< দানিয়েল 5 >
1 ১ বহু বছৰৰ পাছত বেলচচৰ ৰজাই তেওঁৰ এক হাজাৰ প্ৰধান লোকৰ বাবে এটা বৰ ভোজ দিলে, আৰু সেই এক হাজাৰ লোকৰ সাক্ষাতে তেওঁ দ্ৰাক্ষাৰস পান কৰিলে।
I tukua ha hakari nui e Kingi Perehatara ma etahi o ana ariki, kotahi te mano, a inu waina ana ia i te aroaro o te mano.
2 ২ বেলচচৰে দ্ৰাক্ষাৰস পান কৰি থাকোঁতে, যিৰূচালেম মন্দিৰৰ পৰা তেওঁৰ পিতৃ নবূখদনেচৰে অনা সোণৰ আৰু ৰূপৰ পাত্ৰবোৰত যাতে ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে পান কৰিব পাৰে, সেই বাবে সেই পাত্ৰবোৰ আনিবলৈ আজ্ঞা কৰিলে।
I te mea e inu waina ana a Perehatara, ka whakahau ia kia kawea mai nga oko, nga mea koura, nga mea hiriwa, i tangohia e tona papa, e Nepukaneha, i roto i te temepara i Hiruharama; hei mea inu ma te kingi, ma ana rangatira, ma ana wahine, ma ana wahine hoahoa.
3 ৩ যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ মন্দিৰৰ পৰা অনা সেই সোণৰ পাত্ৰবোৰ দাস সকলে আনিলে। ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে সেই পাত্রবোৰত পান কৰিলে।
Katahi ka kawea mai e ratou nga oko koura i tangohia i roto i te temepara o te whare o te Atua i Hiruharama; a inu ana ki aua mea te kingi, ana ariki, ana wahine, me ana wahine hoahoa.
4 ৪ তেওঁলোকে দ্ৰাক্ষাৰস পান কৰি তেওঁলোকৰ সোণ, ৰূপ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰৰ প্ৰশংসা কৰিলে।
Inu waina ana ratou, whakamoemiti ana ki nga atua, ki nga mea koura, hiriwa, parahi, rino, rakau, kohatu.
5 ৫ সেই মুহূৰ্ত্ততে মানুহৰ হাতৰ আঙুলি ওলাই দীপাধাৰৰ সন্মুখত দেখা দিলে, আৰু ৰাজ প্রাসাদৰ দেৱালত লিপা চূণৰ ওপৰত লিখিলে। লিখি থকাৰ সময়ত ৰজাই হাতৰ এটা অংশ দেখা পালে।
I taua haora ka puta mai nga maihao o tetahi ringa tangata, kei te tuhituhi ki te ritenga ake o te turanga rama, ki te paninga i te taha o te whare o te kingi: a ka kite te kingi i te wahi o te ringa nana te tuhituhi.
6 ৬ তেতিয়া ৰজাৰ মুখ বিবৰ্ণ হ’ল, তেওঁ চিন্তাত ব্যাকুল হ’ল; তেওঁৰ অঙ্গ-প্রত্যঙ্গই ভাৰগ্রস্ত হ’ল, আৰু তেওঁৰ আঁঠু কঁপিবলৈ ধৰিলে।
Katahi ka puta ke te mata o te kingi, raruraru ana ia i ona whakaaro, a tangoro iho nga hononga o tona hope, kei te aki mai ano ona turi ki a raua.
7 ৭ ৰজাই বৰকৈ চিঞৰী, মৃতলোকৰ লগত কথা পতা বুলি দাবী কৰা সকলক, জ্ঞানীলোকক, আৰু জ্যোতিষী সকলক আনিবলৈ আজ্ঞা দিলে। ৰজাই বাবিলত নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক ক’লে, “যি কোনোৱে ইয়াত লিখা কথা আৰু ইয়াৰ অৰ্থ মোক ব্যাখ্যা কৰি বুজাব, তেওঁক বেঙেনা বৰণীয়া বস্ত্র পিন্ধোৱা হ’ব, আৰু তেওঁৰ ডিঙিত সোণৰ হাৰ দিয়া হ’ব। তেওঁক ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ’ব।
Na nui atu te karanga a te kingi kia kawea mai nga kaititiro whetu, nga Karari, nga tohunga tuaahu. A i korero te kingi, i mea ki nga tangata whakaaro nui o Papurona, Ko te tangata e korerotia ai tenei tuhituhi, a ka whakaaturia mai e ia tona tik anga ki ahau, he ngangana te kakahu mona, he mekameka koura ano mo tona kaki, a ko ia ano hei rangatira tuatoru i te kingitanga.
