< দানিয়েল 11 >
1 ১ মাদীয়া দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰতে ময়েই মিখায়েলক সমৰ্থন আৰু ৰক্ষা কৰিবলৈ থিয় হৈছিলোঁ।
Eu, pois, no primeiro ano de Dario, medo, estive para o esforçar e fortalecer.
2 ২ আৰু এতিয়া মই তোমাৰ আগত সত্যবিষয় প্রকাশ কৰোঁ। পাৰস্য দেশত তিনি জন ৰজা উৎপন্ন হ’ব; আৰু চতুৰ্থ ৰজা জন আন সকলতকৈ অধিক ধনৱান হ’ব। তেওঁ নিজৰ ধন-সম্পতিৰ দ্বাৰাই ক্ষমতা অৰ্জন কৰিব, আৰু তেওঁ সকলোকে গ্রীচ ৰাজ্যৰ বিৰুদ্ধে উচটাব।
E agora te declararei a verdade: Eis que ainda três reis estarão na Pérsia, e o quarto será enriquecido de grandes riquezas mais do que todos; e, esforçando-se com as suas riquezas, suscitará a todos contra o reino da Grécia.
3 ৩ তাৰ পাছত এজন পৰাক্ৰমী ৰজা উৎপন্ন হ’ব; তেওঁ অতি বৃহৎ ৰাজ্য শাসন কৰিব, আৰু তেওঁ নিজৰ ইচ্ছাৰে সকলো কাৰ্য কৰিব।
Depois se levantará um rei valente, que reinará com grande domínio, e fará o que lhe aprouver.
4 ৪ যেতিয়া তেওঁ উৎপন্ন হ’ব, তেওঁৰ ৰাজ্য ভগ্ন হ’ব, আৰু আকাশৰ চাৰিও দিশৰ বায়ুলৈ বিভক্ত হ’ব। তেওঁৰ ৰাজ্য তেওঁৰ বংশধৰসকলক দিয়া নহ’ব; আৰু তেওঁ শাসন কৰা সময়ত থকা ক্ষমতা আৰু নাথাকিব। কিয়নো তেওঁৰ ৰাজ্য উৎখাত কৰা হ’ব, আৰু তেওঁৰ বংশধৰক নিদি আন সকলক দিয়া হ’ব।
Mas, estando ele em pé, o seu reino será quebrado, e será repartido para os quatro ventos do céu, porém não para a sua posteridade, nem tão pouco segundo o seu domínio com que reinou, porque o seu reino será arrancado, e será para outros fora destes.
5 ৫ দক্ষিণ দেশৰ ৰজা বলৱান হ’ব; কিন্তু তেওঁৰ সেনাপতি সকলৰ মাজৰ এজন তেওঁতকৈয়ো অধিক বলৱান হৈ এখন ডাঙৰ ৰাজ্য শাসন কৰিব।
E se esforçará o rei do sul, um dentre os seus príncipes; mas outro se esforçará, mais do que ele, e reinará, e domínio grande será o seu domínio,
6 ৬ কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্রতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ’ব; কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব, আৰু তেওঁক পৰিত্যক্ত কৰা হ’ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক, আৰু সেই সময়ত তেওঁক সমৰ্থন কৰা জনক আপদত পেলোৱা হ’ব।
Mas, ao cabo de alguns anos, um com outro fará concerto; e a filha do rei do sul virá ao rei do norte para fazer um tratado, mas ela não terá força de braço; nem ele persistirá, nem o seu braço, porque ela será entregue, e os que a tiverem trazido, e seu pai, e o que a esforçava naqueles tempos!
7 ৭ তথাপি তেওঁৰ শিপাৰ এটি শাখা তেওঁৰ ঠাইত উৎপন্ন হ’ব; তেওঁ সৈন্যসামন্তক আক্রমণ কৰিব, আৰু উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব, আৰু তেওঁলোকৰ বিৰুদ্ধে কাৰ্য কৰি জয়ী হ’ব।
Mas do renovo das suas raízes um se levantará em seu lugar, e virá com o exército, e entrará nas fortalezas do rei do norte, e obrará contra eles, e prevalecerá.
