَذَا يَكُونُ حَقُّ ٱلْكَهَنَةِ مِنَ ٱلشَّعْبِ، مِنَ ٱلَّذِينَ يَذْبَحُونَ ٱلذَّبَائِحَ بَقَرًا كَانَتْ أَوْ غَنَمًا. يُعْطُونَ ٱلْكَاهِنَ ٱلسَّاعِدَ وَٱلْفَكَّيْنِ وَٱلْكِرْشَ.٣
4 আপোনালোকৰ প্রথমে চপোৱা শস্যৰ ফলবোৰ, নতুন দ্ৰাক্ষাৰস আৰু তেল, আৰু মেৰ-ছাগৰ পৰা প্রথমবাৰ কাটি উলিওৱা নোম আপোনালোকে পুৰোহিতক দিব।
وَتُعْطِيهِ أَوَّلَ حِنْطَتِكَ وَخَمْرِكَ وَزَيْتِكَ، وَأَوَّلَ جَزَازِ غَنَمِكَ.٤
5 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰসকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে।
لِأَنَّ ٱلرَّبَّ إِلَهَكَ قَدِ ٱخْتَارَهُ مِنْ جَمِيعِ أَسْبَاطِكَ لِكَيْ يَقِفَ لِيَخْدِمَ بِٱسْمِ ٱلرَّبِّ، هُوَ وَبَنُوهُ كُلَّ ٱلْأَيَّامِ.٥
6 সমগ্র ইস্ৰায়েল দেশৰ কোনো নগৰৰ পৰা এজন লেবীয়াই যদি নিজৰ বাসস্থান এৰি সম্পূর্ণ নিজ ইচ্ছাৰে যিহোৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায়,
«وَإِذَا جَاءَ لَاوِيٌّ مِنْ أَحَدِ أَبْوَابِكَ مِنْ جَمِيعِ إِسْرَائِيلَ حَيْثُ هُوَ مُتَغَرِّبٌ، وَجَاءَ بِكُلِّ رَغْبَةِ نَفْسِهِ إِلَى ٱلْمَكَانِ ٱلَّذِي يَخْتَارُهُ ٱلرَّبُّ،٦
7 তেতিয়া আন সকলো লেবীয়া ভাইসকলৰ দৰে তেৱোঁ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পৰিচর্যা কার্য কৰিব লাগিব।
وَخَدَمَ بِٱسْمِ ٱلرَّبِّ إِلَهِكَ مِثْلَ جَمِيعِ إِخْوَتِهِ ٱللَّاوِيِّينَ ٱلْوَاقِفِينَ هُنَاكَ أَمَامَ ٱلرَّبِّ،٧
8 সেই লেবীয়া লোকে পৈত্রিক সম্পত্তি বিক্রী কৰি পোৱা মূল্যৰ উপৰিও সেই ঠাইৰ আন লেবীয়াসকলৰ লগত আহাৰৰ সমান ভাগ পাব।
يَأْكُلُونَ أَقْسَامًا مُتَسَاوِيَةً، عَدَا مَا يَبِيعُهُ عَنْ آبَائِهِ.٨
9 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ গৈছে, সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিণলগীয়া কার্য কৰে, আপোনালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিব।
«مَتَى دَخَلْتَ ٱلْأَرْضَ ٱلَّتِي يُعْطِيكَ ٱلرَّبُّ إِلَهُكَ، لَا تَتَعَلَّمْ أَنْ تَفْعَلَ مِثْلَ رِجْسِ أُولَئِكَ ٱلْأُمَمِ.٩
10 ১০ আপোনালোকৰ মাজত যেন এনে কোনো লোক নাথাকে, যি জনে নিজৰ সন্তানক হোমবলি উৎসর্গ কৰে, যি জনে মঙ্গল চায়, যি জনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়াবিদ্যা, যাদুবিদ্যাৰ অভ্যাস কৰে,
لَا يُوجَدْ فِيكَ مَنْ يُجِيزُ ٱبْنَهُ أَوِ ٱبْنَتَهُ فِي ٱلنَّارِ، وَلَا مَنْ يَعْرُفُ عِرَافَةً، وَلَا عَائِفٌ وَلَا مُتَفَائِلٌ وَلَا سَاحِرٌ،١٠
11 ১১ যি জনে তন্ত্র-মন্ত্রৰে সন্মোহিত কৰে, যিজনে ভূতৰ পৰামর্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পর্ক ৰাখে।
وَلَا مَنْ يَرْقِي رُقْيَةً، وَلَا مَنْ يَسْأَلُ جَانًّا أَوْ تَابِعَةً، وَلَا مَنْ يَسْتَشِيرُ ٱلْمَوْتَى.١١
12 ১২ এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
لِأَنَّ كُلَّ مَنْ يَفْعَلُ ذَلِكَ مَكْرُوهٌ عِنْدَ ٱلرَّبِّ. وَبِسَبَبِ هَذِهِ ٱلْأَرْجَاسِ، ٱلرَّبُّ إِلَهُكَ طَارِدُهُمْ مِنْ أَمَامِكَ.١٢
13 ১৩ আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত নির্দোষী হ’ব লাগিব।
