< দানিয়েল 3 >

1 ৰজা নবূখদনেচৰে ষাঠি হাত ওখ আৰু ছহাত বহল এনে এক সোণৰ মূৰ্তি সাজি বাবিল প্ৰদেশৰ দূৰা নামৰ সমথলত স্থাপন কৰিলে।
ネブカデネザル王は一つの金の像を造った。その高さは六十キュビト、その幅は六キュビトで、彼はこれをバビロン州のドラの平野に立てた。
2 তাৰ পাছত ৰজা নবূখদনেচৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎসৰ্গ কৰিবৰ বাবে, প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে, প্ৰদেশৰ উপদেষ্টা, ধনভঁৰালী, বিচাৰক, বিচাৰকৰ্ত্তা আৰু সকলো মূখ্য কৰ্মচাৰী সকলক একত্রিত হৈ, আহিবলৈ বাৰ্ত্তা পঠিয়ালে।
そしてネブカデネザル王は、総督、長官、知事、参議、庫官、法官、高僧および諸州の官吏たちを召し集め、ネブカデネザル王の立てたこの像の落成式に臨ませようとした。
3 নবূখদনেচৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎসৰ্গ কৰিবলৈ, প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে, প্ৰদেশৰ উপদেষ্টা, ধনভঁৰালী, বিচাৰক, বিচাৰকৰ্ত্তা আৰু সকলো মূখ্য কৰ্মচাৰী একত্রিত হৈ আহিল; আৰু মূৰ্তিৰ আগত উপস্থিত হ’ল।
そこで、総督、長官、知事、参議、庫官、法官、高僧および諸州の官吏たちは、ネブカデネザル王の立てた像の落成式に臨み、そのネブカデネザルの立てた像の前に立った。
4 তাৰ পাছত ঘোষণাকাৰীয়ে উচ্চস্বৰে চিঞৰিলে, “হে সকলো দেশ লোক, আৰু সকলো ভাষাৰ লোকসকল, আপোনালোকক আজ্ঞা দিয়া হৈছে যে,
時に伝令者は大声に呼ばわって言った、「諸民、諸族、諸国語の者よ、あなたがたにこう命じられる。
5 যি সময়ত আপোলোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিবলৈ পাব, সেই সময়তেই ৰজা নবূখদনেচৰে স্থাপন কৰা সোণৰ মূৰ্তিত আপোনালোক সকলোৱে উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিব লাগিব।
角笛、横笛、琴、三角琴、立琴、風笛などの、もろもろの楽器の音を聞く時は、ひれ伏してネブカデネザル王の立てた金の像を拝まなければならない。
6 যি সকলে সেই মুহূৰ্তত উবুৰি নহ’ব আৰু সেৱা নকৰিব, তেওঁলোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।”
だれでもひれ伏して拝まない者は、ただちに火の燃える炉の中に投げ込まれる」と。
7 সেয়ে সকলো লোকে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিলে, তেতিয়াই দেশৰ সকলো লোকে, আৰু সকলো ভাষাৰ লোকসকলে ৰজা নবূখদনেচৰে স্থাপন কৰা সোণৰ মুৰ্ত্তিক উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিলে।
そこで民らはみな、角笛、横笛、琴、三角琴、立琴、風笛などの、もろもろの楽器の音を聞くや、諸民、諸族、諸国語の者たちはみな、ひれ伏して、ネブカデネザル王の立てた金の像を拝んだ。
8 সেই সময়ত কলদীয়া মানুহ কেইজনমান আহিল, আৰু যিহূদীসকলৰ অহিতে অভিযোগ কৰিলে।
その時、あるカルデヤびとらが進みきて、ユダヤ人をあしざまに訴えた。
9 তেওঁলোকে ৰজা নবূখদনেচৰক ক’লে, “মহাৰাজ চিৰজীৱি হওক!
