< দ্বিতীয় বিবরণ 12 >
1 ১ আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক অধিকাৰৰ অৰ্থে দিছে, সেই দেশত গোটেই জীৱনকাল আপোনালোকে এই সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ মানি চলিব।
Hizi ni amri na sheria ambazo mtazishika katika nchi ambayo, Yahwe Mungu wa baba zenu, amewapa kumiliki, siku zote mnazoishi kwenye ardhi.
2 ২ আপোনালোকে যি জাতিবোৰক উচ্ছেদ কৰিব, তেওঁলোকে ওখ পর্বতত, পাহাৰত আৰু সেউজীয়া গছৰ তলত যি সকলো দেৱ-দেৱীৰ পূজা কৰে, সেই ঠাইবোৰ আপোনালোকে সম্পূর্ণকৈ ধ্বংস কৰিব।
Hakika mtaharibu maeneo yote ambapo mataifa mtakayofukuza miungu yao walioabudu, kwenye milima mirefu, kwenye vilima, na chini ya kila mti wa kijani.
3 ৩ তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ শিলৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ আচেৰা মূৰ্ত্তিবোৰ জুইত পুৰি পেলাব, তেওঁলোকৰ দেৱতাৰ সকলো কটা-প্ৰতিমাবোৰ কাটি পেলাব আৰু এই দৰে সেই ঠাইৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব।
Na mtazivunja madhabahu zao chini, mtaharibu kwa vipandepande nguzo zao za mawe, na kuchoma ncha za Asherahi, mtazikata sanaa za kuchongwa za miungu yao na kuangamiza jina lao nje ya eneo hilo.
4 ৪ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উপসনা সেই লোকসকলে কৰাৰ দৰে নকৰিব।
Hamtamwabudu Yahwe Mungu wenu kama hivyo.
5 ৫ কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে আপোনালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। আপোনালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাব।
Lakini kwa eneo ambalo Yahwe Mungu wenu atachagua kutoka makabila yenu kuweka jina lake, hapo patakuwa ni eneo analoishi na huko ndiyo mtaenda.
6 ৬ আপোনালোকে আপোনালোকৰ হোম-বলি, বলি উৎসর্গ, দশমভাগ আৰু আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু-ছাগলী, মেৰ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাব।
Ni huko ndiko mtaleta sadaka ya kutekeketezwa, dhabihu zenu, zaka zenu, na sadaka zinazotolewa kwa mkono wenu, sadaka zenu za viapo, sadaka za utayari na mzao wa kwanza wa mifugo na wanyama.
7 ৭ সেই ঠাইতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীৰ্ব্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব।
Ni huko mtakula mbele za Yahwe Mungu wenu na kufurahi kuhusu kila kitu ambacho mmeweka mkono, nyie na jamaa zenu, ambapo Yahwe Mungu wenu amewabariki.
8 ৮ আমি এতিয়া ইয়াত যি যি কাৰ্য কৰিছোঁ, সেইবোৰৰ দৰে আপোনালোকে সেই ঠাইত নকৰিব; প্ৰতিজনে নিজৰ চকুত যি ভাল দেখে তাকে নকৰিব।
Hamtafanya mambo yote ambayo tunafanya hapa leo; sasa kila moja anafanya chochote kile kizuri machoni pake,
9 ৯ কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিশ্ৰামৰ কাৰণে যি আধিপত্য আপোনালোকক দিবলৈ গৈছে, আপোনালোকে এতিয়াও সেই ঠাইত প্রৱেশ কৰা নাই।
kwa kuwa bado hamjapumzika, kwa urithi ambao Yahwe Mungu wenu anawapa.