8 ৮ ৰূপ আৰু সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰ, আৰু দেৱতাবোৰকো মিচৰলৈ কাঢ়ি নিব। কেইবছৰমানৰ বাবে উত্তৰ দেশৰ ৰজাক আক্রমণ কৰাৰ পৰা বিৰত থাকিব।
E também os seus deuses com os seus príncipes, com os seus vasos preciosos de prata e ouro, levará cativos para o Egito; e por alguns anos ele persistirá contra o rei do norte.
9 ৯ সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্তু তেওঁ নিজৰ দেশলৈ ঘূৰি যাব।
Assim entrará o rei do sul no reino, e tornará para a sua terra.
10 ১০ তেওঁৰ পুত্রসকল যুদ্ধ কৰিব, আৰু মহা সৈন্য-সামন্ত গোটাব; তেওঁলোকে দেশৰ মাজেৰে জলপ্লাবনৰ দৰে সোমাব, আৰু তেওঁলোকৰ দুৰ্গৰ সকলো পথত পুনৰ হঠাতে আক্রমণ কৰিব।
Porém seus filhos se entremeterão em guerra, e ajuntarão grande número de exércitos, e um deles virá à pressa, e inundará, e passará, e tornará a entremeter-se em guerra, até chegar à sua fortaleza
11 ১১ দক্ষিণ দেশৰ ৰজা অতিশয় ক্রোধাম্বিত হৈ উত্তৰ দেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব। উত্তৰ দেশৰ ৰজাই মহা সৈন্য-সামন্ত গোটাব, কিন্তু সেই সৈন্যসামন্তক দক্ষিণ দেশৰ ৰজাৰ হাতত গতাই দিয়া হ’ব।
Então o rei do sul se exasperará, e sairá, e pelejará contra ele, a saber, contra o rei do norte, que porá em campo grande multidão, mas aquela multidão será entregue na sua mão
12 ১২ যেতিয়া সৈন্য-সামন্ত লৈ অহা হ’ব, তেতিয়া দক্ষিণ দেশৰ ৰজা অহঙ্কাৰেৰে পৰিপূৰ্ণ হ’ব। তেওঁৰ হাজাৰ হাজাৰ শত্রুক হত্যা কৰা হ’ব, কিন্তু তেওঁ কৃতকাৰ্য নহ’ব।
Quando for tirada aquela multidão, o seu coração se elevará: ainda que derribará muitos milhares, contudo não prevalecerá.
13 ১৩ উত্তৰ দেশৰ ৰজাই আন এটা সৈন্যৰ দল গঠন কৰিব; সেয়া আগতকৈয়ো ডাঙৰ হ’ব, কেইবছৰমানৰ পাছত উত্তৰ দেশৰ ৰজাই বহুতো সা-সঁজুলিৰ সৈতে ডাঙৰ সৈন্যৰ দল লৈ আহিব।
Porque o rei do norte tornará, e porá em campo uma multidão maior do que a primeira, e ao cabo dos tempos, isto é, anos, virá à pressa com grande exército e com muita fazenda.
14 ১৪ সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব। এই দৰ্শনৰ কথা সিদ্ধ হ’বলৈ, তোমাৰ লোকসকলৰ মাজৰ অতি অত্যাচাৰী লোকসকলে নিজকে নিজে উঠাব; কিন্তু তেওঁলোক উজুটি খাই পৰিব।
E, naqueles tempos, muitos se levantarão contra o rei do sul; e os filhos dos prevaricadores do teu povo se levantarão para confirmar a visão, e cairão.
15 ১৫ উত্তৰ দেশৰ ৰজা আহি ঢিপত এঢলীয়া পথ নিৰ্মাণ কৰিব, আৰু দুৰ্গৰ নগৰ অধিকাৰ কৰিব। দক্ষিণ দেশৰ সৈন্যসকল থিৰে থাকিব নোৱাৰিব; এনে কি, তেওঁলোকৰ শ্রেষ্ঠ সৈন্যসকলৰো থিৰে থাকিবলৈ শক্তি নহ’ব।
E o rei do norte virá, e levantará baluartes, e tomará a cidade forte; e os braços do sul não poderão subsistir, nem o seu povo escolhido, pois não haverá força para subsistir.
