< দানিয়েল 8 >

1 বেলচচৰ ৰজাৰ ৰাজত্বৰ তৃতীয় বছৰত, প্ৰথমে পোৱা দৰ্শনৰ পাছত মই দানিয়েলে আন এটা দৰ্শন দেখিলোঁ।
בִּשְׁנַ֣ת שָׁל֔וֹשׁ לְמַלְכ֖וּת בֵּלְאשַׁצַּ֣ר הַמֶּ֑לֶךְ חָז֞וֹן נִרְאָ֤ה אֵלַי֙ אֲנִ֣י דָנִיֵּ֔אל אַחֲרֵ֛י הַנִּרְאָ֥ה אֵלַ֖י בַּתְּחִלָּֽה׃
2 মই সেই দৰ্শনত দেখিলোঁ যে, মই এলম প্ৰদেশৰ চুচন ৰাজকোঁঠত আছিলোঁ; আৰু সেই দৰ্শনত দেখিলোঁ যে মই উলয় নদীৰ পাৰত আছিলোঁ।
וָֽאֶרְאֶה֮ בֶּחָזוֹן֒ וַיְהִי֙ בִּרְאֹתִ֔י וַאֲנִי֙ בְּשׁוּשַׁ֣ן הַבִּירָ֔ה אֲשֶׁ֖ר בְּעֵילָ֣ם הַמְּדִינָ֑ה וָאֶרְאֶה֙ בֶּֽחָז֔וֹן וַאֲנִ֥י הָיִ֖יתִי עַל־אוּבַ֥ל אוּלָֽי׃
3 তেতিয়া মই চকু তুলি চালোঁ যে, নদীৰ সন্মুখত দুটা শিং থকা এটা মতা মেৰ-ছাগ থিয় হৈ আছিল; এটা শিং আনটো শিঙতকৈ দীঘল আছিল; কিন্তু দীঘল শিংটো ছুটি শিঙতকৈ অধিক লাহে লাহে বাঢ়িছিল সেয়ে ছুটি শিংটো দীঘল শিঙতকৈ বাঢ়ি উঠিল।
וָאֶשָּׂ֤א עֵינַי֙ וָאֶרְאֶ֔ה וְהִנֵּ֣ה ׀ אַ֣יִל אֶחָ֗ד עֹמֵ֛ד לִפְנֵ֥י הָאֻבָ֖ל וְל֣וֹ קְרָנָ֑יִם וְהַקְּרָנַ֣יִם גְּבֹה֗וֹת וְהָאַחַת֙ גְּבֹהָ֣ה מִן־הַשֵּׁנִ֔ית וְהַ֨גְּבֹהָ֔ה עֹלָ֖ה בָּאַחֲרֹנָֽה׃
4 মই দেখিলোঁ সেই মেৰ-ছাগে পশ্চিম, উত্তৰ, আৰু দক্ষিণ ফাললৈ খুন্দিয়াই আছিল; তাৰ আগত আন কোনো জন্তু থিয় হ’ব নোৱাৰিলে। তাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা তেওঁলোকৰ মাজত কোনো নাছিল; তাৰ যি ইচ্ছা গৈছিল তাকে কৰি অাছিল, আৰু সি পৰাক্রমী হৈ উঠিছিল।
רָאִ֣יתִי אֶת־הָאַ֡יִל מְנַגֵּחַ֩ יָ֨מָּה וְצָפ֜וֹנָה וָנֶ֗גְבָּה וְכָל־חַיּוֹת֙ לֹֽא־יַֽעַמְד֣וּ לְפָנָ֔יו וְאֵ֥ין מַצִּ֖יל מִיָּד֑וֹ וְעָשָׂ֥ה כִרְצֹנ֖וֹ וְהִגְדִּֽיל׃
5 এই বিষয়ে চিন্তা কৰি থাকোতে মই দেখিলোঁ যে, পশ্চিম ফালৰ পৰা এটা মতা ছাগলী গোটেই পৃথিৱীৰ ওপৰেদি মাটিত ভৰি নিদিয়াকৈ বেগেৰে দৌৰি আহি আছিল। সেই ছাগলীৰ চকু দুটাৰ মাজত এটা ডাঙৰ শিং আছিল।
