< দ্বিতীয় বিবরণ 1 >
1 ১ মোচিয়ে যৰ্দ্দন নদীৰ সিপাৰে মৰুভূমি অঞ্চলত সকলো ইস্ৰায়েলীয়াসকলক এইবোৰ কথা কৈছিল। এই ঠাই চুফৰ সন্মুখত আছিল। এফালে পাৰণ মৰুভূমি আৰু আনফালে তোফল, লাবন, হচেৰোত আৰু দী-জাহব নগৰবোৰৰ মাজত যর্দন নদীৰ উপত্যকাৰ সমথল ভূমিত তেওঁ এই বার্তা দিছিল।
Wọ̀nyí ni àwọn ọ̀rọ̀ tí Mose sọ fún gbogbo Israẹli ní aginjù, aginjù ìlà-oòrùn Jordani, ni Arabah, ní òdìkejì Ṣufi, ní àárín Parani àti Tofeli, Labani, Haserotu àti Disahabu.
2 ২ হোৰেব পাহাৰৰ পৰা চেয়ীৰ পৰ্ব্বতমালাৰ পথেদি কাদেচ-বৰ্ণেয়ালৈ যাবলৈ এঘাৰ দিন লাগে।
(Ọjọ́ mọ́kànlá ni ó gbà láti rin ìrìnàjò láti Horebu dé Kadeṣi-Barnea, bí a bá gba ọ̀nà òkè Seiri.)
3 ৩ ইস্রায়েলীয়াসকলে মিচৰ দেশ ত্যাগ কৰাৰ চল্লিশ বছৰ হ’ল। সেই বছৰৰ এঘাৰ মাহৰ প্রথম দিনা যিহোৱাই ইস্ৰায়েলীয়া সকলৰ সম্পর্কে মোচিক যি সকলো আজ্ঞা দিছিল, সেই সকলো কথা তেওঁ তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে।
Ní ìgbà tí ó pé ogójì ọdún, ní ọjọ́ kìn-ín-ní oṣù kọ́kànlá, Mose sọ ohun gbogbo tí Olúwa pàṣẹ nípa àwọn ọmọ Israẹli fún wọn.
4 ৪ যিহোৱাই ইমোৰীয়াসকলৰ ৰজা হিচবোন নিবাসী চীহোনক আৰু অষ্টাৰোৎ নিবাসী বাচানৰ ৰজা ওগক ইদ্ৰেয়ীত বধ কৰাৰ পাছত মোচিয়ে এই কথা ক’লে।
Èyí ṣẹlẹ̀ lẹ́yìn ìgbà tí ó ti ṣẹ́gun Sihoni ọba àwọn Amori, tí ó jẹ ọba ní Heṣboni, àti Ogu ọba Baṣani ni ó ṣẹ́gun ní Edrei, ẹni tí ó jẹ ọba ní Aṣtarotu.
5 ৫ বিধানৰ এই সকলোবোৰ কথা মোচিয়ে যৰ্দ্দনৰ সিপাৰে মোৱাব দেশত ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে।
Ní ìhà ìlà-oòrùn Jordani tí ó wà nínú ilẹ̀ Moabu ni Mose bẹ̀rẹ̀ sísọ àsọyé òfin wọ̀nyí wí pé:
6 ৬ তেওঁ ক’লে, হোৰেব পাহাৰত, “আমাৰ ঈশ্বৰ যিহোৱাই আমাক কৈছিল, ‘তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা।
Olúwa Ọlọ́run wa bá wa sọ̀rọ̀ ní Horebu pé, “Ẹ ti dúró ní orí òkè yìí pẹ́ tó.
7 ৭ এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা। ইমোৰীয়াসকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা। তাৰ ওচৰ পাজৰৰ সকলো ঠাইলৈকে যোৱা। তাৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথল, পাহাৰীয়া অঞ্চল, নিম্ন ভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰতীৰলৈ যোৱা। কনানীয়াসকলৰ দেশৰ লগতে লিবানোনৰ পাহাৰলৈকে ইউফ্রেটিচ নামৰ মহানদী পর্যন্ত যোৱা।
Ẹ yípadà kí ẹ sì tẹ̀síwájú ní ìrìnàjò yín lọ sí ilẹ̀ òkè àwọn ará Amori, ẹ tọ gbogbo àwọn ènìyàn tí ó ń gbé Arabah lọ ní aginjù, ní àwọn orí òkè àti pẹ̀tẹ́lẹ̀, ní gúúsù àti ní etí Òkun, lọ sí ilẹ̀ àwọn ará Kenaani àti lọ sí Lebanoni, títí fi dé odò ńlá Eufurate.
