< দ্বিতীয় বিবরণ 11 >

1 “আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব আৰু তেওঁ যি বিচাৰিছে, তাক কৰিব আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিব।
Muzikonda Yehova Mulungu wanu ndipo nthawi zonse muzitsata zimene Iyeyo anakulamulani, malangizo, zikhazikitso ndi malamulo ake.
2 মই আপোনালোকৰ সন্তানসকলৰ কাৰণে কোৱা নাই, যিসকলে ঈশ্বৰ যিহোৱাৰ শাস্তি, তেওঁৰ মহান কার্য, তেওঁৰ শক্তিশালী হাত আৰু পৰাক্রম প্রর্দশনৰ কথা জনা নাছিল আৰু দেখাও নাছিল;
Lero kumbukirani kuti si ana anu amene anaona ndi kulawa chilango cha Yehova Mulungu wanu: ukulu wake, dzanja lake lamphamvu, mkono wake wotambasuka;
3 মিচৰৰ দেশত মিচৰৰ ৰজা ফৰৌণলৈ কৰা তেওঁৰ চিন আৰু কার্যবোৰো তেওঁলোকে দেখা নাছিল।
zizindikiro zozizwitsa zimene anazionetsa ndi zinthu zimene anazichita mʼkati mwa Igupto, Farao mfumu ya Igupto ndi kwa dziko lake lonse;
4 যিহোৱাই মিচৰীয় সৈন্যদললৈ, তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰলৈ যি কৰিছিল আৰু সৈন্যদলে যেতিয়া আপোনালোকৰ পাছে পাছে খেদি আহিছিল, তেতিয়া কেনেকৈ তেওঁ চূফ সাগৰৰ পানীত তেওঁলোকক সম্পূর্ণকে ডুবাই দিছিল আৰু কেনেকৈ তেওঁলোকক ধ্বংস কৰিছিল, তাকো দেখা নাই।
zimene Iye anachita kwa gulu lankhondo la Aigupto, kwa akavalo ndi magaleta awo, mmene Iye anawamizira ndi madzi a mu Nyanja Yofiira pamene amakuthamangitsani, ndi mmene Yehova anawagonjetsera kufikira lero.
5 আপোনালোকে এই ঠাইলৈ আহি নোপোৱালৈকে আপোনালোকৰ কাৰণে তেওঁ মৰুপ্রান্তৰৰ মাজত কি কৰিছিল, তাকো আপোনালোকৰ সন্তানসকলে দেখা নাই।
Si ana anu amene anaona zimene Iye anakuchitirani mʼchipululu kufikira pamene munafika pa malo anu,
6 ৰূবেণ ফৈদৰ ইলিয়াবৰ পুতেক দাথন আৰু অবীৰামৰ প্রতি তেওঁ যি কৰিছিল অর্থাৎ সমগ্র ইস্ৰায়েলীয়া লোকৰ মাজত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক, তেওঁলোকৰ তম্বু আৰু সকলোবোৰ প্রাণীক যিদৰে গ্রাস কৰিছিল সেয়াও তেওঁলোকে দেখা নাছিল।
ndi zimene anachitira Datani ndi Abiramu, ana aamuna a Eliabu mwana wa Rubeni, pamene nthaka inatsekula pakamwa pake pakati pa Aisraeli onse ndi kuwameza pamodzi ndi katundu wawo, matenti awo ndi chilichonse chawo.
7 কিন্তু যিহোৱাৰ সেই মহৎ মহৎ কার্যবোৰ আপোনালোকেই নিজ চকুৰে দেখিছিল।
Koma ndinuyo amene munaona ntchito zonse zikuluzikulu zimenezi Yehova anakuchitirani.