16 ১৬ কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব, আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে, এখন সমৃদ্ধিশালী দেশত নিজকে প্রতিষ্ঠিত কৰিব।
O que pois há de vir contra ele fará segundo a sua vontade, e não haverá quem possa subsistir diante dele: e estará na terra gloriosa, e haverá consumição na sua mão.
17 ১৭ উত্তৰ দেশৰ ৰজাই তেওঁৰ ৰাজ্যৰ সকলো শক্তিৰে সৈতে আহিবলৈ স্থিৰ কৰিব। দক্ষিণ দেশৰ ৰজাৰ সৈতে তেওঁ এটা চুক্তি কৰিব; আৰু সেই চুক্তি কাৰ্যকৰী কৰিবৰ অৰ্থে তেওঁ দক্ষিণ দেশ ধ্বংস কৰিবলৈ দক্ষিণ দেশৰ ৰজালৈ এজনী ছোৱালীক বিয়া দিব; কিন্তু পৰিকল্পনাটো সফল নহ’ব আৰু তাৰ পৰা তেওঁৰ সহায়ো নহ’ব।
E porá o seu rosto, para vir com a potência de todo o seu reino, e com ele os retos, e o fará: e lhe dará uma filha das mulheres, para a destruir a ela, mas ela não subsistirá, nem será por ele.
18 ১৮ ইয়াৰ পাছত উত্তৰ দেশৰ ৰজাই সাগৰৰ পাৰৰ ঠাইবোৰলৈ দৃষ্টি কৰি, তাৰ অনেক ঠাই তেওঁ অধিকাৰ কৰিব; সেনাপতিয়ে তেওঁৰ অপমান দূৰ কৰিব কিন্তু তেওঁৰ অপমানৰ কাৰণে সেয়া তেওঁলৈ পুনৰ ঘূৰি আহিব।
Depois virará o seu rosto para as ilhas, e tomará muitas; e um príncipe fará cessar o seu opróbrio contra ele, e ainda fará tornar sobre ele o seu opróbrio.
19 ১৯ তেতিয়া তেওঁ নিজৰ দেশৰ দুৰ্গবোৰলৈ মন কৰিব, কিন্তু তেওঁ বিঘিনি পাই পতিত হ’ব; তেওঁক বিচাৰি পোৱা নাযাব।
Virará pois o seu rosto para as fortalezas da sua terra, mas tropeçará, e cairá, e não será achado.
20 ২০ তাৰ পাছত ৰাজ্যৰ ঐশ্বৰ্যৰ বাবে কৰ দিবলৈ জোৰ দিয়া এজনে তেওঁৰ স্থান ল’ব। এই জনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ’ব, কিন্তু ক্ৰোধত বা যুদ্ধত নহয়।
E em seu lugar se levantará quem fará passar o arrecadador em glória real; mas em poucos dias será quebrantado, e isto não em ira nem em batalha.
21 ২১ তেওঁৰ স্থানত আন এজন ঘৃণনীয় ব্যক্তি আহিব; লোকসকলে তেওঁক ৰাজকীয় সন্মান নিদিব। তেওঁ নিঃশব্দে আহিব আৰু তোষামোদেৰে ৰাজ্যৰ ওপৰত অধিকাৰ কৰিব।
Depois se levantará em seu lugar um homem vil, ao qual não darão a dignidade real; mas virá caladamente, e tomará o reino com engano.
22 ২২ তেওঁৰ আগত অতিশয় ডাঙৰ সৈন্যৰ দলো জলপ্লাৱনৰ দৰে উটি যাব। সৈন্য সমূহ আৰু চুক্তিৰে স্থাপন কৰা অধিপতিসকল ধ্বংস হ’ব।
E os braços da inundação serão inundados de diante dele; e serão quebrantados, como também o príncipe do concerto.