8 ৮ তাৰ পাছত ৰজাৰ লোকসকল, যি নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত, তেওঁলোকে ভিতৰলৈ সোমাল; কিন্তু তেওঁলোকে সেই লিখা কথা পঢ়িব নোৱাৰিলে, বা ৰজাক তাৰ অৰ্থ ব্যাখ্যা কৰি বুজাবও নোৱাৰিলে।
Katahi ka haere mai nga tangata whakaaro nui katoa e te kingi: heoi kihai i ahei te korero i te tuhituhi, kihai ano i whakaatu i tona tikanga ki te kingi.
9 ৯ তেতিয়া ৰজা বেলচচৰ অতিশয় ব্যাকুল হ’ল, আৰু তেওঁৰ মুখ বিবৰ্ণ হ’ল। তাতে তেওঁৰ প্ৰধান লোকসকল বিহ্বল হ’ল।
Katahi ka nui atu te raruraru o Kingi Perehatara, ka puta ke tona mata, a tahurihuri ana ana ariki.
10 ১০ তেতিয়া ৰজা আৰু তেওঁৰ প্ৰধান লোকসকলৰ কথা শুনি, ৰাজমাতা ভোজৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল, ৰাজমাতাই ক’লে, “মহাৰাজ চিৰজীৱি হওক! আপোনাৰ চিন্তাই আপোনাক অশান্তি নকৰক, আৰু আপোনাৰ মুখ বিবৰ্ণ নহওক।
Na ka haere te kuini ki te whare hakari, na nga kupu hoki a te kingi ratou ko ana ariki: na ka korero te kuini, ka mea, E te kingi, kia ora tonu koe: kei raruraru koe i ou whakaaro, kei puta ke tou mata.
11 ১১ পবিত্ৰ দেৱতাবোৰৰ আত্মা থকা এজন মানুহ আপোনাৰ ৰাজ্যত আছে। আপোনাৰ পিতৃ থকা সময়ত জ্ঞান, বিবেচনা, আৰু দেৱতাবোৰৰ প্রজ্ঞাৰ দৰে প্রজ্ঞা তেওঁত বিচাৰি পোৱা গৈছিল। আপোনাৰ পিতৃ, ৰজা নবূখদনেচৰে, তেওঁক শাস্ত্রজ্ঞ, মৃতলোকৰ লগত কথা পতাসকল, জ্ঞানীলোক, আৰু জ্যোতিষী সকলৰ ওপৰত অধ্যক্ষ নিযুক্ত কৰিছিল।
He tangata tenei kei tou kingitanga, kei a ia nei te wairua o nga atua tapu; i nga ra hoki o tou papa i kitea te marama, te mohio, me nga whakaaro nui i roto i a ia, he mea rite tonu ki nga whakaaro nui o nga atua, a meinga ana ia e tou papa, e Kingi Nepukaneha, ae ra, e tou papa, e te kingi, hei rangatira mo nga tohunga maori ratou ko nga kaititiro whetu, ko nga Karari, ko nga tohunga tuaahu:
12 ১২ তেওঁৰ অন্তৰত উত্তম আত্মা, বিবেচনা শক্তি, সপোনৰ ফলিতা ক’ব পৰা, নিগূঢ় বাক্য ব্যাখ্যা কৰিব পৰা, আৰু সমস্যা সামাধান কৰিব পৰা গুণ পোৱা গৈছিল; তেওঁৰ নাম দানিয়েল, ৰজাই তেওঁক বেলটচচৰ নাম দিছিল। এতিয়া সেই দানিয়েলক মতা হওক, আৰু তেৱেঁ আপোনাক ইয়াত কি লিখা আছে তাৰ অৰ্থ ক’ব।”
Na pai atu te wairua i kitea i roto i taua Raniera, i huaina nei e te kingi ko Peretehatara, te matau, te mohio, te whakaatu moe, te whakakite i nga kupu pakeke: tareka ana i a ia nga mea e mau ana. Na kia karangatia a Raniera, a mana e whakakit e te tikanga.
13 ১৩ তাৰ পাছত দানিয়েলক ৰজাৰ ওচৰলৈ অনা হ’ল, ৰজাই দানিয়েলক ক’লে, “মোৰ পিতৃ মহাৰাজে যিহূদা দেশৰ পৰা অনা দেশান্তৰিত যিহূদী লোকসকলৰ মাজত যি দানিয়েল আছিল, সেই দানিয়েল আপুনিয়ে নে?
Katahi ka kawea mai a Raniera ki te aroaro o te kingi. A ka korero te kingi, ka mea ki a Raniera, Ko taua Raniera ranei koe, no nga tamariki whakarau o Hura, i kawea mai nei e te kingi, e toku papa, i Hura?
