< দ্বিতীয় বিবরণ 1 >

1 মোচিয়ে যৰ্দ্দন নদীৰ সিপাৰে মৰুভূমি অঞ্চলত সকলো ইস্ৰায়েলীয়াসকলক এইবোৰ কথা কৈছিল। এই ঠাই চুফৰ সন্মুখত আছিল। এফালে পাৰণ মৰুভূমি আৰু আনফালে তোফল, লাবন, হচেৰোত আৰু দী-জাহব নগৰবোৰৰ মাজত যর্দন নদীৰ উপত্যকাৰ সমথল ভূমিত তেওঁ এই বার্তা দিছিল।
Waɗannan su ne kalmomin da Musa ya yi wa dukan Isra’ila, a hamada gabas da Urdun, wato, Araba, ɗaura da Suf, tsakanin Faran da Tofel, Laban, Hazerot da Dizahab.
2 হোৰেব পাহাৰৰ পৰা চেয়ীৰ পৰ্ব্বতমালাৰ পথেদি কাদেচ-বৰ্ণেয়ালৈ যাবলৈ এঘাৰ দিন লাগে।
(Yakan ɗauki kwana goma sha ɗaya daga Horeb zuwa Kadesh Barneya ta hanyar Dutsen Seyir.)
3 ইস্রায়েলীয়াসকলে মিচৰ দেশ ত্যাগ কৰাৰ চল্লিশ বছৰ হ’ল। সেই বছৰৰ এঘাৰ মাহৰ প্রথম দিনা যিহোৱাই ইস্ৰায়েলীয়া সকলৰ সম্পর্কে মোচিক যি সকলো আজ্ঞা দিছিল, সেই সকলো কথা তেওঁ তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে।
A shekara ta arba’in, a rana ta fari ga wata na goma sha ɗaya, Musa ya yi shela ga Isra’ilawa game da dukan abin da Ubangiji ya umarta shi game da su.
4 যিহোৱাই ইমোৰীয়াসকলৰ ৰজা হিচবোন নিবাসী চীহোনক আৰু অষ্টাৰোৎ নিবাসী বাচানৰ ৰজা ওগক ইদ্ৰেয়ীত বধ কৰাৰ পাছত মোচিয়ে এই কথা ক’লে।
Wannan ya faru bayan ya ci Sihon sarkin Amoriyawa wanda ya yi mulki a Heshbon da yaƙi. A Edireyi kuma ya ci Og sarkin Bashan wanda ya yi mulki a Ashtarot da yaƙi.
5 বিধানৰ এই সকলোবোৰ কথা মোচিয়ে যৰ্দ্দনৰ সিপাৰে মোৱাব দেশত ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে।
Gabas da iyakar Mowab, Musa ya fara bayyana wannan doka, yana cewa,
6 তেওঁ ক’লে, হোৰেব পাহাৰত, “আমাৰ ঈশ্বৰ যিহোৱাই আমাক কৈছিল, ‘তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা।
Ubangiji Allahnmu ya faɗa mana a Horeb cewa, “Daɗewarku a wannan dutse ya isa haka.
7 এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা। ইমোৰীয়াসকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা। তাৰ ওচৰ পাজৰৰ সকলো ঠাইলৈকে যোৱা। তাৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথল, পাহাৰীয়া অঞ্চল, নিম্ন ভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰতীৰলৈ যোৱা। কনানীয়াসকলৰ দেশৰ লগতে লিবানোনৰ পাহাৰলৈকে ইউফ্রেটিচ নামৰ মহানদী পর্যন্ত যোৱা।
Ku tashi, ku ci gaba zuwa ƙasar tudun Amoriyawa; ku tafi wurin dukan maƙwabta a cikin Araba, a cikin duwatsu, a gindin yammancin tuddai, a Negeb da kuma a ta kwaruruka, da ƙasar Kan’aniyawa da kuma zuwa Lebanon, har zuwa babban kogi, wato, Yuferites.
8 শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।’”
Duba na riga na ba ku wannan ƙasa. Ku shiga ku mallaki ƙasar da Ubangiji ya rantse zai ba wa kakanninku, ga Ibrahim, Ishaku da kuma Yaƙub, da kuma ga zuriyarsu bayansu.”
9 সেই সময়ত মই আপোনালোকক কৈছিলোঁ, “মোৰ পক্ষে আপোনালোকৰ ভাৰ অকলে বৈ নিয়াটো সম্ভৱ নহয়।
A wancan lokaci na faɗa muku cewa, “Ku kaya ne masu nauyi da ni kaɗai ba zan iya ɗauka ba.
