< দানিয়েল 11 >

1 মাদীয়া দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰতে ময়েই মিখায়েলক সমৰ্থন আৰু ৰক্ষা কৰিবলৈ থিয় হৈছিলোঁ।
Ndipo chaka choyamba cha Dariyo Mmedi ine Mikayeli ndinabwera kumuthandiza ndi kumuteteza Gabrieli.
2 আৰু এতিয়া মই তোমাৰ আগত সত্যবিষয় প্রকাশ কৰোঁ। পাৰস্য দেশত তিনি জন ৰজা উৎপন্ন হ’ব; আৰু চতুৰ্থ ৰজা জন আন সকলতকৈ অধিক ধনৱান হ’ব। তেওঁ নিজৰ ধন-সম্পতিৰ দ্বাৰাই ক্ষমতা অৰ্জন কৰিব, আৰু তেওঁ সকলোকে গ্রীচ ৰাজ্যৰ বিৰুদ্ধে উচটাব।
“Ndipo tsopano ndikuwuza zoona: Mafumu ena atatu adzalamulira ku Peresiya, ndipo kenaka padzadzuka mfumu yachinayi imene idzakhala yolemera kwambiri kuposa onsewo. Popeza kuti idzakhala ndi mphamvu chifukwa cha chuma chake, idzadzutsa onse kuti alimbane ndi ufumu wa Grisi.
3 তাৰ পাছত এজন পৰাক্ৰমী ৰজা উৎপন্ন হ’ব; তেওঁ অতি বৃহৎ ৰাজ্য শাসন কৰিব, আৰু তেওঁ নিজৰ ইচ্ছাৰে সকলো কাৰ্য কৰিব।
Kenaka mfumu yamphamvu idzafika imene idzalamulira ndi ufumu waukulu ndi kuchita zimene ifuna.
4 যেতিয়া তেওঁ উৎপন্ন হ’ব, তেওঁৰ ৰাজ্য ভগ্ন হ’ব, আৰু আকাশৰ চাৰিও দিশৰ বায়ুলৈ বিভক্ত হ’ব। তেওঁৰ ৰাজ্য তেওঁৰ বংশধৰসকলক দিয়া নহ’ব; আৰু তেওঁ শাসন কৰা সময়ত থকা ক্ষমতা আৰু নাথাকিব। কিয়নো তেওঁৰ ৰাজ্য উৎখাত কৰা হ’ব, আৰু তেওঁৰ বংশধৰক নিদি আন সকলক দিয়া হ’ব।
Koma ufumu wake ukadzafika pachimake, udzawonongedwa ndi kugawidwa mʼzigawo zinayi. Ufumuwo sudzaperekedwa kwa zidzukulu zake, ndipo olowa mʼmalo mwake sadzakhala ndi mphamvu monga anali nazo, chifukwa ufumu wake udzazulidwa ndi kuperekedwa kwa ena.
5 দক্ষিণ দেশৰ ৰজা বলৱান হ’ব; কিন্তু তেওঁৰ সেনাপতি সকলৰ মাজৰ এজন তেওঁতকৈয়ো অধিক বলৱান হৈ এখন ডাঙৰ ৰাজ্য শাসন কৰিব।
“Mfumu ya kummwera idzakhala yamphamvu, koma mmodzi mwa akalonga ake adzakhala ndi mphamvu kuposa iyo; adzalamulira ufumu wake waukulu kwambiri.
6 কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্রতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ’ব; কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব, আৰু তেওঁক পৰিত্যক্ত কৰা হ’ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক, আৰু সেই সময়ত তেওঁক সমৰ্থন কৰা জনক আপদত পেলোৱা হ’ব।
Patapita zaka zingapo, mfumu ya kummwera ndi mfumu ya kumpoto adzachita pangano. Mwana wamkazi wa mfumu ya kummwera adzapita nakakwatiwa ndi mfumu ya kumpoto pokhazikitsa pangano la mtendere, koma ulamuliro wake pamodzi ndi wa mwana wake sudzakhalitsa. Mʼmasiku amenewo iye, mwamuna wake, mwana wake ndi atumiki ake, onse adzaperekedwa kwa adani.
