< দ্বিতীয় বিবরণ 1 >
1 ১ মোচিয়ে যৰ্দ্দন নদীৰ সিপাৰে মৰুভূমি অঞ্চলত সকলো ইস্ৰায়েলীয়াসকলক এইবোৰ কথা কৈছিল। এই ঠাই চুফৰ সন্মুখত আছিল। এফালে পাৰণ মৰুভূমি আৰু আনফালে তোফল, লাবন, হচেৰোত আৰু দী-জাহব নগৰবোৰৰ মাজত যর্দন নদীৰ উপত্যকাৰ সমথল ভূমিত তেওঁ এই বার্তা দিছিল।
Eyi ne nsɛm a Mose ka kyerɛɛ Israelfo nyinaa wɔ sare no so wɔ Yordan apuei. Wɔbɔɔ atenae wɔ Yordan bon a ɛbɛn Suf, wɔ Paran, Tofel, Laban, Haserot ne Di-Sahab ntam no.
2 ২ হোৰেব পাহাৰৰ পৰা চেয়ীৰ পৰ্ব্বতমালাৰ পথেদি কাদেচ-বৰ্ণেয়ালৈ যাবলৈ এঘাৰ দিন লাগে।
Efi Horeb de kɔ Kades-Barnea no, ɔkwan a ɛfa bepɔw Seir no, yɛ nnafua dubaako kwan.
3 ৩ ইস্রায়েলীয়াসকলে মিচৰ দেশ ত্যাগ কৰাৰ চল্লিশ বছৰ হ’ল। সেই বছৰৰ এঘাৰ মাহৰ প্রথম দিনা যিহোৱাই ইস্ৰায়েলীয়া সকলৰ সম্পর্কে মোচিক যি সকলো আজ্ঞা দিছিল, সেই সকলো কথা তেওঁ তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে।
Israelfo fii Bepɔw Sinai no, afe a ɛto so aduanan no ɔsram dubaako no da a edi kan no, Mose kaa nsɛm a Awurade hyɛɛ no sɛ ɔnka nkyerɛ Israelfo no pɛpɛɛpɛ kyerɛɛ wɔn.
4 ৪ যিহোৱাই ইমোৰীয়াসকলৰ ৰজা হিচবোন নিবাসী চীহোনক আৰু অষ্টাৰোৎ নিবাসী বাচানৰ ৰজা ওগক ইদ্ৰেয়ীত বধ কৰাৰ পাছত মোচিয়ে এই কথা ক’লে।
Ɔkaa saa asɛm yi wɔ bere a na wɔadi Amorifo hene Sihon a na odi ade wɔ Hesbon ne Basanhene Og a na odi ade wɔ Astarot ne Edrei so nkonim.
5 ৫ বিধানৰ এই সকলোবোৰ কথা মোচিয়ে যৰ্দ্দনৰ সিপাৰে মোৱাব দেশত ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে।
Yordan apuei fam a ɛwɔ Moab asase so na Mose fii ase kyerɛkyerɛɛ mmara no mu se:
6 ৬ তেওঁ ক’লে, হোৰেব পাহাৰত, “আমাৰ ঈশ্বৰ যিহোৱাই আমাক কৈছিল, ‘তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা।
Awurade ka kyerɛɛ yɛn wɔ Horeb se: “Moatena saa bepɔw yi so akyɛ dodo.
7 ৭ এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা। ইমোৰীয়াসকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা। তাৰ ওচৰ পাজৰৰ সকলো ঠাইলৈকে যোৱা। তাৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথল, পাহাৰীয়া অঞ্চল, নিম্ন ভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰতীৰলৈ যোৱা। কনানীয়াসকলৰ দেশৰ লগতে লিবানোনৰ পাহাৰলৈকে ইউফ্রেটিচ নামৰ মহানদী পর্যন্ত যোৱা।
Muntutu nkɔtena Amorifo nkoko no so; monkɔtena nnipa a wɔbemmɛn Araba mmepɔw no mu ne atɔe mmepɔw ayaase hɔ nyinaa mu; monkɔ Negeb na momfa mpoano nkosi Kanaanfo asase so ne Lebanon nkodu Asubɔnten Eufrate ho.
8 ৮ শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।’”
Muntie! Mede saa asase yi ama mo. Monkɔ na monkɔfa asase a Awurade hyɛɛ bɔ sɛ ɔde bɛma mo agyanom Abraham, Isak ne Yakob ne wɔn asefo no.”
