< দ্বিতীয় বিবরণ 11 >
1 ১ “আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব আৰু তেওঁ যি বিচাৰিছে, তাক কৰিব আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিব।
Yagalanga Mukama Katonda wo, ogonderenga ebigambo bye by’akukuutira, n’ebiragiro bye, n’amateeka ge ennaku zonna.
2 ২ মই আপোনালোকৰ সন্তানসকলৰ কাৰণে কোৱা নাই, যিসকলে ঈশ্বৰ যিহোৱাৰ শাস্তি, তেওঁৰ মহান কার্য, তেওঁৰ শক্তিশালী হাত আৰু পৰাক্রম প্রর্দশনৰ কথা জনা নাছিল আৰু দেখাও নাছিল;
Mutegeere nga ku lunaku lwa leero soogera na baana bammwe abataamanya era abataalaba ku kukangavvula kwa Mukama Katonda wammwe, n’ekitiibwa kye n’omukono gwe ogw’amaanyi, era ogw’obukuumi;
3 ৩ মিচৰৰ দেশত মিচৰৰ ৰজা ফৰৌণলৈ কৰা তেওঁৰ চিন আৰু কার্যবোৰো তেওঁলোকে দেখা নাছিল।
era abataalaba ku byamagero bye yakola n’ebintu byonna bye yakolera wakati mu Misiri, ku Falaawo, ye kabaka w’e Misiri n’eri ensi ye yonna;
4 ৪ যিহোৱাই মিচৰীয় সৈন্যদললৈ, তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰলৈ যি কৰিছিল আৰু সৈন্যদলে যেতিয়া আপোনালোকৰ পাছে পাছে খেদি আহিছিল, তেতিয়া কেনেকৈ তেওঁ চূফ সাগৰৰ পানীত তেওঁলোকক সম্পূর্ণকে ডুবাই দিছিল আৰু কেনেকৈ তেওঁলোকক ধ্বংস কৰিছিল, তাকো দেখা নাই।
ne bye yakola eggye lya Misiri n’embalaasi zaalyo n’amagaali gaalyo; era nga amaggye ago bwe yagazikiririza mu mazzi ag’omu Nnyanja Emyufu bwe gaali nga gabagoberera, n’agamalirawo ddala n’okutuusa leero.
5 ৫ আপোনালোকে এই ঠাইলৈ আহি নোপোৱালৈকে আপোনালোকৰ কাৰণে তেওঁ মৰুপ্রান্তৰৰ মাজত কি কৰিছিল, তাকো আপোনালোকৰ সন্তানসকলে দেখা নাই।
Abaana bammwe si be baalaba ebyo byonna Mukama bye yabakolera okuva nga muli mu ddungu n’okutuuka wano mu kifo kino,
6 ৬ ৰূবেণ ফৈদৰ ইলিয়াবৰ পুতেক দাথন আৰু অবীৰামৰ প্রতি তেওঁ যি কৰিছিল অর্থাৎ সমগ্র ইস্ৰায়েলীয়া লোকৰ মাজত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক, তেওঁলোকৰ তম্বু আৰু সকলোবোৰ প্রাণীক যিদৰে গ্রাস কৰিছিল সেয়াও তেওঁলোকে দেখা নাছিল।
era ne kye yakola Dasani ne Abiraamu batabani ba Eriyaabu, mutabani wa Lewubeeni, ettaka bwe lyayasamya akamwa kaalyo, wakati mu baana ba Isirayiri bonna, ne libamira n’ab’omu maka gaabwe bonna, n’eweema ez’ensiisira zaabwe zonna, ne buli kiramu kyabwe kyonna kye baalinako obwannannyini.
7 ৭ কিন্তু যিহোৱাৰ সেই মহৎ মহৎ কার্যবোৰ আপোনালোকেই নিজ চকুৰে দেখিছিল।
Naye mmwe bennyini mwe mwabiraba n’amaaso gammwe, ebintu ebyo ebikulu Mukama by’azze akola.
