< দ্বিতীয় বিবরণ 15 >

1 আপোনালোকে প্ৰত্যেক সাত বছৰৰ মূৰত ধাৰ ক্ষমা কৰিব।
מקץ שבע שנים תעשה שמטה
2 সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল।
וזה דבר השמטה--שמוט כל בעל משה ידו אשר ישה ברעהו לא יגש את רעהו ואת אחיו כי קרא שמטה ליהוה
3 আপোনালোকে পৰজাতিৰ পৰা দাবি কৰি ঋণ আদায় কৰিব পাৰে; কিন্তু ভাইৰ ওচৰত আপোনালোকৰ যি ঋণ আছে, সেয়া এৰি দিব।
את הנכרי תגש ואשר יהיה לך את אחיך תשמט ידך
4 যাহোক আপোনালোকৰ মাজত কোনো দৰিদ্রলোক নাথাকিব। কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক অধিকাৰৰ কাৰণে যি দেশ আধিপত্য স্বৰূপে দিছে, যিহোৱাই সেই দেশত আপোনালোকক নিশ্চয় আশীৰ্ব্বাদ কৰিব।
אפס כי לא יהיה בך אביון כי ברך יברכך יהוה בארץ אשר יהוה אלהיך נתן לך נחלה לרשתה
5 যদি তোমালোকে কায়মনোবাক্যে ঈশ্বৰ যিহোৱাৰ কথা শুনা, তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা; এই আদেশ মই আজি তোমালোকক দিলোঁ।
רק אם שמוע תשמע בקול יהוה אלהיך לשמר לעשות את כל המצוה הזאת אשר אנכי מצוך היום
6 কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব।
כי יהוה אלהיך ברכך כאשר דבר לך והעבטת גוים רבים ואתה לא תעבט ומשלת בגוים רבים ובך לא ימשלו
7 ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই আপোনালোকৰ দেখাত দুখীয়া, তেতিয়া আপোনালোকে তেওঁলৈ হৃদয় কঠিন নকৰিব, সেই দুখীয়া ভাইলৈ আপোনালোকৰ হাত বন্ধ নকৰিব।
כי יהיה בך אביון מאחד אחיך באחד שעריך בארצך אשר יהוה אלהיך נתן לך--לא תאמץ את לבבך ולא תקפץ את ידך מאחיך האביון
8 কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে।
כי פתח תפתח את ידך לו והעבט תעביטנו די מחסרו אשר יחסר לו
9 সাৱধান হওঁক সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে, এই বুলি নিজৰ হৃদয়ত নীহ ভাব উদয় নহওক; নহ’লে নিজৰ দুখীয়া ভাইলৈ কু-দৃষ্টি ৰাখি তেওঁক একোকে নিদিব, আৰু তেওঁ আপোনাৰ বিৰুদ্ধে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিব; তাতে আপোনাৰ পাপ হ’ব।
השמר לך פן יהיה דבר עם לבבך בליעל לאמר קרבה שנת השבע שנת השמטה ורעה עינך באחיך האביון ולא תתן לו וקרא עליך אל יהוה והיה בך חטא
10 ১০ আপুনি তেওঁক অৱশ্যে দিব; দিওঁতে মনত বেজাৰ নকৰিব। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো কৰ্মত, আৰু আপুনি হাত দিয়া আটাই কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
נתון תתן לו ולא ירע לבבך בתתך לו כי בגלל הדבר הזה יברכך יהוה אלהיך בכל מעשך ובכל משלח ידך
11 ১১ কিয়নো দুখীয়া মানুহ দেশৰ পৰা আতৰ নহ’ৱ, এই কাৰণে মই আপোনাক এই আজ্ঞা দিছোঁ, যে, আপুনি নিজৰ দেশত থকা দুখীয়া আৰু দৰিদ্ৰ ভাইলৈ হাত মুকলি কৰি ৰাখিব।
כי לא יחדל אביון מקרב הארץ על כן אנכי מצוך לאמר פתח תפתח את ידך לאחיך לעניך ולאבינך בארצך
12 ১২ যদি তোমাৰ ভাই এজন ইব্ৰীয়া পুৰুষ বা এজনী ইব্ৰীয়া মহিলা আপোনাৰ হাতত বেচা হয়, আৰু তেওঁ আপোনাক ছয় বছৰ খাটি দিয়ে, তেন্তে আপুনি সপ্তম বছৰত তেওঁক মুকলি কৰি বিদায় দিব।