10 ১০ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্য হিচাবে যি দেশ আপোনালোকক দিছে, আপোনালোকে যৰ্দ্দন নদী পাৰ হৈ যেতিয়া সেই দেশত বাস কৰিব, তেতিয়া তেওঁ অাপোনালোকৰ চাৰিওফালে থকা শত্রুবোৰৰ কাষৰ পৰা আপোনালোকক বিশ্রাম দিব আৰু আপোনালোকে নিৰাপদে সেই ঠাইত বাস কৰিব পাৰিব।
Lakini pindi mnaenda ng'ambo ya pili ya Yordani na kuishi ndani ya nchi ambayo Yahwe Mungu wenu anasababisha ninyi kurithi, na wakati awapa pumziko kutoka kwa maadui zenu wanaowazunga karibu, ili kusudi muishi kwa usalama,
11 ১১ তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।
kisha itakuwa eneo ambalo Yahwe Mungu wenu atachagua kusababisha jina lake kuishi, huko mtaleta yote ninayowaamuru; sadaka za kuteketezwa, dhabihu zenu, zaka zenu, sadaka zilizotolewa kwa mkono wenu, na sadaka za chaguo lenu kwa ajili ya nadhiri mtakazotoa kwa Yahwe.
12 ১২ সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱেই আনন্দ কৰিব।
Mtafurahi mbele za Yahwe Mungu wenu-nyie, watoto wenu, binti zenu, wajakazi wa kiume, wajakazi wa kike, na Walawi walio ndani ya lango lenu, kwa sababu hana sehemu au urithi miongoni mwenu.
13 ১৩ নিজৰ বিষয়ে সাৱধান হ’ব। যি কোনো স্থানতে আপোনালোকে হোম-বলি উৎসৰ্গ নকৰিব;
Uwe makini mwenyewe kwamba usitoe sadaka zako za kuteketezwa kila eneo unaloona;
14 ১৪ কিন্তু আপোনালোকৰ ফৈদৰ মাজত যিহোৱাই যি ঠাই মনোনীত কৰিব, কেৱল সেই ঠাইতেহে হোম-বলি উৎসৰ্গ কৰিব আৰু সেই ঠাইতেহে মই আদেশ কৰা সকলো আজ্ঞা পালন কৰিব।
lakini ni katika eneo hilo ambalo Yahwe atawachagua miongoni moja kati ya makabila yenu ambalo litatoa sadaka ya kuteketezwa, na huko mtafanya kila kitu ninachokuamuru.
15 ১৫ তেতিয়াহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰি যি সকলো পশু দিব, সেইবোৰ আপোনালোকে আপোনালোকৰ দুৱাৰৰ ভিতৰত নগৰত মাৰি মাংস ভোজন কৰিব পাৰিব; যেনেকৈ আপোনালোকৰ শুচি আৰু অশুচি সকলো লোকেই কৃষ্ণসাৰ আৰু হৰিণাৰ মাংস খায়।
Hata hivyo, mtaweza kuua na kula wanyama ndani ya malango yenu, kama mnavyotaka, kupokea baraka ya Yahwe Mungu wenu kwa ajili ya yote amewapa; na watu wasio safi na safi wote wanaweza kula, wanyama kama vile paa na kulungu.
16 ১৬ কিন্তু আপোনালোকে তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।
Lakini hamtakula damu, mtaimwaga kwenye ardhi kama maji.
17 ১৭ আপোনালোকৰ শস্য, নতুন দ্ৰাক্ষাৰস বা তেলৰ দশমভাগ নাইবা গৰু-ছাগলী, মেৰ আদিৰ প্ৰথমে জগা পোৱালি, সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া কোনো নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান বা আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য আপোনালোকে নিজৰ নগৰৰ দুৱাৰৰ ভিতৰত খাব নোৱাৰিব;
Mnaweza msile ndani ya malango kutoka kwenye zaka ya nafaka zenu, mvinyo wenu mpya, mafuta yenu au mzao wa kwanza wa mifugo au wanyama; na mnaweza msile nyama yoyote mnayoitoa dhabihu pamoja na viapo vyovyote vyenu mnafanya, wala sadaka yenu ya utayari, wala sadaka mnayotoa kwa mkono wenu.