すなわち彼らはネブカデネザル王に言った、「王よ、とこしえに生きながらえられますように。
10 ১০ হে মহাৰাজ আপুনি এই আজ্ঞা কৰিছিল যে, প্রতিজন ব্যক্তিয়ে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিব, তেতিয়াই সকলোৱে সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিব লাগিব।
王よ、あなたは命令を出して仰せられました。すべて、角笛、横笛、琴、三角琴、立琴、風笛などの、もろもろの楽器の音を聞く者は皆、ひれ伏して金の像を拝まなければならない。
11 ১১ কিন্তু যি জনে উবুৰি হৈ সেৱা নকৰিব, তেওঁক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।
また、だれでもひれ伏して拝まない者はみな、火の燃える炉の中に投げ込まれると。
12 ১২ ইয়াত বাবিল প্ৰদেশৰ ৰাজ কাৰ্যত আপুনি নিযুক্ত কৰা চদ্ৰক, মৈচক, আৰু অবেদ-নেগো নামেৰে কেইজনমান যিহূদীলোক আছে; তেওঁলোকে আপোনাৰ কথালৈ মনোযোগ দিয়া নাই। তেওঁলোকে আপোনাৰ দেৱতাবোৰক সেৱা নকৰে, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰে।”
ここにあなたが任命して、バビロン州の事務をつかさどらせられているユダヤ人シャデラク、メシャクおよびアベデネゴがおります。王よ、この人々はあなたを尊ばず、あなたの神々にも仕えず、あなたの立てられた金の像をも拝もうとしません」。
13 ১৩ ইয়াকে শুনি নবূখদনেচৰে খং আৰু ক্রোধেৰে পৰিপূৰ্ণ হ’ল, আৰু চদ্ৰক, মৈচক আৰু অবেদ-নেগোক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিলে। তেতিয়া তেওঁলোকে সেই লোক কেইজনক ৰজাৰ ওচৰলৈ আনিলে।
そこでネブカデネザルは怒りかつ憤って、シャデラク、メシャクおよびアベデネゴを連れてこいと命じたので、この人々を王の前に連れてきた。
14 ১৪ নবূখদনেচৰে তেওঁলোকক ক’লে, “হে চদ্ৰক, মৈচক আৰু অবেদ-নেগো, আপোনালোকে মোৰ দেৱতাবোৰক সেৱা কৰা নাই, আৰু মই স্থাপন কৰা সোণৰ মূৰ্তিত সাষ্টাঙ্গে প্রণিপাত কৰা নাই, এই কাৰ্য আপোনালোকে জানিয়ে কৰিছে নে?
ネブカデネザルは彼らに言った、「シャデラク、メシャク、アベデネゴよ、あなたがたがわが神々に仕えず、またわたしの立てた金の像を拝まないとは、ほんとうなのか。
15 ১৫ এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”
あなたがたがもし、角笛、横笛、琴、三角琴、立琴、風笛などの、もろもろの楽器の音を聞くときにひれ伏して、わたしが立てた像を、ただちに拝むならば、それでよろしい。しかし、拝むことをしないならば、ただちに火の燃える炉の中に投げ込まれる。いったい、どの神が、わたしの手からあなたがたを救うことができようか」。
16 ১৬ তেতিয়া চদ্ৰক, মৈচক আৰু অবেদ-নেগোৱে ৰজাক উত্তৰ দি ক’লে, “হে নবূখদনেচৰ, আপোনাক এই বিষয়ে উত্তৰ দিয়া আমাৰ একো প্ৰয়োজন নাই।
シャデラク、メシャクおよびアベデネゴは王に答えて言った、「ネブカデネザルよ、この事について、お答えする必要はありません。
17 ১৭ ইয়াৰ উত্তৰ যদি আছে, তেনেহ’লে মহাৰাজ, আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰে প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক ৰক্ষা কৰিবলৈ সমৰ্থ, আৰু তেওঁ আমাক আপোনাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰে।
もしそんなことになれば、わたしたちの仕えている神は、その火の燃える炉から、わたしたちを救い出すことができます。また王よ、あなたの手から、わたしたちを救い出されます。
18 ১৮ কিন্তু যদি উদ্ধাৰ নকৰেও, তথাপিও হে মহাৰাজ, আপোনাক জনাওঁ যে, আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰোঁ, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰোঁ।”
たといそうでなくても、王よ、ご承知ください。わたしたちはあなたの神々に仕えず、またあなたの立てた金の像を拝みません」。
19 ১৯ তাৰ পাছত নবূখদনেচৰে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ অহিতে মুখমণ্ডল বিকৃত কৰিলে। তেওঁ অগ্নিকুণ্ডৰ জুই নিয়মিত পৰিমাণতকৈ সাত গুণ বেছি প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে।
そこでネブカデネザルは怒りに満ち、シャデラク、メシャクおよびアベデネゴにむかって、顔色を変え、炉を平常よりも七倍熱くせよと命じた。
20 ২০ তাৰ পাছত তেওঁ তেওঁৰ সৈন্যৰ মাজৰ কিছুমান বলী মানুহক চদ্ৰক, মৈচক আৰু অবেদ-নেগোক বান্ধি প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাবলৈ আজ্ঞা দিলে।
またその軍勢の中の力の強い人々を呼んで、シャデラク、メシャクおよびアベデネゴを縛って、彼らを火の燃える炉の中に投げ込めと命じた。
