< দানিয়েল 9 >

1 মাদিয়া বংশৰ অহচবেৰোচৰ পুত্ৰ দাৰিয়াবচক কলদীয়া ৰাজ্যৰ ওপৰত ৰজা পতা হৈছিল।
בִּשְׁנַת אַחַת לְדָרְיָוֶשׁ בֶּן־אֲחַשְׁוֵרוֹשׁ מִזֶּרַע מָדָי אֲשֶׁר הָמְלַךְ עַל מַלְכוּת כַּשְׂדִּֽים׃
2 দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰত মই দানিয়েলে, ভাববাদী যিৰিমিয়ালৈ অহা যিহোৱাৰ বাক্য থকা পুথি পঢ়িছিলো। মই পঢ়ি জানিব পাৰিছিলো যে, ইয়াত সত্তৰ বছৰলৈকে যিৰূচালেম ত্যাগ কৰা সমাপ্ত কৰা হ’ব।
בִּשְׁנַת אַחַת לְמָלְכוֹ אֲנִי דָּֽנִיֵּאל בִּינֹתִי בַּסְּפָרִים מִסְפַּר הַשָּׁנִים אֲשֶׁר הָיָה דְבַר־יְהוָה אֶל־יִרְמִיָה הַנָּבִיא לְמַלֹּאות לְחָרְבוֹת יְרוּשָׁלַ͏ִם שִׁבְעִים שָׁנָֽה׃
3 তেতিয়া মই লঘোন দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ।
וָאֶתְּנָה אֶת־פָּנַי אֶל־אֲדֹנָי הָֽאֱלֹהִים לְבַקֵּשׁ תְּפִלָּה וְתַחֲנוּנִים בְּצוֹם וְשַׂק וָאֵֽפֶר׃
4 মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰোঁ, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্ৱাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,
וָֽאֶתְפַּֽלְלָה לַיהוָה אֱלֹהַי וָאֶתְוַדֶּה וָאֹֽמְרָה אָנָּא אֲדֹנָי הָאֵל הַגָּדוֹל וְהַנּוֹרָא שֹׁמֵר הַבְּרִית וְֽהַחֶסֶד לְאֹהֲבָיו וּלְשֹׁמְרֵי מִצְוֺתָֽיו׃
5 আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
חָטָאנוּ וְעָוִינוּ והרשענו הִרְשַׁעְנוּ וּמָרָדְנוּ וְסוֹר מִמִּצְוֺתֶךָ וּמִמִּשְׁפָּטֶֽיךָ׃
6 আপোনাৰ দাস যি ভাববাদীসকলে আমাৰ ৰজা, মুখ্যলোক, পূৰ্বপুৰুষ, আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ।
וְלֹא שָׁמַעְנוּ אֶל־עֲבָדֶיךָ הַנְּבִיאִים אֲשֶׁר דִּבְּרוּ בְּשִׁמְךָ אֶל־מְלָכֵינוּ שָׂרֵינוּ וַאֲבֹתֵינוּ וְאֶל כָּל־עַם הָאָֽרֶץ׃
7 হে প্ৰভু ধৰ্মিকতা আপোনাৰেই; যিহূদাৰ লোক, যিৰূচালেম নিবাসী, আৰু সকলো ইস্রায়েল লোকৰ আজি মুখ বিবৰ্ণ হৈছে। আপোনাৰ বিৰুদ্ধে কৰা বিশ্বাসঘাতৰ বাবে আপোনাৰ দ্বাৰাই কৰা সকলো দেশত ছিন্ন-ভিন্ন হোৱা, ওচৰত থকা আৰু দূৰত থকা সকলো ইস্ৰায়েলী লোকসকলৰ মুখ বিবৰ্ণ হৈছে।
לְךָ אֲדֹנָי הַצְּדָקָה וְלָנוּ בֹּשֶׁת הַפָּנִים כַּיּוֹם הַזֶּה לְאִישׁ יְהוּדָה וּלְיוֹשְׁבֵי יְרֽוּשָׁלִַם וּֽלְכָל־יִשְׂרָאֵל הַקְּרֹבִים וְהָרְחֹקִים בְּכָל־הָֽאֲרָצוֹת אֲשֶׁר הִדַּחְתָּם שָׁם בְּמַעֲלָם אֲשֶׁר מָֽעֲלוּ־בָֽךְ׃
8 হে প্ৰভু, আমাৰ ৰজাসকল, মুখ্য লোকসকল, আৰু আমাৰ পূৰ্বপুৰুষসকলৰ মুখ বিবৰ্ণ হৈছে; কাৰণ আমি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
