< দানিয়েল 1 >
1 ১ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ তৃতীয় বছৰত, বাবিলৰ ৰজা নবূখদনেচৰ যিৰূচালেমলৈ আহিল, আৰু সকলো দিশৰ পৰা যোগান বন্ধ কৰিবলৈ নগৰখন বেৰি ধৰিলে।
В третата година от царуването на Юдовия цар Иоаким дойде вавилонския цар Навуходоносор в Eрусалим и го обсади.
2 ২ প্ৰভুৱে নবুখদনেচৰক যিহূদাৰ ৰজা যিহোয়াকীমৰ ওপৰত জয়যুক্ত কৰিলে, আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্র বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চিনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ’ল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত হ’ল।
И Господ предаде в ръката му Юдовия цар Иоаким и част от съдовете в Божия дом; и той ги занесе в земята Сенаар, в капището на своя бог, и съдовете внесе в съкровищницата на своя бог.
3 ৩ তাৰ পাছত ৰজাই তেওঁৰ নপুংসকসকলৰ অধ্যক্ষ অস্পনজকক কৈছিল, “ৰাজ-বংশৰ আৰু প্ৰধান লোকসকলৰ মাজৰ কিছুমান
И царят заповяда на началника на скопците си Асфеназ да доведе някой от израиляните, сиреч, от царския род и от благородните,
4 ৪ কলঙ্ক নথকা, দেখাত আকৰ্ষণীয়, সকলো বিদ্যাত নিপুণ, জ্ঞান আৰু বিবেচনাৰে পৰিপূৰ্ণ, আৰু ৰাজগৃহত পৰিচৰ্যা কৰিবলৈ যোগ্যতা থকা ইস্রায়েলী যুৱকসকলক মাতি আনা। তেওঁ তেওঁলোকক কলদীয়া সাহিত্য আৰু ভাষা শিকাইছিল।
юноши без никакъв недостатък, красиви на глед, които проумяваха всякаква мъдрост, вещи във всякакво знание, такива, които владееха науките и бяха достойни да стоят в царския палат, та да ги учението и езика на халдейците.
5 ৫ ৰজাই তেওঁৰ বিশেষ উত্তম খাদ্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসৰ পৰা তেওঁলোকক প্রতিদিনৰ ভাগ দিছিল। এই যুৱক সকলক তিনি বছৰৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব, আৰু তাৰ পাছত তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিব পাৰিব।
И царят им определи за всеки ден дял от царските изрядни ястия и от виното, което той пиеше, с които да ги хранят три години, за да стоят пред царя след изтичането на това време.
6 ৬ তেওঁলোকৰ মাজত যিহূদা-বংশৰ দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াও আছিল।
А между тях бяха, от юдейците, Даниил, Анания, Мисаил, и Азария,
7 ৭ নপুংসকসকলৰ অধ্যক্ষই তেওঁলোকৰ নাম সলনি কৰি দানিয়েলক বেলটচচৰ, হননিয়াক চদ্ৰক, মীচায়েলক মৈচক, আৰু অজৰিয়াক অবেদ-নগো নাম দিলে।
които началникът на скопците преименува, като нарече Даниила Валтасасар, и Анания Седрах, Мисаила Мисах, и Азария, Авденаго.
8 ৮ কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।
Но Даниил реши в сърцето си да се не оскверни от изрядните ястия на царя, нито от виното, което той пиеше; затова, помоли началника на скопците да се не оскверни.
9 ৯ তেতিয়া ঈশ্বৰে দানিয়েলক নপুংসকসকলৰ সেই অধ্যক্ষৰ আগত দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে।
А Бог направи щото Даниил да придобие благоволение и милост пред началника на скопците.
10 ১০ তাতে নপুংসকসকলৰ সেই অধ্যক্ষই দানিয়েলক ক’লে, “মোৰ প্ৰভু মহাৰাজক মই ভয় কৰোঁ। তোমালোকে কি খাবা আৰু কি পান কৰিবা সেই বিষয়ে ৰজাই মোক আদেশ দিছে, কিয়নো তেওঁ তোমালোকৰ মুখ তোমালোকৰ সমবয়সীয়া যুৱকসকলতকৈ নিকৃষ্ট দেখিব? তোমালোকৰ কাৰণে মোৰ ওপৰত ৰজাৰ প্রতাপ আছে।”
И началникът на скопците рече на Даниила: Аз се боя от господаря си царя, който определи ястието ви и питието ви, да не би да види, че лицата ви са по-малко поправени от лицата на юношите вашите връстници, и така да турите главата ми в опасност пред царя.
