< দ্বিতীয় বিবরণ 14 >
1 ১ আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্তান। আপোনালোকে মৰা মানুহৰ কাৰণে শোক প্রকাশ কৰিবলৈ নিজৰ শৰীৰত কাটকুট নকৰিব বা মূৰৰ চুলি নুখুৰাব।
“तुम ख़ुदावन्द अपने ख़ुदा के फ़र्ज़न्द हो, तुम मुर्दों की वजह से अपने आप को ज़ख़्मी न करना, और न अपने अबरू के बाल मुंडवाना।
2 ২ কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা যিহোৱাই আপোনালোকক মনোনীত কৰিলে যাতে আপোনালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হয়।
क्यूँकि तू ख़ुदावन्द अपने ख़ुदा की मुक़द्दस क़ौम है और ख़ुदावन्द ने तुझको इस ज़मीन की और सब क़ौमों में से चुन लिया है ताकि तू उसकी ख़ास क़ौम ठहरे।
3 ৩ আপোনালোকে কোনো ঘিণলগীয়া বস্তু নাখাব।
“तू किसी घिनौनी चीज़ को मत खाना।
4 ৪ আপোনালোকে খাব পৰা পশু এইবোৰ; গৰু, মেৰ, ছাগলী,
जिन चौपायों को तुम खा सकते हो वह ये हैं, या'नी गाय — बैल, और भेड़, और बकरी,
5 ৫ হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু, বনৰীয়া ছাগলী, দীচোন পশু, টৱো আৰু পৰ্বতীয়া মেৰ-ছাগ।
और चिकारे और हिरन, और छोटा हिरन और बुज़कोही और साबिर और नीलगाय और, जंगली भेड़।
6 ৬ যিবোৰ জন্তুৰ খুৰা সম্পূৰ্ণকৈ দুফাল আৰু ঘাঁহ পাগুলে, সেই সকলো পশু আপোনালোকে খাব পাৰিব।
और चौपायों में से जिस जिस के पाँव अलग और चिरे हुए हैं और वह जुगाली भी करता हो तुम उसे खा सकते हो।
7 ৭ তথাপিও এইবোৰৰ মাজত যিবোৰে ঘাঁহ পাগুলে বা খুৰা দুফাল হোৱা পশুবোৰৰ মাজত আপোনালোকে এইবোৰ খাব নালাগে: উট, শহা আৰু চাফন পহু। কাৰণ সেইবোৰে ঘাঁহ পাগুলে হয়, কিন্তু খুৰা দুফাল নহয়; সেইবোৰ আপোনালোকৰ কাৰণে অশুচি।
लेकिन उनमें से जो जुगाली करते हैं या उनके पाँव चिरे हुए हैं तुम उनको, या'नी ऊँट, और ख़रगोश, और साफ़ान को न खाना, क्यूँकि ये जुगाली करते हैं लेकिन इनके पाँव चिरे हुए नहीं हैं; इसलिए ये तुम्हारे लिए नापाक हैं।
8 ৮ গাহৰি অশুচি। কাৰণ তাৰ খুৰা দুফাল হলেও সি ঘাঁহ পাগুলি নাথাকে, সি আপোনালোকৰ পক্ষে অশুচি। আপোনালোকে সেইবোৰৰ মাংস নাখাব, সেইবোৰৰ শৱকো নুচুব।
और सूअर तुम्हारे लिए इस वजह से नापाक है कि उसके पाँव तो चिरे हुए हैं लेकिन वह जुगाली नहीं करता। तुम न तो उनका गोश्त खाना और न उनकी लाश को हाथ लगाना।
9 ৯ পানীত বাস কৰা প্রাণীবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি আছে, সেইবোৰ আপোনালোকে খাব পাৰিব।
'आबी जानवरों में से तुम उन ही को खाना जिनके पर और छिल्के हों।
10 ১০ কিন্তু যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ নাখাব। সেইবোৰ আপোনালোকৰ কাৰণে অশুচি।
लेकिन जिसके पर और छिल्के न हों तुम उसे मत खाना, वह तुम्हारे लिए नापाक हैं।
11 ১১ আপোনালোকে সকলোবিধৰ শুচি চৰাই খাব পাৰিব।
“पाक परिन्दों में से तुम जिसे चाहो खा सकते हो,
12 ১২ কিন্তু আপোনালোকে এইবোৰ খাব নোৱাৰিব: ঈগল, শগুণ, শেন,
लेकिन इनमें से तुम किसी को न खाना, या'नी 'उक़ाब, और उस्तुख़्वानख़्वार, और बहरी 'उक़ाब,
13 ১৩ শঙ্কৰ চিলনী, ৰঙা চিলনী, সকলোবিধৰ মটিয়া চিলনী,
और चील और बाज़ और गिद्ध और उनकी क़िस्म के:
15 ১৫ উট চৰাই, ৰাতি-শেন, গঙ্গা-চিলনী, সকলোবিধৰ শেন জাতীয়;
और शुतुरमुर्ग़ और चुग़द और कोकिल और क़िस्म क़िस्म के शाहीन,
16 ১৬ ফেঁচা, হুদু, বগা-ফেঁচা,
और बूम, और उल्लू, और क़ाज़,
17 ১৭ হাড়গিলা, ঢোঁৰা কাউৰী, মাছৰোকা,
और हवासिल, और रख़म, और हड़गीला,
18 ১৮ বৰটোকোলা, সকলো বিধৰ বগলী, ৰাজহংস আৰু বাদুলী।
और लक़ — लक़, और हर क़िस्म का बगुला, और हुद — हुद, और चमगादड़।
19 ১৯ জাক বান্ধি উৰি ফুৰা সকলো পতঙ্গ আপোনালোকৰ কাৰণে অশুচি হ’ব; সেইবোৰ খাব নালাগে।
और सब परदार रेंगने वाले जानदार तुम्हारे लिए नापाक हैं, वह खाए न जाएँ।