8 ৮ শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।’”
Wò ó, èmi tí fi ilẹ̀ yí fún un yín, ẹ wọ inú rẹ̀ lọ kí ẹ sì gba ilẹ̀ náà tí Olúwa ti búra wí pé òun yóò fún àwọn baba yín: fún Abrahamu, Isaaki, àti Jakọbu, àti fún àwọn àrọ́mọdọ́mọ wọn.”
9 ৯ সেই সময়ত মই আপোনালোকক কৈছিলোঁ, “মোৰ পক্ষে আপোনালোকৰ ভাৰ অকলে বৈ নিয়াটো সম্ভৱ নহয়।
Mo wí fún un yín nígbà náà pé, “Èmi nìkan kò lè dá ẹrù u yín gbé.
10 ১০ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চাওঁক, আজি আপোনালোক আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’ল।
Olúwa Ọlọ́run yín ti sọ yín di púpọ̀ lónìí, ẹ̀yin sì ti pọ̀ bí ìràwọ̀ ní ojú ọ̀run.
11 ১১ আপোনালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই বর্তমানতকৈ আপোনালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক; তেওঁৰ প্রতিজ্ঞা অনুসাৰেই আপোনালোকক তেওঁ আশীৰ্ব্বাদ কৰক।
Kí Olúwa Ọlọ́run àwọn baba yín sọ yín di púpọ̀ ní ọ̀nà ẹgbẹ̀rún sí i, kí ó sì bùkún un yín gẹ́gẹ́ bí ó ti ṣèlérí.
12 ১২ কিন্তু মই অকলে কেনেকৈ আপোনালোকৰ সকলো বাদ-বিবাদ মীমাংসা কৰাৰ ভাৰ আৰু বোজা বহন কৰিম?
Báwo ni èmi nìkan ṣe lè máa ru àjàgà àti ìṣòro yín àti èdè-àìyedè yín?
13 ১৩ আপোনালোকে আপোনালোকৰ প্রত্যেকটো ফৈদৰ পৰা কেইজনমান জ্ঞানৱান, বিজ্ঞ আৰু সুখ্যাতিপূর্ণ লোকক বাচি লওঁক; মই আপোনালোকৰ ওপৰত তেওঁলোকক মুখিয়াল পাতিম।”
Ẹ yan àwọn ọlọ́gbọ́n, olóye àti àwọn ẹni àpọ́nlé, láti inú ẹ̀yà yín kọ̀ọ̀kan, èmi yóò sì fi wọ́n ṣe olórí yín.”
14 ১৪ আপোনালোকে তাৰ উত্তৰত মোক কৈছিল, “আপুনি যি কথা কৈছে তাকে কৰা ভাল।”
Ẹ̀yin sì dá mi lóhùn wí pé, “Ohun tí ìwọ ti gbèrò láti ṣe nì dára.”
15 ১৫ সেয়ে মই আপোনালোকৰ ফৈদবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোকসকলক লৈ আপোনালোকৰ ওপৰত মুখিয়াল পাতিলো। প্রত্যেক ফৈদৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ।
Bẹ́ẹ̀ ni mo yan olórí àwọn ẹ̀yà yín, àwọn ọlọ́gbọ́n ọkùnrin, ẹni àpọ́nlé, mo sì fi jẹ olórí yín, olórí ẹgbẹẹ̀rún, olórí ọ̀rọ̀ọ̀rún, olórí àràádọ́ta, àti olórí mẹ́wàá mẹ́wàá gẹ́gẹ́ bí àwọn ẹ̀yà yín.
