< দ্বিতীয় বিবরণ 13 >
1 ১ যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়,
Kama miongoni mwenu ainuka nabii au muota ndoto,
2 ২ আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্রমাণ দেখুৱাই আপোনালোকক কয় আহাঁ “আমি আন দেৱতাবোৰৰ পাছত চলি যি বোৰৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা-পূজা কৰোঁগৈ,”
na kama anawapa ishara au maajabu, na kama ishara au maajabu yanatokea, kama alivyozungumza kwenu na kusema, “Ebu tuifuate miungu mingine, ambayo hatuijui, na tuiabudu.
3 ৩ তেন্তে আপোনালোকে সেই ভাববাদী বা সপোন দেখা লোকৰ কথা নুশুনিব। কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰে নে নকৰে, তাক জানিবৰ কাৰণেহে আপোনালোকৰ যিহোৱাই আপোনালোকক পৰীক্ষা কৰে।
Usisikilize maneno ya nabii huyo, au kwa huyo muota ndoto, kwa kuwa Yahwe Mungu wako anakujaribu kujua kama unampenda Yahwe Mungu wako kwa moyo wako wote na roho yako yote.
4 ৪ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব।
Mtatembea baada ya Yahwe Mungu wenu, mheshimu, mzishike amri zake, na mtii sauti yake, na mtamwabudu na kushikamana naye.
5 ৫ তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা আপোনালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা আপোনালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ আপোনালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰিছে; সেয়ে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতাক লোপ কৰিব।
Nabii huyo au muota ndoto atauwawa, kwa sababu amezungumza uasi dhidi ya Yahwe Mungu wenu, ambaye aliwaleta toka nchi ya Misri, na aliyewakomboa kutoka nyumba ya utumwa. Hivyo nabii anataka kuwaondoa katika njia ambayo Yahwe Mungu wenu aliwaamuru kutembea. Kwa hiyo weka mbali maouvu kutoka kwenu.
6 ৬ যদি আপোনাৰ নিজৰ ভাই বা আপোনাৰ ল’ৰা কি ছোৱালী নাইবা প্রিয় ভার্যা কি আপোনাৰ প্রাণৰ বন্ধুৱে আপোনাক বিপথে নিবৰ কাৰণে যিসকল দেৱতাক আপোনালোকে আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলে নাজানে, সেইসকলৰ বাবে গোপনে প্রবৃত্তি দি কয় যে, ব’লা, আমি গৈ আন দেৱতাৰ পূজা কৰোঁ;
Tuseme kwamba ndugu yako, mwana wa mama yako, au mwana wako, au binti yako, au mke wa karibu nawe, au rafiki yako ambaye ni kama roho yako, kukushawishi kwa siri na kusema, “Acha tuende na tukaabudu miungu mingine ambayo hatujazijua, wala wewe wala mababu zako-
7 ৭ পৃথিৱীৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত আপোনাৰ চাৰিওফালৰ ওচৰৰ বা দূৰৈৰ লোকসকলে যাক সেৱা কৰে, তেনে যি কোনো দেৱতাৰ পূজা কৰে,
Miungu yeyote ya watu ambayo imewazunguka, karibu nanyi au mbali kutoka, kutoka mwisho wa dunia kwenda mwisho mwingine wa dunia.
8 ৮ তেন্তে আপোনালোকে সেই মানুহৰ কথাত সন্মত নহ’ব আৰু তেওঁৰ কথালৈ কাণ নিদিব; তেওঁলৈ দয়া নেদেখুৱাব; কৃপাও নকৰিব আৰু তেওঁক লুকুৱাই নাৰাখিব।
Usimkubali au kumsikiliza. Wala macho yako yasione huruma, wala hautamuacha akiba au kumficha.
9 ৯ কিন্তু অৱশ্যেই সেই জনক বধ কৰিব। তেওঁক বধ কৰিবলৈ আপুনি নিজৰ হাতেৰেই আৰম্ভ কৰিব; তাৰ পাছত সকলোৱে যোগ দিব।
Badala yake, utamuacha hakika; mkono wako utakuwa wa kwanza kumuua, na badae mkono wa watu wote.
