< দ্বিতীয় বিবরণ 13 >
1 ১ যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়,
౧ప్రవక్త గానీ కలలు కనేవాడు గానీ మీ ఎదుట సూచక క్రియను లేక మహత్కార్యాన్ని చూపించి,
2 ২ আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্রমাণ দেখুৱাই আপোনালোকক কয় আহাঁ “আমি আন দেৱতাবোৰৰ পাছত চলি যি বোৰৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা-পূজা কৰোঁগৈ,”
౨మీరు ఎరుగని “ఇతర దేవుళ్ళను అనుసరించి పూజిద్దాం రండి” అని చెబుతాడేమో.
3 ৩ তেন্তে আপোনালোকে সেই ভাববাদী বা সপোন দেখা লোকৰ কথা নুশুনিব। কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰে নে নকৰে, তাক জানিবৰ কাৰণেহে আপোনালোকৰ যিহোৱাই আপোনালোকক পৰীক্ষা কৰে।
౩అలా చెప్పినప్పుడు అతడు మీతో చెప్పిన సూచక క్రియ లేక మహత్కార్యం జరిగినా సరే, ఆ ప్రవక్త, లేక కలలు కనేవాడి మాటలు వినవద్దు. ఎందుకంటే మీరు మీ దేవుడైన యెహోవాను మీ పూర్ణ హృదయంతో, పూర్ణాత్మతో ప్రేమిస్తున్నారో లేదో తెలుసుకోడానికి మీ దేవుడు యెహోవా మిమ్మల్ని పరీక్షిస్తున్నాడు.
4 ৪ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব।
౪మీరు మీ యెహోవా దేవునికి లోబడి, ఆయనకే భయపడి, ఆయన ఆజ్ఞలను పాటించి, ఆయన మాట విని, ఆయనను సేవించి, ఆయననే హత్తుకుని ఉండాలి.
5 ৫ তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা আপোনালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা আপোনালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ আপোনালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰিছে; সেয়ে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতাক লোপ কৰিব।
౫మీరు నడుచుకోవాలని మీ దేవుడు యెహోవా మీకాజ్ఞాపించిన మార్గం నుండి మిమ్మల్ని తొలగించి, ఐగుప్తు దేశం అనే బానిసల ఇంట్లో నుండి మిమ్మల్ని విడిపించిన మీ దేవుడైన యెహోవా మీద తిరుగుబాటు చేయడానికి మిమ్మల్ని ప్రేరేపించారు కాబట్టి ఆ ప్రవక్తకు, లేక కలలు కనేవాడికి మరణశిక్ష విధించాలి. ఆ విధంగా మీ మధ్య నుండి ఆ దుష్టత్వాన్ని పరిహరించాలి.
6 ৬ যদি আপোনাৰ নিজৰ ভাই বা আপোনাৰ ল’ৰা কি ছোৱালী নাইবা প্রিয় ভার্যা কি আপোনাৰ প্রাণৰ বন্ধুৱে আপোনাক বিপথে নিবৰ কাৰণে যিসকল দেৱতাক আপোনালোকে আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলে নাজানে, সেইসকলৰ বাবে গোপনে প্রবৃত্তি দি কয় যে, ব’লা, আমি গৈ আন দেৱতাৰ পূজা কৰোঁ;
౬మీ తల్లి కొడుకు, మీ సోదరుడు, మీ కొడుకు, మీ కూతురు, మీ భార్య, ప్రాణస్నేహితుడు,
7 ৭ পৃথিৱীৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত আপোনাৰ চাৰিওফালৰ ওচৰৰ বা দূৰৈৰ লোকসকলে যাক সেৱা কৰে, তেনে যি কোনো দেৱতাৰ পূজা কৰে,
౭ఎవరైనా సరే, భూమి ఈ చివరి నుండి ఆ చివర వరకూ మీకు దగ్గరైనా, దూరమైనా, మీరు, మీ పూర్వీకులు ఎరగని మీ చుట్టూ ఉన్న ప్రజల దేవుళ్ళను పూజిద్దాం రమ్మని రహస్యంగా మిమ్మల్ని ప్రేరేపిస్తే
8 ৮ তেন্তে আপোনালোকে সেই মানুহৰ কথাত সন্মত নহ’ব আৰু তেওঁৰ কথালৈ কাণ নিদিব; তেওঁলৈ দয়া নেদেখুৱাব; কৃপাও নকৰিব আৰু তেওঁক লুকুৱাই নাৰাখিব।
౮వారి మాటకు ఒప్పుకోవద్దు. వారి మాట వినవద్దు. వారిని విడిచిపెట్టవద్దు, వారి మీద దయ చూపవద్దు. వారిని తప్పించడానికి ప్రయత్నించకుండా వారిని తప్పకుండా చంపాలి.