14 ১৪ মই আপোনাৰ বিষয়ে শুনিছোঁ যে, আপোনাত দেৱতাবোৰৰ আত্মা আছে, আৰু জ্ঞান, বিবেচনা, আৰু উত্তম প্রজ্ঞা আপোনাত পোৱা যায়।
Kua rongo ahau ki a koe, kei roto i a koe te wairua o nga atua, a e kitea ana te marama i roto i a koe, te matauranga, me te mohio pai rawa.
15 ১৫ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোক, আৰু মৃতলোকৰ সৈতে কথা পতা বুলি দাবী কৰা লোকসকলক ইয়াত কি লিখা আছে পঢ়ি ইয়াৰ অৰ্থ মোক বুজাবলৈ, মোৰ ওচৰলৈ অনা হৈছিল; কিন্তু তেওঁলোকে এই কথাখিনিৰ অৰ্থ বুজাব নোৱাৰিলে।
Na kua kawea mai nei nga tangata whakaaro nui, nga kaititiro whetu, ki toku aroaro, kia korerotia ai e ratou tenei tuhituhi, kia whakaaturia ai tona tikanga ki ahau: heoi kihai i taea e ratou te whakaatu te tikanga o taua mea.
16 ১৬ মই শুনিছোঁ যে, আপুনি অৰ্থ বুজাব পাৰে, আৰু সমস্যা সামাধান কৰিব পাৰে। সেয়ে এতিয়া যদি আপুনি এই লিখা কথাখিনি পঢ়িব পাৰিব, আৰু ইয়াৰ অৰ্থ মোক বুজাব পাৰিব, তেনেহ’লে আপোনাক বেঙেনা বৰণীয়া বস্ত্র পৰিধান কৰোঁৱা হ’ব, আপোনাৰ ডিঙিত সোণৰ হাৰ পিন্ধোৱা হ’ব, আৰু আপোনাক ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ’ব।
Kua rongo ia ahau ki a koe, ka taea e koe te whakaatu tikanga, a ka tareka i a koe nga mea e mau ana. Na ki te taea e koe te tuhituhi te korero, a ka whakaaturia tona tikanga ki ahau, he ngangana te kakahu mou, he mekameka koura ano tenei mo tou kaki, ko koe hoki hei rangatira tuatoru i te kingitanga.
17 ১৭ তেতিয়া দানিয়েলে ৰজাৰ সন্মুখত উত্তৰ দি ক’লে, “আপোনাৰ উপহাৰবোৰ নিজৰ বাবে ৰাখক, আৰু আপোনাৰ পুৰস্কাৰ আন লোকক দিয়ক। তথাপি মই মহাৰাজৰ আগত এই লিখা কথাখিনি পঢ়িম, আৰু ইয়াৰ অৰ্থ মহাৰাজক বুজাম।
Katahi ka whakahoki a Raniera, ka mea ki te aroaro o te kingi, Mau au hakari, hoatu au utu ki tetahi atu; me korero ia e ahau te tuhituhi ki te kingi, me whakaatu te tikanga ki a ia.
18 ১৮ হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবূখদনেচৰক ৰাজ্য, মহিমা, মৰ্যদা, আৰু ঐশ্বৰ্য দিছিল।
E te kingi, i homai e te Atua, e te Runga Rawa, te kingitanga ki tou papa, ki a Nepukaneha, me te nui, me te kororia, me te honore:
19 ১৯ ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে, সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ সাক্ষাতে কঁপিছিল আৰু ভয় কৰিছিল। তেওঁ যিসকলক বধ কৰিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক বধ কৰিছিল, আৰু যিসকলক জীয়াই ৰাখিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক জীয়াই ৰাখিছিল। তেওঁ ইচ্ছা কৰা সকলক উন্নত কৰিছিল, আৰু যি সকলক ইচ্ছা কৰিছিল তেওঁলোকক নত কৰিছিল।
A na taua nui, i homai ra e ia ki a ia, i wiri ai nga tangata katoa, nga iwi, nga reo, i wehi ai i tona aroaro: ko ana i pai ai whakamatea ana e ia, ko ana i pai ai whakaorangia ana e ia, ko ana i pai ai whakaturia ana e ia a, ko ana i pai ai wh akaititia iho e ia.
20 ২০ যেতিয়া তেওঁৰ হৃদয় অহংকাৰী আৰু তেওঁৰ মন কঠিন হৈছিল, আৰু তেওঁ গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া তেওঁক ৰাজ সিংহাসনৰ পৰা নমোৱা হৈছিল, আৰু তেওঁলোকে তেওঁৰ পৰা তেওঁৰ ঐশ্বৰ্য কাঢ়ি লৈছিল।
Otiia ka whakakake tona ngakau, ka pakeke tona hinengaro i runga i te whakapehapeha, na kua whakataka ia i runga i tona torona kingi, whakakahoretia iho tona kororia.
