< দানিয়েল 9 >
1 ১ মাদিয়া বংশৰ অহচবেৰোচৰ পুত্ৰ দাৰিয়াবচক কলদীয়া ৰাজ্যৰ ওপৰত ৰজা পতা হৈছিল।
Na rĩrĩ, mwaka-inĩ wa mbere wa Dario mũrũ wa Ahasuerusu (wa rũciaro rwa Amedi), ũrĩa watuĩtwo mũthamaki wa bũrũri wa Babuloni,
2 ২ দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰত মই দানিয়েলে, ভাববাদী যিৰিমিয়ালৈ অহা যিহোৱাৰ বাক্য থকা পুথি পঢ়িছিলো। মই পঢ়ি জানিব পাৰিছিলো যে, ইয়াত সত্তৰ বছৰলৈকে যিৰূচালেম ত্যাগ কৰা সমাপ্ত কৰা হ’ব।
mwaka-inĩ wa mbere wa wathani wake-rĩ, niĩ Danieli nĩndataũkĩirwo kuuma maandĩko-inĩ matheru nĩ kiugo kĩrĩa Jehova eerĩte mũnabii Jeremia atĩ Jerusalemu nĩgũgakira ihooru mĩaka mĩrongo mũgwanja.
3 ৩ তেতিয়া মই লঘোন দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ।
Nĩ ũndũ ũcio ngĩĩhũgũrĩra Jehova Ngai, ngĩmũhooya, ngĩmũthaithaga ndĩhingĩte kũrĩa irio, na ndĩhumbĩte nguo ya ikũnia, na ngehurĩria mũhu mũtwe.
4 ৪ মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰোঁ, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্ৱাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,
Ngĩhooya Jehova Ngai wakwa, na ngiumbũra mehia, ngĩmwĩra atĩrĩ: “Wee Mwathani Ngai mũnene na wa gwĩtigĩrwo, o Wee ũhingagia kĩrĩkanĩro gĩake kĩa wendo kũrĩ andũ othe arĩa mamwendete na magaathĩkĩra maathani make,
5 ৫ আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
nĩtwĩhĩtie na tũgeka ũũru. Nĩtũkoretwo tũrĩ aaganu na tũkarema, tũkahutatĩra maathani maku na mawatho maku.
6 ৬ আপোনাৰ দাস যি ভাববাদীসকলে আমাৰ ৰজা, মুখ্যলোক, পূৰ্বপুৰুষ, আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ।
Na tũkarega kũigua anabii acio ndungata ciaku, arĩa maaragia makĩgwetaga rĩĩtwa rĩaku makĩarĩria athamaki aitũ, na anene aitũ, o na maithe maitũ, o na andũ othe a bũrũri witũ.
7 ৭ হে প্ৰভু ধৰ্মিকতা আপোনাৰেই; যিহূদাৰ লোক, যিৰূচালেম নিবাসী, আৰু সকলো ইস্রায়েল লোকৰ আজি মুখ বিবৰ্ণ হৈছে। আপোনাৰ বিৰুদ্ধে কৰা বিশ্বাসঘাতৰ বাবে আপোনাৰ দ্বাৰাই কৰা সকলো দেশত ছিন্ন-ভিন্ন হোৱা, ওচৰত থকা আৰু দূৰত থকা সকলো ইস্ৰায়েলী লোকসকলৰ মুখ বিবৰ্ণ হৈছে।
“Wee Mwathani-rĩ, ũrĩ mũthingu, no ithuĩ-rĩ, ũmũthĩ ũyũ tũiyũirwo nĩ thoni, ithuĩ andũ a Juda, na andũ a Jerusalemu, na andũ othe a Isiraeli, arĩa marĩ gũkuhĩ na arĩa marĩ kũraya, mabũrũri-inĩ mothe kũrĩa ũtũhurunjĩire nĩ ũndũ wa kwaga kwĩhokeka harĩwe.
8 ৮ হে প্ৰভু, আমাৰ ৰজাসকল, মুখ্য লোকসকল, আৰু আমাৰ পূৰ্বপুৰুষসকলৰ মুখ বিবৰ্ণ হৈছে; কাৰণ আমি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Atĩrĩrĩ Wee Jehova, ithuĩ na athamaki aitũ, na anene aitũ na maithe maitũ tũiyũrĩtwo nĩ thoni nĩ ũndũ wa mehia marĩa tũkwĩhĩirie.