7 তথাপি তেওঁৰ শিপাৰ এটি শাখা তেওঁৰ ঠাইত উৎপন্ন হ’ব; তেওঁ সৈন্যসামন্তক আক্রমণ কৰিব, আৰু উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব, আৰু তেওঁলোকৰ বিৰুদ্ধে কাৰ্য কৰি জয়ী হ’ব।
“Mmodzi wochokera ku banja la mkaziyo adzadzuka nadzalamulira mʼmalo mwake. Iye adzamenyana ndi ankhondo a mfumu ya kumpoto ndi kulowa mʼmalo ake otetezedwa; adzachita nawo nkhondo ndi kupambana.
8 ৰূপ আৰু সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰ, আৰু দেৱতাবোৰকো মিচৰলৈ কাঢ়ি নিব। কেইবছৰমানৰ বাবে উত্তৰ দেশৰ ৰজাক আক্রমণ কৰাৰ পৰা বিৰত থাকিব।
Iye adzalandanso milungu yawo, mafano awo achitsulo, ndi ziwiya zawo zamtengowapatali zasiliva ndi golide ndi kubwerera nazo ku Igupto. Adzaleka osayithira nkhondo mfumu ya kumpoto kwa zaka zingapo.
9 সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্তু তেওঁ নিজৰ দেশলৈ ঘূৰি যাব।
Kenaka mfumu ya kumpoto idzathira nkhondo dziko la mfumu ya kummwera koma idzalephera ndi kubwerera kwawo.
10 ১০ তেওঁৰ পুত্রসকল যুদ্ধ কৰিব, আৰু মহা সৈন্য-সামন্ত গোটাব; তেওঁলোকে দেশৰ মাজেৰে জলপ্লাবনৰ দৰে সোমাব, আৰু তেওঁলোকৰ দুৰ্গৰ সকলো পথত পুনৰ হঠাতে আক্রমণ কৰিব।
Ana ake adzakonzekera nkhondo ndi kusonkhanitsa gulu lankhondo lalikulu, limene lidzathira nkhondo mfumu yakummwera ngati chigumula mpaka kumalo ake otetezedwa.
11 ১১ দক্ষিণ দেশৰ ৰজা অতিশয় ক্রোধাম্বিত হৈ উত্তৰ দেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব। উত্তৰ দেশৰ ৰজাই মহা সৈন্য-সামন্ত গোটাব, কিন্তু সেই সৈন্যসামন্তক দক্ষিণ দেশৰ ৰজাৰ হাতত গতাই দিয়া হ’ব।
“Kenaka mfumu yakummwera idzatuluka mokwiya ndi kumenya nkhondo ndi mfumu yakumpoto, imene idzasonkhanitsa gulu lalikulu la nkhondo, koma idzayigonjetsa.
12 ১২ যেতিয়া সৈন্য-সামন্ত লৈ অহা হ’ব, তেতিয়া দক্ষিণ দেশৰ ৰজা অহঙ্কাৰেৰে পৰিপূৰ্ণ হ’ব। তেওঁৰ হাজাৰ হাজাৰ শত্রুক হত্যা কৰা হ’ব, কিন্তু তেওঁ কৃতকাৰ্য নহ’ব।
Gulu la nkhondoli likadzagwidwa, mfumu yakummwera idzayamba kudzikuza ndipo idzapha anthu miyandamiyanda, koma kupambanaku sikudzapitirira.
13 ১৩ উত্তৰ দেশৰ ৰজাই আন এটা সৈন্যৰ দল গঠন কৰিব; সেয়া আগতকৈয়ো ডাঙৰ হ’ব, কেইবছৰমানৰ পাছত উত্তৰ দেশৰ ৰজাই বহুতো সা-সঁজুলিৰ সৈতে ডাঙৰ সৈন্যৰ দল লৈ আহিব।
Popeza mfumu ya kumpoto idzasonkhanitsa gulu lina lankhondo, lochulukirapo kuposa loyamba; ndipo patapita zaka zingapo idzabwera ndi chigulu chachikulu cha nkhondo chokonzekeratu ndi zida.