10 ১০ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চাওঁক, আজি আপোনালোক আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’ল।
Ubangiji Allahnku ya ƙara yawanku har yau kuka zama da yawa kamar taurari a sarari.
11 ১১ আপোনালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই বর্তমানতকৈ আপোনালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক; তেওঁৰ প্রতিজ্ঞা অনুসাৰেই আপোনালোকক তেওঁ আশীৰ্ব্বাদ কৰক।
Bari Ubangiji, Allahn kakanninku yă ƙara yawanku sau dubu, yă kuma albarkace ku yadda ya yi alkawari!
12 ১২ কিন্তু মই অকলে কেনেকৈ আপোনালোকৰ সকলো বাদ-বিবাদ মীমাংসা কৰাৰ ভাৰ আৰু বোজা বহন কৰিম?
Amma yaya zan ɗauka dukan damuwoyinku da nawayarku da kuma faɗace-faɗacenku duka ni kaɗai?
13 ১৩ আপোনালোকে আপোনালোকৰ প্রত্যেকটো ফৈদৰ পৰা কেইজনমান জ্ঞানৱান, বিজ্ঞ আৰু সুখ্যাতিপূর্ণ লোকক বাচি লওঁক; মই আপোনালোকৰ ওপৰত তেওঁলোকক মুখিয়াল পাতিম।”
Ku zaɓi waɗansu masu hikima, masu ganewa, da kuma mutanen da ake girmama daga kowace kabilarku, zan kuma sa su a kanku.”
14 ১৪ আপোনালোকে তাৰ উত্তৰত মোক কৈছিল, “আপুনি যি কথা কৈছে তাকে কৰা ভাল।”
Kuka amsa mini, kuka ce, “Abin da ka ce za ka yi, yana da kyau.”
15 ১৫ সেয়ে মই আপোনালোকৰ ফৈদবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোকসকলক লৈ আপোনালোকৰ ওপৰত মুখিয়াল পাতিলো। প্রত্যেক ফৈদৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ।
Saboda haka na ɗauko shugabannin kabilanku masu hikima, waɗanda suka saba da ma’amala da jama’a, na sa su shugabanni a gabanku, waɗansu suka zama shugabanni a kan dubu-dubu, waɗansu a kan ɗari-ɗari, waɗansu a kan hamsin-hamsin, waɗansu kuma a kan goma-goma. Na sa su zama shugabanni a kabilanku.
16 ১৬ আপোনালোকৰ বিচাৰকসকলক সেই সময়ত মই এই আজ্ঞা দিছিলোঁ, “আপোনালোকে বাদ-বিবাদৰ সময়ত ভাইসকলৰ দুই পক্ষৰ কথা শুনি ন্যায়ভাৱে বিচাৰ কৰিব; সেই বিবাদ ইস্রায়েলীয়া ভাইসকলৰ মাজতেই হওঁক বা এজন ইস্রায়েলীয়া আৰু ভিন্ন জাতিৰ বিদেশীৰ মাজতেই হওঁক।
Na kuma umarci alƙalanku a wancan lokaci, na ce, “Ku yi adalci cikin shari’a tsakanin’yan’uwanku, ko damuwar tana tsakanin’yan’uwa Isra’ilawa ne, ko kuwa tsakanin Isra’ilawa da baƙin da suke zaune a cikinku.
17 ১৭ বিবাদৰ সময়ত আপোনালোকে কাৰো পক্ষ নল’ব আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে আপোনালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ আপোনালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিব, মই সেই বিচাৰ কৰিম।”
Kada ku nuna sonkai a cikin hukuncinku, ku saurari kowane ɓangare, babba da ƙarami, kada ku ji tsoron wani, gama hukunci na Allah ne. Ku kawo kowane batun da ya sha ƙarfinku, zan kuwa saurare shi.”
18 ১৮ আপোনালোকে কৰিবলগীয়া সকলোবোৰেই মই তেতিয়া আপোনালোকক আজ্ঞা দিছিলোঁ।
A wancan lokacin kuwa na faɗa muku dukan abin da ya kamata ku yi.
