< দানিয়েল 10 >

1 পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্ব কালৰ তৃতীয় বছৰত দানিয়েলৰ আগত এটা বাৰ্ত্তা প্ৰকাশ হৈছিল; আৰু সেই বাৰ্ত্তা সত্য। এইটো আছিল এটা মহাযুদ্ধৰ বিষয়। দানিয়েলে দৰ্শনৰ দ্বাৰাই অন্তৰ্দৃষ্টিৰে সেই বাৰ্ত্তা বুজি পালে।
בשנת שלוש לכורש מלך פרס דבר נגלה לדניאל אשר נקרא שמו בלטאשצר ואמת הדבר וצבא גדול ובין את הדבר ובינה לו במראה
2 সেই দিনবোৰত মই দানিয়েলে তিনি সপ্তাহ শোক কৰি আছিলোঁ।
בימים ההם--אני דניאל הייתי מתאבל שלשה שבעים ימים
3 সেই তিনি সপ্তাহ সম্পূৰ্ণ নোহোৱালৈকে মই সুস্বাদু আহাৰ, মাংস খোৱা নাছিলো, দ্রাক্ষাৰস পান কৰা নাছিলো, আৰু মই গাত তেলো ঘঁহা নাছিলো।
לחם חמדות לא אכלתי ובשר ויין לא בא אל פי--וסוך לא סכתי עד מלאת שלשת שבעים ימים
4 তাৰ পাছত প্ৰথম মাহৰ চৌবিশ দিনৰ দিনা, মই মহানদীৰ পাৰত আছিলোঁ, নদীখনৰ নাম হিদ্দেকেল,
וביום עשרים וארבעה לחדש הראשון ואני הייתי על יד הנהר הגדול--הוא חדקל
5 মই ওপৰলৈ চালোঁ, আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু উফজৰ উত্তম সোণেৰে তৈয়াৰী টঙালি কঁকালত বন্ধা এজন মানুহক দেখিলোঁ।
ואשא את עיני וארא והנה איש אחד לבוש בדים ומתניו חגרים בכתם אופז
6 তেওঁৰ শৰীৰ পোখৰাজ মণিৰ দৰে, তেওঁৰ মুখমণ্ডল উজ্বল, চকু দুটা জ্বলি থকা মশালৰ দৰে, তেওঁৰ বাহু আৰু ভৰি চকচকিয়া পিতলৰ দৰে, আৰু তেওঁৰ কোৱা কথাৰ শব্দ বহু লোকৰ কথা কোৱা শব্দৰ দৰে।
וגויתו כתרשיש ופניו כמראה ברק ועיניו כלפידי אש וזרעתיו ומרגלתיו כעין נחשת קלל וקול דבריו כקול המון
7 মই দানিয়েল অকলেই সেই দৰ্শন দেখিলোঁ; মোৰ লগত থকা লোকসকলে সেই দৰ্শন দেখা নাপালে; কাৰণ তেওঁলোক অতিশয় আতঙ্কিত হ’ল; আৰু নিজকে লুকুৱাবলৈ তেওঁলোক পলাল।
וראיתי אני דניאל לבדי את המראה והאנשים אשר היו עמי לא ראו את המראה אבל חרדה גדלה נפלה עליהם ויברחו בהחבא
8 সেয়ে মই অকলেই অৱশিষ্ট থাকিলো, আৰু সেই মহা দৰ্শন দেখা পালোঁ। মোৰ গাত একো শক্তি বাকী নাথাকিল; মোৰ প্রভাশালী চেহেৰা ভীতিজনক চেহেৰালৈ সলনি হৈছিল, আৰু মোৰ গাত শক্তি নাইকিয়া হৈছিল।
ואני נשארתי לבדי ואראה את המראה הגדלה הזאת ולא נשאר בי כח והודי נהפך עלי למשחית ולא עצרתי כח
9 তাৰ পাছত মই তেওঁৰ কথা শুনিলোঁ, তেওঁৰ কথাবোৰ শুনা সময়ত মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰাত আছিলোঁ।
ואשמע את קול דבריו וכשמעי את קול דבריו ואני הייתי נרדם על פני ופני ארצה
10 ১০ তেতিয়া এখন হাতে মোক চুলে, আৰু মই কঁপি উঠিলো, মোৰ আঁঠু আৰু দুই হাতৰ তলুৱাও ভয়ত কঁপি উঠিল।
והנה יד נגעה בי ותניעני על ברכי וכפות ידי
11 ১১ সেই দূতে মোক ক’লে, “হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছোঁ তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা; কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ’ল।” যেতিয়া তেওঁ মোক সেই কথা কৈ আছিল, তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ।