וַאֲנִ֣י ׀ הָיִ֣יתִי מֵבִ֗ין וְהִנֵּ֤ה צְפִיר־הָֽעִזִּים֙ בָּ֤א מִן־הַֽמַּעֲרָב֙ עַל־פְּנֵ֣י כָל־הָאָ֔רֶץ וְאֵ֥ין נוֹגֵ֖עַ בָּאָ֑רֶץ וְהַ֨צָּפִ֔יר קֶ֥רֶן חָז֖וּת בֵּ֥ין עֵינָֽיו׃
6 দুটা শিং থকা মতা মেৰ-ছাগৰ ওচৰত সেই ছাগলীটো আহিছিল, আৰু মই মেৰ-ছাগটোক নদীৰ সন্মুখত থিয় হৈ থকা দেখিছিলোঁ। সেই ছাগলীটোৱে দৌৰি মেৰ-ছাগৰ ওচৰলৈ গৈ, তাৰ প্ৰচণ্ড ক্ৰোধত তাক আক্ৰমণ কৰিছিল।
וַיָּבֹ֗א עַד־הָאַ֙יִל֙ בַּ֣עַל הַקְּרָנַ֔יִם אֲשֶׁ֣ר רָאִ֔יתִי עֹמֵ֖ד לִפְנֵ֣י הָאֻבָ֑ל וַיָּ֥רָץ אֵלָ֖יו בַּחֲמַ֥ת כֹּחֽוֹ׃
7 মই ছাগলীটোক মেৰ-ছাগটোৰ ওচৰলৈ অহা দেখিলোঁ। তাৰ মেৰ-ছাগটোৰ ওপৰত অতিশয় খং উঠিছিল, আৰু সি মেৰ-ছাগক খুন্দা মাৰি তাৰ শিং দুটা ভাঙি দিলে। তাৰ আগত থিয় হৈ থাকিবলৈ সেই মেৰ-ছাগৰ আৰু শক্তি নাছিল। সেই ছাগলীটোৱে মেৰ-ছাগটোক মাটিত পেলাই ভৰিৰে গচকিলে, সেই ঠাইত ছাগলীটোৰ হাতৰ পৰা ভেড়াটোক উদ্ধাৰ কৰিব পৰা কোনো নাছিল।
וּרְאִיתִ֞יו מַגִּ֣יעַ ׀ אֵ֣צֶל הָאַ֗יִל וַיִּתְמַרְמַ֤ר אֵלָיו֙ וַיַּ֣ךְ אֶת־הָאַ֔יִל וַיְשַׁבֵּר֙ אֶת־שְׁתֵּ֣י קְרָנָ֔יו וְלֹא־הָ֥יָה כֹ֛חַ בָּאַ֖יִל לַעֲמֹ֣ד לְפָנָ֑יו וַיַּשְׁלִיכֵ֤הוּ אַ֙רְצָה֙ וַֽיִּרְמְסֵ֔הוּ וְלֹא־הָיָ֥ה מַצִּ֛יל לָאַ֖יִל מִיָּדֽוֹ׃
8 তাৰ পাছত সেই ছাগলীটো অতিশয় ডাঙৰ হ’ল; কিন্তু সি যেতিয়া বলৱান হ’ল তাৰ ডাঙৰ শিংটো ভাগি গ’ল, আৰু তাৰ সলনি আকাশৰ চাৰিদিশৰ বতাহৰ ফালে চাৰিটা ডাঙৰ শিং গজি উঠিল।
וּצְפִ֥יר הָעִזִּ֖ים הִגְדִּ֣יל עַד־מְאֹ֑ד וּכְעָצְמ֗וֹ נִשְׁבְּרָה֙ הַקֶּ֣רֶן הַגְּדוֹלָ֔ה וַֽתַּעֲלֶ֜נָה חָז֤וּת אַרְבַּע֙ תַּחְתֶּ֔יהָ לְאַרְבַּ֖ע רוּח֥וֹת הַשָּׁמָֽיִם׃
9 সেইবোৰৰ মাজৰ এটা শিঙৰ পৰা আন এটা শিং গজিল; প্রথমে শিংটো সৰু আছিল, কিন্তু পাছত দক্ষিণ, পূব আৰু ইস্রায়েলৰ ঐশ্বৰ্যময় দেশৰ ফাললৈ অতিশয় বৃদ্ধি পালে।
וּמִן־הָאַחַ֣ת מֵהֶ֔ם יָצָ֥א קֶֽרֶן־אַחַ֖ת מִצְּעִירָ֑ה וַתִּגְדַּל־יֶ֛תֶר אֶל־הַנֶּ֥גֶב וְאֶל־הַמִּזְרָ֖ח וְאֶל־הַצֶּֽבִי׃