20 ২০ কিন্তু আন পাখি থকা শুচি প্রণীবোৰ আপোনালোকে খাব পাৰিব।
और पाक परिन्दों में से तुम जिसे चाहो खाओ।
21 ২১ নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব। কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিব। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাব।
“जो जानवर आप ही मर जाए तू उसे मत खाना; तू उसे किसी परदेसी को, जो तेरे फाटकों के अन्दर हो खाने को दे सकता है, या उसे किसी अजनबी आदमी के हाथ बेच सकता है; क्यूँकि तू ख़ुदावन्द अपने ख़ुदा की मुक़द्दस क़ौम है। तू हलवान को उसकी माँ के दूध में न उबालना।
22 ২২ বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশম ভাগ আপোনালোকে পৃথক কৰি থব।
“तू अपने ग़ल्ले में से, जो हर साल तुम्हारे खेतों में पैदा हो दहेकी देना।
23 ২৩ যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ-ছাগ, ছাগলীৰ প্রথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাব: তাতে আপোনালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব।
और तू ख़ुदावन्द अपने ख़ुदा के सामने उसी मक़ाम में जिसे वह अपने नाम के घर के लिए चुने, अपने ग़ल्ले और मय और तेल की दहेकी को, और अपने गाय — बैल और भेड़ — बकरियों के पहलौठों को खाना, ताकि तू हमेशा ख़ुदावन्द अपने ख़ुदा का ख़ौफ़ मानना सीखे।
24 ২৪ কিন্তু যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অর্থে মনোনীত কৰিব, যদি সেই ঠাই বহু দূৰৈত হয় আৰু তাৰ কাৰণে আপোনালোকৰ যাত্রাও ইমান দীঘলীয়া হয় যে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আশীৰ্ব্বাদত পোৱা দশম ভাগৰ বস্তু তালৈ নিব নোৱাৰিব।
और अगर वह जगह जिसको ख़ुदावन्द तेरा ख़ुदा अपने नाम को वहाँ क़ाईम करने के लिए चुने तेरे घर से बहुत दूर हो, और रास्ता भी इस क़दर लम्बा हो कि तू अपनी दहेकी को उस हाल में जब ख़ुदावन्द तेरा ख़ुदा तुझको बरकत बख़्शे वहाँ तक न ले जा सके,
25 ২৫ তেন্তে সেই উৎসর্গিত বস্তু বিক্রি কৰি তাৰ ধন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মনোনীত ঠাইলৈ যাব।
तो तू उसे बेच कर रुपये को बाँध, हाथ में लिए हुए उस जगह चले जाना जिसे ख़ुदावन्द तेरा ख़ुदा चुने।
26 ২৬ আপোনালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিব, যেনে গৰু, মেৰ-ছাগ, ছাগলী নাইবা দ্ৰাক্ষাৰস বা সুৰা বা আপোনালোকৰ মনৰ ইচ্ছাৰ যি কোনো বস্তু। সেইবোৰ কিনি আপোনালোকে আপোনালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আহাৰ গ্রহণ কৰি আনন্দ কৰিব।
और इस रुपये से जो कुछ तेरा जी चाहे, चाहे गाय — बैल, या भेड़ — बकरी, या मय, या शराब मोल लेकर उसे अपने घराने समेत वहाँ ख़ुदावन्द अपने ख़ुदा के सामने खाना और ख़ुशी मनाना।
27 ২৭ আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা যি লেবীয়াসকল তেওঁলোকক নাপাহৰিব; কিয়নো নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো অংশ বা আধিপত্য নাই।
और लावी को जो तेरे फाटकों के अन्दर है छोड़ न देना, क्यूँकि उसका तेरे साथ कोई हिस्सा या मीरास नहीं हैं।
28 ২৮ প্ৰত্যেক তৃতীয় বছৰৰ শেষত, আপোনালোকৰ সেই বছৰৰ উৎপাদিত শস্যৰ দশম ভাগ উলিয়াই আনি আপোনালোকে নগৰৰ দুৱাৰৰ ভিতৰত জমা কৰিব।
'तीन तीन बरस के बाद तू तीसरे बरस के माल की सारी दहेकी निकाल कर उसे अपने फाटकों के अन्दर इकट्ठा करना।
29 ২৯ তাতে লেবীয়াসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।
तब लावी जिसका तेरे साथ कोई हिस्सा या मीरास नहीं, और परदेसी और यतीम और बेवा 'औरतें जो तेरे फाटकों के अन्दर हों आएँ, और खाकर सेर हों, ताकि ख़ुदावन्द तेरा ख़ुदा तेरे सब कामों में जिनको तू हाथ लगाये तुझको बरकत बख़्शे।