יְהוָה לָנוּ בֹּשֶׁת הַפָּנִים לִמְלָכֵינוּ לְשָׂרֵינוּ וְלַאֲבֹתֵינוּ אֲשֶׁר חָטָאנוּ לָֽךְ׃
9 আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই আছে;
לַֽאדֹנָי אֱלֹהֵינוּ הָרַחֲמִים וְהַסְּלִחוֹת כִּי מָרַדְנוּ בּֽוֹ׃
10 ১০ আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি শুনা নাই, আৰু তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই।
וְלֹא שָׁמַעְנוּ בְּקוֹל יְהוָה אֱלֹהֵינוּ לָלֶכֶת בְּתֽוֹרֹתָיו אֲשֶׁר נָתַן לְפָנֵינוּ בְּיַד עֲבָדָיו הַנְּבִיאִֽים׃
11 ১১ ইস্ৰায়েলী লোকসকলে আপোনাৰ বিধান লঙ্ঘন কৰিলে, আৰু বিপথগামী হৈ আপোনাৰ কথা মানি চলিবলৈ অমান্তি হ’ল। ঈশ্বৰৰ দাস মোচিৰ বিধানত লিখা শাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে; কাৰণ আমি তেওঁৰ বিৰুদ্ধে পাপ কৰিলোঁ।
וְכָל־יִשְׂרָאֵל עָֽבְרוּ אֶת־תּוֹרָתֶךָ וְסוֹר לְבִלְתִּי שְׁמוֹעַ בְּקֹלֶךָ וַתִּתַּךְ עָלֵינוּ הָאָלָה וְהַשְּׁבֻעָה אֲשֶׁר כְּתוּבָה בְּתוֹרַת מֹשֶׁה עֶֽבֶד־הָֽאֱלֹהִים כִּי חָטָאנוּ לֽוֹ׃
12 ১২ যিহোৱাই আমাৰ আৰু আমাৰ শাসকসকলৰ বিৰুদ্ধে কোৱা কথা সিদ্ধ কৰিলে, আৰু আমাৰ ওপৰত মহা দুৰ্যোগ আনিলে। কিয়নো যিৰূচালেমলৈ যেনে কৰা হ’ল, গোটেই আকাশ মণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই।
וַיָּקֶם אֶת־דבריו דְּבָרוֹ ׀ אֲשֶׁר־דִּבֶּר עָלֵינוּ וְעַל שֹֽׁפְטֵינוּ אֲשֶׁר שְׁפָטוּנוּ לְהָבִיא עָלֵינוּ רָעָה גְדֹלָה אֲשֶׁר לֹֽא־נֶעֶשְׂתָה תַּחַת כָּל־הַשָּׁמַיִם כַּאֲשֶׁר נֶעֶשְׂתָה בִּירוּשָׁלָֽ͏ִם׃
13 ১৩ মোচিৰ বিধানত লিখাৰ দৰে, সকলো দুৰ্যোগ আমাৰ ওপৰত আহিল, তথাপি আমি নিজৰ অপৰাধৰ পৰা মন পালটন কৰি আপোনাৰ সত্যতালৈ মনোযোগ দি, আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা অনুগ্ৰহ পাবলৈ প্ৰাৰ্থনা কৰা নাই।
כַּאֲשֶׁר כָּתוּב בְּתוֹרַת מֹשֶׁה אֵת כָּל־הָרָעָה הַזֹּאת בָּאָה עָלֵינוּ וְלֹֽא־חִלִּינוּ אֶת־פְּנֵי ׀ יְהוָה אֱלֹהֵינוּ לָשׁוּב מֵֽעֲוֺנֵנוּ וּלְהַשְׂכִּיל בַּאֲמִתֶּֽךָ׃
14 ১৪ সেই কাৰণে যিহোৱাই হাতত ধৰি দুৰ্যোগবোৰ আমাৰ ওপৰলৈ আনিলে; কাৰণ আমাৰ ঈশ্বৰ যিহোৱাই কৰা সকলো কাৰ্য ধর্মময়, তথাপি আমি তেওঁৰ কথা মানি চলা নাই।
וַיִּשְׁקֹד יְהוָה עַל־הָרָעָה וַיְבִיאֶהָ עָלֵינוּ כִּֽי־צַדִּיק יְהוָה אֱלֹהֵינוּ עַל־כָּל־מַֽעֲשָׂיו אֲשֶׁר עָשָׂה וְלֹא שָׁמַעְנוּ בְּקֹלֽוֹ׃
15 ১৫ এতিয়া হে আমাৰ প্ৰভু ঈশ্বৰ, মিচৰ দেশৰ পৰা নিজৰ লোকসকলক পৰাক্রমী হাতেৰে উলিয়াই আনিলে, আজিলৈকে আপোনাৰ নাম কীৰ্ত্তিমন্ত কৰি ৰাখিলে। কিন্তু আমি এতিয়াও পাপ, আৰু দুষ্কৰ্ম কৰি আছোঁ।
