< দানিয়েল 7 >
1 ১ বাবিলৰ ৰজা বেলচচৰ ৰাজত্বৰ প্ৰথম বছৰত, দানিয়েলে শুই থকা সময়ত সপোন আৰু দৰ্শন পালে। তেতিয়া তেওঁ সপোনত দেখা বিষয়বোৰ আৰু অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰ লিখিলে।
E higa mokwongo mar loch Belshazar ruoth Babulon, Daniel noleko kendo noneno fweny mopogore opogore kane oyudo oyweyo e kitandane. Nondiko lekneno e kitabu.
2 ২ দানিয়েলে ব্যাখ্যা কৰিলে যে, “মই ৰাতি দৰ্শনত দেখিলোঁ যে, আকাশৰ চাৰিও দিশৰ পৰা প্ৰচণ্ড বতাহ আহি মহাসমূদ্রৰ ওপৰত মন্থন হৈ আছিল।
Daniel nowacho niya, “E fwenyna ma naneno gotieno, ne angʼicho, kendo e nyima ne nitie yembe angʼwen mag polo mane yuko nam maduongʼ.
3 ৩ সমুদ্ৰৰ পৰা চাৰিটা প্রকাণ্ড জন্তু ওলাই আহিল; আৰু সিহঁতৰ প্রত্যেকটো জন্তুৱেই পৃথক আছিল।
Ondiegi angʼwen moko malich, ma moro ka moro opogore gi nyawadgi, nowuok koa e nam.
4 ৪ প্ৰথমটো সিংহৰ দৰে, কিন্তু কুৰৰ পক্ষীৰ ডেউকাৰ দৰে তাৰ ডেউকা আছিল; মই চাই থাকোঁতে, তাৰ ডেউকা দুখন তাৰ পৰা বিচ্ছিন্ন কৰা হৈছিল; আৰু মানুহৰ দৰে সি দুখন ভৰিত থিয় হৈছিল, তাক মানুহৰ হৃদয় দিয়া হৈছিল।
“Ondiek mokwongo ne chalo gi sibuor, kendo bwombene ne chalo gi mag ongo. Kane pod angʼiye to ne aneno ka bwombene olwar piny kendo ondiegino nochungʼ gi tiendene ka dhano, kendo nomiye paro ka mar dhano.
5 ৫ তাৰ পাছত দ্বিতীয়টো জন্তু ভালুকৰ দৰে, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ আৰু দাঁতৰ মাজত তিনি ডাল কামীহাড় আছিল; আৰু তাক কোৱা হৈছিল, উঠ আৰু বহুতো মানুহক খাই শেষ কৰ।
“Bangʼe ne achako aneno ondiek mar ariyo, mane chalo gi dubu. Ondiegino nonindo gibathe kotingʼo ngʼede adek e dhoge kendo ne awinjo dwol moro kanyise ni, ‘Aa malo kendo ichiem nyaka iyiengʼ!’
6 ৬ তাৰ পাছত মই পুনৰ চালোঁ। তাত আন এটা জন্তু আছিল, সি নাহৰফুটুকী বাঘৰ দৰে। তাৰ পিঠিত চৰাইৰ ডেউকাৰ দৰে চাৰিখন ডেউকা আছিল, আৰু সেই জন্তুৰ চাৰিটা মূৰ আছিল; তাক শাসনভাৰ দিয়া হৈছিল।
“Bangʼ mano, ne achako aneno ondiek mar adek mane chalo gi kwach. Ne en gi bwombe angʼwen e diengʼeye machalo gi bwombe winyo. Ondiegni ne nigi wiye angʼwen, kendo ne omiye teko mar bedo gi loch.
7 ৭ তাৰ পাছত মই ৰাতি সপোনত চতুৰ্থ জন্তুটো দেখিলোঁ; সি আতঙ্কজনক, ভয়ঙ্কৰ, আৰু অতিশয় শক্তিমান আছিল। তাৰ ডাঙৰ ডাঙৰ লোহাৰ দাঁত আছিল; সি ডোখৰ ডোখৰকৈ ভাঙি খাইছিল, আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। আন জন্তুবোৰতকৈ সি বেলেগ, আৰু তাৰ দহটা শিং আছিল।
“Bangʼ mano, kane pod aleko ne aneno ondiek mar angʼwen. Ne en ondiek manenore malich kendo man-gi teko ma kineno to ibuok malich kendo luoro maki. Ne en gi leke madongo machalo nyinyo; nosiko kochiemo achiema kendo gimoro amora mane odongʼ nonyono piny gi tiendene. En nopogore gi ondiegi adek mokwongo ka bende ne en gi tunge apar.
8 ৮ মই সেই শিঙবোৰলৈ মন কৰি থাকোতেই, মই দেখিলোঁ যে সেইবোৰৰ মাজৰ পৰা আন এটা সৰু শিং গজি ওলাইছে। পূৰ্বৰ শিংবোৰৰ তিনিটা শিং গুৰিৰ পৰা উঘলা হৈছিল; আৰু সেই শিংটোত মানুহৰ চকুৰ দৰে দুটা চকু, আৰু গৰ্ব্ব কৰি ডাঙৰ ডাঙৰ কথা কোৱা এখন মুখ আছিল।
“Kane oyudo pod aparo kuom tungego, ne aneno tungʼ moro matin kawuok e kind tunge mamokogo; tungʼno nomuko tunge adek mane ni kanyo chon mondo omi odongi. Tungʼni ne nigi wenge machalo gi wenge dhano kod dhok ma wuoyo gi sunga.