تَكُونُ كَامِلًا لَدَى ٱلرَّبِّ إِلَهِكَ.١٣
14 ১৪ আপোনালোকে যি জাতিবোৰক উদ্ধাস্তু কৰি ভূমি অধিকাৰ কৰিব, তেওঁলোকে মায়াবিদ্যা আৰু মঙ্গল চোৱা ভৱিষ্যত বক্তাসকলৰ কথা শুনে। কিন্তু আপোনালোকক হ’লে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেনে কৰিবলৈ নিষেধ কৰিছে।
إِنَّ هَؤُلَاءِ ٱلْأُمَمَ ٱلَّذِينَ تَخْلُفُهُمْ يَسْمَعُونَ لِلْعَائِفِينَ وَٱلْعَرَّافِينَ. وَأَمَّا أَنْتَ فَلَمْ يَسْمَحْ لَكَ ٱلرَّبُّ إِلَهُكَ هَكَذَا.١٤
15 ১৫ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ মাজৰ ভাইসকলৰ এজনক আপোনালোকৰ কাৰণে মোৰ নিচিনা এজন ভাববাদীক উৎপন্ন কৰিব। আপোনালোকে তেওঁৰ কথামতে চলিব লাগিব।
«يُقِيمُ لَكَ ٱلرَّبُّ إِلَهُكَ نَبِيًّا مِنْ وَسَطِكَ مِنْ إِخْوَتِكَ مِثْلِي. لَهُ تَسْمَعُونَ.١٥
16 ১৬ হোৰেব পাহাৰৰ ওচৰত আপোনালোক সকলোৱেই যিহোৱাৰ সন্মুখত সমবেত হোৱাৰ দিনা আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত ইয়াকে প্রার্থনা কৰিছিল। আপোনালোকে এইবুলি প্রার্থনা কৰিছিল, “ঈশ্বৰ যিহোৱাৰ মাত আমাক পুনৰ শুনিবলৈ নিদিব বা এই মহা-অগ্নি আমাক পুনৰ চাবলৈ নিদিব; সেয়ে হ’লে আমি মৰি যাম।”
حَسَبَ كُلِّ مَا طَلَبْتَ مِنَ ٱلرَّبِّ إِلَهِكَ فِي حُورِيبَ يَوْمَ ٱلِٱجْتِمَاعِ قَائِلًا: لَا أَعُودُ أَسْمَعُ صَوْتَ ٱلرَّبِّ إِلَهِي وَلَا أَرَى هَذِهِ ٱلنَّارَ ٱلْعَظِيمَةَ أَيْضًا لِئَلَّا أَمُوتَ.١٦
17 ১৭ যিহোৱাই মোক কৈছিল, “তেওঁলোকে ঠিকেই কৈছে।
قَالَ لِيَ ٱلرَّبُّ: قَدْ أَحْسَنُوا فِي مَا تَكَلَّمُوا.١٧
18 ১৮ মই তেওঁলোকৰ ভাইসকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব।
أُقِيمُ لَهُمْ نَبِيًّا مِنْ وَسَطِ إِخْوَتِهِمْ مِثْلَكَ، وَأَجْعَلُ كَلَامِي فِي فَمِهِ، فَيُكَلِّمُهُمْ بِكُلِّ مَا أُوصِيهِ بِهِ.١٨
19 ১৯ সেই ভাৱবাদীয়ে মোৰ নামেৰে এই যি কথা ক’ব, কোনোৱে যদি মোৰ সেই কথা নুশুনে, তেন্তে মই নিজে তেওঁৰ পৰা তাৰ হিচাপ ল’ম।
وَيَكُونُ أَنَّ ٱلْإِنْسَانَ ٱلَّذِي لَا يَسْمَعُ لِكَلَامِي ٱلَّذِي يَتَكَلَّمُ بِهِ بِٱسْمِي أَنَا أُطَالِبُهُ.١٩
20 ২০ কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
وَأَمَّا ٱلنَّبِيُّ ٱلَّذِي يُطْغِي، فَيَتَكَلَّمُ بِٱسْمِي كَلَامًا لَمْ أُوصِهِ أَنْ يَتَكَلَّمَ بِهِ، أَوِ ٱلَّذِي يَتَكَلَّمُ بِٱسْمِ آلِهَةٍ أُخْرَى، فَيَمُوتُ ذَلِكَ ٱلنَّبِيُّ.٢٠
21 ২১ “কোনো কথাত আপোনালোকে হয়তো মনতে ভাৱিব পাৰে, ‘এই বার্তা যিহোৱাই কৈছে নে নাই, তাক আমি কেনেকৈ জানিম?’
وَإِنْ قُلْتَ فِي قَلْبِكَ: كَيْفَ نَعْرِفُ ٱلْكَلَامَ ٱلَّذِي لَمْ يَتَكَلَّمْ بِهِ ٱلرَّبُّ؟٢١
22 ২২ কোনো ভাববাদীয়ে যদি যিহোৱাৰ নামেৰে কথা ক’য় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। আপোনালোকে তেওঁক ভয় নকৰিব।”
فَمَا تَكَلَّمَ بِهِ ٱلنَّبِيُّ بِٱسْمِ ٱلرَّبِّ وَلَمْ يَحْدُثْ وَلَمْ يَصِرْ، فَهُوَ ٱلْكَلَامُ ٱلَّذِي لَمْ يَتَكَلَّمْ بِهِ ٱلرَّبُّ، بَلْ بِطُغْيَانٍ تَكَلَّمَ بِهِ ٱلنَّبِيُّ، فَلَا تَخَفْ مِنْهُ.٢٢

< দ্বিতীয় বিবরণ 18 >