9 ৯ আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই আছে;
Jehova Ngai witũ nĩ wa tha na nĩarekanagĩra, o na gũkorwo ithuĩ nĩtũmũremeire;
10 ১০ আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি শুনা নাই, আৰু তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই।
tũtiathĩkĩire Jehova Ngai witũ kana tũkarũmia mawatho make marĩa aatũheire na tũnua twa anabii, ndungata ciake.
11 ১১ ইস্ৰায়েলী লোকসকলে আপোনাৰ বিধান লঙ্ঘন কৰিলে, আৰু বিপথগামী হৈ আপোনাৰ কথা মানি চলিবলৈ অমান্তি হ’ল। ঈশ্বৰৰ দাস মোচিৰ বিধানত লিখা শাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে; কাৰণ আমি তেওঁৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Bũrũri wothe wa Isiraeli nĩwagararĩte watho waku na ũgakũhutatĩra, na ũkarega gũgwathĩkĩra. “Nĩ ũndũ ũcio nĩtũkinyĩrĩirwo nĩ irumi na tũgacookererwo nĩ mwĩhĩtwa ũrĩa wandĩkĩtwo watho-inĩ wa Musa, ndungata ya Ngai, tondũ nĩtũkwĩhĩirie.
12 ১২ যিহোৱাই আমাৰ আৰু আমাৰ শাসকসকলৰ বিৰুদ্ধে কোৱা কথা সিদ্ধ কৰিলে, আৰু আমাৰ ওপৰত মহা দুৰ্যোগ আনিলে। কিয়নো যিৰূচালেমলৈ যেনে কৰা হ’ল, গোটেই আকাশ মণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই।
Na rĩu nĩũhingĩtie ciugo iria waririe cia gũtũũkĩrĩra ithuĩ na anene aitũ na ũndũ wa gũtũrehithĩria mwanangĩko mũnene. Gũkũ thĩ guothe gũtirĩ gwekwo ũndũ mũnene ta ũrĩa wĩkĩtwo Jerusalemu.
13 ১৩ মোচিৰ বিধানত লিখাৰ দৰে, সকলো দুৰ্যোগ আমাৰ ওপৰত আহিল, তথাপি আমি নিজৰ অপৰাধৰ পৰা মন পালটন কৰি আপোনাৰ সত্যতালৈ মনোযোগ দি, আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা অনুগ্ৰহ পাবলৈ প্ৰাৰ্থনা কৰা নাই।
O ta ũrĩa kwandĩkĩtwo watho-inĩ wa Musa-rĩ, mwanangĩko ũyũ wothe nĩũtũkinyĩrĩire. No rĩrĩ, tũtirĩ tũramaatha gwĩtĩkĩrĩka nĩ Jehova Ngai witũ, nĩguo tũtigane na mehia maitũ na tũcũũranie ũhoro waku wa ma.
14 ১৪ সেই কাৰণে যিহোৱাই হাতত ধৰি দুৰ্যোগবোৰ আমাৰ ওপৰলৈ আনিলে; কাৰণ আমাৰ ঈশ্বৰ যিহোৱাই কৰা সকলো কাৰ্য ধর্মময়, তথাপি আমি তেওঁৰ কথা মানি চলা নাই।
Jehova ndaatithirie gũtũrehere mwanangĩko ũcio, nĩgũkorwo Jehova Ngai witũ nĩ mũthingu maũndũ-inĩ mothe marĩa ekaga; no, ithuĩ tũtiigana kũmwathĩkĩra.
15 ১৫ এতিয়া হে আমাৰ প্ৰভু ঈশ্বৰ, মিচৰ দেশৰ পৰা নিজৰ লোকসকলক পৰাক্রমী হাতেৰে উলিয়াই আনিলে, আজিলৈকে আপোনাৰ নাম কীৰ্ত্তিমন্ত কৰি ৰাখিলে। কিন্তু আমি এতিয়াও পাপ, আৰু দুষ্কৰ্ম কৰি আছোঁ।
“Na rĩrĩ, Wee Mwathani Ngai witũ, o Wee warutire andũ aku bũrũri wa Misiri na guoko kwa hinya, na ũkĩĩgĩĩra igweta rĩrĩa rĩtũũraga ho nginya ũmũthĩ, ithuĩ Nĩtwĩhĩtie, na tũgeka ũũru.