ויאמר אלי דניאל איש חמדות הבן בדברים אשר אנכי דבר אליך ועמד על עמדך--כי עתה שלחתי אליך ובדברו עמי את הדבר הזה עמדתי מרעיד
12 ১২ তেতিয়া তেওঁ মোক ক’লে, “হে দানিয়েল ভয় নকৰিবা; কাৰণ তুমি বুজিবলৈ, আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে; আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ
ויאמר אלי אל תירא דניאל--כי מן היום הראשון אשר נתת את לבך להבין ולהתענות לפני אלהיך נשמעו דבריך ואני באתי בדבריך
13 ১৩ পাৰস্যৰ ৰক্ষকদূতে মোক প্রতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিলো। কিন্তু প্ৰধান ৰক্ষক শসনকর্তা এজনে মোক সহায় কৰিবলৈ আহিল।
ושר מלכות פרס עמד לנגדי עשרים ואחד יום והנה מיכאל אחד השרים הראשנים בא לעזרני ואני נותרתי שם אצל מלכי פרס
14 ১৪ এতিয়া শেষ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব, তাকে তোমাক বুজাবলৈ মই আহিলোঁ। কিয়নো এই দৰ্শন আহিব লগা দিনবোৰৰ বাবে হয়।”
ובאתי להבינך את אשר יקרה לעמך באחרית הימים כי עוד חזון לימים
15 ১৫ যেতিয়া তেওঁ মোক এই কথা কৈ আছিল, তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক’ব পৰা নাছিলোঁ।
ובדברו עמי כדברים האלה--נתתי פני ארצה ונאלמתי
16 ১৬ তেতিয়া মানুহৰ দৰে এজন পুৰুষে মোৰ ওঁঠ চুলে, আৰু মই মূখ মেলি মোৰ আগত থিয় হৈ থকা জনক ক’লো, “হে মোৰ মহাশয়, এই দৰ্শনৰ কাৰণে মোৰ ভিতৰত মৰ্মবেদনাই ধৰিছে, মোৰ গাৰ বল নাইকিয়া হ’ল।
והנה כדמות בני אדם נגע על שפתי ואפתח פי ואדברה ואמרה אל העמד לנגדי אדני במראה נהפכו צירי עלי ולא עצרתי כח
17 ১৭ মই আপোনাৰ দাস কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ? কাৰণ মোৰ গাত বল নাই, আৰু মোৰ উশাহো নাইকিয়া হ’ল।”
והיך יוכל עבד אדני זה לדבר עם אדני זה ואני מעתה לא יעמד בי כח ונשמה לא נשארה בי
18 ১৮ তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষ জনে পুনৰাই মোক চুই সবল কৰিলে।
ויסף ויגע בי כמראה אדם ויחזקני
19 ১৯ তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।”
ויאמר אל תירא איש חמדות שלום לך--חזק וחזק וכדברו עמי התחזקתי ואמרה ידבר אדני כי חזקתני
20 ২০ তেতিয়া তেওঁ মোক ক’লে, “মই তোমাৰ ওচৰলৈ কিয় আহিছোঁ, তুমি জানা নে? এতিয়া মই পাৰস্যৰ ৰক্ষক দূতবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ঘূৰি যাওঁ। মই যেতিয়া গুচি যাম তেতিয়া গ্রীচৰ ৰক্ষকদূত আহিব।
ויאמר הידעת למה באתי אליך ועתה אשוב להלחם עם שר פרס ואני יוצא והנה שר יון בא
21 ২১ কিন্তু সত্যৰ পুস্তকত কি লিখা আছে, সেই কথা মই তোমাক জনাম; তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূতবোৰৰ মাজত মীখায়েলৰ বাহিৰে আন কোনো শক্তিশালী নাই।”
אבל אגיד לך את הרשום בכתב אמת ואין אחד מתחזק עמי על אלה כי אם מיכאל שרכם

< দানিয়েল 10 >