14 ১৪ সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব। এই দৰ্শনৰ কথা সিদ্ধ হ’বলৈ, তোমাৰ লোকসকলৰ মাজৰ অতি অত্যাচাৰী লোকসকলে নিজকে নিজে উঠাব; কিন্তু তেওঁলোক উজুটি খাই পৰিব।
“Nthawi imeneyo ambiri adzawukira mfumu ya kummwera. Anthu achisokonezo pakati panu nawonso adzawukira pokwaniritsa masomphenya, koma sadzapambana.
15 ১৫ উত্তৰ দেশৰ ৰজা আহি ঢিপত এঢলীয়া পথ নিৰ্মাণ কৰিব, আৰু দুৰ্গৰ নগৰ অধিকাৰ কৰিব। দক্ষিণ দেশৰ সৈন্যসকল থিৰে থাকিব নোৱাৰিব; এনে কি, তেওঁলোকৰ শ্রেষ্ঠ সৈন্যসকলৰো থিৰে থাকিবলৈ শক্তি নহ’ব।
Kenaka mfumu ya kumpoto idzafika ndikuzinga mzinda powunda nthumbira za nkhondo ndipo idzagonjetsa mzinda wotetezedwa. Gulu lankhondo la kummwera lidzasowa mphamvu; ngakhale akatswiri awo ankhondo sadzakhala ndi mphamvu zogonjetsera ankhondo a kumpoto.
16 ১৬ কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব, আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে, এখন সমৃদ্ধিশালী দেশত নিজকে প্রতিষ্ঠিত কৰিব।
Mfumu ya kumpoto idzachita zofuna zake; palibe aliyense adzayigonjetse. Idzakhazikitsa ulamuliro wake mu Dziko Lokongola. Zonse zidzakhala mu ulamuliro wa mfumu yakumpoto ija.
17 ১৭ উত্তৰ দেশৰ ৰজাই তেওঁৰ ৰাজ্যৰ সকলো শক্তিৰে সৈতে আহিবলৈ স্থিৰ কৰিব। দক্ষিণ দেশৰ ৰজাৰ সৈতে তেওঁ এটা চুক্তি কৰিব; আৰু সেই চুক্তি কাৰ্যকৰী কৰিবৰ অৰ্থে তেওঁ দক্ষিণ দেশ ধ্বংস কৰিবলৈ দক্ষিণ দেশৰ ৰজালৈ এজনী ছোৱালীক বিয়া দিব; কিন্তু পৰিকল্পনাটো সফল নহ’ব আৰু তাৰ পৰা তেওঁৰ সহায়ো নহ’ব।
Idzafika ndi mphamvu za ufumu wake wonse ndipo idzayesa kuchita pangano la mtendere ndi mfumu ya kummwera. Ndipo idzamupatsa mwana wake wamkazi kuti amukwatire ndi cholinga cholanda ufumu, koma zolinga zake sizidzatheka kapena kumuthandiza.
18 ১৮ ইয়াৰ পাছত উত্তৰ দেশৰ ৰজাই সাগৰৰ পাৰৰ ঠাইবোৰলৈ দৃষ্টি কৰি, তাৰ অনেক ঠাই তেওঁ অধিকাৰ কৰিব; সেনাপতিয়ে তেওঁৰ অপমান দূৰ কৰিব কিন্তু তেওঁৰ অপমানৰ কাৰণে সেয়া তেওঁলৈ পুনৰ ঘূৰি আহিব।
Kenaka idzatembenukira ku mayiko a mʼmbali mwa nyanja ndi kulanda mizinda yambiri, koma mtsogoleri wina wa nkhondo adzathetsa kudzikuza kwakeko ndipo adzabwezera chipongwecho kwa iye.
