< দ্বিতীয় বিবরণ 10 >
1 ১ সেই সময়ত যিহোৱাই মোক কৈছিল, “তুমি আগৰ বাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পর্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহাঁ। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্ম্মাণ কৰি ল’বা।
E kindeno Jehova Nyasaye nowachona niya, “Paa kite ariyo machal gi mane okwongo ka, mondo ibi ira e got kendo ilos Sanduk bao.
2 ২ তুমি আগেয়ে যি দুখন শিলৰ ফলি ভাঙি পেলালা তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা।”
Abiro ndiko e kitego weche mane ni e kite mopa mokwongo mane itoyo, eka iketgi e sandugno.”
3 ৩ সেইবাবে মই চিটীম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ; তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ’লো।
Omiyo ne aloso Sandug Muma gi yiend siala, mine apayo kite ariyo machal gi mane okwongo ka, eka ne adhi e got gi kite ariyogo katingʼo e lweta.
4 ৪ যিহোৱাই প্রথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰেই হৈছে তেওঁৰ দহ আজ্ঞা যি তেওঁ আপোনালোক সকলো একগোট হোৱা দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক কৈছিল।
Jehova Nyasaye ne ondiko e kite mopagi weche mane ondikoe mokwongo, mane gin Chike Apar, mane owuoyogo kodu e got gi ei mach, e chiengʼ chokruok maler. Bangʼe Jehova Nyasaye nomiyagi.
5 ৫ তাৰ পাছত যিহোৱাৰ আজ্ঞা অনুসাৰে মই পৰ্বতৰ পৰা উভটি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ; সেইবোৰ এতিয়াও তাতে আছে।’
Eka ne alor kaa e got mi aketo kite mopa mag chikego e sanduku mane aseloso mana kaka Jehova Nyasaye ne osechiko kendo gin kanyo nyaka chil kawuono.
6 ৬ তাৰ পাছত ইস্ৰায়েলীয়াসকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে।
(Jo-Israel nowuotho koa e sokni mag Jaakan nyaka Mosera; kanyo ema ne Harun othoe mi oike kendo Eliazar wuode nokawo tichne kaka jadolo.
7 ৭ সেই ঠাইৰ পৰা তেওঁলোকে গুদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যটবাথালৈ গৈছিল। যটবাথাত বহুতো জুৰি আছিল।
Koa kanyo ne giwuotho ka gidhi Gudgoda ma gichopo nyaka Jotbatha, piny aore.
8 ৮ সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
E kindeno Jehova Nyasaye ne oketo tenge oganda joka Lawi mondo otingʼ Sandug Muma mar singruok mar Jehova Nyasaye, mondo omi gichungʼ e nyim Jehova Nyasaye ka gitiyo tijene kendo ka gigwedho e nying Jehova Nyasaye nyaka chil kawuono.
9 ৯ সেই কাৰণে লেবীয়াসকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য।
Mano ema omiyo joka Lawi ok yud pokgi e kind jowetegi; nimar Jehova Nyasaye e pokgi mana kaka Jehova Nyasaye ma Nyasachu nowachonegi.)
10 ১০ পূৰ্বৰ দৰেই সেইবাৰো মই চল্লিশ দিন আৰু চল্লিশ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। আপোনালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা যিহোৱাৰ নাছিল।
Koro ne asebet e got kuom ndalo piero angʼwen odiechiengʼ gotieno mana kaka ne atimo mokwongo mi Jehova Nyasaye ne ochako owinja kendo ok ne en dwarone mondo otieku.
11 ১১ যিহোৱাই মোক কৈছিল, “তুমি উঠি লোকসকলক পৰিচালনা কৰি আগে আগে যাত্ৰা কৰা; মই তেওঁলোকৰ পূর্বপুৰুষসকলৰ ওচৰত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ গৈ তেওঁলোকে যেন তাক অধিকাৰ কৰে।”
Jehova Nyasaye ne owachona niya, “Dhiyo mondo itelne ji e yo mondo ukaw piny mane asesingora ni kweregi ni anamigi.”
12 ১২ ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে;
To koro sani, yaye Israel, en angʼo ma Jehova Nyasaye ma Nyasachu dwaro makmana miye luor kendo wuotho e yorene kendo hero tiyone gi chunyu duto kod ngimau duto.
13 ১৩ লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছো, সেই সকলোকে যেন পালন কৰে।
Bende Jehova Nyasaye dwaro ni mondo urit buchene gi chikene ma amiyou kawuononi mondo okonyu.
14 ১৪ শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ।
Jehova Nyasaye ma Nyasachu e wuon polo kata polo man malo manade kaachiel gi piny kod gik moko duto manie iye.
15 ১৫ কেৱল আপোনালোকৰ পূর্বপুৰুষসকলৰ প্রতি যিহোৱা সন্তুষ্ট আছিল বাবেই তেওঁ তেওঁলোকক প্ৰেম কৰিছিল। তেওঁ তেওঁলোকৰ পাছত, তেওঁলোকৰ বংশধৰ আপোনালোকক আন সকলো জাতিৰ মাজৰ পৰা বাচি ল’লে। আজিও আপোনালোক তেওঁৰ সেই মনোনীত জাতি।
Kata kamano Jehova Nyasaye norito kwereu nimar noherogi mi bangʼe noyiero mana un, nyikwagi e dier ogendini mamoko duto mondo ubed joge mana kaka pod un nyaka chil kawuono.
16 ১৬ সেয়ে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব।
Chunyu mondo oter nyangu, kendo weuru wich teko.
17 ১৭ কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।
Nimar Jehova Nyasaye ma Nyasachu en Nyasach nyiseche kendo Ruoth mar ruodhi; Nyasaye maduongʼ malich kendo ratego, ma ok dew wangʼ ngʼato kata kawo asoya.
18 ১৮ তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।
Orito nyithind kiye kod mon ma chwogi otho kendo ohero jodak komiyogi chiemo kod lewni.
19 ১৯ আপোনালোকেও বিদেশীক প্ৰেম কৰিব; কিয়নো মিচৰ দেশত আপোনালোকো বিদেশী আছিল।
Nyaka uher jodak manie dieru nimar un bende ne un jodak e piny Misri.
20 ২০ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাকেই ভয় কৰিব আৰু তেওঁৰেই আৰাধনা কৰিব; তেওঁতেই লাগি থাকিব আৰু তেওঁৰ নামেৰেই প্রতিজ্ঞা কৰিব।
Luoruru Jehova Nyasaye ma Nyasachu kendo utine. Rituru adiera mare ka ukwongʼoru e nyinge.
21 ২১ তেওঁৱেই আপোনালোকৰ প্ৰশংসা, তেওঁৱেই আপোনালোকৰ ঈশ্বৰ। আপোনালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ঙ্কৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ আপোনালোকৰ কাৰণেই কৰিছে।
En ema nyaka umiye pak, nimar en Nyasachu ma osetimo timbe madongo kendo malich ma useneno gi wengeu.
22 ২২ আপোনালোকৰ যি পূৰ্ব–পুৰুষসকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।
Kwereu duto mane odhi e piny Misri noromo ji piero abiriyo, to koro Jehova Nyasaye ma Nyasachu osemiyo unyaa mangʼeny mana ka sulwe manie kor polo.