10 ১০ সি ইমান ডাঙৰ হ’ল যে, স্বৰ্গৰ বাহিনীসকলৰ সৈতে যুদ্ধ কৰিবলৈ ল’লে। বাহিনীসকলৰ কিছুমানক আৰু তৰা কিছুমানক মাটিত পেলাই ভৰিৰে গচকিলে।
וַתִּגְדַּ֖ל עַד־צְבָ֣א הַשָּׁמָ֑יִם וַתַּפֵּ֥ל אַ֛רְצָה מִן־הַצָּבָ֥א וּמִן־הַכּוֹכָבִ֖ים וַֽתִּרְמְסֵֽם׃
11 ১১ সি ডাঙৰ হ’ল এনে কি, সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে ডাঙৰ হ’ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল, আৰু তেওঁৰ পবিত্র স্থান দূষিত কৰিছিল।
וְעַ֥ד שַֽׂר־הַצָּבָ֖א הִגְדִּ֑יל וּמִמֶּ֙נּוּ֙ הוּרַ֣ם הַתָּמִ֔יד וְהֻשְׁלַ֖ךְ מְכ֥וֹן מִקְדָּשֽׁוֹ׃
12 ১২ দুষ্টতাৰ কাৰণে বাহিনীসকলক তাৰ ওপৰত দিয়া হ’ল, আৰু হোম বলি বন্ধ কৰা হ’ল। এইদৰে সকলো সত্যতাক ভূ-লুণ্ঠিত কৰিলে; আৰু যি কৰিলে তাত কৃতকাৰ্য হ’ল।
וְצָבָ֛א תִּנָּתֵ֥ן עַל־הַתָּמִ֖יד בְּפָ֑שַׁע וְתַשְׁלֵ֤ךְ אֱמֶת֙ אַ֔רְצָה וְעָשְׂתָ֖ה וְהִצְלִֽיחָה׃
13 ১৩ তাৰ পাছত মই পবিত্ৰ জনাক কোৱা শুনিলোঁ; আৰু আন পবিত্র জনক উত্তৰ দিয়া শুনিলোঁ, “কিমান দিনলৈ এই সকলো থাকিব, এই দৰ্শন হোম বলিৰ বিষয়ে নে, পাপে সেই ধ্বংস আনিব নে, পবিত্র স্থানৰ ওপৰত হাত দিয়া হ’ব নে, আৰু স্বৰ্গীয় বাহিনীসকলক গচকা হ’ব নে?”
וָאֶשְׁמְעָ֥ה אֶֽחָד־קָד֖וֹשׁ מְדַבֵּ֑ר וַיֹּאמֶר֩ אֶחָ֨ד קָד֜וֹשׁ לַפַּֽלְמוֹנִ֣י הַֽמְדַבֵּ֗ר עַד־מָתַ֞י הֶחָז֤וֹן הַתָּמִיד֙ וְהַפֶּ֣שַׁע שֹׁמֵ֔ם תֵּ֛ת וְקֹ֥דֶשׁ וְצָבָ֖א מִרְמָֽס׃
14 ১৪ তেওঁ মোক ক’লে, “এই সকলো দুই হাজাৰ তিনিশ সন্ধিয়া আৰু পুৱালৈকে থাকিব; তাৰ পাছত সেই পবিত্র স্থান শুচি কৰা হ’ব।”
וַיֹּ֣אמֶר אֵלַ֔י עַ֚ד עֶ֣רֶב בֹּ֔קֶר אַלְפַּ֖יִם וּשְׁלֹ֣שׁ מֵא֑וֹת וְנִצְדַּ֖ק קֹֽדֶשׁ׃
15 ১৫ মই দানিয়েলে যেতিয়া এই দৰ্শন পাইছিলোঁ, তেতিয়া মই তাক বুজিবলৈ চেষ্টা কৰিছিলোঁ; আৰু সেই ঠাইত মানুহৰ দৰে এজন লোক মোৰ সম্মুখত থিয় হৈছিল।
וַיְהִ֗י בִּרְאֹתִ֛י אֲנִ֥י דָנִיֵּ֖אל אֶת־הֶחָז֑וֹן וָאֲבַקְשָׁ֣ה בִינָ֔ה וְהִנֵּ֛ה עֹמֵ֥ד לְנֶגְדִּ֖י כְּמַרְאֵה־גָֽבֶר׃
