< দানিয়েল 10 >
1 ১ পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্ব কালৰ তৃতীয় বছৰত দানিয়েলৰ আগত এটা বাৰ্ত্তা প্ৰকাশ হৈছিল; আৰু সেই বাৰ্ত্তা সত্য। এইটো আছিল এটা মহাযুদ্ধৰ বিষয়। দানিয়েলে দৰ্শনৰ দ্বাৰাই অন্তৰ্দৃষ্টিৰে সেই বাৰ্ত্তা বুজি পালে।
Ie tan-taom-paha-telo’ i Kòrese mpanjaka’ i Parase, le nibentareñe amy Daniele natao Beltesatsare ty tsara; to i tsaray, toe hotakotake jabajaba; nioni’e i tsaray vaho nahafohiñe i aroñaroñey.
2 ২ সেই দিনবোৰত মই দানিয়েলে তিনি সপ্তাহ শোক কৰি আছিলোঁ।
Ie tañ’ andro izay, nandala telo hereñandro garagadìñe, izaho Daniele.
3 ৩ সেই তিনি সপ্তাহ সম্পূৰ্ণ নোহোৱালৈকে মই সুস্বাদু আহাৰ, মাংস খোৱা নাছিলো, দ্রাক্ষাৰস পান কৰা নাছিলো, আৰু মই গাত তেলো ঘঁহা নাছিলো।
Tsy nihinan-kàne mafiry naho tsy nizilik’ am-bavako ao ty hena ndra divay; vaho le lia’e tsy nihoso-batañe am-para’ te niheneke i hereñandro telo do’ey.
4 ৪ তাৰ পাছত প্ৰথম মাহৰ চৌবিশ দিনৰ দিনা, মই মহানদীৰ পাৰত আছিলোঁ, নদীখনৰ নাম হিদ্দেকেল,
Aa ie amy andro faha-roa-polo-efats’ ambi’ i volam-baloha’ey, le tañolo’ ty oñe jabajaba atao Kidekele iraho;
5 ৫ মই ওপৰলৈ চালোঁ, আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু উফজৰ উত্তম সোণেৰে তৈয়াৰী টঙালি কঁকালত বন্ধা এজন মানুহক দেখিলোঁ।
ie naandrako o masokoo le nitreako te ingo t’indaty misikin-deny naho miè-bolamena ki’e boak’e Ofaze;
6 ৬ তেওঁৰ শৰীৰ পোখৰাজ মণিৰ দৰে, তেওঁৰ মুখমণ্ডল উজ্বল, চকু দুটা জ্বলি থকা মশালৰ দৰে, তেওঁৰ বাহু আৰু ভৰি চকচকিয়া পিতলৰ দৰে, আৰু তেওঁৰ কোৱা কথাৰ শব্দ বহু লোকৰ কথা কোৱা শব্দৰ দৰে।
nanahake ty vatosoa’ i Tarsise ty sandri’e, naho hoe helatse ty lahara’e, naho hoe failo o fihaino’eo, naho hoe volon-torisìke solanto’e o fità’eo naho o fandia’eo, vaho nanahake ty firedoña’ i màroy ty fiarañanaña’e.
7 ৭ মই দানিয়েল অকলেই সেই দৰ্শন দেখিলোঁ; মোৰ লগত থকা লোকসকলে সেই দৰ্শন দেখা নাপালে; কাৰণ তেওঁলোক অতিশয় আতঙ্কিত হ’ল; আৰু নিজকে লুকুৱাবলৈ তেওঁলোক পলাল।
Izaho Daniele avao ty nahatrea i aroñaroñey, le tsy nahaisake i aroñaroñey ondaty nindre amakoo, fa fangebahebahañe ty nivotrahañe naho nitriban-day vaho nietak’ añe.
8 ৮ সেয়ে মই অকলেই অৱশিষ্ট থাকিলো, আৰু সেই মহা দৰ্শন দেখা পালোঁ। মোৰ গাত একো শক্তি বাকী নাথাকিল; মোৰ প্রভাশালী চেহেৰা ভীতিজনক চেহেৰালৈ সলনি হৈছিল, আৰু মোৰ গাত শক্তি নাইকিয়া হৈছিল।
Le nidoñe eo avao iraho nañente i aroñaroñe ra’elahiy, vaho ni-po-kaozarañe, nikomavo ty vintako, le tsy nahatan-kafatrarañe.
9 ৯ তাৰ পাছত মই তেওঁৰ কথা শুনিলোঁ, তেওঁৰ কথাবোৰ শুনা সময়ত মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰাত আছিলোঁ।
Tsinanoko ty fiarañanaña’ o tsara’eo, le izaho nitsanoñe ty fiarañanaña’ o tsara’eo ro nampilañahen-droro an-tareheko, ty pandako nitolik’ an-tane.
10 ১০ তেতিয়া এখন হাতে মোক চুলে, আৰু মই কঁপি উঠিলো, মোৰ আঁঠু আৰু দুই হাতৰ তলুৱাও ভয়ত কঁপি উঠিল।
Nañedre ahy amy zao ty fitàñe nampihohok’ ahy añ’ongotse naho an-dela-tañañe.