23 ২৩ তেওঁৰ লগত মিত্ৰতা থিৰ কৰাৰে পৰা তেওঁ প্ৰতাৰণাৰ কাম কৰিব। কেৱল কম সংখ্যক লোকৰ সৈতেহে তেওঁ পৰাক্রমী হ’ব।
E, depois dos concertos com ele, usará de engano; e subirá, e será esforçado com pouca gente.
24 ২৪ তেওঁ প্ৰদেশৰ ঐশ্বৰ্যশালী অংশলৈ সাৱধানবাণী নিদিয়াকৈ সোমাব, আৰু তেওঁৰ পিতৃ, বা পিতৃৰ পিতৃয়ে যি কৰা নাই, তেনে কাৰ্য কৰিব। তেওঁ লূটদ্ৰব্য, কাঢ়ি লোৱা বস্তু, আৰু ধন সম্পত্তি তেওঁৰ অনুসৰণকাৰী সকলৰ মাজত বিলাই দিব; এনে কি, তেওঁ দুৰ্গবোৰৰ সৰ্বনাশ কৰিবলৈ কল্পনা কৰিব; কিন্তু অলপ সময়ৰ বাবেহে।
Virá também caladamente aos lugares gordos da província, e fará o que nunca fizeram seus pais, nem os pais de seus pais; repartirá entre eles a preza e os despojos, e a riqueza, e formará os seus projetos contra as fortalezas, porém somente por certo tempo
25 ২৫ তেওঁ দক্ষিণ দেশৰ ৰজাৰ সৈন্যসকলৰ বিৰুদ্ধে তেওঁৰ ক্ষমতা আৰু সাহস উত্তেজিত কৰিব। দক্ষিণ দেশৰ ৰজাই অধিক পৰাক্ৰমী সৈন্য সমূহ লগত লৈ, যুদ্ধ কৰিবলৈ ধৰিব কিন্তু তিষ্ঠিব নোৱাৰিব; কাৰণ লোকসকলে তেওঁৰ অহিতে নানা কল্পনা কৰিব।
E suscitará a sua força e o seu coração contra o rei do sul com um grande exército; e o rei do sul se entremeterá na guerra com um grande e mui poderoso exército; mas não subsistirá, porque formarão projetos contra ele.
26 ২৬ আনকি যিসকলে ৰজাৰ মেজৰ পৰা আহাৰ খায়, তেওঁলোকেও তেওঁক নষ্ট কৰিবলৈ চেষ্টা কৰিব, আৰু তেওঁৰ সৈন্য সমূহ বানপানীৰ দৰে উটি যাব, আৰু তেওঁলোকৰ অনেকক হত্যা কৰা হ’ব।
E os que comerem os seus manjares o quebrantarão; e o exército dele inundará, e cairão muitos traspassados.
27 ২৭ আৰু এই দুজন ৰজাই ইজনে সিজনৰ বিৰুদ্ধে অন্তৰত বেয়া ভাব ৰাখিব, তেওঁলোকে একেখন মেজতে বহিব আৰু ইজনে সিজনক মিছা ক’ব; কিন্তু কোনো উদ্দেশ্যত নহয়। কাৰণ নিৰূপিত সময়তহে সেই কথা ফলিয়াব।
Também estes dois reis terão o coração atento para fazerem o mal, e a uma mesma mesa falarão a mentira, mas não prosperará, porque o fim ainda terá lugar no tempo determinado.
28 ২৮ তাৰ পাছত অনেক ধন-সম্পত্তি লৈ উত্তৰ দেশৰ ৰজা নিজৰ দেশলৈ উভটি যাব, কিন্তু তেওঁৰ মন পবিত্ৰ নিয়মটোৰ বিৰুদ্ধে হ’ব। তেওঁ নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰি নিজ দেশলৈ উভটি যাব।
E tornará para a sua terra com grande riqueza, e o seu coração será contra o santo concerto; e obrará, e tornará para a sua terra
29 ২৯ নিৰূপিত সময়ত তেওঁ ঘূৰি আহিব আৰু দক্ষিণ দেশ পুনৰ আক্ৰমণ কৰিব। কিন্তু আগতে যেনেদৰে হৈছিল, তেতিয়া সেইদৰে নহ’ব।
Ao tempo determinado tornará a vir contra o sul; mas não será a última como a primeira vez.