16 ১৬ উলয় নদীৰ মাজৰ পৰা মই এজন মানুহৰ মাত শুনিলোঁ; তেওঁ ক’লে, “হে গাব্ৰিয়েল, সেই মানুহজনক এই দৰ্শন বুজিবলৈ সহায় কৰা।”
וָאֶשְׁמַ֥ע קוֹל־אָדָ֖ם בֵּ֣ין אוּלָ֑י וַיִּקְרָא֙ וַיֹּאמַ֔ר גַּבְרִיאֵ֕ל הָבֵ֥ן לְהַלָּ֖ז אֶת־הַמַּרְאֶֽה׃
17 ১৭ তাতে মই থিয় হৈ থকা ঠাইৰ ওচৰলৈ তেওঁ আহিল। তেওঁ যেতিয়া আহিল, মই শঙ্কিত হলোঁ, আৰু মাটিত উবুৰি হৈ পৰিলোঁ। তেওঁ মোক ক’লে, “হে মানুহৰ সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষৰ সময়ৰ বিষয়ে।”
וַיָּבֹא֙ אֵ֣צֶל עָמְדִ֔י וּבְבֹא֣וֹ נִבְעַ֔תִּי וָאֶפְּלָ֖ה עַל־פָּנָ֑י וַיֹּ֤אמֶר אֵלַי֙ הָבֵ֣ן בֶּן־אָדָ֔ם כִּ֖י לְעֶת־קֵ֥ץ הֶחָזֽוֹן׃
18 ১৮ তেওঁ মোৰ লগত কথা পাতি থাকোঁতে, মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰা গলোঁ; তেতিয়া তেওঁ মোক স্পৰ্শ কৰিলে আৰু মোক থিয় কৰালে।
וּבְדַבְּר֣וֹ עִמִּ֔י נִרְדַּ֥מְתִּי עַל־פָּנַ֖י אָ֑רְצָה וַיִּ֨גַּע־בִּ֔י וַיַּֽעֲמִידֵ֖נִי עַל־עָמְדִֽי׃
19 ১৯ তেওঁ ক’লে, “চোৱা, ক্ৰোধৰ শেষ সময়ত যি ঘটিব, তাক মই তোমাক দেখুৱাম; কাৰণ এই দৰ্শন শেষৰ নিৰূপিত সময়ৰ বাবে।
וַיֹּ֙אמֶר֙ הִנְנִ֣י מוֹדִֽיעֲךָ֔ אֵ֥ת אֲשֶׁר־יִהְיֶ֖ה בְּאַחֲרִ֣ית הַזָּ֑עַם כִּ֖י לְמוֹעֵ֥ד קֵֽץ׃
20 ২০ দুটা শিং থকা যি মেৰ-ছাগ তুমি দেখিছিলা, সি মাদিয়া আৰু পাৰস্যৰ ৰজা দুজনক বুজাইছে।
הָאַ֥יִל אֲשֶׁר־רָאִ֖יתָ בַּ֣עַל הַקְּרָנָ֑יִם מַלְכֵ֖י מָדַ֥י וּפָרָֽס׃
21 ২১ আৰু সেই মতা ছাগলীটো গ্রীচৰ ৰজা; আৰু তাৰ চকু দুটাৰ মাজত থকা ডাঙৰ শিংটো প্ৰথম ৰজা।
וְהַצָּפִ֥יר הַשָּׂעִ֖יר מֶ֣לֶךְ יָוָ֑ן וְהַקֶּ֤רֶן הַגְּדוֹלָה֙ אֲשֶׁ֣ר בֵּין־עֵינָ֔יו ה֖וּא הַמֶּ֥לֶךְ הָרִאשֽׁוֹן׃
22 ২২ আৰু সেয়ে ভাঙি যোৱা শিঙৰ ঠাইত তাৰ সলনি আন চাৰিটা শিং গজি উঠাৰ অৰ্থ এই, তেওঁৰ দেশৰ পৰা চাৰিখন ৰাজ্য উৎপন্ন হ’ব, কিন্তু তেওঁৰ পৰাক্ৰমৰ সৈতে নহ’ব।