19 ১৯ ইয়াৰ পাছত আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আমি হোৰেব পাহাৰ এৰি ইমোৰীয়াসকলৰ পাহাৰীয়া অঞ্চলৰ অভিমুখে যাত্রা কৰিছিলোঁ। আপোনালোকে যি ডাঙৰ আৰু বিপদসংকুল মৰুভূমি দেখিছিল, তাৰ মাজেদি আমি গৈ কাদেচ-বৰ্ণেয়া পাইছিলোঁ।
Sa’an nan, muka kama hanya daga Horeb muka ratsa wajen ƙasar tudun Amoriyawa ta dukan hamadarta mai fāɗi, da kuma mai bantsoron da kuka gani, muka kuma kai Kadesh Barneya yadda Ubangiji, Allahnmu ya umarce mu.
20 ২০ তাৰ পাছত মই আপোনালোকক কৈছিলোঁ, “আপোনালোক ইমোৰীয়া পাহাৰী অঞ্চল আহি পালে। আমাৰ ঈশ্বৰ যিহোৱাই আমাক এই দেশ দিবলৈ গৈ আছে।
Sai na ce muku, “Kun iso ƙasar tudun Amoriyawa, wadda Ubangiji, Allahnmu yake ba mu.
21 ২১ চাওঁক, আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া গোটেই দেশ আপোনালোকৰ আগত আছে। আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰক; আপোনালোকে ভয় নকৰিব, নিৰাশ নহ’ব।”
Duba, Ubangiji Allahnku ya ba ku ƙasar. Ku haura ku mallake ta yadda Ubangiji Allahn kakanninku ya faɗa muku. Kada ku ji tsoro, kada ku fid da zuciya.”
22 ২২ তেতিয়া আপোনালোক সকলোৱে আহি মোক কৈছিলে, “কেইজনমান লোকক আগেয়ে পঠাই দিয়া হওঁক যাতে তেওঁলোকে দেশখন চাই মেলি আহি আমাক কব পাৰে কোন পথেৰে গৈ আমি আক্রমণ কৰা উচিত আৰু কোন কোন নগৰবোৰ আমি সন্মুখত পাম।”
Sai dukanku kuka zo wurina kuka ce, “Bari mu aiki mutane su yi gaba su leƙi mana asirin ƙasar, su kuma kawo mana labari game da hanyar da za mu bi, da kuma biranen da za mu shiga.”
23 ২৩ আপোনালোকৰ এই প্রস্তাৱ মোৰ ভাল লাগিছিল; সেয়ে মই আপোনালোকৰ প্রত্যেক ফৈদৰ পৰা এজনকৈ মুঠ বাৰজন লোকক বাচি লৈছিলোঁ।
Ra’ayin nan naku ya yi mini kyau, saboda haka na zaɓe ku goma sha biyu, mutum guda daga kowace kabila.
24 ২৪ তেওঁলোকে পার্বত্য দেশৰ ওপৰলৈ উঠি গৈছিল আৰু ইষ্কোলৰ উপত্যকালৈ আহি ভালদৰে দেশখন অনুসন্ধান কৰি আহিছিল।
Suka tafi, suka haura zuwa ƙasar tudu, suka kai Kwarin Eshkol, suka leƙo asirin ƙasar.
25 ২৫ তেওঁলোকে হাতত সেই দেশৰ কিছু কিছু ফল লৈ নামি আহি আমাক কৈছিল, “আমাৰ ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, ই সঁচাকৈয়ে এক উত্তম দেশ।”
Suka ɗebi’ya’yan itatuwan ƙasar, suka sauko mana da su, suka kuma ba da labari cewa, “Ƙasar da Ubangiji Allahnmu yake ba mu, kyakkyawa ce.”
26 ২৬ কিন্তু আপোনালোকে সেই দেশ আক্রমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিছিল।
Amma ba ku yi niyya ku haura ba, kuka yi tawaye gāba da umarnin Ubangiji Allahnku.
27 ২৭ আপোনালোকে আপোনালোকৰ তম্বুত আপত্তি দর্শাই কৈছিল, “যিহোৱাই আমাক ঘৃণা কৰে। সেয়ে তেওঁ আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমোৰীয়াসকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূর্ণ বিনষ্ট হওঁ।
Kuka yi gunaguni a cikin tentunanku, kuna cewa, “Ubangiji ya ƙi mu; shi ya sa ya fitar da mu daga Masar don yă ba da mu ga hannuwan Amoriyawa su hallaka mu.