וְעַתָּה ׀ אֲדֹנָי אֱלֹהֵינוּ אֲשֶׁר הוֹצֵאתָ אֶֽת־עַמְּךָ מֵאֶרֶץ מִצְרַיִם בְּיָד חֲזָקָה וַתַּֽעַשׂ־לְךָ שֵׁם כַּיּוֹם הַזֶּה חָטָאנוּ רָשָֽׁעְנוּ׃
16 ১৬ হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ যিৰূচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে, যিৰূচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্র হৈছে।
אֲדֹנָי כְּכָל־צִדְקֹתֶךָ יָֽשָׁב־נָא אַפְּךָ וַחֲמָתְךָ מֵעִֽירְךָ יְרוּשָׁלַ͏ִם הַר־קָדְשֶׁךָ כִּי בַחֲטָאֵינוּ וּבַעֲוֺנוֹת אֲבֹתֵינוּ יְרוּשָׁלַ͏ִם וְעַמְּךָ לְחֶרְפָּה לְכָל־סְבִיבֹתֵֽינוּ׃
17 ১৭ এতেকে হে আমাৰ ঈশ্বৰ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা আৰু অনুগ্রহৰ বাবে কৰা মিনতি শুনক, আপোনাৰ অভিপ্রায়ৰ বাবে, ধ্বংস হোৱা আপোনাৰ পবিত্র স্থানলৈ আপোনাৰ মুখ উজ্জ্বল কৰক।
וְעַתָּה ׀ שְׁמַע אֱלֹהֵינוּ אֶל־תְּפִלַּת עַבְדְּךָ וְאֶל־תַּחֲנוּנָיו וְהָאֵר פָּנֶיךָ עַל־מִקְדָּשְׁךָ הַשָּׁמֵם לְמַעַן אֲדֹנָֽי׃
18 ১৮ হে মোৰ ঈশ্বৰ, কাণ পাতক; চকু মেলি আমাক চাওক; আমি উচ্ছন্ন হ’লো, আপোনাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰক। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু আপোনাৰ অধিক অনুগ্ৰহৰ কাৰণেহে, আমি আপোনাৰ সহায় পাবলৈ বিনয় কৰিছোঁ।
הַטֵּה אֱלֹהַי ׀ אָזְנְךָ וּֽשֲׁמָע פקחה פְּקַח עֵינֶיךָ וּרְאֵה שֹֽׁמְמֹתֵינוּ וְהָעִיר אֲשֶׁר־נִקְרָא שִׁמְךָ עָלֶיהָ כִּי ׀ לֹא עַל־צִדְקֹתֵינוּ אֲנַחְנוּ מַפִּילִים תַּחֲנוּנֵינוּ לְפָנֶיךָ כִּי עַל־רַחֲמֶיךָ הָרַבִּֽים׃
19 ১৯ হে প্ৰভু, শুনক! হে প্ৰভু, ক্ষমা কৰক! হে প্ৰভু মনোযোগ দিয়ক, আৰু কাৰ্য কৰক! হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্রায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে।”
אֲדֹנָי ׀ שְׁמָעָה אֲדֹנָי ׀ סְלָחָה אֲדֹנָי הַֽקֲשִׁיבָה וַעֲשֵׂה אַל־תְּאַחַר לְמַֽעֲנְךָ אֱלֹהַי כִּֽי־שִׁמְךָ נִקְרָא עַל־עִירְךָ וְעַל־עַמֶּֽךָ׃
20 ২০ এইদৰে যি সময়ত মই কথা কৈ মোৰ পাপ আৰু মোৰ ইস্ৰায়েলী লোকসকলৰ পাপ স্বীকাৰ কৰি আছিলোঁ, আৰু ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতৰ হৈ ঈশ্বৰ যিহোৱাৰ আগত মোৰ অনুৰোধ কৰি আছিলোঁ,
וְעוֹד אֲנִי מְדַבֵּר וּמִתְפַּלֵּל וּמִתְוַדֶּה חַטָּאתִי וְחַטַּאת עַמִּי יִשְׂרָאֵל וּמַפִּיל תְּחִנָּתִי לִפְנֵי יְהוָה אֱלֹהַי עַל הַר־קֹדֶשׁ אֱלֹהָֽי׃