18 ১৮ কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকলে সেইবোৰ ভোজন কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীর্বাদক লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আনন্দ উল্লাস কৰিব।
Badala yake, mtakula mbele ya Yahwe Mugu wenu katika eneo ambalo Yahwe Mungu atachagua- nyie, mtoto wenu, binti yenu, mjakazi wa kiume, mjakazi wa kike, na Mlawi aliye malangoni mwenu; mtafurahi mbele ya Yahwe Mungu wenu kuhusu kila kitu ambacho mnaweka mkono wenu.
19 ১৯ শুনক, আপোনালোকে যিমান দিন আপোনালোকৰ দেশত বাস কৰিব, সিমান দিনলৈকে লেবীয়াসকলক ত্যাগ নকৰিব।
Muwe makini wenyewe ili kwamba msimwache Mlawi maadamu mnaishi kwenye nchi yenu.
20 ২০ আপোনালোকৰ ঈশ্বৰ যিহোৱাই কৰা নিজ প্ৰতিজ্ঞাৰ দৰে সীমা বিস্তাৰ কৰাৰ পাছত যেতিয়া আপোনালোকে মাংস খাবলৈ ইচ্ছা কৰি ক’ব, “মাংস খাম,” তেতিয়া আপোনালোকে ইচ্ছা মনেৰে মাংস খাব পাৰিব।
Wakati Yahwe Mungu wenu apanua mipaka yenu, kama alivyowaahidi, na kusema, “Nitakula nyama,” kwa sababu ya tamaa zenu mnakula nyama, mnaweza kula nyama, kama tanmaa za roho zenu.
21 ২১ আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অৰ্থে যি ঠাই বাছি ল’ব, সেয়ে যদি আপোনালোকৰ ওচৰৰ পৰা বহুত দূৰৈত হয়, তেন্তে মই দিয়া আজ্ঞা অনুসাৰে আপোনালোকে যিহোৱাই আপোনালোকক দিয়া গৰু-ছাগলী, মেৰ আদি জাকৰ পৰা পশু লৈ মাৰিব পাৰিব আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত মনৰ ইচ্ছাৰ দৰে ভোজন কৰিব পাৰিব।
Kama eneo ambalo Yahwe Mungu wenu achagua kuliweka jina lake ni mbali kutoka kwenu, basi mtaua baadhi ya mifugo yenu na wanyama wenu ambao Yahwe amewapa, kama nilivyowaamuru: hivyo mnaweza kula ndani ya malango yenu, kama tamaa za roho zenu.
22 ২২ কৃষ্ণসাৰ আৰু হৰিণাৰ মাংস খোৱাৰ দৰেই আপোনালোকে তাক খাব; শুচি বা অশুচি সকলো লোকেই তাক ভোজন কৰিব পাৰিব।
Kama paa na Kulungu wanaliwa, hivyo mtakula watu wasio safi na wasafi wanaweze kula kadhalika.
23 ২৩ কিন্তু সাৱধান! তেজ নাখাব; কিয়নো তেজেই হৈছে জীৱনৰ প্ৰাণ; এই হেতুকে মঙহেৰে সৈতে প্ৰাণ নাখাব।
Lakini muwe na uhakika kwamba hamtumii damu, kwa kuwa damu ni uhai, hamtakula uhai pamoja na nyama.
24 ২৪ আপোনালোকে তাক নাখাই পানীৰ দৰে মাটিত ঢালি দিব।
Hamtakula, mtaimwaga nje kwenye ardhi kama maji.
25 ২৫ আপোনালোক আৰু আপোনালোকৰ ভাবী সন্তান সকলৰ মঙ্গল হ’বৰ কাৰণে আপোনালোকে তেজ পান নকৰিব; তেতিয়া যিহোৱাৰ দৃষ্টিত যি ভাল তাক কৰা হ’ব।
Hamtakula, ili kwamba iweze kuwa vizur kwenu, na watoto wenu baada yenu, wakati mtafanya kile kilicho sahihi machoni pa Yahwe.