28 ২৮ এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’”
Ina za mu?’Yan’uwanmu suka sa muka fid da zuciya. Suka ce, ‘Mutanen sun fi mu ƙarfi, sun kuma fi mu tsayi; biranen manya ne, da katanga har sama. Mun ma ga Anakawa a can.’”
29 ২৯ তেতিয়া মই আপোনালোকক কৈছিলোঁ, “আপোনালোকে ভয় নকৰিব, সেই লোকসকললৈ ভয় নকৰিব।
Sai na ce muku, “Kada ku firgita; kada ku ji tsoronsu.
30 ৩০ আপোনালোকৰ ঈশ্বৰ যিহোৱা আপোনালোকৰ আগে আগে আছে আৰু তেওঁ আপোনালোকৰ হৈ যুদ্ধ কৰিব। মিচৰ দেশত আপোনালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল, ইয়াতো তেওঁ সেই একে কার্য কৰিব।
Ubangiji Allahnku yana a gabanku, zai yi yaƙi saboda ku, kamar yadda ya yi a kan idanunku a Masar,
31 ৩১ পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”
da kuma a cikin hamada. A can ma kun ga yadda Ubangiji Allahnku ya riƙe ku ko’ina da kuka tafi, kamar yadda mahaifi yakan riƙe ɗansa, sai da kuka kai wannan wuri.”
32 ৩২ তথাপিও ইমানতো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা নকৰিলে।
Duk da haka, ba ku amince da Ubangiji Allahnku ba,
33 ৩৩ যিহোৱা! যি জন আপোনালোকৰ যাত্রাপথত আগে আগে গৈছিল, যাতে তেওঁ আপোনালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি আপোনালোক যোৱা উচিত, সেই পথ দেখুৱাই আপোনালোকক লৈ যাবলৈ তেঁৱেই ৰাতি অগ্নিৰ মাজেৰে আৰু দিনত মেঘৰ মাজেদি আপোনালোকৰ আগে আগে গৈছিল।
shi da ya sha gabanku a tafiyarku, cikin wuta da dad dare da kuma girgije da rana, don yă nemi wurare domin ku kafa sansani, don kuma yă nuna muku hanyar da za ku bi.
34 ৩৪ আপোনালোকৰ কথা শুনি যিহোৱাই ক্রোধিত হৈ শপত খাই এইদৰে কৈছিল,
Da Ubangiji ya ji abin da kuka faɗa, sai ya husata, ya kuma yi rantsuwa ya ce,
35 ৩৫ “যি উত্তম দেশ তোমালোকৰ পূর্বপুৰুষসকলক দিম বুলি মই শপত খাইছিলোঁ, নিশ্চয়কৈ এই দুষ্ট বংশৰ লোকসকলৰ মাজৰ এজনেও সেই উত্তম দেশ দেখা নাপাব।
“Babu wani a cikin wannan muguwar tsara da zai ga ƙasa mai kyau da na rantse zan ba wa kakanninku,
36 ৩৬ কেৱল যিফুন্নিৰ পুত্ৰ কালেবে তাক দেখিব; কালেবে যি ঠাইৰ মাজেদি খোজ কাঢ়ি গৈছিল, সেই ভূমি মই তেওঁক আৰু তেওঁৰ উত্তৰপুৰুষসকলক দিম। কাৰণ তেওঁ যিহোৱাৰ পথত সম্পুৰ্ণভাৱে চলিলে।”
sai dai Kaleb ɗan Yefunne. Zai gan ta, zan ba shi duk ƙasar da tafin ƙafarsa ta taka, shi da zuriyarsa, gama ya bi Ubangiji da zuciya ɗaya.”
37 ৩৭ আপোনালোকৰ বাবে যিহোৱাই মোৰ ওপৰতো ক্রুদ্ধ হৈ কৈছিল, “তুমিও সেই ঠাইত সোমাবলৈ নাপাবা।
Saboda ku Ubangiji ya husata da ni, ya kuma ce, “Kai ma, ba za ka shiga ƙasar ba.
38 ৩৮ কিন্তু পৰিচাৰক হিচাবে তোমাৰ আগত থকা নুনৰ পুত্ৰ যিহোচূৱাইহে সেই দেশত প্রৱেশ কৰিব; তুমি যিহোচূৱাক উৎসাহিত কৰিবা, কিয়নো দেশখন অধিকাৰ কৰিবৰ কাৰণে তেওঁৱেই ইস্ৰায়েলীয়াসকলক নেতৃত্ব দি আগবঢ়াই নিব।
Amma mataimakinka, Yoshuwa ɗan Nun, zai shiga. Ka ƙarfafa shi gama shi ne zai jagoranci Isra’ila su gāje ta.