30 ৩০ কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; আৰু তেওঁ নিৰুৎসাহ হৈ ঘূৰি যাব। পবিত্ৰ নিয়মৰ বিৰুদ্ধে তেওঁ ক্ৰোধ কৰিব আৰু পবিত্ৰ নিয়ম অমান্য কৰা লোকসকলক অনুগ্রহ দেখুৱাব।
Porque virão contra ele navios de Chittim, de que se entristecerá; e tornará, e se indignará contra o santo concerto, e obrará, porque tornará a atender aos que tiverem desamparado o santo concerto.
31 ৩১ তেওঁৰ সৈন্যদল উঠিব আৰু পবিত্রস্থান আৰু দুৰ্গ অশুচি কৰিব। তেওঁলোকে প্রতিদিনৰ হোম-বলি বন্ধ কৰিব, আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব যিয়ে ধ্বংসাত্মকৰূপে অপবিত্র কৰিব।
E sairão a ele uns braços, e profanarão o santuário e a fortaleza, e tirarão o contínuo sacrifício, e porão a abominação assoladora.
32 ৩২ নিয়ম লঙ্ঘন কৰা সকলক তেওঁ খুচামোদ কৰিব আৰু তেওঁলোকক ভ্ৰষ্ট কৰিব; কিন্তু নিজৰ ঈশ্বৰক জনা লোকসকল বলৱন্ত হ’ব আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য কৰিব।
E aos violadores do concerto com lisonjas fará usar de hipocrisia, mas o povo que conhece ao seu Deus se esforçará e fará proezas.
33 ৩৩ মানুহৰ মাজৰ জ্ঞানী লোকসকলে অনেকক বিবেচনা শক্তি দিব; কিন্তু কিছুদিনৰ বাবে তৰোৱাল, আৰু অগ্নিশিখাৰে পতিত হ’ব, তেওঁলোকক বন্দীসকলৰ দৰে আটক কৰা হ’ব, আৰু তেওঁলোকৰ সা-সম্পত্তি লুট কৰা হ’ব।
E os entendidos entre o povo ensinarão a muitos; e cairão pela espada, e pelo fogo, e pelo cativeiro, e pelo roubo, por muitos dias.
34 ৩৪ তেওঁলোকে উজুটি খোৱা সময়ত অলপ সহায় পাব; তেওঁলোকে কি কয় সেই কথা নুবুজা অনেক লোকে তেওঁলোকৰ লগত যোগদান কৰিব।
E, caindo eles, serão ajudados com pequeno socorro; e muitos se ajuntarão com eles com lisonjas.
35 ৩৫ শেষৰ সময় নহালৈকে পৰীক্ষাসিদ্ধ, পবিত্ৰ, আৰু শুদ্ধ হ’বলৈ জ্ঞানী লোকসকলৰ কিছুমানে উজুটি খাব; কাৰণ নিৰূপিত সময় এতিয়াও আহিবলৈ আছে।
E alguns dos entendidos cairão, para os provar, e purgar, e embranquecer, até ao fim do tempo, porque será ainda até ao tempo determinado.
36 ৩৬ ৰজাই যি কৰিবলৈ ইচ্ছা কৰে, সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব, আৰু দেৱতাবোৰৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্বৰ্যজনক কথা ক’ব। ক্রোধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ’ব; কাৰণ বিধানত যি আছে, সেয়াই সিদ্ধ কৰা হ’ব।
E este rei fará conforme a sua vontade, e se levantará, e se engrandecerá sobre todo o deus; e contra o Deus dos deuses falará coisas maravilhosas, e será próspero, até que a ira seja acabada; porque aquilo que está determinado será feito.