11 ১১ সেই দূতে মোক ক’লে, “হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছোঁ তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা; কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ’ল।” যেতিয়া তেওঁ মোক সেই কথা কৈ আছিল, তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ।
Le hoe re tamako, O Daniele, ondaty toe kokoañeo, tsendreño ty tsara hitaroñako, le mitrahàña naho mijohaña; fa nampihitrifeñe ama’o iraho. Ie nisaontsie’e i tsaray le nijagarìdiñe an-titititike avao iraho.
12 ১২ তেতিয়া তেওঁ মোক ক’লে, “হে দানিয়েল ভয় নকৰিবা; কাৰণ তুমি বুজিবলৈ, আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে; আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ
Le hoe re amako, Ko hemban-drehe, Daniele, fa boak’ amy andro valoha’ i nanolora’o arofo hahafohiñe, naho nampisotrie’o añ’ atrefan’ Añahare ty fiai’oiy, le fa jinanjiñe o enta’oo, vaho o saontsi’oo ty nivotrahako etoañe;
13 ১৩ পাৰস্যৰ ৰক্ষকদূতে মোক প্রতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিলো। কিন্তু প্ৰধান ৰক্ষক শসনকর্তা এজনে মোক সহায় কৰিবলৈ আহিল।
fe nanebañe ahy andro roapolo-raik’ amby ty roandria mpifehe’ i Parase; ie amy zay niheo amako mb’eo t’i Mikaele, raik’ amo mpifehe amboneo, nañolotse ahy tsy ho paiañe amo mpanjaka’ i Paraseo ka.
14 ১৪ এতিয়া শেষ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব, তাকে তোমাক বুজাবলৈ মই আহিলোঁ। কিয়নো এই দৰ্শন আহিব লগা দিনবোৰৰ বাবে হয়।”
Pok’ etoan-draho hampahafohiñe azo ty hifetsak’ am’ ondati’oo amo andro honka’eo, fe mbe andro maro añe i niaroñaroñañey.
15 ১৫ যেতিয়া তেওঁ মোক এই কথা কৈ আছিল, তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক’ব পৰা নাছিলোঁ।
Aa ie nisaontsy i tsaray amako, le nitolik’ mb’an-tane iraho vaho nijomohõñe.
16 ১৬ তেতিয়া মানুহৰ দৰে এজন পুৰুষে মোৰ ওঁঠ চুলে, আৰু মই মূখ মেলি মোৰ আগত থিয় হৈ থকা জনক ক’লো, “হে মোৰ মহাশয়, এই দৰ্শনৰ কাৰণে মোৰ ভিতৰত মৰ্মবেদনাই ধৰিছে, মোৰ গাৰ বল নাইকিয়া হ’ল।
Le ingo te nitsapa o soñikoo ty hambam-bintañ’ ami’ty ana’ondaty; le nanoka-bava, nanao ty hoe amy nijohañe aoloko eoy: Ry Talèko, mampioremeñe ahy i aroñaroñey vaho tsy mahatàn-kafatrarañe.
17 ১৭ মই আপোনাৰ দাস কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ? কাৰণ মোৰ গাত বল নাই, আৰু মোৰ উশাহো নাইকিয়া হ’ল।”
Fa aia ty mpitoron-Talèko t’ie hahafivolañe amy Talè? Aa izaho henane zay, le tsy aman-kery vaho tsy nahakofòke.
18 ১৮ তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষ জনে পুনৰাই মোক চুই সবল কৰিলে।
Nimb’ amako indraike indaty manahake i ana’ ondatiy, nañedre naho nañohò ahy.
19 ১৯ তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।”
Hoe re, Ko hemban-drehe, ry toe kokoañeo, fañaintsiñe ama’o, mifalea, naho mijangaña. Ie nisaontsy amako le nihafatratse vaho nanoeko ty hoe: Ehe isaontsio ry Talèko fa nampahozare’o.
20 ২০ তেতিয়া তেওঁ মোক ক’লে, “মই তোমাৰ ওচৰলৈ কিয় আহিছোঁ, তুমি জানা নে? এতিয়া মই পাৰস্যৰ ৰক্ষক দূতবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ঘূৰি যাওঁ। মই যেতিয়া গুচি যাম তেতিয়া গ্রীচৰ ৰক্ষকদূত আহিব।
Aa le hoe re, Fohi’o hao ty nivotrahako ama’o etoy? Amy t’ie tsy mete tsy mibalike hialy amy roandria’ i Parasey; le ie engako, ho avy ka ty roandria’ Iavane.
21 ২১ কিন্তু সত্যৰ পুস্তকত কি লিখা আছে, সেই কথা মই তোমাক জনাম; তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূতবোৰৰ মাজত মীখায়েলৰ বাহিৰে আন কোনো শক্তিশালী নাই।”
Fe ho razañeko ama’o i misokitse amy boken-katòy; izaho tsy amam-pañolotse amy raha rezay, naho tsy i Mikaele roandria’oy avao.