< দ্বিতীয় বিবরণ 16 >
1 ১ আপুনি আবীব মাহ মানিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিব; কিয়নো আবীব মাহতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক মিচৰ দেশৰ পৰা ৰাতি উলিয়াই আনিছিল।
Observa mensem novarum frugum, et verni primum temporis, ut facias Phase Domino Deo tuo: quoniam in isto mense eduxit te Dominus Deus tuus de Aegypto nocte.
2 ২ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ মেৰ-ছাগ, ছাগ, আৰু গৰুৰ জাকৰ পৰা পশু লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
Immolabisque Phase Domino Deo tuo de ovibus, et de bobus in loco, quem elegerit Dominus Deus tuus, ut habitet nomen eius ibi.
3 ৩ মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল।
Non comedes in eo panem fermentatum: Septem diebus comedes absque fermento, afflictionis panem, quoniam in pavore egressus es de Aegypto: ut memineris diei egressionis tuae de Aegypto, omnibus diebus vitae tuae.
4 ৪ সাদিনলৈকে আপোনালোকৰ সকলো সীমাত, আপোনালোকৰ ওচৰত খমীৰ দেখা নাযাওক; আৰু প্ৰথম দিনক সন্ধ্যাকালত মৰা যি বলি, তাৰ কোনো মাংস ৰাতিপুৱালৈকে গোটেই ৰাতি থকা অৱশিষ্ট নাথাকক।
Non apparebit fermentatum in omnibus terminis tuis septem diebus, et non remanebit de carnibus eius quod immolatum est vespere in die primo usque mane.
5 ৫ ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব নোৱাৰিব।
Non poteris immolare Phase in qualibet urbium tuarum, quas Dominus Deus tuus daturus est tibi;
6 ৬ কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যাবেলা সূৰ্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
sed in loco, quem elegerit Dominus Deus tuus, ut habitet nomen eius ibi: immolabis Phase vespere ad solis occasum, quando egressus es de Aegypto.
7 ৭ আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তাক খৰিকাত দি খাব। পাছত ৰাতিপুৱা নিজ নিজ তম্বুলৈ উলটি যাব।
Et coques, et comedes in loco, quem elegerit Dominus Deus tuus, maneque consurgens vades in tabernacula tua.
8 ৮ আপোনালোকে ছয় দিন খমীৰ নিদিয়া পিঠা খাব; আৰু সপ্তম দিনা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ধৰ্ম-সভা আয়োজন হ’ব, সেই দিনা আপোনালোকে কোনো কাম নকৰিব।
Sex diebus comedes azyma: et in die septima, quia collecta est Domini Dei tui, non facies opus.
9 ৯ তাৰ পাছত আপোনালোকে সাত সপ্তাহ লেখ কৰিব। শস্যত প্ৰথমে কাচি লগোৱাৰে পৰা আৰম্ভ কৰি সাত সপ্তাহ গন্তি কৰিব।
Septem hebdomadas numerabis tibi ab ea die qua falcem in segetem miseris.
10 ১০ আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিব।
et celebraris diem festum hebdomadarum Domino Deo tuo, oblationem spontaneam manus tuae, quam offeres iuxta benedictionem Domini Dei tui:
11 ১১ আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
et epulaberis coram Domino Deo tuo, tu, filius tuus, et filia tua, servus tuus, et ancilla tua, et Levites qui est intra portas tuas, advena ac pupillus et vidua, qui morantur vobiscum: in loco quem elegerit Dominus Deus tuus, ut habitet nomen eius ibi:
12 ১২ আৰু আপোনালোক মিচৰ দেশত যে বন্দীত্ব অৱস্থাত আছিল, তাক সোঁৱৰণ কৰিব; আৰু এই সকলো বিধি পালন কৰি সেই মতে কাৰ্য কৰিব।
et recordaberis quoniam servus fueris in Aegypto: custodiesque ac facies quae praecepta sunt.
13 ১৩ পাছত আপোনালোকৰ শস্যমৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, আপোনালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিব।
Sollemnitatem quoque tabernaculorum celebrabis per septem dies, quando collegeris de area et torculari fruges tuas:
14 ১৪ আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
et epulaberis in festivitate tua, tu, filius tuus, et filia, servus tuus et ancilla, Levites quoque et advena, pupillus et vidua qui intra portas tuas sunt.
15 ১৫ যি ঠাই যিহোৱাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সাত দিন উৎসৱ পালন কৰিব। কিয়নো আপোনালোকৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্যত আৰু হাতেৰে কৰা আটাই কাৰ্যত যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব, আৰু আপোনালোক সকলোভাৱে আনন্দিত হ’ব।
Septem diebus Domino Deo tuo festa celebrabis in loco quem elegerit Dominus: benedicetque tibi Dominus Deus tuus in cunctis frugibus tuis, et in omni opere manuum tuarum, erisque in laetitia.
16 ১৬ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।
Tribus vicibus per annum apparebit omne masculinum tuum in conspectu Domini Dei tui in loco quem elegerit: in sollemnitate azymorum, in sollemnitate hebdomadarum, et in sollemnitate tabernaculorum. Non apparebit ante Dominum vacuus:
17 ১৭ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিব।
sed offeret unusquisque secundum quod habuerit iuxta benedictionem Domini Dei sui, quam dederit ei.
18 ১৮ ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব।
Iudices et magistros constitues in omnibus portis tuis, quas Dominus Deus tuus dederit tibi, per singulas tribus tuas: ut iudicent populum iusto iudicio,
19 ১৯ আপুনি বলপূর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্মিকৰ কথা ওলোটাই।
nec in alteram partem declinent. Non accipies personam, nec munera: quia munera excaecant oculos sapientum, et mutant verba iustorum.
20 ২০ তাতে আপুনি জীয়াই থাকি, আপোনাৰ ঈশ্বৰ যিহোৱাই যি দেশ দিছে, সেই দেশ অধিকাৰ কৰিবলৈ সকলোভাৱে যি ন্যায়, সেই মতে চলিব।
Iuste quod iustum est persequeris: ut vivas et possideas Terram, quam Dominus Deus tuus dederit tibi.
21 ২১ তাত আপুনি আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যি যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিব, তাৰ গুৰিত আচেৰা মুৰ্ত্তি বুলি কোনো প্ৰকাৰৰ কাঠ স্থাপন নকৰিব।
Non plantabis lucum, et omnem arborem iuxta altare Domini Dei tui.
22 ২২ আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা কোনো স্তম্ভ স্থাপন নকৰিব।
Nec facies tibi statuam: neque constituas quae odit Dominus Deus tuus.