16 ১৬ আপোনালোকৰ বিচাৰকসকলক সেই সময়ত মই এই আজ্ঞা দিছিলোঁ, “আপোনালোকে বাদ-বিবাদৰ সময়ত ভাইসকলৰ দুই পক্ষৰ কথা শুনি ন্যায়ভাৱে বিচাৰ কৰিব; সেই বিবাদ ইস্রায়েলীয়া ভাইসকলৰ মাজতেই হওঁক বা এজন ইস্রায়েলীয়া আৰু ভিন্ন জাতিৰ বিদেশীৰ মাজতেই হওঁক।
Mo sì kìlọ̀ fún àwọn onídàájọ́ yín nígbà náà pé, ẹ gbọ́ èdè-àìyedè tí ó wà láàrín àwọn ènìyàn an yín kí ẹ sì ṣe ìdájọ́ òdodo, bóyá ẹjọ́ tí ó ṣẹlẹ̀ láàrín Israẹli sí Israẹli ni tàbí láàrín Israẹli kan sí àlejò.
17 ১৭ বিবাদৰ সময়ত আপোনালোকে কাৰো পক্ষ নল’ব আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে আপোনালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ আপোনালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিব, মই সেই বিচাৰ কৰিম।”
Ẹ má sì ṣe ojúsàájú ní ìdájọ́. Ẹ ṣe ìdájọ́ ẹni ńlá àti kékeré bákan náà. Ẹ má ṣe bẹ̀rù ẹnikẹ́ni torí pé ti Ọlọ́run ni ìdájọ́. Ẹjọ́ tí ó bá le jù fún un yín ni kí ẹ mú wá fún mi. Èmi yóò sì gbọ́ ọ.
18 ১৮ আপোনালোকে কৰিবলগীয়া সকলোবোৰেই মই তেতিয়া আপোনালোকক আজ্ঞা দিছিলোঁ।
Nígbà náà ni èmi yóò sọ ohun tí ẹ ó ṣe fún un yín.
19 ১৯ ইয়াৰ পাছত আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আমি হোৰেব পাহাৰ এৰি ইমোৰীয়াসকলৰ পাহাৰীয়া অঞ্চলৰ অভিমুখে যাত্রা কৰিছিলোঁ। আপোনালোকে যি ডাঙৰ আৰু বিপদসংকুল মৰুভূমি দেখিছিল, তাৰ মাজেদি আমি গৈ কাদেচ-বৰ্ণেয়া পাইছিলোঁ।
Nígbà náà ní a gbéra láti Horebu, bí Olúwa Ọlọ́run wa ti pàṣẹ fún wá, a sì la àwọn ilẹ̀ lókè Amori kọjá lọ dé gbogbo aginjù ńlá tí ó ba ni lẹ́rù nì tí ẹ̀yin ti rí, bẹ́ẹ̀ ni a sì dé Kadeṣi-Barnea.
20 ২০ তাৰ পাছত মই আপোনালোকক কৈছিলোঁ, “আপোনালোক ইমোৰীয়া পাহাৰী অঞ্চল আহি পালে। আমাৰ ঈশ্বৰ যিহোৱাই আমাক এই দেশ দিবলৈ গৈ আছে।
Nígbà náà ni mo sọ fún un yín pé, “Ẹ ti dé ilẹ̀ òkè àwọn ará Amori, èyí tí Olúwa Ọlọ́run wa fún wa.
21 ২১ চাওঁক, আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া গোটেই দেশ আপোনালোকৰ আগত আছে। আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰক; আপোনালোকে ভয় নকৰিব, নিৰাশ নহ’ব।”
Ẹ kíyèsi i, Olúwa Ọlọ́run yín ló ni ilẹ̀ náà. Ẹ lọ kí ẹ sì gba ilẹ̀ náà bí Olúwa Ọlọ́run àwọn baba yín tí sọ fún un yín. Ẹ má bẹ̀rù, ẹ má sì ṣe fòyà.”
22 ২২ তেতিয়া আপোনালোক সকলোৱে আহি মোক কৈছিলে, “কেইজনমান লোকক আগেয়ে পঠাই দিয়া হওঁক যাতে তেওঁলোকে দেশখন চাই মেলি আহি আমাক কব পাৰে কোন পথেৰে গৈ আমি আক্রমণ কৰা উচিত আৰু কোন কোন নগৰবোৰ আমি সন্মুখত পাম।”
Nígbà náà ni gbogbo yín tọ̀ mí wá wí pé, “Jẹ́ kí a yan àwọn ayọ́lẹ̀wò láti yọ́ ilẹ̀ náà wò fún wa, kí wọn sì fún wa ní ìròyìn àwọn ọ̀nà tí a ó gbà àti àwọn ìlú tí a ó bá pàdé.”