16 ১৬ হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ যিৰূচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে, যিৰূচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্র হৈছে।
Atĩrĩrĩ Wee Mwathani, kũringana na ciĩko ciaku cia ũthingu, ehereria Jerusalemu, itũũra rĩu rĩaku inene, na kĩrĩma gĩaku gĩtheru marakara na mangʼũrĩ maku. Mehia maitũ na mawaganu ma maithe maitũ nĩmo matũmĩte Jerusalemu hamwe na andũ aku matuĩke kĩndũ gĩa gũconorithio harĩ andũ arĩa othe matũthiũrũrũkĩirie.
17 ১৭ এতেকে হে আমাৰ ঈশ্বৰ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা আৰু অনুগ্রহৰ বাবে কৰা মিনতি শুনক, আপোনাৰ অভিপ্রায়ৰ বাবে, ধ্বংস হোৱা আপোনাৰ পবিত্র স্থানলৈ আপোনাৰ মুখ উজ্জ্বল কৰক।
“Na rĩrĩ, Ngai witũ, ĩtĩkĩra kũigua mahooya na mathaithana ma ndungata ĩno yaku. Nĩ ũndũ wa rĩĩtwa rĩaku Wee Mwathani, iguĩra handũ haku hatheru tha, o hau hakirĩte ihooru.
18 ১৮ হে মোৰ ঈশ্বৰ, কাণ পাতক; চকু মেলি আমাক চাওক; আমি উচ্ছন্ন হ’লো, আপোনাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰক। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু আপোনাৰ অধিক অনুগ্ৰহৰ কাৰণেহে, আমি আপোনাৰ সহায় পাবলৈ বিনয় কৰিছোঁ।
Atĩrĩrĩ, Wee Ngai thikĩrĩria, na ũtũigue, ũhingũre maitho maku wone ihooru rĩa itũũra inene rĩrĩa rĩĩtanĩtio na Rĩĩtwa rĩaku. Tũtiragũthaitha nĩ ũndũ tũrĩ athingu, no nĩ ũndũ wa tha ciaku nyingĩ.
19 ১৯ হে প্ৰভু, শুনক! হে প্ৰভু, ক্ষমা কৰক! হে প্ৰভু মনোযোগ দিয়ক, আৰু কাৰ্য কৰক! হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্রায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে।”
Wee Mwathani, tũthikĩrĩrie! Wee Mwathani tũrekere! Wee Mwathani, tũigue na ũtũteithie! Nĩ ũndũ waku, Wee Ngai wakwa, ndũkagonderere nĩ ũndũ wa itũũra rĩaku inene na andũ aku metanĩtio na Rĩĩtwa rĩaku.”
20 ২০ এইদৰে যি সময়ত মই কথা কৈ মোৰ পাপ আৰু মোৰ ইস্ৰায়েলী লোকসকলৰ পাপ স্বীকাৰ কৰি আছিলোঁ, আৰু ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতৰ হৈ ঈশ্বৰ যিহোৱাৰ আগত মোৰ অনুৰোধ কৰি আছিলোঁ,
Na rĩrĩ, rĩrĩa niĩ ndaaragia ngĩhooyaga na ngiumbũraga mehia makwa na ma andũ akwa a Isiraeli, na ngĩthaitha Jehova Ngai wakwa nĩ ũndũ wa kĩrĩma gĩake gĩtheru,
21 ২১ এনে কি, গধুলীৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্রাৰ্থনা কৰি আছিলোঁ, সেই সময়ত আগেয়ে দৰ্শনত দেখা মানুহ যি গাব্ৰিয়েল তেওঁ মোৰ ওচৰলৈ বেগেৰে উড়ি আহিল।
o ndĩ o mahooya-inĩ-rĩ, Gaburieli, mũndũ ũrĩa ndonire kĩoneki-inĩ kĩa mbere, agĩũka harĩ niĩ ombũkĩte na ihenya ihinda rĩrĩa igongona rĩa hwaĩ-inĩ rĩrutagwo.
22 ২২ তেওঁ মোক বিবেচনা শক্তি দিলে, আৰু মোক ক’লে, “হে দানিয়েল, তোমাক বিবেচনা শক্তি আৰু অন্তৰ্দৃষ্টি দিবলৈ মই আহিলোঁ।
Nake akĩndaarĩria atĩrĩ, “Atĩrĩrĩ Danieli, rĩu ndoka ngũhe ũmenyo na ũtaũku.