8 ৮ এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো তাক পালন কৰিব যাতে যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যর্দন নদী অতিক্রম কৰি যাব, সেই ঠাইলৈ গৈ আপোনালোক শক্তিশালী হৈ তাক অধিকাৰ কৰি ল’ব পাৰে আৰু
Noolwekyo mukwatenga amateeka gonna ge mbalagira leero, mulyoke mubeere n’amaanyi okuyingira mu nsi gye mujja okwefunira, nga mumaze okusomoka omugga Yoludaani,
9 ৯ যিহোৱাই আপোনালোকৰ পূর্বপুৰুষ আৰু তেওঁলোকৰ বংশধৰৰ ওচৰত দুগ্ধ-মধু বোৱা যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল, সেই দেশত যেন আপোনালোক অনেক দিন জীয়াই থাকিব পাৰে।
bwe mutyo mulyoke muwangaalenga nga muli mu nsi Mukama gye yalayirira bajjajjammwe okugibawa awamu ne bazzukulu baabwe, ng’eyo ye nsi omukulukutira amata n’omubisi gw’enjuki.
10 ১০ কিয়নো যি দেশ অধিকাৰ কৰিবলৈ আপোনালোক গৈছে, সেইখন যি দেশৰ পৰা আপোনালোক ওলাই আহিছে সেই মিচৰ দেশৰ নিচিনা নহয়; য’ত আপোনালোকে শস্য সিঁচি, শাকনি বাৰীত যেনেকৈ কৰা হয় তেনেকৈ ভৰিৰে পানী দিয়াৰ কার্য কৰিছিল।
Kubanga ensi gy’ogenda okuyingira, ogyefunire, tefaanaana ng’ensi y’e Misiri, gye mwava, gye wasimbanga ensigo zo n’ozifukiriranga n’ebbomba gye wasambyanga ekigere, ng’afukirira ennimiro y’enva.
11 ১১ কিন্তু যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈছে, সেই ঠাই পাহাৰ আৰু উপত্যকাৰে ভৰা। সেই দেশে পানী আকাশৰ পৰা পানী পায়;
Naye ensi gye mugenda okwefunira nga musomose omugga Yoludaani, ye nsi ey’ensozi n’ebiwonvu, enywa amazzi g’enkuba agava mu ggulu.
12 ১২ আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই দেশৰ যত্ন লয়; বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো সময়ত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ চকু সেই দেশৰ ওপৰত থাকে।
Ye nsi Mukama Katonda wo gy’alabirira. Amaaso ga Mukama Katonda wo gabeera ku nsi eyo bulijjo, okuva ku ntandikwa y’omwaka okutuuka ku nkomerero yaagwo.
13 ১৩ গতিকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ আৰু সমস্ত মন আৰু প্রাণেৰে তেওঁৰ সেৱা-আৰধনা কৰিবলৈ যি আজ্ঞা আজি মই আপোনালোকক দিলোঁ তাক আপোনালোকে বিশ্বস্ততাৰে পালন কৰিব।
Bwe munaagonderanga amateeka gano ge mbalagira leero: okwagalanga Mukama Katonda wammwe, n’okumuweerezanga n’omutima gwammwe gwonna, n’emmeeme yammwe yonna,
14 ১৪ তেতিয়া যিহোৱাই সঠিক কালত আপোনালোকৰ দেশৰ ওপৰত আগতীয়া আৰু শেষতীয়া বৰষুণ পঠাব। তাতে আপোনালোকে প্রচুৰ শস্য, নতুন আঙ্গুৰৰ ৰস আৰু তেল গোটাব পাৰিব।
kale, anaatonnyesanga enkuba mu nsi yammwe mu biseera byayo: enkuba eya ddumbi n’eya ttoggo, olyoke okungulenga emmere yo ey’empeke, weefunire ne wayini omusu n’amafuta.
15 ১৫ আপোনালোকৰ পশুধনবোৰৰ কাৰণেও যিহোৱাই পথাৰত ঘাঁহ হবলৈ দিব; আপোনালোকেও তৃপ্ত হোৱাকৈ খাবলৈ পাব।
Era anaakuzanga omuddo mu malundiro go ente zo gwe zinaalyanga; naawe onoolyanga emmere n’okkuta.
16 ১৬ আপোনালোকৰ হৃদয় যেন ছলনাত পৰি ভ্রান্ত হৈ নাযায় আৰু আপোনালোকে আন দেৱতাবোৰৰ উপাসনা কৰি সেইবোৰৰ আগত যেন প্ৰণিপাত নকৰিব, তাৰ বাবে আপোনালোক নিজৰ বিষয়ে সাৱধান হ’ব;
Mwegenderezenga nnyo, mulemenga okukyama ne mubula, ne muweerezanga bakatonda abalala era ne mubavuunamiranga.