9 ৯ সেই সময়ত মই আপোনালোকক কৈছিলোঁ, “মোৰ পক্ষে আপোনালোকৰ ভাৰ অকলে বৈ নিয়াটো সম্ভৱ নহয়।
Saa bere no, meka kyerɛɛ mo se, “Me nko ara merentumi nyɛ mo ho adwuma.
10 ১০ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চাওঁক, আজি আপোনালোক আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’ল।
Awurade, mo Nyankopɔn, ama mo ase adɔ enti nnɛ yi, mo ase afɛe te sɛ ɔsoro nsoromma.
11 ১১ আপোনালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই বর্তমানতকৈ আপোনালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক; তেওঁৰ প্রতিজ্ঞা অনুসাৰেই আপোনালোকক তেওঁ আশীৰ্ব্বাদ কৰক।
Awurade mo agyanom Nyankopɔn mma mo nnɔ mmɔho mpempem na onhyira mo sɛnea wahyɛ mo bɔ no!
12 ১২ কিন্তু মই অকলে কেনেকৈ আপোনালোকৰ সকলো বাদ-বিবাদ মীমাংসা কৰাৰ ভাৰ আৰু বোজা বহন কৰিম?
Na ɛbɛyɛ dɛn na me nko metumi asoa mo haw ne mo nnesoa ne mo ntawntaw?
13 ১৩ আপোনালোকে আপোনালোকৰ প্রত্যেকটো ফৈদৰ পৰা কেইজনমান জ্ঞানৱান, বিজ্ঞ আৰু সুখ্যাতিপূর্ণ লোকক বাচি লওঁক; মই আপোনালোকৰ ওপৰত তেওঁলোকক মুখিয়াল পাতিম।”
Mompaw mmarima bi a wɔwɔ nyansa, ntease na wɔwɔ din pa mfi abusuakuw biara mu na memfa wɔn ntuatua mo ano.”
14 ১৪ আপোনালোকে তাৰ উত্তৰত মোক কৈছিল, “আপুনি যি কথা কৈছে তাকে কৰা ভাল।”
Mubuaa me se, “Dwuma a woasusuw sɛ wubedi no ye.”
15 ১৫ সেয়ে মই আপোনালোকৰ ফৈদবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোকসকলক লৈ আপোনালোকৰ ওপৰত মুখিয়াল পাতিলো। প্রত্যেক ফৈদৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ।
Enti mede mo mmusuakuw mu mmarima atitiriw, anyansafo a wɔn anim wɔ nyam no tuatuaa mo ano apem apem, ɔha ɔha, aduonum aduonum ne du du so mpanyin ne mo mmusuakuw so sɛ ahwɛfo.
16 ১৬ আপোনালোকৰ বিচাৰকসকলক সেই সময়ত মই এই আজ্ঞা দিছিলোঁ, “আপোনালোকে বাদ-বিবাদৰ সময়ত ভাইসকলৰ দুই পক্ষৰ কথা শুনি ন্যায়ভাৱে বিচাৰ কৰিব; সেই বিবাদ ইস্রায়েলীয়া ভাইসকলৰ মাজতেই হওঁক বা এজন ইস্রায়েলীয়া আৰু ভিন্ন জাতিৰ বিদেশীৰ মাজতেই হওঁক।
Na atemmufo a wɔwɔ hɔ saa bere no nso, mehyɛɛ wɔn sɛ, “Sɛ akasakasa ba anuanom ntam, sɛ asɛm no yɛ Israelni ne ne nua bi anaa Israelni ne ɔhɔho bi a, monhwɛ na mummu atɛntrenee.
17 ১৭ বিবাদৰ সময়ত আপোনালোকে কাৰো পক্ষ নল’ব আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে আপোনালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ আপোনালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিব, মই সেই বিচাৰ কৰিম।”
Mo atemmu mu, mummmu ntɛnkyew. Muntie ɔketewa ne ɔkɛse pɛ. Munnsuro onipa biara, efisɛ Onyankopɔn na obu atɛn. Asɛm a ɛyɛ den ma mo no, momfa mmrɛ me na minni.”
18 ১৮ আপোনালোকে কৰিবলগীয়া সকলোবোৰেই মই তেতিয়া আপোনালোকক আজ্ঞা দিছিলোঁ।
Na saa bere no, mekaa biribiara a ɛsɛ sɛ moyɛ kyerɛɛ mo.