19 ১৯ তেতিয়া তেওঁ নিজৰ দেশৰ দুৰ্গবোৰলৈ মন কৰিব, কিন্তু তেওঁ বিঘিনি পাই পতিত হ’ব; তেওঁক বিচাৰি পোৱা নাযাব।
Zikadzatha izi, mfumu idzabwerera ku malo otetezedwa a dziko la kwawo koma idzapunthwa ndi kugwa osapezekanso.
20 ২০ তাৰ পাছত ৰাজ্যৰ ঐশ্বৰ্যৰ বাবে কৰ দিবলৈ জোৰ দিয়া এজনে তেওঁৰ স্থান ল’ব। এই জনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ’ব, কিন্তু ক্ৰোধত বা যুদ্ধত নহয়।
“Mfumu imene idzatenga malo ake idzatumiza wokhometsa msonkho kuti chuma cha ufumu wake chichuluke. Komabe mʼzaka zochepa mfumuyo idzawonongedwa osati mu mkwiyo kapena ku nkhondo.
21 ২১ তেওঁৰ স্থানত আন এজন ঘৃণনীয় ব্যক্তি আহিব; লোকসকলে তেওঁক ৰাজকীয় সন্মান নিদিব। তেওঁ নিঃশব্দে আহিব আৰু তোষামোদেৰে ৰাজ্যৰ ওপৰত অধিকাৰ কৰিব।
“Mʼmalo mwake mudzalowa munthu wonyozeka amene si wa banja laufumu. Iye adzabwera pamene anthu akuganiza kuti ali pa mtendere, ndipo adzalanda ufumuwo mwa chinyengo.
22 ২২ তেওঁৰ আগত অতিশয় ডাঙৰ সৈন্যৰ দলো জলপ্লাৱনৰ দৰে উটি যাব। সৈন্য সমূহ আৰু চুক্তিৰে স্থাপন কৰা অধিপতিসকল ধ্বংস হ’ব।
Kenaka adzagonetsa gulu lalikulu lankhondo kuphatikizapo Mkulu wa Ansembe wapangano.
23 ২৩ তেওঁৰ লগত মিত্ৰতা থিৰ কৰাৰে পৰা তেওঁ প্ৰতাৰণাৰ কাম কৰিব। কেৱল কম সংখ্যক লোকৰ সৈতেহে তেওঁ পৰাক্রমী হ’ব।
Atatha kuchita naye pangano, iye adzachita monyenga, ndipo ngakhale adzakhale ndi anthu ochepa adzakhalabe ndi mphamvu.
24 ২৪ তেওঁ প্ৰদেশৰ ঐশ্বৰ্যশালী অংশলৈ সাৱধানবাণী নিদিয়াকৈ সোমাব, আৰু তেওঁৰ পিতৃ, বা পিতৃৰ পিতৃয়ে যি কৰা নাই, তেনে কাৰ্য কৰিব। তেওঁ লূটদ্ৰব্য, কাঢ়ি লোৱা বস্তু, আৰু ধন সম্পত্তি তেওঁৰ অনুসৰণকাৰী সকলৰ মাজত বিলাই দিব; এনে কি, তেওঁ দুৰ্গবোৰৰ সৰ্বনাশ কৰিবলৈ কল্পনা কৰিব; কিন্তু অলপ সময়ৰ বাবেহে।
Mwadzidzidzi, iye adzazithira nkhondo zigawo zolemera kwambiri ndipo adzachita zimene makolo ake ngakhale agogo ake sanachitepo. Iye adzagawira zolanda, zofunkha ndi chuma kwa omutsatira. Adzachita chiwembu cholanda mizinda yotetezedwa koma kwa kanthawi kochepa.