17 ১৭ তেনে কৰিলে আপোনালোকৰ ওপৰত যিহোৱাৰ ক্রোধ প্রজ্বলিত হৈ উঠিব আৰু তেওঁ আকাশৰ দুৱাৰ বন্ধ কৰি দিব, যাৰ ফলত বৰষুণ নহ’ব আৰু ভুমিয়ে নিজ ফল উৎপন্ন নকৰিব। যি উত্তম দেশ যিহোৱাই আপোনালোকক দিব, তাৰ পৰা আপোনালোক অতি শীঘ্রেই নিশ্চিহ্ন হৈ যাব।
Kale obusungu bwa Mukama ne bubabuubuukirangako, n’aggalangawo eggulu, enkuba ne tetonnyanga, n’ettaka ne litabalangako bibala, ne muzikiriranga ne muggwaawo mangu ku nsi ennungi Mukama gy’abawa.
18 ১৮ এতেকে আপোনালোকে মোৰ এই কথাবোৰ নিজ নিজ হৃদয়ত আৰু মনত গাঁথি ৰাখিব; চিনস্বৰূপে সেইবোৰ হাতত বান্ধিব আৰু আপোনালোকৰ চকুৰ মাজত প্রতীকৰূপে ভূষিত কৰিব।
Kale muterekenga ebigambo byange bino mu mutima gwammwe ne mu mmeeme yammwe; munaabisibanga ku mikono gyammwe ng’akabonero ak’okubibajjukizanga, era mubitekanga ne ku byenyi byammwe.
19 ১৯ আপোনালোকৰ নিজৰ সন্তানসকলক সকলো সময়তে, ঘৰত বহোঁতে বা বাটত যাওঁতে, শোওঁতে বা উঠোতে বা কোনো কার্য কৰোঁতে সেইবোৰৰ বিষয়ে শিক্ষা দিব।
Mubiyigirizenga abaana bammwe, ng’obinyumyako bw’onoobanga otudde mu nnyumba yo, ne bw’onoobanga otambula mu nguudo; ne bw’onoogalamirangako, era ne bw’onoositukanga.
20 ২০ আপোনালোকে ঘৰৰ দুৱাৰৰ চৌকাঠত আৰু নগৰৰ প্রৱেশ দুৱাৰত সেইবোৰ লিপিবদ্ধ কৰি থ’ব।
Era onoobiwandiikanga ku myango ne ku nzigi,
21 ২১ যিহোৱাই আপোনালোকৰ পূৰ্ব–পুৰুষসকলৰ ওচৰত যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল সেই দেশত আপোনালোক আৰু আপোনালোকৰ সন্তান সকল যিমানকাল এই পৃথিবীৰ ওপৰত আকাশ থাকিব সিমানকাল জীয়াই থাকিব।
mmwe n’abaana bammwe mulyoke muwangaalenga nnyo, mumale ennaku nnyingi nga ebbanga eggulu lye lirimala nga liri waggulu w’ensi, nga muli mu nsi Mukama gye yasuubiza bajjajjammwe okugibawa.
22 ২২ কিয়নো এই যি আজ্ঞাবোৰ মই আপোনালোকক আদেশ দিছোঁ, আপোনালোকে যদি যত্নেৰে সেই গোটেই ব্যৱস্থা পালন কৰি সেই মতে কাৰ্য কৰি নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে, তেওঁৰ সকলো পথত চলে, আৰু তেওঁত লাগি থাকে,
Bwe muneegenderezanga, ne mugonderanga ebiragiro bino byonna bye mbawa okubikolanga: kwe kwagalanga Mukama Katonda wammwe, n’okutambuliranga mu makubo ge gonna, n’okumunywererangako;
23 ২৩ তেন্তে যিহোৱাই আপোনালোকৰ আগৰ পৰা এই আটাই জাতিবোৰক দূৰ কৰিব, আৰু আপোনালোকে আপোনালোকতকৈ মহান আৰু শক্তিশালী জাতিবোৰক উচ্ছেদ কৰিব।
kale, Mukama anaagobangamu amawanga ago gonna aganaabanga mu maaso gammwe, ne mwefunira ensi z’amawanga ago agabasinga mmwe obunene era n’amaanyi.