19 ১৯ ইয়াৰ পাছত আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আমি হোৰেব পাহাৰ এৰি ইমোৰীয়াসকলৰ পাহাৰীয়া অঞ্চলৰ অভিমুখে যাত্রা কৰিছিলোঁ। আপোনালোকে যি ডাঙৰ আৰু বিপদসংকুল মৰুভূমি দেখিছিল, তাৰ মাজেদি আমি গৈ কাদেচ-বৰ্ণেয়া পাইছিলোঁ।
Na sɛnea Awurade hyɛɛ yɛn no, yefii Horeb de yɛn ani kyerɛɛ Amorifo bepɔw a yɛnam sare pradada a moahu no so koduu Kades-Barnea.
20 ২০ তাৰ পাছত মই আপোনালোকক কৈছিলোঁ, “আপোনালোক ইমোৰীয়া পাহাৰী অঞ্চল আহি পালে। আমাৰ ঈশ্বৰ যিহোৱাই আমাক এই দেশ দিবলৈ গৈ আছে।
Afei, meka kyerɛɛ mo se, “Moadu Amorifo bepɔw man a Awurade de rema yɛn no so.
21 ২১ চাওঁক, আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া গোটেই দেশ আপোনালোকৰ আগত আছে। আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰক; আপোনালোকে ভয় নকৰিব, নিৰাশ নহ’ব।”
Awurade, mo Nyankopɔn, de asase no ama mo. Momforo nkɔfa, sɛnea Awurade, mo agyanom Nyankopɔn, ka kyerɛɛ mo no. Munnsuro: mommma obi mmu mo aba mu.”
22 ২২ তেতিয়া আপোনালোক সকলোৱে আহি মোক কৈছিলে, “কেইজনমান লোকক আগেয়ে পঠাই দিয়া হওঁক যাতে তেওঁলোকে দেশখন চাই মেলি আহি আমাক কব পাৰে কোন পথেৰে গৈ আমি আক্রমণ কৰা উচিত আৰু কোন কোন নগৰবোৰ আমি সন্মুখত পাম।”
Na mo nyinaa baa me nkyɛn bɛkae se, “Momma yɛnsoma mmarima nni yɛn anim na wɔnkɔsra asase no so mma yɛn na wɔmmɛka nea wobehu nkyerɛ yɛn na ɛno na ɛbɛkyerɛ yɛn kwan ne nkurow ko a yɛbɛfa so.”
23 ২৩ আপোনালোকৰ এই প্রস্তাৱ মোৰ ভাল লাগিছিল; সেয়ে মই আপোনালোকৰ প্রত্যেক ফৈদৰ পৰা এজনকৈ মুঠ বাৰজন লোকক বাচি লৈছিলোঁ।
Na saa nsusuwii yi ye ma me nti mepaw akwansrafo dumien a mo mmusuakuw dumien no mu nnipa biara wɔ mu.
24 ২৪ তেওঁলোকে পার্বত্য দেশৰ ওপৰলৈ উঠি গৈছিল আৰু ইষ্কোলৰ উপত্যকালৈ আহি ভালদৰে দেশখন অনুসন্ধান কৰি আহিছিল।
Wɔforoo bepɔw no na wokoduu Eskol subon mu sraa hɔ.
25 ২৫ তেওঁলোকে হাতত সেই দেশৰ কিছু কিছু ফল লৈ নামি আহি আমাক কৈছিল, “আমাৰ ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, ই সঁচাকৈয়ে এক উত্তম দেশ।”
Na wɔfaa asase no so aba bi de brɛɛ yɛn. Na wɔkae se, asase a Awurade yɛn Nyankopɔn de ama yɛn no yɛ asase pa.
26 ২৬ কিন্তু আপোনালোকে সেই দেশ আক্রমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিছিল।
Nanso na mompɛ sɛ moforo kɔ soro. Motew Awurade asɛm so atua.
27 ২৭ আপোনালোকে আপোনালোকৰ তম্বুত আপত্তি দর্শাই কৈছিল, “যিহোৱাই আমাক ঘৃণা কৰে। সেয়ে তেওঁ আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমোৰীয়াসকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূর্ণ বিনষ্ট হওঁ।
Munwiinwii wɔ mo ntamadan mu kae se, “Awurade tan yɛn nti na ɔde yɛn fi Misraim de yɛn abɛhyɛ Amorifo nsam sɛ wonkunkum yɛn no.