9 ৯ মই দেখিলোঁ যে, সেই ঠাইত সিংহাসনবোৰ স্থাপন কৰা হৈছিল, আৰু প্রাচীন কালে তেওঁৰ আসনত বহিলে; তেওঁৰ বস্ত্ৰ হিমৰ দৰে বগা আছিল, আৰু তেওঁৰ মুৰৰ চুলি বিশুদ্ধ ঊণৰ দৰে আছিল; তেওঁৰ সিংহাসন অগ্নিশিখাৰ আছিল, আৰু তাৰ চক্ৰবোৰ জলন্ত জুইৰ আছিল।
“Kane oyudo pod angʼicho, “kombe mag loch ne oketi kanyo Kendo Ngʼat Machon Manyaka nene nobet e kome. Lepe ne tar ka pe, yie wiye ne rachar ka yier rombe. Kom duongʼ mare ne chalo mach maliel kendo tiendene nosiko kotimo mach maliel aliela.
10 ১০ তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুত দূতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।
Mach nodhuolore e nyime, mana ka aora mamol! Ji gana gi gana ne tiyone; kendo ji tara gi tara nochungʼ e nyime. Bangʼe noel kitepe eka bura nochakore.
11 ১১ মই একেৰাহে চাই আছিলোঁ, কাৰণ সেই গৰ্ব্বৰ কথাবোৰ সেই শিঙটোৱে কৈ আছিল। মই চালোঁ সেই জন্তুটো যেতিয়া বধ কৰা হৈছিল, আৰু তাৰ শৰীৰ ধ্বংস কৰা হৈছিল; তেতিয়া তাক অগ্নিশিখাত পেলাই দিয়া হৈছিল।
“Eka namedo winjo weche mag achaya mane wuok e tungʼno, kendo nomedo timo kamano nyaka ondiegno nonegi mi ringre nokethi kendo obol e mach makakni.
12 ১২ বাকী থকা চাৰিটা জন্তুৰ শাসন কৰা ক্ষমতা সিহঁতৰ পৰা কাঢ়ি লোৱা হৈছিল; কিন্তু সিহঁতৰ জীৱন কিছুসময়ৰ বাবে বঢ়াই দিয়া হৈছিল।
Ondiegi mamoko noyudo osetiek lochgi, to makmana nine pod owegi mangima kuom ndalo manok.
13 ১৩ মই সেই দর্শনত, আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্রৰ দৰে এজনক অহা দেখিলোঁ; তেওঁ প্রাচীন জনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল।
“Bende ne achako aneno fweny moro gotieno mi aneno ngʼat moro machalo wuod dhano kalor biro e boche polo, kodhi ir Nyasaye Maratego kendo notelne nyaka e nyime.
14 ১৪ তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।
Eka nomiye teko gi duongʼ kod loch; kendo ogendini duto gi pinje duto kod jogo duto mawacho dhok mopogore opogore nolame. Lochne en loch mosiko nyaka chiengʼ, kendo pinyruodhe en pinyruoth ma ok nyal tieki ngangʼ.
15 ১৫ মই যি দানিয়েল, মোৰ ভিতৰত মোৰ আত্মাই কষ্ট পাইছিল, আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিছিল।
“An Daniel, chunya nochandore, kendo fweny mane aneno mopogore opogore nodhiera nono.
16 ১৬ তাৰ পাছত মই থিয় হৈ থকাসকলৰ মাজৰ এজনৰ ওচৰলৈ গ’লো, আৰু এই সকলো বিষয়ৰ অর্থ দেখুৱাবলৈ তেওঁক কলোঁ।
Ne adhi ir achiel kuom joma nochungʼ kanyo mi napenje tiend lek mane aseleko. “Omiyo nonyisa, tiend wechegi kowacho niya,
17 ১৭ এই প্রকাণ্ড জন্তু চাৰিটা হ’ল, পৃথিৱীৰ পৰা আহিব লগা চাৰিজন ৰজা।
‘Ondiegi angʼwen malichgo gin pinjeruodhi angʼwen mabiro bet e piny e ndalo mabiro.
18 ১৮ কিন্তু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব।
To jomaler mar Nyasaye Man Malo Moloyo ema biro rito pinjego kendo ginibed gi loch nyaka chiengʼ.’
19 ১৯ তাৰ পাছত মই চতুর্থ জন্তুটোৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলো, ই আন সকলোতকৈ বেলেগ আছিল। ই লোহাৰ দাঁত আৰু পিতলৰ নখৰ সৈতে অতি ভয়ানক আছিল, ই ডোখৰ ডোখৰ কৰি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল।
“Bangʼ mano ne adwaro ngʼeyo tiend ngech ondiek mar angʼwen, ondiegno nopogore gi ondiegi mamoko kendo nomiyo ji luoro ahinya; ne en gi leke mag chuma kod kogno mag mula kendo nosiko kochiemo achiema kendo onyono gi tiende gimoro amora mane odongʼ piny.
