< দানিয়েল 8 >
1 ১ বেলচচৰ ৰজাৰ ৰাজত্বৰ তৃতীয় বছৰত, প্ৰথমে পোৱা দৰ্শনৰ পাছত মই দানিয়েলে আন এটা দৰ্শন দেখিলোঁ।
I konung Belsassars tredje regeringsår såg jag, Daniel, en syn, en som kom efter den jag förut hade sett.
2 ২ মই সেই দৰ্শনত দেখিলোঁ যে, মই এলম প্ৰদেশৰ চুচন ৰাজকোঁঠত আছিলোঁ; আৰু সেই দৰ্শনত দেখিলোঁ যে মই উলয় নদীৰ পাৰত আছিলোঁ।
Då jag nu i denna syn såg till, tyckte jag mig vara i Susans borg i hövdingdömet Elam; och då jag vidare såg till i synen, fann jag mig vara vid floden Ulai.
3 ৩ তেতিয়া মই চকু তুলি চালোঁ যে, নদীৰ সন্মুখত দুটা শিং থকা এটা মতা মেৰ-ছাগ থিয় হৈ আছিল; এটা শিং আনটো শিঙতকৈ দীঘল আছিল; কিন্তু দীঘল শিংটো ছুটি শিঙতকৈ অধিক লাহে লাহে বাঢ়িছিল সেয়ে ছুটি শিংটো দীঘল শিঙতকৈ বাঢ়ি উঠিল।
Och när jag lyfte upp mina ögon, fick jag se en vädur stå framför floden, och han hade två horn; och båda hornen voro höga, men det ena var högre än det andra, och detta som var högre sköt sist upp.
4 ৪ মই দেখিলোঁ সেই মেৰ-ছাগে পশ্চিম, উত্তৰ, আৰু দক্ষিণ ফাললৈ খুন্দিয়াই আছিল; তাৰ আগত আন কোনো জন্তু থিয় হ’ব নোৱাৰিলে। তাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা তেওঁলোকৰ মাজত কোনো নাছিল; তাৰ যি ইচ্ছা গৈছিল তাকে কৰি অাছিল, আৰু সি পৰাক্রমী হৈ উঠিছিল।
Jag såg väduren stöta med hornen västerut och norrut och söderut, och intet djur kunde stå honom emot, och ingen kunde rädda ur hans våld; han for fram såsom han ville och företog sig stora ting.
5 ৫ এই বিষয়ে চিন্তা কৰি থাকোতে মই দেখিলোঁ যে, পশ্চিম ফালৰ পৰা এটা মতা ছাগলী গোটেই পৃথিৱীৰ ওপৰেদি মাটিত ভৰি নিদিয়াকৈ বেগেৰে দৌৰি আহি আছিল। সেই ছাগলীৰ চকু দুটাৰ মাজত এটা ডাঙৰ শিং আছিল।
Och när jag vidare gav akt, fick jag se en bock komma västerifrån och gå fram över hela jorden, dock utan att röra vid jorden; och bocken hade ett ansenligt horn i pannan.
6 ৬ দুটা শিং থকা মতা মেৰ-ছাগৰ ওচৰত সেই ছাগলীটো আহিছিল, আৰু মই মেৰ-ছাগটোক নদীৰ সন্মুখত থিয় হৈ থকা দেখিছিলোঁ। সেই ছাগলীটোৱে দৌৰি মেৰ-ছাগৰ ওচৰলৈ গৈ, তাৰ প্ৰচণ্ড ক্ৰোধত তাক আক্ৰমণ কৰিছিল।
Och han nalkades väduren med de båda hornen, den som jag hade sett stå framför floden, och sprang emot honom i väldig vrede.
7 ৭ মই ছাগলীটোক মেৰ-ছাগটোৰ ওচৰলৈ অহা দেখিলোঁ। তাৰ মেৰ-ছাগটোৰ ওপৰত অতিশয় খং উঠিছিল, আৰু সি মেৰ-ছাগক খুন্দা মাৰি তাৰ শিং দুটা ভাঙি দিলে। তাৰ আগত থিয় হৈ থাকিবলৈ সেই মেৰ-ছাগৰ আৰু শক্তি নাছিল। সেই ছাগলীটোৱে মেৰ-ছাগটোক মাটিত পেলাই ভৰিৰে গচকিলে, সেই ঠাইত ছাগলীটোৰ হাতৰ পৰা ভেড়াটোক উদ্ধাৰ কৰিব পৰা কোনো নাছিল।
Jag såg honom komma ända inpå väduren och störta över honom i förbittring, och han stötte till väduren och krossade hans båda horn, så att väduren icke hade någon kraft att stå emot honom. Sedan slog han honom till jorden och trampade på honom; och ingen fanns, som kunde rädda väduren ur hans våld.