כי ימכר לך אחיך העברי או העבריה--ועבדך שש שנים ובשנה השביעת תשלחנו חפשי מעמך
13 ১৩ মুকলি কৰি বিদায় দিয়া সময়ত, তাক শুদা হাতে নপঠাব।
וכי תשלחנו חפשי מעמך--לא תשלחנו ריקם
14 ১৪ আপোনালোকে আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাকৰ পৰা, মৰণামৰা খোলাৰ পৰা আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা তাক ভালকৈ দি পঠাব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰাৰ দৰেই তেওঁক দি দি’ব।
העניק תעניק לו מצאנך ומגרנך ומיקבך אשר ברכך יהוה אלהיך תתן לו
15 ১৫ আপুনি অৱশ্যেই মনত ৰখা উচিত যে মিচৰ দেশত আপোনালোক বন্দী অৱস্থাত আছিল, আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক মুক্ত কৰিলে; তাক সোঁৱৰক; এই কাৰণে মই আজি আপোনালোকক এই আজ্ঞা দিছোঁ।
וזכרת כי עבד היית בארץ מצרים ויפדך יהוה אלהיך על כן אנכי מצוך את הדבר הזה--היום
16 ১৬ কিন্তু আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ লোকসকলৰ প্রতি ভাল পোৱাৰ কাৰণে আৰু আপোনালোকৰ ওচৰত সুখেৰে আছে কৈ আপোনালোকক এৰি নাযাওঁ বুলি কয়,
והיה כי יאמר אליך לא אצא מעמך כי אהבך ואת ביתך כי טוב לו עמך
17 ১৭ তেন্তে আপোনালোকে তেওঁৰ কাণৰ লতি লৈ দুৱাৰত লগাই ৰাখি বিন্ধনাৰে ফুটা কৰিব। তেতিয়া তেওঁ সদায় আপোনাৰ বন্দী হৈ থাকিব; আৰু বেটীলৈকো সেইদৰেই কৰিব।
ולקחת את המרצע ונתתה באזנו ובדלת והיה לך עבד עולם ואף לאמתך תעשה כן
18 ১৮ তেওঁ ছয় বছৰ আপোনালোকৰ কাৰণে আপোনাৰ বেচ খোৱা চাকৰতকৈ দুগুণ কাম কৰিলে, আপুনি তেওঁক মুকলি কৰি বিদায় দিয়াত আপুনি কষ্টবোধ নকৰিব; তাতে আপোনাৰ ঈশ্বৰ যিহোৱাই আপুনি কৰা সকলো কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
לא יקשה בעינך בשלחך אתו חפשי מעמך--כי משנה שכר שכיר עבדך שש שנים וברכך יהוה אלהיך בכל אשר תעשה
19 ১৯ আপোনালোকে আপোনালোকৰ গৰু, মেৰ-ছাগ আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব; আপোনালোকে প্ৰথমে জগা গৰু, কোনো কামত নলগাব, আৰু আপোনালোকৰ মেৰ-ছাগৰ প্ৰথমে জগা নোম নাকাটিব।
כל הבכור אשר יולד בבקרך ובצאנך הזכר--תקדיש ליהוה אלהיך לא תעבד בבכר שורך ולא תגז בכור צאנך
20 ২০ যিহোৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইত আপোনাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে আপুনি আপোনালোকৰ সপৰিয়ালে তাক প্ৰতিবছৰে আহাৰ হিচাপে গ্রহণ কৰিব।
לפני יהוה אלהיך תאכלנו שנה בשנה במקום אשר יבחר יהוה--אתה וביתך
21 ২১ যদি তাত কোনো ঘুণীয়া থাকে, অৰ্থাৎ সেইবোৰত যদি খোৰা, কণা, বা আন প্ৰকাৰৰ কোনো ঘুণ থকা হয়, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ নকৰিব।
וכי יהיה בו מום פסח או עור כל מום רע--לא תזבחנו ליהוה אלהיך
22 ২২ আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত তাক খাব। শুচি আৰু অশুচি সকলো লোকে সমানে কৃষ্ণসাৰ বা হৰিণাৰ মাংস খোৱাৰ দৰে তাক খাব পাৰিব।
בשעריך תאכלנו--הטמא והטהור יחדו כצבי וכאיל
23 ২৩ আপুনি কেৱল তাৰ তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।
רק את דמו לא תאכל על הארץ תשפכנו כמים

< দ্বিতীয় বিবরণ 15 >