< দ্বিতীয় বিবরণ 17 >
1 ১ ঈশ্বৰ যিহোৱালৈ আপোনালোকে কোনো ঘুণ কি খূঁত থকা গৰু, মেৰ-ছাগ বা ছাগ বলিদান নকৰিব। কিয়নো সেয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ঘিণলগীয়া।
有任何殘缺或瑕疵的牛羊,不可祭獻給上主你的天主,因為這為上主你的天主是可憎惡的事。
2 ২ ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি এনে পুৰুষ কি স্ত্ৰীক তোমাৰ মাজত পোৱা যায়, যে, তেওঁলোকে গৈ তোমাৰ ঈশ্বৰ যিহোৱাৰ নিয়মটি ভাঙি তেওঁৰ দৃষ্টিত কুকৰ্ম কৰি, আন দেৱতাক সেৱা পূজা কৰিছে।
在你中間,即在上主你的天主賜給你的一座城內,若發見一個男人或女人,做了上主你的天主眼中視為惡的事,違犯了他的盟約,
3 ৩ আৰু সেই বোৰৰ আগত প্ৰণিপাত কৰিলে, বা মই নিষেধ কৰা সূৰ্য, চন্দ্ৰ আদি আকাশৰ বাহিনীসকলৰ যি কোনো এজনৰ আগত প্ৰণিপাত কৰে,
去事奉敬拜其他的神,或太陽,或月亮,或任何天象,反對我所吩咐的事;
4 ৪ আৰু সেইবোৰ আপোনালোকৰ আগত কোৱা হ’ল, আৰু আপোনালোকে তাক শুনিলে, এই সকলো আপোনালোকে শুনি সাৱধানতাৰে বিচাৰ কৰিব। ইস্ৰায়েলৰ মাজত তেনে ঘিণলগীয়া কাৰ্য কৰা যদি হৈছে, সেই কথা যদি সঁচা আৰু নিশ্চয় হয়,
如果有人告訴了你,你一聽說,就應詳細調查。如果實有其事,真在以色列中做了這種可惡的事,
5 ৫ তেন্তে যি পুৰুষ কি স্ত্ৰীয়ে সেই কুকৰ্ম কৰিলে, সেই পুৰুষ কি স্ত্ৰীক আপোনালোকৰ নগৰৰ দুৱাৰ- মুখলৈ উলিয়াই নি, তেওঁলোক মৰাকৈ তেওঁলোকক শিল দলিয়াই মাৰিব।
就將那做這種惡事的男人或女人,帶到城門外,用石頭砸死他們。
6 ৬ পাছত আপোনালোকে সেই কথাৰ দুজন সাক্ষীৰ মুখেৰে শুনিহে, যাৰ প্ৰাণদণ্ড কৰিব লাগে, তাৰ প্ৰাণদণ্ড কৰিব। এজন সাক্ষীৰ মুখেৰে তেওঁৰ প্ৰাণদণ্ড নহ’ব।
根據兩個或三個見證的口供,即可將這該死的人處以死刑;根據一個見證的口供,卻不可處以死刑。
7 ৭ তেওঁক বধ কৰিবলৈ, প্রথমে সাক্ষীসকলে, পাছত সকলো প্ৰজাই তেওঁৰ বিৰুদ্ধে হাত উঠাব। এইদৰে আপুনি তেওঁলোকৰ মাজৰ পৰা দুষ্টতা উৎখাত কৰিব।
見證人應先下手,然後眾人纔下手將他處死:如此由你中間剷除了這邪惡。
8 ৮ যদি তেওঁৰ বিচাৰ কৰিবলৈ আপোনালোকলৈ কঠিন হ’য়, সেয়া হত্যায়েই হওঁক নাইবা দুর্ঘটনাৰ কাৰণেই হওঁক, যদি দুজন লোকৰ বিবাদ আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত হ’য়; যদি তেওঁৰ বিচাৰ কৰিবলৈ আপোনালোকলৈ অতি কঠিন হয়, তেন্তে আপোনালোকে উঠি, ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইলৈ যাব,
若在你城鎮內發生了訴訟案件:或是殺人,或是爭訟,或是毆傷,而又是你難以處決的案件,你應起來上到上主你的天主所選的地方,
9 ৯ আৰু লেবীয়া পুৰোহিতসকলৰ আৰু সেইসময়ৰ বিচাৰকৰ্ত্তাৰ গুৰিলৈ গৈ সুধিব; তাতে তেওঁলোকে আপোনালোকক ৰায় দিব।
去見肋未司祭和那在職的判官,詢問他們,他們要指教你怎樣判斷這案件。
10 ১০ পাছত যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তেওঁলোকে আপোনালোকক যি ৰায় দিব, আপুনি সেইদৰেই কাৰ্য কৰিব। তেওঁলোকে আপোনাক যি ক’ব, তাক সাৱধানে কৰিব।
你應依照他們在上主所選的地方,有關那案件指教你的話去執行;凡他們教訓你的,應完全遵行。
11 ১১ আপোনালোকক তেওঁলোকে যি ব্যৱস্থাৰ শিক্ষা দিব, আৰু যি শাসন-প্ৰণালী ক’ব, সেই ব্যৱস্থা আৰু শাসন-প্ৰণালী অনুসাৰে আপুনি কাৰ্য কৰিব। তেওঁলোকে দিয়া ৰায়ৰ সোঁ কি বাওঁফালে নুঘুৰিব।