8 ৮ তাৰ পাছত সেই ছাগলীটো অতিশয় ডাঙৰ হ’ল; কিন্তু সি যেতিয়া বলৱান হ’ল তাৰ ডাঙৰ শিংটো ভাগি গ’ল, আৰু তাৰ সলনি আকাশৰ চাৰিদিশৰ বতাহৰ ফালে চাৰিটা ডাঙৰ শিং গজি উঠিল।
Och bocken företog sig mycket stora ting. Men när han hade blivit som starkast, brast det stora hornet sönder, och fyra andra ansenliga horn sköto upp i dess ställe, åt himmelens fyra väderstreck.
9 ৯ সেইবোৰৰ মাজৰ এটা শিঙৰ পৰা আন এটা শিং গজিল; প্রথমে শিংটো সৰু আছিল, কিন্তু পাছত দক্ষিণ, পূব আৰু ইস্রায়েলৰ ঐশ্বৰ্যময় দেশৰ ফাললৈ অতিশয় বৃদ্ধি পালে।
Och från ett av dem gick ut ett nytt horn, i begynnelsen litet, och det växte övermåttan söderut och österut och åt »det härliga landet» till.
10 ১০ সি ইমান ডাঙৰ হ’ল যে, স্বৰ্গৰ বাহিনীসকলৰ সৈতে যুদ্ধ কৰিবলৈ ল’লে। বাহিনীসকলৰ কিছুমানক আৰু তৰা কিছুমানক মাটিত পেলাই ভৰিৰে গচকিলে।
Och det växte ända upp till himmelens härskara och kastade några av denna härskara, av stjärnorna, ned till jorden och trampade på dem.
11 ১১ সি ডাঙৰ হ’ল এনে কি, সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে ডাঙৰ হ’ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল, আৰু তেওঁৰ পবিত্র স্থান দূষিত কৰিছিল।
Ja, till och med mot härskarornas furste företog han sig stora ting: han tog bort ifrån honom det dagliga offret, och hans helgedoms boning slogs ned.
12 ১২ দুষ্টতাৰ কাৰণে বাহিনীসকলক তাৰ ওপৰত দিয়া হ’ল, আৰু হোম বলি বন্ধ কৰা হ’ল। এইদৰে সকলো সত্যতাক ভূ-লুণ্ঠিত কৰিলে; আৰু যি কৰিলে তাত কৃতকাৰ্য হ’ল।
Jämte det dagliga offret bliver ock en härskara prisgiven, för överträdelses skull. Och det slår sanningen ned till jorden och lyckas väl i vad det företager sig.
13 ১৩ তাৰ পাছত মই পবিত্ৰ জনাক কোৱা শুনিলোঁ; আৰু আন পবিত্র জনক উত্তৰ দিয়া শুনিলোঁ, “কিমান দিনলৈ এই সকলো থাকিব, এই দৰ্শন হোম বলিৰ বিষয়ে নে, পাপে সেই ধ্বংস আনিব নে, পবিত্র স্থানৰ ওপৰত হাত দিয়া হ’ব নে, আৰু স্বৰ্গীয় বাহিনীসকলক গচকা হ’ব নে?”
Sedan hörde jag en av de heliga tala, och en annan helig frågade denne som talade: »Huru lång tid avser synen om det dagliga offret, och om överträdelsen som kommer åstad förödelse, och om förtrampandet av både helgedom och härskara?»
14 ১৪ তেওঁ মোক ক’লে, “এই সকলো দুই হাজাৰ তিনিশ সন্ধিয়া আৰু পুৱালৈকে থাকিব; তাৰ পাছত সেই পবিত্র স্থান শুচি কৰা হ’ব।”
Då svarade han mig: »Två tusen tre hundra aftnar och morgnar; därefter skall helgedomen komma till sin rätt igen.»
15 ১৫ মই দানিয়েলে যেতিয়া এই দৰ্শন পাইছিলোঁ, তেতিয়া মই তাক বুজিবলৈ চেষ্টা কৰিছিলোঁ; আৰু সেই ঠাইত মানুহৰ দৰে এজন লোক মোৰ সম্মুখত থিয় হৈছিল।
När nu jag, Daniel, hade sett denna syn och sökte att förstå den, fick jag se en som såg ut såsom en man stå framför mig.
16 ১৬ উলয় নদীৰ মাজৰ পৰা মই এজন মানুহৰ মাত শুনিলোঁ; তেওঁ ক’লে, “হে গাব্ৰিয়েল, সেই মানুহজনক এই দৰ্শন বুজিবলৈ সহায় কৰা।”
Och mitt över Ulai hörde jag rösten av en människa som ropade och sade: »Gabriel, uttyd synen för denne.»
17 ১৭ তাতে মই থিয় হৈ থকা ঠাইৰ ওচৰলৈ তেওঁ আহিল। তেওঁ যেতিয়া আহিল, মই শঙ্কিত হলোঁ, আৰু মাটিত উবুৰি হৈ পৰিলোঁ। তেওঁ মোক ক’লে, “হে মানুহৰ সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষৰ সময়ৰ বিষয়ে।”
Då kom han intill platsen där jag stod, men jag blev förskräckt, när han kom, och föll ned på mitt ansikte. Och han sade till mig: »Giv akt härpå, du människobarn; ty synen syftar på ändens tid.»