8 এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো তাক পালন কৰিব যাতে যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যর্দন নদী অতিক্রম কৰি যাব, সেই ঠাইলৈ গৈ আপোনালোক শক্তিশালী হৈ তাক অধিকাৰ কৰি ল’ব পাৰে আৰু
Tsono muzisunga malamulo onse amene ndikukupatsani lero kuti mukhale ndi mphamvu ndi kuti mupite kukalanda mʼdziko limene mwakhala pangʼono kulowamo mukawoloka Yorodani,
9 যিহোৱাই আপোনালোকৰ পূর্বপুৰুষ আৰু তেওঁলোকৰ বংশধৰৰ ওচৰত দুগ্ধ-মধু বোৱা যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল, সেই দেশত যেন আপোনালোক অনেক দিন জীয়াই থাকিব পাৰে।
ndiponso kuti mukhalitse mʼdziko limene Yehova analumbira kupatsa makolo anu ndi zidzukulu zawo, lomwe ndi dziko loyenda mkaka ndi uchi.
10 ১০ কিয়নো যি দেশ অধিকাৰ কৰিবলৈ আপোনালোক গৈছে, সেইখন যি দেশৰ পৰা আপোনালোক ওলাই আহিছে সেই মিচৰ দেশৰ নিচিনা নহয়; য’ত আপোনালোকে শস্য সিঁচি, শাকনি বাৰীত যেনেকৈ কৰা হয় তেনেকৈ ভৰিৰে পানী দিয়াৰ কার্য কৰিছিল।
Dziko limene mukukalanda ndi kulowamo silokhala ngati dziko la ku Igupto kumene mukuchokera ayi, kuja mumadzala mbewu ndi kumathirira ndi mapazi anu ngati ku dimba.
11 ১১ কিন্তু যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈছে, সেই ঠাই পাহাৰ আৰু উপত্যকাৰে ভৰা। সেই দেশে পানী আকাশৰ পৰা পানী পায়;
Koma dziko limene mukalande mukawoloka Yorodani ndi dziko la mapiri ndi zigwa, dziko limene limalandira mvula kuchokera kumwamba.
12 ১২ আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই দেশৰ যত্ন লয়; বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো সময়ত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ চকু সেই দেশৰ ওপৰত থাকে।
Ili ndi dziko limene Yehova Mulungu wanu amalisamalira. Maso a Yehova Mulungu wanu amaliyangʼanira nthawi zonse kuchokera ku mayambiriro a chaka mpaka kumapeto kwake.
13 ১৩ গতিকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ আৰু সমস্ত মন আৰু প্রাণেৰে তেওঁৰ সেৱা-আৰধনা কৰিবলৈ যি আজ্ঞা আজি মই আপোনালোকক দিলোঁ তাক আপোনালোকে বিশ্বস্ততাৰে পালন কৰিব।
Choncho mukasunga mokhulupirika malamulo amene ndikukupatsani lero lino, kukonda Yehova Mulungu wanu ndi kumutumikira Iyeyo ndi mtima wanu wonse ndi moyo wanu wonse,
14 ১৪ তেতিয়া যিহোৱাই সঠিক কালত আপোনালোকৰ দেশৰ ওপৰত আগতীয়া আৰু শেষতীয়া বৰষুণ পঠাব। তাতে আপোনালোকে প্রচুৰ শস্য, নতুন আঙ্গুৰৰ ৰস আৰু তেল গোটাব পাৰিব।
pamenepo ndidzatumiza mvula mʼdziko mwanu pa nthawi yake mʼnyengo ya dzinja ndi chilimwe, kuti mudzakolole tirigu wambiri ndi kuti mudzakhale ndi vinyo watsopano ndi mafuta.
15 ১৫ আপোনালোকৰ পশুধনবোৰৰ কাৰণেও যিহোৱাই পথাৰত ঘাঁহ হবলৈ দিব; আপোনালোকেও তৃপ্ত হোৱাকৈ খাবলৈ পাব।
Ndidzakupatsani udzu mʼminda mwanu woti muzidzadyetsera ngʼombe zanu ndipo inuyo mudzadya ndi kukhuta.
16 ১৬ আপোনালোকৰ হৃদয় যেন ছলনাত পৰি ভ্রান্ত হৈ নাযায় আৰু আপোনালোকে আন দেৱতাবোৰৰ উপাসনা কৰি সেইবোৰৰ আগত যেন প্ৰণিপাত নকৰিব, তাৰ বাবে আপোনালোক নিজৰ বিষয়ে সাৱধান হ’ব;
Dzisamalireni nokha, kuopa kuti mungakopeke mtima ndi kubwerera mʼmbuyo kuyamba kutumikira milungu ina ndi kumayigwadira.