28 ২৮ এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’”
Yɛrekɔ he? Yɛn akwansrafo no amanneɛbɔ no abu yɛn aba mu. ‘Wɔka se nnipa yɛ atenten ahoɔdenfo sen yɛn. Wɔn nkurow yɛ akɛse a afasu a wɔatoto afa ho no kɔ sorosoro. Na mpo, yehuu Anakfo wɔ hɔ!’”
29 ২৯ তেতিয়া মই আপোনালোকক কৈছিলোঁ, “আপোনালোকে ভয় নকৰিব, সেই লোকসকললৈ ভয় নকৰিব।
Na meka kyerɛɛ mo se, “Mommɔ hu, munnsuro wɔn.
30 ৩০ আপোনালোকৰ ঈশ্বৰ যিহোৱা আপোনালোকৰ আগে আগে আছে আৰু তেওঁ আপোনালোকৰ হৈ যুদ্ধ কৰিব। মিচৰ দেশত আপোনালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল, ইয়াতো তেওঁ সেই একে কার্য কৰিব।
Awurade di mo anim. Ɔbɛko ama mo sɛnea muhuu no sɛ ɔyɛɛ wɔ Misraim no.
31 ৩১ পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”
Na muhuu nso sɛnea Awurade kɔɔ so hwɛɛ mo ntoatoaso wɔ sare so ha sɛnea agya hwɛ ne ba no. Moatwa kwan no nyinaa de abedu beae ha.”
32 ৩২ তথাপিও ইমানতো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা নকৰিলে।
Nanso eyi nyinaa akyi no, moannya Awurade, mo Nyankopɔn no, mu awerehyɛmu.
33 ৩৩ যিহোৱা! যি জন আপোনালোকৰ যাত্রাপথত আগে আগে গৈছিল, যাতে তেওঁ আপোনালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি আপোনালোক যোৱা উচিত, সেই পথ দেখুৱাই আপোনালোকক লৈ যাবলৈ তেঁৱেই ৰাতি অগ্নিৰ মাজেৰে আৰু দিনত মেঘৰ মাজেদি আপোনালোকৰ আগে আগে গৈছিল।
Ɔno na odii mo akwantu no anim, pɛɛ beae pa maa mo tenae, de ogya dum kyerɛɛ mo kwan anadwo de omununkum dum kyerɛɛ mo kwan awia.
34 ৩৪ আপোনালোকৰ কথা শুনি যিহোৱাই ক্রোধিত হৈ শপত খাই এইদৰে কৈছিল,
Awurade tee sɛ morenwiinwii no, ne bo fuw yiye na ɔkaa ntam se,
35 ৩৫ “যি উত্তম দেশ তোমালোকৰ পূর্বপুৰুষসকলক দিম বুলি মই শপত খাইছিলোঁ, নিশ্চয়কৈ এই দুষ্ট বংশৰ লোকসকলৰ মাজৰ এজনেও সেই উত্তম দেশ দেখা নাপাব।
“Saa awo ntoatoaso bɔne yi mu onipa baako koraa nni hɔ a obehu asase pa a, maka ho ntam sɛ mede bɛma mo agyanom no,
36 ৩৬ কেৱল যিফুন্নিৰ পুত্ৰ কালেবে তাক দেখিব; কালেবে যি ঠাইৰ মাজেদি খোজ কাঢ়ি গৈছিল, সেই ভূমি মই তেওঁক আৰু তেওঁৰ উত্তৰপুৰুষসকলক দিম। কাৰণ তেওঁ যিহোৱাৰ পথত সম্পুৰ্ণভাৱে চলিলে।”
gye Yefune babarima Kaleb. Ɔno na obehu saa asase yi. Mede asase a ne nan sii so no bɛma ɔne nʼasefo, efisɛ ɔde ne koma nyinaa dii Awurade akyi.”
37 ৩৭ আপোনালোকৰ বাবে যিহোৱাই মোৰ ওপৰতো ক্রুদ্ধ হৈ কৈছিল, “তুমিও সেই ঠাইত সোমাবলৈ নাপাবা।
Me nso, esiane mo nti, Awurade bo fuw me. Ɔka kyerɛɛ me se, “Wo nan rensi Bɔhyɛ Asase no so da.