23 ২৩ আপোনালোকৰ এই প্রস্তাৱ মোৰ ভাল লাগিছিল; সেয়ে মই আপোনালোকৰ প্রত্যেক ফৈদৰ পৰা এজনকৈ মুঠ বাৰজন লোকক বাচি লৈছিলোঁ।
Èrò náà sì dára lójú mi, torí èyí ni mo ṣe yan àwọn ènìyàn méjìlá nínú yín, ẹnìkan láti inú ẹ̀yà kọ̀ọ̀kan.
24 ২৪ তেওঁলোকে পার্বত্য দেশৰ ওপৰলৈ উঠি গৈছিল আৰু ইষ্কোলৰ উপত্যকালৈ আহি ভালদৰে দেশখন অনুসন্ধান কৰি আহিছিল।
Wọ́n sì gòkè lọ sí ilẹ̀ òkè náà, wọ́n sì wá sí àfonífojì Eṣkolu, wọ́n sì yẹ̀ ẹ́ wò.
25 ২৫ তেওঁলোকে হাতত সেই দেশৰ কিছু কিছু ফল লৈ নামি আহি আমাক কৈছিল, “আমাৰ ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, ই সঁচাকৈয়ে এক উত্তম দেশ।”
Wọ́n sì mú lára èso ilẹ̀ náà wá fún wa pé, “Ilẹ̀ tí ó dára ni Olúwa Ọlọ́run wa fún wa.”
26 ২৬ কিন্তু আপোনালোকে সেই দেশ আক্রমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিছিল।
Ṣùgbọ́n ẹ̀yin kò fẹ́ gòkè lọ; ẹ ṣọ̀tẹ̀ sí àṣẹ Olúwa Ọlọ́run yín.
27 ২৭ আপোনালোকে আপোনালোকৰ তম্বুত আপত্তি দর্শাই কৈছিল, “যিহোৱাই আমাক ঘৃণা কৰে। সেয়ে তেওঁ আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমোৰীয়াসকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূর্ণ বিনষ্ট হওঁ।
Ẹ kùn nínú àgọ́ ọ yín, ẹ sì wí pé, “Olúwa kórìíra wa, torí èyí ló fi mú wa jáde láti Ejibiti láti fi wá lé àwọn ará Amori lọ́wọ́ láti pa wá run.
28 ২৮ এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’”
Níbo la ó lọ? Àwọn arákùnrin wa ti kó ìrẹ̀wẹ̀sì bá wa nípa sísọ pé, ‘Àwọn ènìyàn náà lágbára wọ́n sì ga jù wá lọ; àwọn ìlú náà tóbi jọjọ bẹ́ẹ̀ ni odi wọn ga kan ọ̀run. A tilẹ̀ rí àwọn òmíràn (ìran Anaki) níbẹ̀.’”
29 ২৯ তেতিয়া মই আপোনালোকক কৈছিলোঁ, “আপোনালোকে ভয় নকৰিব, সেই লোকসকললৈ ভয় নকৰিব।
Nígbà náà ni mo sọ fún un yín pé, “Ẹ má ṣojo, ẹ kò sì gbọdọ̀ bẹ̀rù wọn.
30 ৩০ আপোনালোকৰ ঈশ্বৰ যিহোৱা আপোনালোকৰ আগে আগে আছে আৰু তেওঁ আপোনালোকৰ হৈ যুদ্ধ কৰিব। মিচৰ দেশত আপোনালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল, ইয়াতো তেওঁ সেই একে কার্য কৰিব।
Olúwa Ọlọ́run yín, tí ń ṣáájú yín yóò jà fún un yín; bí ó ti ṣe fún un yín ní Ejibiti lójú ẹ̀yin tìkára yín
31 ৩১ পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”
àti ní aginjù. Níbẹ̀ ni ẹ ti rí i bí Olúwa Ọlọ́run yín ti gbé yín, bí baba ti í gbé ọmọ rẹ̀, ní gbogbo ọ̀nà tí ẹ lọ títí ẹ fi padà dé ibí yìí.”