וְהַ֨נִּשְׁבֶּ֔רֶת וַתַּֽעֲמֹ֥דְנָה אַרְבַּ֖ע תַּחְתֶּ֑יהָ אַרְבַּ֧ע מַלְכֻי֛וֹת מִגּ֥וֹי יַעֲמֹ֖דְנָה וְלֹ֥א בְכֹחֽוֹ׃
23 ২৩ সেই ৰাজ্যবোৰৰ শেষৰ সময়ত, পাপীসকলে যেতিয়া সীমা চেৰাব, তেতিয়া কঠোৰ চেহেৰা থকা, এজন অতি বুদ্ধিয়ক ৰজা উৎপন্ন হ’ব;
וּֽבְאַחֲרִית֙ מַלְכוּתָ֔ם כְּהָתֵ֖ם הַפֹּשְׁעִ֑ים יַעֲמֹ֛ד מֶ֥לֶךְ עַז־פָּנִ֖ים וּמֵבִ֥ין חִידֽוֹת׃
24 ২৪ তেওঁ পৰাক্রম মহান, কিন্তু নিজৰ পৰাক্রমেৰে নহয়। তেওঁৰ কাৰণে ধ্বংস আহিব, আৰু তেওঁ যি কৰিব তাতে কৃতকাৰ্য হ’ব। তেওঁ পবিত্ৰ পৰাক্রমী লোকসকলক ধ্বংস কৰিব।
וְעָצַ֤ם כֹּחוֹ֙ וְלֹ֣א בְכֹח֔וֹ וְנִפְלָא֥וֹת יַשְׁחִ֖ית וְהִצְלִ֣יחַ וְעָשָׂ֑ה וְהִשְׁחִ֥ית עֲצוּמִ֖ים וְעַם־קְדֹשִֽׁים׃
25 ২৫ তেওঁৰ শিল্পকৰ্মৰ দ্বাৰাই তেওঁ নিজৰ হাতেৰে মিছা উন্নতি সিদ্ধ কৰিব, এনে কি, তেওঁ নিজৰ ৰজাৰো ৰজাৰ বিৰুদ্ধে উঠিব, আৰু তেওঁক ভঙা হ’ব; কিন্তু মানুহৰ শক্তিৰে নহয়।
וְעַל־שִׂכְל֗וֹ וְהִצְלִ֤יחַ מִרְמָה֙ בְּיָד֔וֹ וּבִלְבָב֣וֹ יַגְדִּ֔יל וּבְשַׁלְוָ֖ה יַשְׁחִ֣ית רַבִּ֑ים וְעַ֤ל־שַׂר־שָׂרִים֙ יַעֲמֹ֔ד וּבְאֶ֥פֶס יָ֖ד יִשָּׁבֵֽר׃
26 ২৬ সন্ধিয়া আৰু ৰাতিপুৱা বিষয়ৰ যি দৰ্শনৰ কথা কোৱা হ’ল, সেয়ে সত্য; কিন্তু এই দৰ্শন চাব মাৰি বন্ধ কৰা আছে; কিয়নো এয়ে ভৱিষ্যতৰ অনেক দিনবোৰক নিৰ্দেশ কৰা হৈছে।”
וּמַרְאֵ֨ה הָעֶ֧רֶב וְהַבֹּ֛קֶר אֲשֶׁ֥ר נֶאֱמַ֖ר אֱמֶ֣ת ה֑וּא וְאַתָּה֙ סְתֹ֣ם הֶֽחָז֔וֹן כִּ֖י לְיָמִ֥ים רַבִּֽים׃
27 ২৭ তাৰ পাছত মই দানিয়েলে মূৰ্চ্ছিত হৈ কিছু দিনলৈকে নৰিয়াত পৰি আছিলোঁ। তাৰ পাছত মই উঠিলোঁ, আৰু ৰজাৰ ব্যৱসায়লৈ গলো; কিন্তু সেই দৰ্শনৰ বাবে মই হতভম্ব হৈছিলোঁ, আৰু সেই ঠাইত সেই দৰ্শন বুজি পোৱা কোনো এজনো নাছিল।
וַאֲנִ֣י דָנִיֵּ֗אל נִהְיֵ֤יתִי וְנֶֽחֱלֵ֙יתִי֙ יָמִ֔ים וָאָק֕וּם וָאֶֽעֱשֶׂ֖ה אֶת־מְלֶ֣אכֶת הַמֶּ֑לֶךְ וָאֶשְׁתּוֹמֵ֥ם עַל־הַמַּרְאֶ֖ה וְאֵ֥ין מֵבִֽין׃ פ

< দানিয়েল 8 >