38 ৩৮ কিন্তু পৰিচাৰক হিচাবে তোমাৰ আগত থকা নুনৰ পুত্ৰ যিহোচূৱাইহে সেই দেশত প্রৱেশ কৰিব; তুমি যিহোচূৱাক উৎসাহিত কৰিবা, কিয়নো দেশখন অধিকাৰ কৰিবৰ কাৰণে তেওঁৱেই ইস্ৰায়েলীয়াসকলক নেতৃত্ব দি আগবঢ়াই নিব।
Na mmom, wo boafo Nun babarima Yosua na obedi ɔmanfo no anim akɔ asase no so. Hyɛ no nkuran, efisɛ obedi Israelfo no anim akɔfa asase no.
39 ৩৯ তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰ ক্ষতিগ্রস্ত হ’ব; কিন্তু শিশুবোৰে সেই দেশত প্রৱেশ কৰিব। কাৰণ, সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বর্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব।
Mede asase no bɛma wo mma a wonnim biribiara. Wo mma a wonnim papa nnim bɔne no a na wusuro sɛ wɔbɛkyere wɔn nnommum no na mede asase no bɛma wɔn. Wɔn na wɔbɛtena asase no so.
40 ৪০ কিন্তু তোমালোকে হ’লে চূফ সাগৰলৈ যোৱা বাটেদি ঘূৰি মৰুভূমিৰ ফালে যাত্ৰা কৰা।”
Na wo de, dan wʼani kɔ sare so a ɛkeka kɔ Po Kɔkɔɔ no so hɔ.”
41 ৪১ যিহোৱাৰ এই কথা শুনি আপোনালোকে মোক কৈছিল, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ; আমি যুদ্ধ কৰিবলৈ উঠি যাম আৰু আমি আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰেই সকলো কার্য কৰিম।” এই বুলি আপোনালোক প্ৰতিজনে যুদ্ধৰ অস্ত্ৰ-শস্ত্র লৈ পার্বত্য অঞ্চল আক্রমণ কৰিবলৈ যুগুত হৈছিল।
Ɛno na mugye too mu se “Yɛayɛ bɔne atia Awurade. Yɛbɛkɔ asase no so akɔko sɛnea Awurade aka akyerɛ yɛn no.” Enti mo mu biara faa nʼakode hyehyɛe. Na mususuwii sɛ ɔman a ɛda bepɔw so no sokɔ yɛ mmerɛw.
42 ৪২ তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলোকক কোৱা, ‘তোমালোকে আক্রমণ নকৰিবা আৰু যুদ্ধও নকৰিবা। কিয়নো মই তোমালোকৰ লগত নাথাকিম’; সেয়ে যদি তোমালোক যোৱা, তোমালোক শত্রুবোৰৰ হাতত পৰাজিত হ’বা।”
Nanso Awurade ka kyerɛɛ me se, “Ka kyerɛ wɔn se, ‘Monnkɔ hɔ nkɔko, efisɛ merenka mo ho nkɔ. Mo atamfo no bedi mo so.’”
43 ৪৩ মই আপোনালোকক সেই কথা জনাইছিলোঁ, কিন্তু আপোনালোকে তাক নুশুনিলে। আপোনালোকে যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিলে; কিন্তু আপোনালোক অভিমানী লোক আৰু পার্বত্য অঞ্চললৈ উঠি গৈছিল।
Meka kyerɛɛ mo, nanso moantie. Mosɔre tiaa Awurade ahyɛde no na monam ahomaso so foro kɔɔ asase no so kɔkoe.
44 ৪৪ সেই পৰ্ব্বতত বাসকৰা ইমোৰীয়াসকল আপোনালোকৰ বিৰুদ্ধে ওলাই আহিছিল আৰু মৌ-মাখিৰ দৰে আপোনালোকক খেদি পঠাইছিল। চেয়ীৰত হৰ্মালৈকে আপোনালোকক আঘাত কৰি খেদি নিছিল।
Amorifo a wɔte bepɔw no so nso sɔre baa mo so; wɔtaa mo sɛ nnowa, boroo mo fi Seir koduu Horma.
45 ৪৫ তেতিয়া আপোনালোকে উলটি আহি যিহোৱাৰ আগত কান্দিছিল, কিন্তু যিহোৱাই আপোনালোকৰ ক্রন্দন নুশুনিলে; তেওঁ আপোনালোকৰ ক্রন্দনলৈ কাণ নিদিলে।
Afei, mosan ba besuu wɔ Awurade anim, nanso osiw nʼaso a wantie mo su no.
46 ৪৬ এইদৰে আপোনালোক কাদেচত অনেক দিন ধৰি আছিল আৰু তাতেই দীর্ঘদিন অতিবাহিত কৰিছিল।
Ɛno nti, motenaa Kades nna bebree.