< দানিয়েল 12 >
1 ১ সেই সময়ত তোমাৰ লোকসকলক সুৰক্ষা দান কৰা মহাৰক্ষক-দূত মীখায়েল থিয় হ’ব। দেশৰ আৰম্ভণি নোহোৱা সময়ৰে পৰা যেনে সঙ্কট কেতিয়াও হোৱা নাই, তেনে সঙ্কটৰ সময় আহিব। সেই সময়ত পুস্তক খনত নাম লিখা তোমাৰ আটাই লোকসকলে ৰক্ষা পাব।
På samma tiden skall den store Försten Michael, som för ditt folk står, uppresa sig; ty en sådana bedröfvad tid skall komma, att ingen slik varit hafver, ifrå den tid menniskor hafva varit till, intill den tiden. Uti den samma tiden skall ditt folk frälst varda, alle de som i bokene skrefne äro.
2 ২ পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ, আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব।
Och månge de, som under jordene sofva ligga, skola uppvakna, somlige till evigt lif, somlige till evig försmädelse och blygd.
3 ৩ যিসকল জ্ঞানী, তেওঁলোক আকাশৰ দিপ্তীৰ দৰে প্রজ্বলিত হ’ব, আৰু অনেকক ধাৰ্মিকতালৈ ঘূৰাই অনা লোকসকল তৰাবোৰৰ দৰে চিৰকাল জিলিকি থাকিব।
Men lärarena skola lysa såsom himmelens sken, och de som många undervisa till rättfärdighet, såsom stjernor i evighet.
4 ৪ কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ গোপনে ৰাখা আৰু এই পুস্তকত মোহৰ মাৰা। অনেক লোক ইফালে সিফালে দৌৰিব, আৰু জ্ঞান বৃদ্ধি হ’ব।”
Och du, Daniel, fördölj dessa orden och besegla denna skriftena intill den yttersta tiden; så skola månge deröfver komma, och finna ett stort förstånd.
5 ৫ তাৰ পাছত মই দানিয়েলে চালোঁ আৰু আন দুজন পুৰুষক থিয় হৈ থকা দেখিলোঁ। তেওঁলোকৰ মাজৰ এজনে নদীৰ ইপাৰে আৰু আনজনে নদীৰ সিপাৰে থিয় হৈ আছিল।
Och jag, Daniel, såg, och si, der stodo två andre, en på denna strandene vid älfvena, en annar på den andra strandene.
6 ৬ নদীৰ কাষত শণ সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষ জনক তেওঁলোকৰ এজনে ক’লে, “এই আচৰিত ঘটনাবোৰ সিদ্ধ হ’বলৈ কিমান দিন লাগিব?”
Och han sade till den som i linnkläder ofvanuppå älfvenes vatten stod: När skall då änden varda med sådana under?
7 ৭ নদীৰ কাষত শণ সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষ জনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙিলে, আৰু অনন্তকাললৈকে জীয়াই থকা জনৰ নামেৰে শপত খালে, সেয়ে সময়, সময়, আৰু অৰ্দ্ধ সময় হ’ব। যেতিয়া পবিত্ৰ লোকসকলৰ শক্তি চূৰ্ণবিচূৰ্ণ কৰা শেষ হ’ব, তেতিয়া এইসকলো সিদ্ধ হ’ব।
Och jag lydde till den mannen, som i linnkläden stod ofvanuppå vattnena; och han hof upp sina högra och venstra hand till himmelen, och svor vid honom som lefver evinnerliga, att det skulle vara till en tid, och några tider, och en half tid; och när dess heliga folkens förskingring en ända hafver, så skall allt sådant ske.
8 ৮ মই শুনিলোঁ, কিন্তু বুজিব নোৱাৰিলোঁ; সেয়ে মই সুধিলোঁ, “হে মোৰ প্ৰভু, এইসকলো বিষয়ৰ পৰিনতি কি হ’ব?”
Och jag hörde det, men jag för stod det intet; och jag sade: Min Herre, hvad skall ske derefter?
9 ৯ তাতে তেওঁ ক’লে, “হে দানিয়েল, তুমি নিজৰ পথত যোৱা; কাৰণ শেষ সময়লৈকে এই বাক্যবোৰ বন্ধ কৰা আৰু মোহৰ মৰা হ’ল।
Han sade: Gack, Daniel, ty det är fördoldt och besegladt intill yttersta tiden.
10 ১০ অনেক লোকে নিজকে শুদ্ধ, পবিত্ৰ, আৰু পৰীক্ষাসিদ্ধ কৰিব; কিন্তু দুষ্টসকলে দুষ্কৰ্মই কৰি থাকিব। দুষ্টসকলৰ মাজৰ কোনেও বুজি নাপাব, কিন্তু জ্ঞানীলোক সকলেহে বুজি পাব।
Månge skola renade, luttrade och bepröfvade varda; och de ogudaktige skola föra ett ogudaktigt väsende; och de ogudaktige skola intet aktat; men de förståndige skola aktat.
11 ১১ যেতিয়াৰ পৰা হোম বলিদান বন্ধ কৰা হৈছিল, আৰু ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন কৰা হৈছিল, তেতিয়াৰ পৰা এক হাজাৰ দুশ নব্বই দিন হ’ব।
Och ifrå den tiden, när det dageliga offret borttaget, och förödelsens styggelse uppsatt varder, skall vara tusende tuhundrade och niotio dagar.
12 ১২ যিজনে এক হাজাৰ তিনিশ পয়ত্ৰিশ দিনলৈকে অপেক্ষা কৰিব, তেওঁ আশীৰ্ব্বাদপ্রাপ্ত হ’ব।
Väl är honom, som då förbidar, och räcker intill tusende trehundrad och fem och tretio dagar.
13 ১৩ তুমি শেষলৈকে নিজৰ পথত চলি থাকা; আৰু তুমি বিশ্ৰাম পাবা। শেষৰ দিনত তোমাক নিযুক্ত কৰা স্থানত তুমি থিয় হ’বা।”
Men du, Daniel, gack bort, tilldess änden kommer, och hvila dig, att du må uppstå i dinom del, när dagarna hafva ända.