32 ৩২ তথাপিও ইমানতো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা নকৰিলে।
Pẹ̀lú gbogbo èyí tí mo wí, ẹ kò gbẹ́kẹ̀lé Olúwa Ọlọ́run yín,
33 ৩৩ যিহোৱা! যি জন আপোনালোকৰ যাত্রাপথত আগে আগে গৈছিল, যাতে তেওঁ আপোনালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি আপোনালোক যোৱা উচিত, সেই পথ দেখুৱাই আপোনালোকক লৈ যাবলৈ তেঁৱেই ৰাতি অগ্নিৰ মাজেৰে আৰু দিনত মেঘৰ মাজেদি আপোনালোকৰ আগে আগে গৈছিল।
tí ń ṣáájú u yín lọ ní gbogbo ọ̀nà yín, nípa fífi iná ṣe amọ̀nà yín ní òru àti ìkùùkuu ní ọ̀sán, láti fi àwọn ibi tí ẹ lè tẹ̀dó sí hàn yín àti àwọn ọ̀nà tí ẹ ó rìn.
34 ৩৪ আপোনালোকৰ কথা শুনি যিহোৱাই ক্রোধিত হৈ শপত খাই এইদৰে কৈছিল,
Nígbà tí Olúwa gbọ́ ohun tí ẹ sọ, inú bí i, ó sì búra wí pé,
35 ৩৫ “যি উত্তম দেশ তোমালোকৰ পূর্বপুৰুষসকলক দিম বুলি মই শপত খাইছিলোঁ, নিশ্চয়কৈ এই দুষ্ট বংশৰ লোকসকলৰ মাজৰ এজনেও সেই উত্তম দেশ দেখা নাপাব।
“Kò sí ọ̀kan nínú ìran búburú yìí tí yóò dé ilẹ̀ rere tí mo ti búra láti fún àwọn baba ńlá a yín.
36 ৩৬ কেৱল যিফুন্নিৰ পুত্ৰ কালেবে তাক দেখিব; কালেবে যি ঠাইৰ মাজেদি খোজ কাঢ়ি গৈছিল, সেই ভূমি মই তেওঁক আৰু তেওঁৰ উত্তৰপুৰুষসকলক দিম। কাৰণ তেওঁ যিহোৱাৰ পথত সম্পুৰ্ণভাৱে চলিলে।”
Bí kò ṣe Kalebu ọmọ Jefunne. Òun ni yóò wọ̀ ọ́. Èmi yóò sì fún òun àti àwọn ìran rẹ̀ ní ilẹ̀ náà tí ó ti fi ẹsẹ̀ rẹ̀ tẹ̀; torí pé ó fi gbogbo ọkàn rẹ̀ tẹ̀lé Olúwa.”
37 ৩৭ আপোনালোকৰ বাবে যিহোৱাই মোৰ ওপৰতো ক্রুদ্ধ হৈ কৈছিল, “তুমিও সেই ঠাইত সোমাবলৈ নাপাবা।
Torí i tiyín ni Olúwa fi bínú sí mi wí pé, “Ìwọ náà kì yóò wọ ibẹ̀ bákan náà,
38 ৩৮ কিন্তু পৰিচাৰক হিচাবে তোমাৰ আগত থকা নুনৰ পুত্ৰ যিহোচূৱাইহে সেই দেশত প্রৱেশ কৰিব; তুমি যিহোচূৱাক উৎসাহিত কৰিবা, কিয়নো দেশখন অধিকাৰ কৰিবৰ কাৰণে তেওঁৱেই ইস্ৰায়েলীয়াসকলক নেতৃত্ব দি আগবঢ়াই নিব।
ṣùgbọ́n Joṣua ọmọ Nuni tí ń ṣe olùrànlọ́wọ́ rẹ ni yóò wọ ibẹ̀. Mú un, ní ọkàn le torí pé, òun yóò ṣáájú àwọn ọmọ Israẹli láti gba ilẹ̀ náà.
39 ৩৯ তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰ ক্ষতিগ্রস্ত হ’ব; কিন্তু শিশুবোৰে সেই দেশত প্রৱেশ কৰিব। কাৰণ, সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বর্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব।
Àwọn èwe yín tí ẹ sọ pé wọn yóò kó lẹ́rú. Àwọn ọmọ yín tí ko tí ì mọ rere yàtọ̀ sí búburú ni yóò wọ ilẹ̀ náà.