21 ২১ তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হৈছিল, তেওঁৰ হৃদয় জন্তুৰ সদৃশ হৈছিল, আৰু তেওঁ বনৰীয়া গাধৰ লগত বাস কৰিছিল, তেওঁ গৰুৰ দৰে ঘাঁহ খাইছিল, আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিছিল; মানুহৰ ৰাজ্যত যে, সৰ্ব্বোপৰি ঈশ্বৰে শাসন কৰে, আৰু যিজনক তেওঁ ইচ্ছা কৰে, সেই জনকে তাৰ ওপৰত নিযুক্ত কৰে, এই বিষয়ে তেওঁ নজনালৈকে সেই অৱস্থাত আছিল।
A aia atu ana ia i roto i nga tama a te tangata, i meinga ano tona ngakau kia rite ki o nga kararehe; i nga kaihe mohoao ano hoki tona nohoanga, he mea whangai ia ki te tarutaru, ano he kau; i maku ano tona tinana i te tomairangi o te rangi, a m ohio noa ia kei te kawana te Atua, te Runga Rawa, ki te kingitanga tangata, e whakaritea ana hoki e ia ma tana e pai ai.
22 ২২ হে বেলচচৰ, আপুনি তেওঁৰেই পুত্ৰ, আপুনি এই সকলো জানিও, আপোনাৰ হৃদয় নম্ৰ কৰা নাই।
Na ko koe, ko tana tama, e Perehatara, kihai i whakaititia e koe tou ngakau, me te mohio ano koe ki tenei katoa;
23 ২৩ স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।
Heoi whakakake ana koe ki te Ariki o te rangi, kua oti ano nga oko o tona whare te kawe mai ki tou aroaro, hei oko inu waina, mau, ma au ariki, ma au wahine, ma au wahine iti; kua whakamoemiti ano koe ki nga atua, ki nga mea hiriwa, koura, parah i, rino, rakau, kohatu, e kore nei e kite, e rongo, e mohio: na, ko te Atua, kei tona ringa nei tou manawa, nana nei ou ara katoa, kihai ia i whakakororiatia e koe.
24 ২৪ সেই বাবে ঈশ্বৰৰ সন্মুখৰ পৰা এখন হাত পঠালে, আৰু এই কথাখিনি লিখা হ’ল।
Katahi ka unga atu te wahi o te ringa i tona aroaro; na kua oti tenei mea te tuhituhi.
25 ২৫ লিখা কথা খিনি এই, “মিনে, মিনে, তিকেল, উফৰ্চীন।”
Na ko te mea tenei i tuhituhia, MENE, MENE, TEKERE, UPARAHINI.
26 ২৬ কথাখিনিৰ অৰ্থ এই: মিনে, ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰি, তাৰ অন্ত কৰিলে;
Ko te tikanga tenei o te mea: MENE; kua oti tou kingitanga te tatau e te Atua, mutu pu i a ia.
27 ২৭ তিকেল, আপোনাক তুলাচনীত জোখা হ’ল, আৰু কম পোৱা গ’ল;
TEKERE; kua oti koe te pauna ki te pauna, a kua kitea tou koha.
28 ২৮ পিৰেচ, আপোনাৰ ৰাজ্য ভাঙি মাদীয়া আৰু পাৰসীসকলক দিয়া হৈছে।”
PEREHE; kua oti tou kingitanga te wahi, kua hoatu ki nga Meri, ki nga Pahi.
29 ২৯ তাৰ পাছত বেলচচৰে আজ্ঞা দিলে, আৰু তেওঁলোকে দানিয়েলক বেঙেনা বৰণীয়া বস্ত্ৰ, তেওঁৰ ডিঙিত সোণৰ হাৰ পিন্ধালে; আৰু ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা তেওঁৰ থাকিব বুলি ৰজাই ঘোষণা কৰিলে।
Katahi a Perehatara ka whakahau a whakakakahuria ana a Raniera ki te mea ngangana, whakanohoia ana he mekameka koura ki tona kaki, karangarangatia ana ia ko ia te rangatira tuatoru o te kingitanga.
30 ৩০ সেই ৰাতিয়েই কলদীয়াৰ ৰজা বেলচচৰক হত্যা কৰা হৈছিল।
I taua po ano ka patua a Perehatara kingi o nga Karari.
31 ৩১ তাৰ পাছত মাদীয়াৰ দাৰিয়াবচৰ প্ৰায় বাষষ্টি বছৰ বয়সত তেওঁ সেই ৰাজ্য পাইছিল।
A riro ana te kingitanga i a Tariuha Meri: ko ona tau kei te ono tekau ma rua.