21 ২১ তেতিয়া সেই কেইজনক চোলা, জামা, পাগুৰি, আৰু আন আন বস্ত্রৰ সৈতে তেওঁলোকক বান্ধি অগ্নিকুণ্ডত পেলাই দিয়া হ’ল।
そこでこの人々は、外套、下着、帽子、その他の衣服のまま縛られて、火の燃える炉の中に投げ込まれた。
22 ২২ ৰজাৰ আজ্ঞা যথাযথভাবে পালন কৰা হৈছিল, আৰু অগ্নিকুণ্ড অতিশয় তপত আছিল, সেয়ে চদ্ৰক, মৈচক আৰু অবেদ-নেগোক লৈ যোৱা মানুহ কেইজনক সেই অগ্নিশিখাই গ্রাস কৰিলে।
王の命令はきびしく、かつ炉は、はなはだしく熱していたので、シャデラク、メシャクおよびアベデネゴを引きつれていった人々は、その火炎に焼き殺された。
23 ২৩ চদ্ৰক, মৈচক আৰু অবেদ-নেগো, এই তিনি জন লোক বন্ধা অৱস্থাতে অগ্নিকুণ্ডৰ ভিতৰত পৰিল।
シャデラク、メシャク、アベデネゴの三人は縛られたままで、火の燃える炉の中に落ち込んだ。
24 ২৪ তাৰ পাছত ৰজা নবূখদনেচৰে আচৰিত হৈ বেগাই থিয় হ’ল। তেওঁ তেওঁৰ পৰামৰ্শদাতা সকলক সুধিলে, “আমি তিনি জন মানুহক বান্ধি জুইত পেলোৱা নাছিলো নে?” তেওঁলোকে উত্তৰ দি ক’লে, “হয় মহাৰাজ।”
その時、ネブカデネザル王は驚いて急ぎ立ちあがり、大臣たちに言った、「われわれはあの三人を縛って、火の中に投げ入れたではないか」。彼らは王に答えて言った、「王よ、そのとおりです」。
25 ২৫ তেতিয়া ৰজাই ক’লে, “কিন্তু মই চাৰিজন মানুহ মুকলি হৈ জুইৰ মাজত অহা-যোৱা কৰি থকা দেখিছোঁ; আৰু তেওঁলোকৰ একো ক্ষতি হোৱা নাই, আৰু চতুৰ্থ জনৰ উজ্জলতা দেৱতাৰ পুত্ৰৰ দৰে।”
王は答えて言った、「しかし、わたしの見るのに四人の者がなわめなしに、火の中を歩いているが、なんの害をも受けていない。その第四の者の様子は神の子のようだ」。
26 ২৬ তেতিয়া নবূখদনেচৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ মাতিলে, “হে সৰ্বোপৰি ঈশ্বৰৰ দাস চদ্ৰক, মৈচক আৰু অবেদ-নগো ওলাই আহাঁ; ইয়ালৈ আহাঁ!” তাতে চৈদ্ৰক, মৈচক আৰু অবেদ-নেগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল।
そこでネブカデネザルは、その火の燃える炉の入口に近寄って、「いと高き神のしもべシャデラク、メシャク、アベデネゴよ、出てきなさい」と言ったので、シャデラク、メシャク、アベデネゴはその火の中から出てきた。
27 ২৭ প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, আন অধ্যক্ষসকল, আৰু ৰজাৰ পৰামৰ্শদাতাসকল সকলোৱে সেই তিনিজন লোকক চাবলৈ একগোট হ’ল। তেওঁলোকৰ শৰীৰত জুইয়ে একো ক্ষতি কৰা নাছিল, তেওঁলোকৰ মূৰৰ চুলি এডালো পোৰা নাছিল, তেওঁলোকৰ বস্ত্ৰও নষ্ট হোৱা নাছিল, আৰু তেওঁলোকৰ গাত জুইৰ গোন্ধও নাছিল।
総督、長官、知事および王の大臣たちも集まってきて、この人々を見たが、火は彼らの身にはなんの力もなく、その頭の毛は焼けず、その外套はそこなわれず、火のにおいもこれに付かなかった。
28 ২৮ তেতিয়া নবূখদনেচৰে ক’লে, “চদ্ৰক, মৈচক আৰু অবেদ-নেগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহাঁ আমি প্রশংসা কৰোঁহক! তেওঁলোকে মোৰ আজ্ঞা লঙ্ঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল, আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাঙ্গে প্রণিপাত কৰিবলগীয়া নহয়, সেই বাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে।
ネブカデネザルは言った、「シャデラク、メシャク、アベデネゴの神はほむべきかな。神はその使者をつかわして、自分に寄り頼むしもべらを救った。また彼らは自分の神以外の神に仕え、拝むよりも、むしろ王の命令を無視し、自分の身をも捨てようとしたのだ。
29 ২৯ সেই কাৰণে মই এই আজ্ঞা দিছোঁ যে, যিকোনো লোক, যিকোনো দেশ, বা যিকোনো ভাষাৰ লোকে চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ ঈশ্বৰৰ বিৰুদ্ধে ক’ব, তেওঁলোকক ডোখৰ ডোখৰকৈ কটা যাব, আৰু তেওঁলোকৰ ঘৰ জাবৰৰ দ’মৰ দৰে কৰা হ’ব; কাৰণ এইদৰে ৰক্ষা কৰিব পৰা ইয়াত আন কোনো দেৱতা নাই।”
それでわたしはいま命令を下す。諸民、諸族、諸国語の者のうちだれでも、シャデラク、メシャク、アベデネゴの神をののしる者があるならば、その身は切り裂かれ、その家は滅ぼされなければならない。このように救を施すことのできる神は、ほかにないからだ」。
30 ৩০ তেতিয়া ৰজাই চদ্ৰক, মৈচক আৰু অবেদ-নেগোক বাবিল প্ৰদেশত উচ্চ পদত নিযুক্ত কৰিলে।
こうして、王はシャデラク、メシャクおよびアベデネゴの位を進めて、バビロン州におらせた。

< দানিয়েল 3 >