40 ৪০ কিন্তু তোমালোকে হ’লে চূফ সাগৰলৈ যোৱা বাটেদি ঘূৰি মৰুভূমিৰ ফালে যাত্ৰা কৰা।”
Ṣùgbọ́n ẹ̀yin, ẹ yí padà sí aginjù tí ó wà ní ọ̀nà tí ó lọ sí Òkun Pupa.”
41 ৪১ যিহোৱাৰ এই কথা শুনি আপোনালোকে মোক কৈছিল, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ; আমি যুদ্ধ কৰিবলৈ উঠি যাম আৰু আমি আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰেই সকলো কার্য কৰিম।” এই বুলি আপোনালোক প্ৰতিজনে যুদ্ধৰ অস্ত্ৰ-শস্ত্র লৈ পার্বত্য অঞ্চল আক্রমণ কৰিবলৈ যুগুত হৈছিল।
Nígbà náà ni ẹ fèsì wí pé, “Àwa ti ṣẹ̀ sí Olúwa. A ó sì gòkè lọ láti jà, gẹ́gẹ́ bí Olúwa Ọlọ́run wa ti pàṣẹ fún wa.” Torí náà gbogbo yín ẹ mú ohun ìjà a yín, ẹ rò pé ó rọrùn láti gòkè lọ sí àwọn orílẹ̀-èdè olókè náà.
42 ৪২ তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলোকক কোৱা, ‘তোমালোকে আক্রমণ নকৰিবা আৰু যুদ্ধও নকৰিবা। কিয়নো মই তোমালোকৰ লগত নাথাকিম’; সেয়ে যদি তোমালোক যোৱা, তোমালোক শত্রুবোৰৰ হাতত পৰাজিত হ’বা।”
Ṣùgbọ́n Olúwa sọ fún mi pé, “Sọ fún wọn, ‘Ẹ má ṣe gòkè lọ láti jà torí pé èmi kì yóò wà pẹ̀lú u yín. Àwọn ọ̀tá a yín yóò sì ṣẹ́gun yín.’”
43 ৪৩ মই আপোনালোকক সেই কথা জনাইছিলোঁ, কিন্তু আপোনালোকে তাক নুশুনিলে। আপোনালোকে যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিলে; কিন্তু আপোনালোক অভিমানী লোক আৰু পার্বত্য অঞ্চললৈ উঠি গৈছিল।
Bẹ́ẹ̀ ni mo sọ fún yín, ẹ̀yin kò sì gbọ́, ẹ̀yin ṣọ̀tẹ̀ sí òfin Olúwa, pẹ̀lú ìgbéraga yín, ẹ gòkè lọ sí ìlú olókè náà.
44 ৪৪ সেই পৰ্ব্বতত বাসকৰা ইমোৰীয়াসকল আপোনালোকৰ বিৰুদ্ধে ওলাই আহিছিল আৰু মৌ-মাখিৰ দৰে আপোনালোকক খেদি পঠাইছিল। চেয়ীৰত হৰ্মালৈকে আপোনালোকক আঘাত কৰি খেদি নিছিল।
Àwọn ará Amori tí ń gbé ní àwọn òkè náà, dojúkọ yín bí àgbájọpọ̀ oyin. Wọ́n sì lù yín bolẹ̀ láti Seiri títí dé Horma.
45 ৪৫ তেতিয়া আপোনালোকে উলটি আহি যিহোৱাৰ আগত কান্দিছিল, কিন্তু যিহোৱাই আপোনালোকৰ ক্রন্দন নুশুনিলে; তেওঁ আপোনালোকৰ ক্রন্দনলৈ কাণ নিদিলে।
Ẹ padà, ẹ sì sọkún níwájú Olúwa, òun kò sì fetí sí igbe ẹkún yín, Ó sì kọ etí dídi sí i yín.
46 ৪৬ এইদৰে আপোনালোক কাদেচত অনেক দিন ধৰি আছিল আৰু তাতেই দীর্ঘদিন অতিবাহিত কৰিছিল।
Báyìí ni ẹ sì dúró ní Kadeṣi fún ọ̀pọ̀lọpọ̀ ọjọ́ gẹ́gẹ́ bí ẹ̀yin ti ṣe.