25 ২৫ তেওঁ দক্ষিণ দেশৰ ৰজাৰ সৈন্যসকলৰ বিৰুদ্ধে তেওঁৰ ক্ষমতা আৰু সাহস উত্তেজিত কৰিব। দক্ষিণ দেশৰ ৰজাই অধিক পৰাক্ৰমী সৈন্য সমূহ লগত লৈ, যুদ্ধ কৰিবলৈ ধৰিব কিন্তু তিষ্ঠিব নোৱাৰিব; কাৰণ লোকসকলে তেওঁৰ অহিতে নানা কল্পনা কৰিব।
“Mfumu ya kumpoto idzalimba mtima, ndipo idzasonkhanitsa gulu lalikulu la ankhondo kuti lithire nkhondo mfumu yakummwera. Mfumu yakummwera ndi gulu lake lankhondo lalikulu ndi lamphamvu idzathirana nkhondo ndi mfumu yakumpoto koma sidzapambana chifukwa cha ziwembu zimene adzamukonzera.
26 ২৬ আনকি যিসকলে ৰজাৰ মেজৰ পৰা আহাৰ খায়, তেওঁলোকেও তেওঁক নষ্ট কৰিবলৈ চেষ্টা কৰিব, আৰু তেওঁৰ সৈন্য সমূহ বানপানীৰ দৰে উটি যাব, আৰু তেওঁলোকৰ অনেকক হত্যা কৰা হ’ব।
Amene amadya chakudya ndi mfumu adzamuukira; gulu lake lankhondo lidzagonjetsedwa, ndipo ambiri adzafera ku nkhondo.
27 ২৭ আৰু এই দুজন ৰজাই ইজনে সিজনৰ বিৰুদ্ধে অন্তৰত বেয়া ভাব ৰাখিব, তেওঁলোকে একেখন মেজতে বহিব আৰু ইজনে সিজনক মিছা ক’ব; কিন্তু কোনো উদ্দেশ্যত নহয়। কাৰণ নিৰূপিত সময়তহে সেই কথা ফলিয়াব।
Mafumu awiriwa mitima yawo idzalinga ku zoyipa. Azidzanamizana ali pa tebulo limodzi, koma zolinga zawo sizidzatheka chifukwa nthawi idzakhala isanakwane.
28 ২৮ তাৰ পাছত অনেক ধন-সম্পত্তি লৈ উত্তৰ দেশৰ ৰজা নিজৰ দেশলৈ উভটি যাব, কিন্তু তেওঁৰ মন পবিত্ৰ নিয়মটোৰ বিৰুদ্ধে হ’ব। তেওঁ নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰি নিজ দেশলৈ উভটি যাব।
Mfumu ya kumpoto idzabwerera ku dziko la kwawo ndi chuma chambiri, koma mtima wake udzafunitsitsa pangano lopatulika. Idzawononga panganolo ndipo kenaka idzabwerera ku dziko lake.
29 ২৯ নিৰূপিত সময়ত তেওঁ ঘূৰি আহিব আৰু দক্ষিণ দেশ পুনৰ আক্ৰমণ কৰিব। কিন্তু আগতে যেনেদৰে হৈছিল, তেতিয়া সেইদৰে নহ’ব।
“Patapita nthawi mfumu ya kumpoto idzabwereranso kummwera koma sidzapambana monga inachitira kale.
30 ৩০ কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; আৰু তেওঁ নিৰুৎসাহ হৈ ঘূৰি যাব। পবিত্ৰ নিয়মৰ বিৰুদ্ধে তেওঁ ক্ৰোধ কৰিব আৰু পবিত্ৰ নিয়ম অমান্য কৰা লোকসকলক অনুগ্রহ দেখুৱাব।
Sitima zapamadzi zochokera ku mayiko a ku madzulo zidzalimbana naye, ndipo adzataya mtima. Kenaka idzabwerera mopsa mtima ndi kudzalimbana ndi chipembedzo cha anthu opatulika. Idzabwerera ndi kuchitira chifundo amene sadzasunga pangano loyera.
31 ৩১ তেওঁৰ সৈন্যদল উঠিব আৰু পবিত্রস্থান আৰু দুৰ্গ অশুচি কৰিব। তেওঁলোকে প্রতিদিনৰ হোম-বলি বন্ধ কৰিব, আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব যিয়ে ধ্বংসাত্মকৰূপে অপবিত্র কৰিব।
“Ankhondo ake adzayipitsa linga la Nyumba ya Mulungu ndipo adzathetsa nsembe za tsiku ndi tsiku. Kenaka adzakhazikitsa chonyansa chimene chabweretsa chiwonongeko.