23 ২৩ যেতিয়া তুমি অনুগ্রহৰ বাবে বিনয় কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়াই আজ্ঞা দিয়া হৈছিল, আৰু মই তাক তোমাৰ আগত ক’বলৈ আহিলোঁ, কাৰণ তুমি অতি প্ৰিয়। সেই কাৰণে কথাটো বিবেচনা কৰা, আৰু দৰ্শনৰ কথাবোৰ বুজা।
O rĩrĩa wambĩrĩirie kũhooya-rĩ, noguo icookio rĩheanirwo, na niĩ ndatũmwo njũke ngwĩre, tondũ ũrĩ mũndũ mwende mũno. Nĩ ũndũ ũcio, cũrania ũhoro wa ndũmĩrĩri ĩno ngũkwĩra, na ũtaũkĩrwo nĩ kĩoneki kĩu:
24 ২৪ অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
“Atĩrĩrĩ, ihinda rĩa ciumia mĩrongo mũgwanja nĩrĩo rĩtuĩrĩirwo andũ aku, na rĩgatuĩrwo itũũra rĩaku itheru, nĩgeetha hagĩe na ihinda rĩa kũniina ũmaramari, na rĩa gũtigana na mehia, na rĩa kũhooroheria waganu, nĩguo ũhoro wa ũthingu ũrĩa ũtathiraga ũgĩe, nakĩo kĩoneki na ũrathi ciĩkĩrwo mũhũũri, nake ũrĩa mũtheru mũno aitĩrĩrio maguta.
25 ২৫ সেয়ে জানি লোৱা আৰু বুজি লোৱা যে, যিৰূচালেম পুনৰ নিৰ্মাণ কৰাৰ আজ্ঞা পোৱাৰ পৰা আৰু অভিষেক কৰা শাসনকৰ্ত্তাজন অহালৈকে সাত সপ্তাহ আৰু বাষষ্ঠি সপ্তাহলৈকে হ’ব। যন্ত্রনাৰ সময়ৰ স্বত্তেও গড়েৰে সৈতে যিৰূচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ’ব।
“Atĩrĩrĩ, menya na ũtaũkĩrwo atĩrĩ, ‘Kuuma rĩrĩa gwatuirwo atĩ itũũra rĩa Jerusalemu rĩcookererio na rĩakwo rĩngĩ, nginya rĩrĩa mũtongoria ũrĩa Mũitĩrĩrie Maguta agooka-rĩ, nĩgũkagĩa na ciumia mũgwanja na ciumia ingĩ mĩrongo ĩtandatũ na igĩrĩ. Itũũra rĩu nĩrĩgaakwo rĩngĩ, hamwe na njĩra ciarĩo na mũtaro, no gũgaakorwo kũrĩ mahinda ma thĩĩna.
26 ২৬ বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
Thuutha wa ciumia mĩrongo ĩtandatũ na igĩrĩ, ũcio Mũitĩrĩrie Maguta nĩakooragwo na atigwo atarĩ na kĩndũ. Ningĩ andũ a mũtongoria ũrĩa ũgooka thuutha wake nĩmagathũkangia itũũra rĩu inene o na handũ-harĩa-haamũre. Ithirĩro rĩgooka ta mũiyũro wa maaĩ: Nayo mbaara ĩgaathiĩ na mbere o nginya ithirĩro, na nĩgũtuĩtwo atĩ nĩgũgacooka gũkire ihooru.
27 ২৭ এক সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিণলগীয়া ডেউকাৰ সৈতে আহিব, আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰ্ষোৱা হ’ব।
Nĩakagĩa na kĩrĩkanĩro kĩrũmu na andũ aingĩ handũ ha kiumia kĩmwe. Gatagatĩ-inĩ ga kiumia kĩu nĩagatũma magongona na maruta matige kũrutwo. Na handũ ha mo, mwena ũmwe wa hekarũ-rĩ, nĩakarũgamia kĩndũ kĩrĩ magigi na thaahu, o nginya ithirĩro rĩrĩa rĩtuĩtwo rĩgaakinya, nake atũũre aitagĩrĩrio mangʼũrĩ.’”