26 ২৬ যিহোৱাই মনোনীত কৰা ঠাইত কেৱল আপোনালোকৰ পবিত্ৰ দ্ৰব্য আৰু সংকল্প কৰা নৈব্যদ্য নিব লাগিব।
Lakini mambo ambayo ni ya Yahwe ambayo mnayo na sadaka za viapo vyenu-mtachukua hizi na kwenda eneo ambalo Yahwe achagua.
27 ২৭ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত আপোনালোকে আপোনালোকৰ হোমবলি অর্থাৎ মঙহ আৰু তেজ উৎসৰ্গ কৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত বলিৰ তেজ ঢালি দিব লাগিব; কিন্তু তাৰ মাংস আপোনালোকে খাব পাৰিব।
Hapo mtatoa sadaka ya kuteketekezwa, nyama na damu, kwenye madhabahu ya Yahwe Mungu wenu, damu ya dhabihu zenu itamwangwa nje kwenye madhabahu ya Yahwe Mungu wenu, na mtakula nyama.
28 ২৮ আপোনালোকৰ আৰু আপোনালোকৰ পাছত আপোনালোকৰ ভাবী সন্তান সকলৰ যেন চিৰকাল মঙ্গল হয়, সেয়ে মই দিয়া এই সকলো আজ্ঞা আপোনালোকে যত্নেৰে পালন কৰিব; কাৰণ তেনে কৰিলে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ন্যায় আৰু ভাল তাক কৰা হ’ব।
Mchunguze na msikilize haya maneno yote ambayo - ninawaamuru, ili iwe uzuri kwenu na watoto wenu baada yenu milele, wakati mnafanya kile kilicho kizuri na sawa machoni pa Yahwe Mungu wenu.
29 ২৯ যি জাতি সমূহৰ আধিপত্য ল’বলৈ আপোনালোক গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগৰ পৰা তেওঁলোকক একেবাৰে ধ্বংস কৰি দিব। যেতিয়া আধিপত্য ভোগ কৰি তেওঁলোকৰ দেশত বাস কৰিব,
Wakati Yahwe Mungu wenu anapunguza mataifa kutoka kwenu, wakati mnaingia kuwafukuza, na mnawafukuza na kuishi katika nchi yao,
30 ৩০ তেতিয়া সাৱধান হ’ব যাতে আপোনালোকৰ আগৰ পৰা তেওঁলোক বিনষ্ট হৈ যোৱাৰ পাছত তেওঁলোকৰ দেৱ-দেৱীৰ বিষয়ে বিচাৰ নিবলৈ গৈ আপোনালোকে এইবুলি সুধি ফান্দত নপৰিব “এই জাতিবোৰে কেনেদৰে নিজৰ দেৱতাবোৰৰ আৰাধনা কৰে? শেষত ক’ব ‘ময়ো তেনেকৈ কৰিম’।”
muwe makini wenyewe ili kwamba msinaswe kwa kuwafuata, baada ya kuangamizwa kutoka kwenu kunaswa katika kuchunguza miungu yao, katika kuuliza, “Kwa namna gani haya mataifa yanaabudu muingu yao? Nitafanya hivyo hivyo.
31 ৩১ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিব। কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিণলগীয়া কার্য কৰে, সেই সকলোবোৰ যিহোৱাই ঘিণ কৰে; এনেকি, তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল’ৰা-ছোৱালীবোৰক জুইত পুৰি উৎসর্গ কৰে।
Hautafanya hivyo katika kumheshimu Yahwe Mungu wako, kwa kuwa kila kitu ambacho ni chukizo kwa Yahwe, mambo ambayo anayachukia- wamefanya haya na miungu yao, hata mnateketeza vijana wao na binti zao kwenye moto kwa ajili ya miungu yao.
32 ৩২ মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।
Chochote ninakuamuru, chunguza. Usiongeze juu yake au kupunguza.