32 ৩২ নিয়ম লঙ্ঘন কৰা সকলক তেওঁ খুচামোদ কৰিব আৰু তেওঁলোকক ভ্ৰষ্ট কৰিব; কিন্তু নিজৰ ঈশ্বৰক জনা লোকসকল বলৱন্ত হ’ব আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য কৰিব।
Ndi mawu oshashalika mfumuyo idzakopa amene anaphwanya pangano, koma anthu amene amadziwa Mulungu wawo adzalimbika ndipo adzayikana mfumuyo kwathunthu.
33 ৩৩ মানুহৰ মাজৰ জ্ঞানী লোকসকলে অনেকক বিবেচনা শক্তি দিব; কিন্তু কিছুদিনৰ বাবে তৰোৱাল, আৰু অগ্নিশিখাৰে পতিত হ’ব, তেওঁলোকক বন্দীসকলৰ দৰে আটক কৰা হ’ব, আৰু তেওঁলোকৰ সা-সম্পত্তি লুট কৰা হ’ব।
“Amene ndi anzeru adzalangiza ambiri. Koma patapita kanthawi adzaphedwa ndi lupanga kapena kutenthedwa, kapena kugwidwa kapena kulandidwa katundu.
34 ৩৪ তেওঁলোকে উজুটি খোৱা সময়ত অলপ সহায় পাব; তেওঁলোকে কি কয় সেই কথা নুবুজা অনেক লোকে তেওঁলোকৰ লগত যোগদান কৰিব।
Pa nthawi yozunzikayi ena adzawathandiza pangʼono, koma ambiri othandizawo adzakhala achinyengo.
35 ৩৫ শেষৰ সময় নহালৈকে পৰীক্ষাসিদ্ধ, পবিত্ৰ, আৰু শুদ্ধ হ’বলৈ জ্ঞানী লোকসকলৰ কিছুমানে উজুটি খাব; কাৰণ নিৰূপিত সময় এতিয়াও আহিবলৈ আছে।
Ena mwa anzeruwo adzaphedwa ndi cholinga chakuti ayengedwe, otsala mwa iwo ayeretsedwe ndi kukhala wopanda banga kufikira nthawi yomaliza, popeza idzafika ndithu nthawi imene Mulungu wayika.
36 ৩৬ ৰজাই যি কৰিবলৈ ইচ্ছা কৰে, সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব, আৰু দেৱতাবোৰৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্বৰ্যজনক কথা ক’ব। ক্রোধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ’ব; কাৰণ বিধানত যি আছে, সেয়াই সিদ্ধ কৰা হ’ব।
“Mfumu ya kumpoto idzachita zimene ikufuna. Idzadzikweza ndi kudziyesa yopambana mulungu aliyense ndipo idzanenera za mwano Mulungu wa milungu. Iyo idzapambana mpaka nthawi yoti Mulungu ayilange mwa mkwiyo itakwana popeza chimene chatsimikizika chiyenera kuchitika.
37 ৩৭ তেওঁ নিজৰ পূৰ্বপুৰুষসকলৰ দেৱতাবোৰৰ বাবে বিবেচনা নকৰিব, কাৰণ মহিলাৰ দ্বাৰাই আকাংক্ষা কৰা দেৱতা, নাইবা আন কোনো দেৱতাবোৰকো নামানিব। তেওঁ অহঙ্কাৰেৰে কাৰ্য কৰিব আৰু সকলোতকৈ ওপৰত বুলি দাবী কৰিব।
Mfumuyo idzanyoza milungu ya makolo ake ndiponso mulungu wokondedwa ndi akazi, sidzachitiranso ulemu mulungu aliyense, koma idzadzikweza yokha pamwamba pa onse.