應全依照他們給你的指導,告訴你的判斷去執行;對他們告訴你的定案,不可偏左偏右。
12 ১২ কিন্তু যিকোনো লোকে গৰ্ব্ব কৰি, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ পৰিচৰ্যা কৰাৰ কাৰণে সেই ঠাইত থিয় হোৱা পুৰোহিতৰ, বা বিচাৰকৰ্ত্তাৰ কথা নুশুনে, সেই মানুহৰ প্ৰাণদণ্ড হ’ব। এইদৰে আপুনি ইস্ৰায়েলৰ মাজৰ পৰা তেনে দুষ্টতা দুৰ কৰিব।
若有人擅自行事,不聽從那侍立於上主你的天主前供職的司祭,或不聽從判官,應把這人處死。如此你由以色列中剷除了這邪惡;
13 ১৩ তাত সকলো প্ৰজাই তাক শুনি ভয় পাই সেইদৰে আৰু গৰ্ব্ব নকৰিব।
民眾聽見了,必都害怕,再不敢擅自行事。
14 ১৪ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰি বাস কৰোঁতে, যেতিয়া ক’ব, “মোৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে মইও মোৰ ওপৰত এজন ৰজা পাতোঁ।”
當你進入上主你的天主賜給你的土地,佔據了那地,安住在那裏以後,你如說:「我願照我四周的各民族,設立一位君王統治我,」
15 ১৫ তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি জনক মনোনীত কৰিব, সেইজনকেই আপোনালোকৰ ওপৰত ৰজা পাতিব। আপোনালোকৰ নিজৰ ভাইসকলৰ মাজৰ পৰা এজনক বাচি লৈ আপোনালোকৰ ওপৰত ৰজা পাতিব। যি জন আপোনালোকৰ ভাই নহয়, এনে অনা-ইহুদী লোকক আপোনালোকৰ ওপৰত ৰজা পাতিব নোৱাৰিব।
你應將上主你的天主所揀選的人,立為你的君王。應由你兄弟中立一人,作你的君王,不可讓不屬你兄弟的外方人統治你。
16 ১৬ কেৱল তেওঁ নিজৰ কাৰণে অনেক ঘোঁৰা নাৰাখিব, বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজাসকলক পুনৰায় মিচৰলৈ নপঠাব। কিয়নো যিহোৱাই আপোনালোকক কৈছিল, ইয়াৰ পাছত “আপোনালোকে সেই বাটেদি পুনৰায় উলটি নাযাব।”
但是,不可許他養許多馬,免得他叫人民回到埃及去買馬,因為上主曾對你們說過:「你們不可再回到那條路上去;」
17 ১৭ আৰু তেওঁৰ মন যেন অপথে নাযায়, এই কাৰণে তেওঁলোকৰ ছোৱালী বিয়া নকৰিব; আৰু তেওঁ নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ নবঢ়াব।
也不可許他有許多妻妾,免得他的心迷於邪途;也不可許他過於積蓄金銀。
18 ১৮ যেতিয়া তেওঁ সেই ৰাজসিংহাসনত বহিব, তেতিয়া তেওঁ নিশ্চয়কৈ লেবীয়া পুৰোহিতসকলৰ আগত থকা পুস্তকখনিৰ পৰা এখন আন এখন পুস্তক নিজৰ কাৰণে নকল কৰি লিখি থব।
幾時他登上了王位,依照肋未司祭處所存的法律書,給他抄寫一本,
19 ১৯ ইস্রায়েলৰ মাজত নিজ ৰাজ্যত তেওঁ আৰু তেওঁৰ সন্তান সকল দীৰ্ঘজীৱি হবৰ কাৰণে তেওঁ যেন ভাইসকলৰ সন্মুখত অহংকাৰ নকৰে আৰু এই আজ্ঞাৰ সোঁ কি বাওঁফালে যেন নুঘুৰে।
叫他帶在身邊一生天天閱讀,好使他學習敬畏上主他的天主,謹守遵行這法律上的一切話和這些規則。
20 ২০ এই কাৰণে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবলৈ শিকি, এই ব্যৱস্থাৰ সকলো বাক্য, আৰু বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবৰ অৰ্থে, সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব, আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব।
如此他可避免對自己的同胞心高氣傲,偏離這些誡命,好使他和他的子孫在以色列中間久居王位。