18 ১৮ তেওঁ মোৰ লগত কথা পাতি থাকোঁতে, মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰা গলোঁ; তেতিয়া তেওঁ মোক স্পৰ্শ কৰিলে আৰু মোক থিয় কৰালে।
Medan han så talade med mig, låg jag i vanmakt, med mitt ansikte mot jorden; men han rörde vid mig och reste upp mig igen.
19 ১৯ তেওঁ ক’লে, “চোৱা, ক্ৰোধৰ শেষ সময়ত যি ঘটিব, তাক মই তোমাক দেখুৱাম; কাৰণ এই দৰ্শন শেষৰ নিৰূপিত সময়ৰ বাবে।
Därefter sade han: »Se, jag vill kungöra för dig vad som skall ske, när det lider mot slutet med vreden ty på ändens tid syftar detta.
20 ২০ দুটা শিং থকা যি মেৰ-ছাগ তুমি দেখিছিলা, সি মাদিয়া আৰু পাৰস্যৰ ৰজা দুজনক বুজাইছে।
Väduren som du såg, han med de två hornen, betyder Mediens och Persiens konungar.
21 ২১ আৰু সেই মতা ছাগলীটো গ্রীচৰ ৰজা; আৰু তাৰ চকু দুটাৰ মাজত থকা ডাঙৰ শিংটো প্ৰথম ৰজা।
Men bocken är Javans konung, och det stora hornet i hans panna är den förste konungen.
22 ২২ আৰু সেয়ে ভাঙি যোৱা শিঙৰ ঠাইত তাৰ সলনি আন চাৰিটা শিং গজি উঠাৰ অৰ্থ এই, তেওঁৰ দেশৰ পৰা চাৰিখন ৰাজ্য উৎপন্ন হ’ব, কিন্তু তেওঁৰ পৰাক্ৰমৰ সৈতে নহ’ব।
Men att det brast sönder, och att fyra andra uppstodo i dess ställe, det betyder att fyra riken skola uppstå av hans folk, dock icke jämlika med honom i kraft.
23 ২৩ সেই ৰাজ্যবোৰৰ শেষৰ সময়ত, পাপীসকলে যেতিয়া সীমা চেৰাব, তেতিয়া কঠোৰ চেহেৰা থকা, এজন অতি বুদ্ধিয়ক ৰজা উৎপন্ন হ’ব;
Och vid slutet av deras välde, när överträdarna hava fyllt sitt mått, skall en fräck och arglistig konung uppstå;
24 ২৪ তেওঁ পৰাক্রম মহান, কিন্তু নিজৰ পৰাক্রমেৰে নহয়। তেওঁৰ কাৰণে ধ্বংস আহিব, আৰু তেওঁ যি কৰিব তাতে কৃতকাৰ্য হ’ব। তেওঁ পবিত্ৰ পৰাক্রমী লোকসকলক ধ্বংস কৰিব।
han skall bliva stor i kraft, dock icke jämlik med den förre i kraft och han skall komma åstad så stort fördärv att man måste förundra sig; och han skall lyckas väl och få fullborda sitt uppsåt. Ja, han skall fördärva många, och jämväl de heligas folk.
25 ২৫ তেওঁৰ শিল্পকৰ্মৰ দ্বাৰাই তেওঁ নিজৰ হাতেৰে মিছা উন্নতি সিদ্ধ কৰিব, এনে কি, তেওঁ নিজৰ ৰজাৰো ৰজাৰ বিৰুদ্ধে উঠিব, আৰু তেওঁক ভঙা হ’ব; কিন্তু মানুহৰ শক্তিৰে নহয়।
Därigenom att han är så klok, skall han lyckas så väl med sitt svek, han skall föresätta sig stora ting, oförtänkt skall han fördärva många. Ja, mot furstarnas furste skall han sätta sig upp; men utan människohand skall han då varda krossad.
26 ২৬ সন্ধিয়া আৰু ৰাতিপুৱা বিষয়ৰ যি দৰ্শনৰ কথা কোৱা হ’ল, সেয়ে সত্য; কিন্তু এই দৰ্শন চাব মাৰি বন্ধ কৰা আছে; কিয়নো এয়ে ভৱিষ্যতৰ অনেক দিনবোৰক নিৰ্দেশ কৰা হৈছে।”
Och synen angående aftnarna och morgnarna, varom nu är talat, är sanning. Men göm du den synen, ty den syftar på en avlägsen framtid.»
27 ২৭ তাৰ পাছত মই দানিয়েলে মূৰ্চ্ছিত হৈ কিছু দিনলৈকে নৰিয়াত পৰি আছিলোঁ। তাৰ পাছত মই উঠিলোঁ, আৰু ৰজাৰ ব্যৱসায়লৈ গলো; কিন্তু সেই দৰ্শনৰ বাবে মই হতভম্ব হৈছিলোঁ, আৰু সেই ঠাইত সেই দৰ্শন বুজি পোৱা কোনো এজনো নাছিল।
Men jag, Daniel, blev maktlös och låg sjuk en tid. Sedan stod jag upp och förrättade min tjänst hos konungen; och jag var häpen över synen, men ingen förstod den.