39 ৩৯ তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰ ক্ষতিগ্রস্ত হ’ব; কিন্তু শিশুবোৰে সেই দেশত প্রৱেশ কৰিব। কাৰণ, সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বর্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব।
Amma’ya’yanku ƙanana waɗanda ba su san mugunta ko nagarta ba, waɗanda kuke tsammani za a kwashe su ganima, su za su shiga ƙasar. Zan ba da ita gare su, za su kuwa mallake ta.
40 ৪০ কিন্তু তোমালোকে হ’লে চূফ সাগৰলৈ যোৱা বাটেদি ঘূৰি মৰুভূমিৰ ফালে যাত্ৰা কৰা।”
Amma ku kam, sai ku juya, ku koma cikin hamada ta hanyar Jan Teku.”
41 ৪১ যিহোৱাৰ এই কথা শুনি আপোনালোকে মোক কৈছিল, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ; আমি যুদ্ধ কৰিবলৈ উঠি যাম আৰু আমি আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰেই সকলো কার্য কৰিম।” এই বুলি আপোনালোক প্ৰতিজনে যুদ্ধৰ অস্ত্ৰ-শস্ত্র লৈ পার্বত্য অঞ্চল আক্রমণ কৰিবলৈ যুগুত হৈছিল।
Sai kuka amsa, kuka ce, “Mun yi zunubi ga Ubangiji. Za mu haura mu yi yaƙi yadda Ubangiji Allahnmu ya umarce mu.” Saboda haka kowannenku ya yi ɗamara da kayan yaƙinsa, kuka yi tsammani zai zama muku da sauƙi ku ci ƙasar tuddai da yaƙi.
42 ৪২ তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলোকক কোৱা, ‘তোমালোকে আক্রমণ নকৰিবা আৰু যুদ্ধও নকৰিবা। কিয়নো মই তোমালোকৰ লগত নাথাকিম’; সেয়ে যদি তোমালোক যোৱা, তোমালোক শত্রুবোৰৰ হাতত পৰাজিত হ’বা।”
Amma Ubangiji ya ce mini, “In faɗa muku, ‘Kada ku fāɗa musu da yaƙi, gama ba zai kasance tare da ku ba. Idan kuka kuskura, abokan gābanku za su murƙushe ku.’”
43 ৪৩ মই আপোনালোকক সেই কথা জনাইছিলোঁ, কিন্তু আপোনালোকে তাক নুশুনিলে। আপোনালোকে যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিলে; কিন্তু আপোনালোক অভিমানী লোক আৰু পার্বত্য অঞ্চললৈ উঠি গৈছিল।
Sai na faɗa muku, amma ba ku saurara ba. Kuka yi tawaye ga umarnin Ubangiji, a cikin jahilcinku kuwa kuka taka, kuka haura cikin ƙasar tudu.
44 ৪৪ সেই পৰ্ব্বতত বাসকৰা ইমোৰীয়াসকল আপোনালোকৰ বিৰুদ্ধে ওলাই আহিছিল আৰু মৌ-মাখিৰ দৰে আপোনালোকক খেদি পঠাইছিল। চেয়ীৰত হৰ্মালৈকে আপোনালোকক আঘাত কৰি খেদি নিছিল।
Amoriyawan da suke zama a waɗannan tuddai, suka fito kamar tarin ƙudan zuma gāba da ku, suka kore ku, suka fatattake ku daga Seyir har zuwa Horma.
45 ৪৫ তেতিয়া আপোনালোকে উলটি আহি যিহোৱাৰ আগত কান্দিছিল, কিন্তু যিহোৱাই আপোনালোকৰ ক্রন্দন নুশুনিলে; তেওঁ আপোনালোকৰ ক্রন্দনলৈ কাণ নিদিলে।
Kuka dawo, kuka yi kuka a gaban Ubangiji, amma bai kula da ku ba, balle yă saurare ku.
46 ৪৬ এইদৰে আপোনালোক কাদেচত অনেক দিন ধৰি আছিল আৰু তাতেই দীর্ঘদিন অতিবাহিত কৰিছিল।
Haka kuwa kuka zauna a Kadesh kwanaki masu yawa, kuka ci lokaci a can.

< দ্বিতীয় বিবরণ 1 >