9 ৯ কিন্তু অৱশ্যেই সেই জনক বধ কৰিব। তেওঁক বধ কৰিবলৈ আপুনি নিজৰ হাতেৰেই আৰম্ভ কৰিব; তাৰ পাছত সকলোৱে যোগ দিব।
౯వారిని చంపడానికి ప్రజలందరి కంటే ముందుగా మీ చెయ్యి వారి మీద పడాలి.
10 ১০ যিজনে আপোনালোকক মিচৰ দেশৰ বন্দীত্বৰ গৃহৰ পৰা উলিয়াই আনিলে; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ পাছত চলাৰ পৰা আপোনালোককএফলীয়া কৰিবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁক আপোনালোকে শিল দলিয়াই হত্যা কৰিব।
౧౦రాళ్లతో వారిని చావగొట్టాలి. ఎందుకంటే ఐగుప్తు దేశం నుండి బానిసల ఇంటి నుండి మిమ్మల్ని విడిపించిన మీ దేవుడైన యెహోవా నుండి మిమ్మల్ని దూరం చేయడానికి వారు ప్రయత్నించారు.
11 ১১ তাতে ইস্ৰায়েলীয়া সকলে সেই কথা শুনি ভয় খাব আৰু আপোনালোকৰ মাজত কোনেও তেনে কুকৰ্ম পুনৰ নকৰিব।
౧౧అప్పుడు ఇశ్రాయేలు ప్రజలంతా అది విని భయపడి, మళ్ళీ అలాంటి చెడ్డ పని మీ మధ్య చేయరు.
12 ১২ আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি নগৰবোৰ আপোনালোকক বাস কৰিবৰ অৰ্থে দিছে, তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পায় যে:
౧౨మీరు నివసించడానికి మీ దేవుడైన యెహోవా మీకు ఇస్తున్న వాటిలో ఏదైనా ఒక పట్టణంలో
13 ১৩ সেই ঠাইৰ ইস্রায়েলবাসীৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, “আহঁক, আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে।”
౧౩దుష్టులైన కొందరు మీరు ఎరుగని ఇతర దేవుళ్ళను పూజిద్దాం రండని తమ పట్టణ ప్రజలను ప్రేరేపించారని వింటే, మీరు ఆ సంగతిని బాగా పరీక్షించి విచారించాలి.
14 ১৪ তেনেকুৱাই যদি হয়, তেন্তে বিষয়টো ভালদৰে বিচাৰ কৰি আপোনালোকে পৰীক্ষা আৰু তদন্ত কৰিব। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম আপোনালোকৰ মাজত হৈছে,
౧౪అది నిజమైతే, అంటే అలాంటి హేయమైన పని మీ మధ్య జరిగి ఉంటే
15 ১৫ তেন্তে আপোনালোকে তৰোৱালৰ ধাৰেৰে সেই নগৰ-নিবাসীসকলক প্ৰহাৰ কৰি, পশু আদি তাৰ মাজত থকা সকলোকে তৰোৱালেৰে নিঃশেষে বিনষ্ট কৰিব।
౧౫ఆ పట్టణస్తులను తప్పకుండా కత్తితో చంపి, దానినీ దానిలో ఉన్న సమస్తాన్నీ దాని పశువులనూ కత్తితో చంపివేయాలి.
16 ১৬ সেই ঠাইৰ সকলো লুটদ্ৰব্য আপোনালোকে নগৰৰ চকৰ মাজত গোটাই সেই নগৰ আৰু তাৰ লুটদ্ৰব্যৰ সকলোবোৰ নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে জুইত পুৰিব; সেই নগৰ চিৰকালৰ কাৰণে যেন ভগ্নাৱশেষ হৈ থাকিব; তাক পুনৰায় কেতিয়াও সজা নহ’ব।
౧౬దానిలో దోచుకున్న సొమ్మంతటినీ దాని వీధిలో పోగుచేసి, మీ దేవుడు యెహోవా పేరున ఆ పట్టణాన్ని, దాని సొత్తునీ పూర్తిగా కాల్చివేయాలి. దాన్ని ఇక ఎన్నటికీ తిరిగి కట్టకూడదు, అది పాడుదిబ్బలాగా ఉండిపోవాలి.
17 ১৭ যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব।
౧౭ఈ రోజు నేను మీకాజ్ఞాపిస్తున్న ఆయన ఆజ్ఞలన్నిటినీ పాటిస్తూ
18 ১৮ তেওঁ এইদৰে কৰিব, যেতিয়া আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’ব।
౧౮మీ దేవుడైన యెహోవా దృష్టికి సరైన దాన్ని చేస్తూ, ఆయన మాట వినాలి. యెహోవా తన కోపం నుండి మళ్లుకుని మిమ్మల్ని కనికరించి, దయ చూపి మీ పూర్వీకులకు వాగ్దానం చేసిన విధంగా మిమ్మల్ని విస్తరింపజేయాలంటే నాశనం చేయాల్సిన దానిలో కొంచెమైనా మీ దగ్గర ఉంచుకోకూడదు.