17 ১৭ তেনে কৰিলে আপোনালোকৰ ওপৰত যিহোৱাৰ ক্রোধ প্রজ্বলিত হৈ উঠিব আৰু তেওঁ আকাশৰ দুৱাৰ বন্ধ কৰি দিব, যাৰ ফলত বৰষুণ নহ’ব আৰু ভুমিয়ে নিজ ফল উৎপন্ন নকৰিব। যি উত্তম দেশ যিহোৱাই আপোনালোকক দিব, তাৰ পৰা আপোনালোক অতি শীঘ্রেই নিশ্চিহ্ন হৈ যাব।
Mukatero Yehova Mulungu wanu adzakukwiyirani kwambiri, nadzaletsa thambo kuti lisabweretsenso mvula ndipo dziko silidzapereka zokolola. Choncho mudzawonongeka msanga mʼdziko limene Yehova akukupatsani.
18 ১৮ এতেকে আপোনালোকে মোৰ এই কথাবোৰ নিজ নিজ হৃদয়ত আৰু মনত গাঁথি ৰাখিব; চিনস্বৰূপে সেইবোৰ হাতত বান্ধিব আৰু আপোনালোকৰ চকুৰ মাজত প্রতীকৰূপে ভূষিত কৰিব।
Sungani mawu amenewa mu mtima mwanu ndi mʼmaganizo mwanu, muwamangirire pa mikono yanu ndipo muwayike pamphumi panu.
19 ১৯ আপোনালোকৰ নিজৰ সন্তানসকলক সকলো সময়তে, ঘৰত বহোঁতে বা বাটত যাওঁতে, শোওঁতে বা উঠোতে বা কোনো কার্য কৰোঁতে সেইবোৰৰ বিষয়ে শিক্ষা দিব।
Mawuwa muziphunzitsa ana anu, muzikamba za iwo pamene mukhala pansi mʼnyumba zanu, pamene mukuyenda mʼnjira, pamene mugona ndi pamene mukudzuka.
20 ২০ আপোনালোকে ঘৰৰ দুৱাৰৰ চৌকাঠত আৰু নগৰৰ প্রৱেশ দুৱাৰত সেইবোৰ লিপিবদ্ধ কৰি থ’ব।
Muwalembe pa mphuthu za nyumba zanu ndi pa zipata zanu,
21 ২১ যিহোৱাই আপোনালোকৰ পূৰ্ব–পুৰুষসকলৰ ওচৰত যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল সেই দেশত আপোনালোক আৰু আপোনালোকৰ সন্তান সকল যিমানকাল এই পৃথিবীৰ ওপৰত আকাশ থাকিব সিমানকাল জীয়াই থাকিব।
kuti inu ndi ana anu mukhale mʼdziko limene Yehova analumbira kupatsa makolo anu mpaka kalekale monga umakhalira mlengalenga pamwamba pa dziko.
22 ২২ কিয়নো এই যি আজ্ঞাবোৰ মই আপোনালোকক আদেশ দিছোঁ, আপোনালোকে যদি যত্নেৰে সেই গোটেই ব্যৱস্থা পালন কৰি সেই মতে কাৰ্য কৰি নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে, তেওঁৰ সকলো পথত চলে, আৰু তেওঁত লাগি থাকে,
Mukatsatira mosamalitsa malamulo amene ndikukupatsaniwa, kukonda Yehova Mulungu wanu, kuyenda mʼnjira zake zonse ndi kumugwiritsitsa Iye
23 ২৩ তেন্তে যিহোৱাই আপোনালোকৰ আগৰ পৰা এই আটাই জাতিবোৰক দূৰ কৰিব, আৰু আপোনালোকে আপোনালোকতকৈ মহান আৰু শক্তিশালী জাতিবোৰক উচ্ছেদ কৰিব।
Yehova adzapirikitsa mitundu ina yonseyi inu musanafike ndipo mudzagonjetsa mitundu ikuluikulu ndi yamphamvu kuposa inu.