11 ১১ তাৰ পাছত দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা তত্ত্বাবধায়কৰ সৈতে দানিয়েলে কথা পাতিলে।
Тогава Даниил рече на надзирателя, когото началникът на скопците беше поставил над Даниила, Анания, Мисаила, и Азария.
12 ১২ তেওঁ ক’লে, “আপুনি অনুগ্ৰহ কৰি, দহ দিন আপোনাৰ এই দাস সকলক পৰীক্ষা কৰি চাওক; আমাক খাবলৈ কেৱল শাক-পাচলি, আৰু পান কৰিবলৈ পানী দিয়ক।
Опитай, моля, слугите си десет дни, през което време да ни се даде зеленчук да ядем и вода да пием;
13 ১৩ তাৰ পাছত আমাৰ, আৰু ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলৰ চেহেৰাৰ পৰীক্ষা কৰি চাওক; আপুনি যি দেখিব, সেইদৰে আপোনাৰ এই দাসবোৰলৈ ব্যৱহাৰ কৰিব।”
после нека се прегледат пред тебе нашите лица и лицата на юношите, които ядат от изрядните ястия на царя; и според каквото видиш постъпи със слугите си.
14 ১৪ সেয়ে তেওঁ তেওঁলোকৰ সেই কথাত মান্তি হৈ দহ দিনলৈকে তেওঁলোকক পৰীক্ষা কৰিলে।
И той ги послуша в това нещо, и ги опита десет дена.
15 ১৫ দহ দিনৰ পাছত দেখা গ’ল, ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলতকৈ তেওঁলোকৰ চেহেৰা অধিক স্বাস্থ্যৱান, আৰু অধিক পৰিপুষ্ট হ’ল।
И на края на десетте дена техните лица изглеждаха по-красиви и по-пълни, отколкото лицата на всичките юноши, които ядяха от изрядните ястия на царя.
16 ১৬ সেয়ে তত্বাৱধায়কে তেওঁলোকক উত্তম আহাৰ, আৰু দ্ৰাক্ষাৰসৰ সলনি তেওঁলোকক শাক-পাচলি দিবলৈ ধৰিলে।
И тъй, надзирателят отнемаше от тях изрядното ястие и виното, което трябваше да пият, и им даваше зеленчук.
17 ১৭ ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।
А на тия четири юноша Бог даде знание и разум във всяко учение и мъдрост; и Даниил можеше да проумява всички видения и сънувания.
18 ১৮ তাৰ পাছত ৰজাৰ দ্বাৰাই নিৰ্ণয় কৰা যি সময়ত সকলোকে আনিবলৈ ৰজাই আজ্ঞা দিছিল। সেই সময়ত নপুংসকসকলৰ অধক্ষ্যই ৰজা নবূখদনেচৰৰ আগত তেওঁলোকক উপস্থিত কৰালে।
И на края на дните, когато царят бе заповядал да ги въведат, началникът на скопците ги въведе пред Навуходоносора.
19 ১৯ ৰজাই তেওঁলোকৰ লগত কথা পাতিলে, আৰু তেওঁলোকৰ সকলো দলৰ মাজত, দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ তুলনাত আন কাকো পোৱা নগ’ল। সেয়ে তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিবলৈ প্রস্তুত হ’ল।
И като разговаря с тях царят, между всички тях не се намери подобен на Даниила, Анания, Мисаила, и Азария; за това, те стояха пред царя.
20 ২০ ৰজাই তেওঁলোকক সোধা জ্ঞান আৰু বিবেচনাৰ প্রতিটো প্রশ্নৰ বিষয়ত, তেওঁৰ ৰাজ্যত থকা শাস্ত্ৰজ্ঞ আৰু গণকসকলতকৈ তেওঁলোকক দহগুণে শ্রেষ্ঠ পালে।
И във всяко дело, което изискваше мъдрост и проумяване, за което царят ги попита, намери ги десет пъти по-добри от всичките врачове и вражари, които бяха в цялото му царство.
21 ২১ দানিয়েল ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰলৈকে সেই ঠাইতে থাকিল।
И Даниил остана до първата година на цар Кира.