10 ১০ যিজনে আপোনালোকক মিচৰ দেশৰ বন্দীত্বৰ গৃহৰ পৰা উলিয়াই আনিলে; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ পাছত চলাৰ পৰা আপোনালোককএফলীয়া কৰিবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁক আপোনালোকে শিল দলিয়াই হত্যা কৰিব।
Mtamponda mpaka kufa kwa mawe, kwa sababu amejaribu kuwaondoa kutoka kwa Yahwe Mungu wenu, ambaye aliwatoa kutoka nchi ya Misri, nje ya nyumba ya utumwa.
11 ১১ তাতে ইস্ৰায়েলীয়া সকলে সেই কথা শুনি ভয় খাব আৰু আপোনালোকৰ মাজত কোনেও তেনে কুকৰ্ম পুনৰ নকৰিব।
Israel yote itasikia na kuogopa, na haitaendelea kufanya aina ya uovu miongoni mwenu.
12 ১২ আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি নগৰবোৰ আপোনালোকক বাস কৰিবৰ অৰ্থে দিছে, তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পায় যে:
Kama utasikia yeyote anasema kuhusu moja ya miji yenu, kwamba Yahwe Mungu wenu anawapa kuishi ndani yake.
13 ১৩ সেই ঠাইৰ ইস্রায়েলবাসীৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, “আহঁক, আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে।”
Baadhi ya wenzuni waovu wamewaacha miongoni mwenu na kuacha kwa mbali wakazi wa miji yao na kusema, “Acha tuende na kuabudu miungu mingine ambayo hamjaijua.
14 ১৪ তেনেকুৱাই যদি হয়, তেন্তে বিষয়টো ভালদৰে বিচাৰ কৰি আপোনালোকে পৰীক্ষা আৰু তদন্ত কৰিব। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম আপোনালোকৰ মাজত হৈছে,
Basi utaichunguza uthibitisho, kufanya utafiti na kuipeleleza kwa kina. Wakati unagundua kwamba ni kweli na hakuna shaka kwamba chukizo hilo lililofanyika miongoni mwenu, kisha utachukua hatua.
15 ১৫ তেন্তে আপোনালোকে তৰোৱালৰ ধাৰেৰে সেই নগৰ-নিবাসীসকলক প্ৰহাৰ কৰি, পশু আদি তাৰ মাজত থকা সকলোকে তৰোৱালেৰে নিঃশেষে বিনষ্ট কৰিব।
Utawashambulia hakika wenyeji wa mji huo kwa makali ya upanga. Utaangamiza kabisa na watu wote walio ndani yake, pamoja na mifugo yake, pamoja na makali ya upanga.
16 ১৬ সেই ঠাইৰ সকলো লুটদ্ৰব্য আপোনালোকে নগৰৰ চকৰ মাজত গোটাই সেই নগৰ আৰু তাৰ লুটদ্ৰব্যৰ সকলোবোৰ নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে জুইত পুৰিব; সেই নগৰ চিৰকালৰ কাৰণে যেন ভগ্নাৱশেষ হৈ থাকিব; তাক পুনৰায় কেতিয়াও সজা নহ’ব।
Utakusanya nyara zote kutoka katikati mwa mitaa yake na utuunguza mji, pamoja na nyara zake zote - kwa kuwa Yahwe Mungu wako. Mji utakuwa mchungu wa uharibifu milele; haupaswi kujengwa tena.
17 ১৭ যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব।
Hakuna hata kimoja kati ya vitu hivyo vimewekwa wakfu kwa ajili ya kuangamizwa vinapaswa kugadamana kwenye mkono wako. Hii inapaswa kuwa kesi, ili kwamba Yahwe atageuka kutoka kwenye ukali wa hasira yake, kumuonyesha rehema, kuwa na huruma kwako, na kukufanya wewe kuogezeka katika idadi, kama alivyoapa kwa baba zako.
18 ১৮ তেওঁ এইদৰে কৰিব, যেতিয়া আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’ব।
Atafanya hivi kwa sababu unasikiliza sauti ya Yahwe Mungu wako, kuzishika amri zake ambazo ninakuamuru leo, kufanya kile kilicho sahihi mbele ya macho ya Yahwe Mungu wako.