38 ৩৮ তেওঁলোকৰ পৰিৱৰ্তে তেওঁ দুৰ্গৰ দেৱতাক সন্মান কৰিব। নিজৰ পূৰ্ব-পুৰুষসকলে নজনা এজন দেৱতাক তেওঁ সোণ, ৰূপ, বহুমূলীয়া পাথৰ, মূল্যবান উপহাৰেৰে সন্মান কৰিব।
Mʼmalo mwa onsewo, idzachitira ulemu mulungu wachitetezo; mulungu wosadziwika ndi makolo ake. Iyo idzapereka kwa mulunguyo golide ndi siliva, ndi miyala yokongola, ndiponso mphatso za pamwamba kwambiri.
39 ৩৯ তেওঁ বিজাতীয় দেৱতাৰ সহায়ত শত্রুবোৰৰ অতি দৃঢ় দুৰ্গবোৰ আক্রমণ কৰিব। যি সকলে তেওঁক স্বীকাৰ কৰিব, তেওঁলোকক তেওঁ সন্মান কৰিব। অনেকলোকৰ ওপৰত তেওঁ তেওঁলোকক শাসনকৰ্ত্তা পাতিব, আৰু ধনৰ বাবে তেওঁ মাটি ভাগ কৰিব।
Anthu opembedza mulungu wachilendo adzakhala ngati linga lake. Idzalemekeza iwowa kwambiri, ndipo idzawayika kuti alamulire anthu ambiri. Idzawagawira dziko ngati malipiro awo.
40 ৪০ শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্রমণ কৰিব। উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মাৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্রমণ কৰিব, আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব।
“Pa nthawi yomaliza mfumu yakummwera idzachita nkhondo ndi mfumu yakumpoto. Koma mfumu yakumpotoyi idzayikantha ndi magaleta ndi akavalo ndi sitima zapamadzi zambiri ngati mphepo yamkokomo. Idzalowa mʼmayiko ambiri ndikuwakokolola onse ngati madzi osefukira.
41 ৪১ তেওঁ সমৃদ্ধিশালী দেশলৈ সোমাই আহিব, আৰু অনেক পৰাজিত হ’ব; কিন্তু ইদোম, মোৱাব, আৰু অম্মোনৰ অনেক প্রধান লোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাব।
Idzalowanso mʼDziko Lokongola ndipo anthu ambiri adzaphedwa. Koma Edomu, Mowabu ndi olamulira a Amoni adzapulumuka.
42 ৪২ তেওঁ অনেক দেশৰ ওপৰত তেওঁৰ ক্ষমতা প্রয়োগ কৰিব, আৰু মিচৰ দেশখনেও ৰক্ষা নাপাব।
Idzathira nkhondo mayiko ambiri ndipo ngakhale Igupto sadzapulumuka.
43 ৪৩ মিচৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লুবীয়া আৰু কুচীয়াসকলে তেওঁৰ পৰিচৰ্যা কৰিব।
Idzalanda chuma cha golide, siliva, ndi zonse za mtengowapatali za ku Igupto, ndiponso anthu a ku Libiya ndi Akusi adzagonja kwa iwo.
44 ৪৪ পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁক সজাগ কৰিব; তাতে তেওঁ বিনষ্ট কৰিবলৈ, আৰু অনেকক নিঃশেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে ওলাই যাব।
Koma uthenga wochokera kummawa ndi kumpoto udzayiopsa, ndipo idzapita ndi ukali kukawononga ndi kutheratu anthu ambiri.
45 ৪৫ সমূদ্ৰ আৰু পবিত্ৰতাৰ সৌন্দৰ্যৰ পাহাৰৰ মাজত তেওঁ নিজৰ ৰাজপ্রসাদৰ তম্বু তৰিব। তেওঁ তেওঁৰ শেষ অৱস্থাত আহিব, কিন্তু তেওঁক সহায় কৰিবলৈ কোনো নাথাকিব।
Mfumuyo idzayimika matenti ake aufumu, pakati pa nyanja ndi phiri lokongola. Komabe mapeto ake mfumuyo idzaphedwa, ndipo palibe amene adzayithandize.”

< দানিয়েল 11 >