21 ২১ এনে কি, গধুলীৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্রাৰ্থনা কৰি আছিলোঁ, সেই সময়ত আগেয়ে দৰ্শনত দেখা মানুহ যি গাব্ৰিয়েল তেওঁ মোৰ ওচৰলৈ বেগেৰে উড়ি আহিল।
וְעוֹד אֲנִי מְדַבֵּר בַּתְּפִלָּה וְהָאִישׁ גַּבְרִיאֵל אֲשֶׁר רָאִיתִי בֶחָזוֹן בַּתְּחִלָּה מֻעָף בִּיעָף נֹגֵעַ אֵלַי כְּעֵת מִנְחַת־עָֽרֶב׃
22 ২২ তেওঁ মোক বিবেচনা শক্তি দিলে, আৰু মোক ক’লে, “হে দানিয়েল, তোমাক বিবেচনা শক্তি আৰু অন্তৰ্দৃষ্টি দিবলৈ মই আহিলোঁ।
וַיָּבֶן וַיְדַבֵּר עִמִּי וַיֹּאמַר דָּנִיֵּאל עַתָּה יָצָאתִי לְהַשְׂכִּילְךָ בִינָֽה׃
23 ২৩ যেতিয়া তুমি অনুগ্রহৰ বাবে বিনয় কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়াই আজ্ঞা দিয়া হৈছিল, আৰু মই তাক তোমাৰ আগত ক’বলৈ আহিলোঁ, কাৰণ তুমি অতি প্ৰিয়। সেই কাৰণে কথাটো বিবেচনা কৰা, আৰু দৰ্শনৰ কথাবোৰ বুজা।
בִּתְחִלַּת תַּחֲנוּנֶיךָ יָצָא דָבָר וַאֲנִי בָּאתִי לְהַגִּיד כִּי חֲמוּדוֹת אָתָּה וּבִין בַּדָּבָר וְהָבֵן בַּמַּרְאֶֽה׃
24 ২৪ অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
שָׁבֻעִים שִׁבְעִים נֶחְתַּךְ עַֽל־עַמְּךָ ׀ וְעַל־עִיר קָדְשֶׁךָ לְכַלֵּא הַפֶּשַׁע ולחתם וּלְהָתֵם חטאות חַטָּאת וּלְכַפֵּר עָוֺן וּלְהָבִיא צֶדֶק עֹֽלָמִים וְלַחְתֹּם חָזוֹן וְנָבִיא וְלִמְשֹׁחַ קֹדֶשׁ קָֽדָשִֽׁים׃
25 ২৫ সেয়ে জানি লোৱা আৰু বুজি লোৱা যে, যিৰূচালেম পুনৰ নিৰ্মাণ কৰাৰ আজ্ঞা পোৱাৰ পৰা আৰু অভিষেক কৰা শাসনকৰ্ত্তাজন অহালৈকে সাত সপ্তাহ আৰু বাষষ্ঠি সপ্তাহলৈকে হ’ব। যন্ত্রনাৰ সময়ৰ স্বত্তেও গড়েৰে সৈতে যিৰূচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ’ব।
וְתֵדַע וְתַשְׂכֵּל מִן־מֹצָא דָבָר לְהָשִׁיב וְלִבְנוֹת יְרֽוּשָׁלִַם עַד־מָשִׁיחַ נָגִיד שָׁבֻעִים שִׁבְעָה וְשָׁבֻעִים שִׁשִּׁים וּשְׁנַיִם תָּשׁוּב וְנִבְנְתָה רְחוֹב וְחָרוּץ וּבְצוֹק הָעִתִּֽים׃
26 ২৬ বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
וְאַחֲרֵי הַשָּׁבֻעִים שִׁשִּׁים וּשְׁנַיִם יִכָּרֵת מָשִׁיחַ וְאֵין לוֹ וְהָעִיר וְהַקֹּדֶשׁ יַשְׁחִית עַם נָגִיד הַבָּא וְקִצּוֹ בַשֶּׁטֶף וְעַד קֵץ מִלְחָמָה נֶחֱרֶצֶת שֹׁמֵמֽוֹת׃
27 ২৭ এক সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিণলগীয়া ডেউকাৰ সৈতে আহিব, আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰ্ষোৱা হ’ব।
וְהִגְבִּיר בְּרִית לָרַבִּים שָׁבוּעַ אֶחָד וַחֲצִי הַשָּׁבוּעַ יַשְׁבִּית ׀ זֶבַח וּמִנְחָה וְעַל כְּנַף שִׁקּוּצִים מְשֹׁמֵם וְעַד־כָּלָה וְנֶחֱרָצָה תִּתַּךְ עַל־שֹׁמֵֽם׃

< দানিয়েল 9 >