20 ২০ তাৰ মুৰত থকা দহোটা শিঙ আৰু তিনিটা শিং উঘলাৰ পূৰ্বে গজা আনটো শিঙৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। চকু থকা, গর্বৰ কথা কোৱা মুখ থকা আৰু নিজৰ সঙ্গীসকলকৈ অধিক গৰ্ব্বী দেখুউৱা শিংটোৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ।
Bende nadwaro ngʼeyo kuom tunge apar mane otwi e wiye kendo kuom tungʼ machielo mane owuok bangʼe momuko tunge adek mamokoka; tungʼno ne nigi wenge kendo weche mag sunga ne wuok e dhoge. Tungʼno ne nenore maduongʼ moloyo tunge moko.
21 ২১ মই চাই থাকোঁতে দেখিলোঁ যে, প্রাচীন কালত তেওঁ থকাৰ দৰে, সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলক ন্যায়বিচাৰ দিয়া, পবিত্ৰ লোকসকলে ৰাজ্যৰ অধিকাৰী হোৱা সময় আহিল,
Kane pod amedo ngʼicho to tungʼni notugo lweny gi jomaler mi oloyogi,
22 ২২ সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিলে আৰু তেওঁলোকক পৰাজয় কৰিলে।
nyaka ne Nyasaye Maratego obiro mongʼado bura kachwako jomaler mar Nyasaye Man Malo Moloyo, kendo kinde koro nosechopo ma jo-Nyasaye yude loch mar rito piny.
23 ২৩ সেই পুৰুষজনে চতুর্থ জন্তুটোৰ বিষয়ে কোৱা কথা এয়া, এয়ে পৃথিৱীৰ চতুৰ্থ ৰাজ্য হ’ব, বাকী সকলো আন ৰাজ্যতকৈ এই ৰাজ্য পৃথক হ’ব, এই ৰাজ্যই সমগ্র পৃথিৱীক গ্ৰাস কৰিব, ই ভৰিৰে গচকিব, আৰু ডোখৰ ডোখৰ কৰি ভাঙিব।
“Eka nonyisa niya: ‘Ondiek mar angʼwen en pinyruoth mar angʼwen mabiro bet e piny. Obiro pogore gi pinjeruodhi duto, kendo obiro mako piny duto, monyone kendo otieke chuth.
24 ২৪ সেই দহটা শিঙৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা দহ জন ৰজা উৎপন্ন হ’ব; তেওঁলোকৰ পাছত আন এজন ৰজা উৎপন্ন হ’ব; তেওঁ আগৰ জনতকৈ পৃথক হ’ব, আৰু তেওঁ তিনিও জন ৰজাক জয় কৰিব।
Tunge apar gin ruodhi apar mabiro wuok e pinyruodhni. To bangʼ e ruoth moro biro wuok, mopogore gi mago motelo, kendo enolo adekgo.
25 ২৫ তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এক কাল, দুই কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
Obiro wuoyo marach kuom Nyasaye Man Malo Moloyo kendo obiro sando jo-Nyasaye koloko chike mag lemogi kod sewni mag-gi. Jo-Nyasaye nobed e bwo lochne kuom higni adek gi nus.
26 ২৬ কিন্তু ন্যায়ালয়ৰ সভা বহিব; আৰু তেওঁলোকে তেওঁৰ পৰা ৰাজকীয় পৰাক্রম কাঢ়ি ল’ব; শেষত গ্রাস কৰা হ’ব, আৰু ধ্বংস কৰা হ’ব।
“‘Bangʼ mano bura nongʼadi, mi nomaye lochne duto mondo otieke chuth.
27 ২৭ ৰাজ্য আৰু ৰাজশাসন, আৰু গোটেই আকাশ মণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা, যিসকল লোক সৰ্ব্বোপৰি পবিত্র ঈশ্বৰৰ সেই লোকসকলক দিয়া হ’ব; তেওঁৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য, আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব, আৰু তেওঁক মানি চলিব।
Eka loch, gi teko kod duongʼ mag pinjeruodhi manie bwo polo noket e lwet jo-Nyasaye, ma gin jo-Nyasaye Man Malo Moloyo. Pinyruodhe nobed pinyruoth mochwere, kendo ruodhi duto nolame kendo miye luor.’
28 ২৮ এইখিনিতে সেই বিষয় সমাপ্ত হ’ল। দানিয়েল যি মই, মোৰ চিন্তাই মোক অতিশয় ব্যাকুল কৰিলে, আৰু মোৰ মুখ বিবৰ্ণ হল; কিন্তু মই মোৰ নিজৰ মনতে সেই বিষয়সমূহ সাঁচি ৰাখিলোঁ।”
“Mano e giko wechego. An, Daniel, wechego nochando chunya, mi nabuok kuom gik mane aneno, to kata kamano ne ok awachone ngʼato wechego.”