24 ২৪ আপোনালোকে যি যি ঠাইত ভৰি দিব, সেই সকলো ঠাই আপোনালোকৰে হ’ব; মৰুভূমিৰ পৰা লিবানোন পর্যন্ত আৰু ইউফ্রেটিচ নদীৰ পৰা ভূমধ্য সাগৰলৈকে আপোনালোকৰ সীমা হ’ব।
Malo aliwonse amene mudzaponda adzakhala anu: dziko lanu lidzachokera ku chipululu mpaka ku Lebanoni, ndi ku Mtsinje wa Yufurate mpaka ku nyanja ya kumadzulo.
25 ২৫ আপোনালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব; আপোনালোকে সেই দেশত যলৈকে যাব, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক কোৱা বাক্য অনুসাৰে তেওঁলোকৰ মনত আপোনালোকৰ সমন্ধে এক ভয় আৰু আতঙ্ক ভাৱৰ সৃষ্টি কৰিব।
Palibe munthu amene adzalimbana nanu. Monga analonjezera, Yehova adzachititsa kuti anthu onse mʼdziko limene mukupitalo adzachite nanu mantha ndi kukuopani.
26 ২৬ চোৱা, আজি মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ।
Taonani, lero ndikuyika dalitso ndi temberero pakati panu,
27 ২৭ আজি মই আপোনালোকৰ ওচৰত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞাবোৰ দিলোঁ, সেইবোৰলৈ যদি আপোনালোকে মনোযোগ দিয়ে, তেন্তে আপোনালোকে আশীৰ্ব্বাদ পাব।
dalitso ngati mumvera malamulo a Yehova Mulungu wanu amene ndikukupatsani lero.
28 ২৮ কিন্তু যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়ে, আৰু মই আজি আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি আপোনালোকে নজনা আন দেৱতাৰ পাছত চলে, তেন্তে আপোনালোকে শাও পাব।
Temberero ngati simumvera malamulo a Yehova Mulungu wanu ndi kupatuka pa njira imene ndikulamulirani lero potsata milungu ina imene simunayidziwe.
29 ২৯ আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া সেই দেশত ঈশ্বৰ যিহোৱাই আপোনালোকক যেতিয়া লৈ যাব, তেতিয়া গৰিজ্জীম পৰ্বতত সেই আশীৰ্ব্বাদ, আৰু এবাল পৰ্ব্বতত সেই শাও প্ৰকাশ কৰিব।
Yehova Mulungu wanu akakakufikitsani mʼdziko mukukalandalo kuti mulowemo mukanene za madalitso pa Phiri la Gerizimu, ndi za matemberero pa Phiri la Ebala.
30 ৩০ সেই দুই পৰ্বত যৰ্দ্দনৰ সিপাৰত পশ্চিমফালৰ বাটৰ পশ্চিমত গিলগলৰ সন্মুখত অৰাবা-নিবাসী কনানীয়াসকলৰ দেশৰ মাজত মোৰিৰ এলোন গছবোৰৰ ওচৰত নহয় নে?
Monga mudziwa, mapiriwa ali kutsidya kwa Yorodani, kumadzulo kolowera dzuwa, kufupi ndi mitengo ya thundu ya More, mʼdziko la Akanaani aja okhala ku Araba moyangʼanana ndi Giligala.
31 ৩১ কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাক অধিকাৰ কৰিবৰ অৰ্থে আপোনালোকে তাত সোমাবলৈ যৰ্দ্দন পাৰ হৈ যাব। আপোনালোকে তাক অধিকাৰ কৰি তাতে বসতি কৰিব।
Mwatsala pangʼono kuwoloka Yorodani kuti mulowe ndi kutenga dziko limene Yehova Mulungu wanu akukupatsani. Mukadzalitenga dzikolo ndi kukhalamo,
32 ৩২ এই কাৰণে, মই আজি আপোনালোকৰ আগত যি যি বিধি আৰু শাসন-প্ৰণালী প্ৰকাশ কৰিছোঁ, সেই সকলোকে পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব।”
mudzaonetsetse kuti mukumvera malangizo ndi malamulo amene ndikukuwuzani lero.

< দ্বিতীয় বিবরণ 11 >