24 ২৪ আপোনালোকে যি যি ঠাইত ভৰি দিব, সেই সকলো ঠাই আপোনালোকৰে হ’ব; মৰুভূমিৰ পৰা লিবানোন পর্যন্ত আৰু ইউফ্রেটিচ নদীৰ পৰা ভূমধ্য সাগৰলৈকে আপোনালোকৰ সীমা হ’ব।
Buli we munaalinnyanga ekigere kyammwe, ekifo ekyo kinaabeeranga kyammwe; okuva ku ddungu okutuuka ku Lebanooni, n’okuva ku Mugga Fulaati okutuuka ku nnyanja ey’ebugwanjuba.
25 ২৫ আপোনালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব; আপোনালোকে সেই দেশত যলৈকে যাব, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক কোৱা বাক্য অনুসাৰে তেওঁলোকৰ মনত আপোনালোকৰ সমন্ধে এক ভয় আৰু আতঙ্ক ভাৱৰ সৃষ্টি কৰিব।
Tewaabengawo muntu n’omu anaasobolanga okubaziyiza. Mukama Katonda wammwe aliteeka entiisa n’ekikangabwa mu bannansi bonna, buli we munaagendanga, nga bwe yabasuubiza.
26 ২৬ চোৱা, আজি মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ।
Mulabe, ku lunaku lwa leero nteeka mu maaso gammwe omukisa n’ekikolimo.
27 ২৭ আজি মই আপোনালোকৰ ওচৰত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞাবোৰ দিলোঁ, সেইবোৰলৈ যদি আপোনালোকে মনোযোগ দিয়ে, তেন্তে আপোনালোকে আশীৰ্ব্বাদ পাব।
Omukisa, bwe munaagonderanga amateeka ga Mukama Katonda wammwe ge mbalagira leero;
28 ২৮ কিন্তু যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়ে, আৰু মই আজি আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি আপোনালোকে নজনা আন দেৱতাৰ পাছত চলে, তেন্তে আপোনালোকে শাও পাব।
ekikolimo, bwe mutaagonderenga mateeka ga Mukama Katonda wammwe, ne mukyamanga okuva mu kkubo lye mbalagira leero, ne mugobereranga bakatonda abalala be mwali mutamanyi.
29 ২৯ আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া সেই দেশত ঈশ্বৰ যিহোৱাই আপোনালোকক যেতিয়া লৈ যাব, তেতিয়া গৰিজ্জীম পৰ্বতত সেই আশীৰ্ব্বাদ, আৰু এবাল পৰ্ব্বতত সেই শাও প্ৰকাশ কৰিব।
Mukama Katonda wo bw’alikutuusa mu nsi gy’ogenda okuyingiramu ogyetwalire ng’obutaka bwo obw’enkalakkalira, omukisa oguteekanga ku lusozi Gerizimu, n’ekikolimo ku lusozi Ebali.
30 ৩০ সেই দুই পৰ্বত যৰ্দ্দনৰ সিপাৰত পশ্চিমফালৰ বাটৰ পশ্চিমত গিলগলৰ সন্মুখত অৰাবা-নিবাসী কনানীয়াসকলৰ দেশৰ মাজত মোৰিৰ এলোন গছবোৰৰ ওচৰত নহয় নে?
Ensozi ezo ziri mitala wa Yoludaani ku ludda olw’ebugwanjuba obw’oluguudo ng’oyolekedde enjuba gy’egwa, okumpi n’emiti eminene egy’e Mole, mu nsi y’Abakanani ababeera mu Alaba ku miriraano gya Girugaali.
31 ৩১ কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাক অধিকাৰ কৰিবৰ অৰ্থে আপোনালোকে তাত সোমাবলৈ যৰ্দ্দন পাৰ হৈ যাব। আপোনালোকে তাক অধিকাৰ কৰি তাতে বসতি কৰিব।
Muli kumpi okusomoka omugga Yoludaani mwefunire ensi Mukama Katonda wammwe gy’abawa. Bwe mulimala okugyetwalira, nga mwe mubeera,
32 ৩২ এই কাৰণে, মই আজি আপোনালোকৰ আগত যি যি বিধি আৰু শাসন-প্ৰণালী প্ৰকাশ কৰিছোঁ, সেই সকলোকে পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব।”
mwegenderezenga nnyo mugonderenga amateeka gonna, n’ebiragiro bye nteeka mu maaso gammwe leero.