37 ৩৭ তেওঁ নিজৰ পূৰ্বপুৰুষসকলৰ দেৱতাবোৰৰ বাবে বিবেচনা নকৰিব, কাৰণ মহিলাৰ দ্বাৰাই আকাংক্ষা কৰা দেৱতা, নাইবা আন কোনো দেৱতাবোৰকো নামানিব। তেওঁ অহঙ্কাৰেৰে কাৰ্য কৰিব আৰু সকলোতকৈ ওপৰত বুলি দাবী কৰিব।
E não terá respeito algum ao Deus de seus pais, nem terá respeito ao amor das mulheres, nem a algum outro deus, porque sobre tudo se engrandecerá.
38 ৩৮ তেওঁলোকৰ পৰিৱৰ্তে তেওঁ দুৰ্গৰ দেৱতাক সন্মান কৰিব। নিজৰ পূৰ্ব-পুৰুষসকলে নজনা এজন দেৱতাক তেওঁ সোণ, ৰূপ, বহুমূলীয়া পাথৰ, মূল্যবান উপহাৰেৰে সন্মান কৰিব।
E ao deus das fortalezas honrará em seu lugar, a saber, ao deus a quem seus pais não conheceram honrará com ouro, e com prata, e com pedras preciosas, e com coisas desejadas.
39 ৩৯ তেওঁ বিজাতীয় দেৱতাৰ সহায়ত শত্রুবোৰৰ অতি দৃঢ় দুৰ্গবোৰ আক্রমণ কৰিব। যি সকলে তেওঁক স্বীকাৰ কৰিব, তেওঁলোকক তেওঁ সন্মান কৰিব। অনেকলোকৰ ওপৰত তেওঁ তেওঁলোকক শাসনকৰ্ত্তা পাতিব, আৰু ধনৰ বাবে তেওঁ মাটি ভাগ কৰিব।
E fará os castelos fortes com o deus estranho; aos que reconhecer multiplicará a honra, e os fará reinar sobre muitos, e repartirá a terra por preço.
40 ৪০ শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্রমণ কৰিব। উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মাৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্রমণ কৰিব, আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব।
E, no fim do tempo, o rei do sul lhe dará marradas, e o rei do norte o acometerá com carros, e com cavaleiros, e com muitos navios; e entrará nas terras, e as inundará, e passará.
41 ৪১ তেওঁ সমৃদ্ধিশালী দেশলৈ সোমাই আহিব, আৰু অনেক পৰাজিত হ’ব; কিন্তু ইদোম, মোৱাব, আৰু অম্মোনৰ অনেক প্রধান লোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাব।
E entrará na terra gloriosa, e muitas terras serão derribadas, mas escaparão da sua mão estes: Edom e Moab, e as primícias dos filhos de Amon.
42 ৪২ তেওঁ অনেক দেশৰ ওপৰত তেওঁৰ ক্ষমতা প্রয়োগ কৰিব, আৰু মিচৰ দেশখনেও ৰক্ষা নাপাব।
E estenderá a sua mão às terras, e a terra do Egito não escapará.
43 ৪৩ মিচৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লুবীয়া আৰু কুচীয়াসকলে তেওঁৰ পৰিচৰ্যা কৰিব।
E apoderar-se-á dos tesouros de ouro e de prata, e de todas as coisas desejadas do Egito; e os lybios e os ethiopes o seguirão.
44 ৪৪ পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁক সজাগ কৰিব; তাতে তেওঁ বিনষ্ট কৰিবলৈ, আৰু অনেকক নিঃশেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে ওলাই যাব।
Mas os rumores do oriente e do norte o espantarão; e sairá com grande furor, para destruir e extirpar a muitos.
45 ৪৫ সমূদ্ৰ আৰু পবিত্ৰতাৰ সৌন্দৰ্যৰ পাহাৰৰ মাজত তেওঁ নিজৰ ৰাজপ্রসাদৰ তম্বু তৰিব। তেওঁ তেওঁৰ শেষ অৱস্থাত আহিব, কিন্তু তেওঁক সহায় কৰিবলৈ কোনো নাথাকিব।
E armará as tendas do seu palácio entre o mar grande, no monte santo e glorioso; mas virá ao seu fim, e não haverá quem o socorra.