< কলচীয়া 1 >
1 ১ ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি পৌল আৰু তীমথিয় ভাই,
Παύλος, απόστολος Ιησού Χριστού διά θελήματος Θεού, και Τιμόθεος ο αδελφός,
2 ২ কলচীত থকা খ্ৰীষ্টত বিশ্বাসী ভাই আৰু পবিত্ৰ লোক সকলৰ সমীপলৈ। আমাৰ পিতৃ ঈশ্বৰৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
προς τους αγίους και πιστούς εν Χριστώ αδελφούς τους εν Κολοσσαίς· χάρις είη υμίν και ειρήνη από Θεού Πατρός ημών και Κυρίου Ιησού Χριστού.
3 ৩ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ জনায় আপোনালোকৰ কাৰণে সদায় আমি প্ৰাৰ্থনা কৰি আছোঁ৷
Ευχαριστούμεν τον Θεόν και Πατέρα του Κυρίου ημών Ιησού Χριστού, προσευχόμενοι πάντοτε υπέρ υμών,
4 ৪ আমি শুনিবলৈ পালোঁ যে, খ্ৰীষ্ট যীচুত আপোনালোকৰ যি বিশ্বাস আৰু ঈশ্বৰৰ কাৰণে পৃথক কৰি ৰখা পবিত্ৰ লোক সকলৰ প্ৰতি যি প্ৰেম আছে,
ακούσαντες την εις τον Ιησούν Χριστόν πίστιν σας και την εις πάντας τους αγίους αγάπην,
5 ৫ সেইদৰে আপোনালোকৰ কাৰণেও আশা-ধনৰ বিষয় স্বৰ্গত সাঁচি থোৱা হৈছে৷ আপোনালোকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তাৰূপ সত্যতাৰ বাক্য প্ৰথমে শুনিলে;
διά την ελπίδα την αποτεταμιευμένην διά σας εν τοις ουρανοίς, την οποίαν προηκούσατε εν τω λόγω της αληθείας του ευαγγελίου,
6 ৬ আৰু যিদিনা আপোনালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলে আৰু জানিলে, সেই দিনাৰ পৰাই সেই শুভবাৰ্তা আপোনালোকৰ মাজত যেনেকৈ, গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে৷
το οποίον ήλθεν εις εσάς, καθώς και εις όλον τον κόσμον, και καρποφορεί καθώς και εις εσάς, αφ' ης ημέρας ηκούσατε και εγνωρίσατε την χάριν του Θεού εν αληθεία,
7 ৭ সেইবোৰ আপোনালোকে আমাৰ প্ৰিয় সহদাস ইপাফ্ৰাৰ পৰাই শিকিলে; তেখেত আমাৰ কাৰণে খ্ৰীষ্টৰ বিশ্বাসী পৰিচাৰক;
καθώς και εμάθετε από Επαφρά του αγαπητού συνδούλου ημών, όστις είναι διά σας, πιστός διάκονος του Χριστού,
8 ৮ আৰু পবিত্ৰ আত্মাৰ গুণত আপোনালোকৰ যি প্ৰেম আছে, তাক তেখেতেই আমাৰ আগত প্ৰকাশ কৰিলে৷
όστις και εφανέρωσεν εις ημάς την εν Πνεύματι αγάπην σας.
9 ৯ এই কাৰণে সেই কথা শুনা দিনৰে পৰা, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলো, আপোনালোক সকলোৱে আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হওক৷
Διά τούτο και ημείς, αφ' ης ημέρας ηκούσαμεν, δεν παύομεν προσευχόμενοι διά σας και δεόμενοι να εμπλησθήτε από της επιγνώσεως του θελήματος αυτού μετά πάσης σοφίας και πνευματικής συνέσεως,
10 ১০ আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভুত যোগ্যৰূপে জীৱন-যাপন কৰে আৰু তেওঁৰ সেই তত্ব-জ্ঞানত বাঢ়ি সকলো সৎকৰ্মত ফলৱন্ত হয়৷
διά να περιπατήσητε αξίως του Κυρίου, ευαρεστούντες κατά πάντα, καρποφορούντες εις παν έργον αγαθόν και αυξανόμενοι εις την επίγνωσιν του Θεού,
11 ১১ আমি নিবেদন কৰোঁ যে, আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হয়৷
ενδυναμούμενοι εν πάση δυνάμει κατά το κράτος της δόξης αυτού εις πάσαν υπομονήν και μακροθυμίαν,
12 ১২ আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে৷
μετά χαράς ευχαριστούντες τον Πατέρα, όστις έκαμεν ημάς αξίους της μερίδος του κλήρου των αγίων εν τω φωτί,
13 ১৩ তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷
όστις ηλευθέρωσεν ημάς εκ της εξουσίας του σκότους και μετέφερεν εις την βασιλείαν του αγαπητού αυτού Υιού·
14 ১৪ তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে।
εις τον οποίον έχομεν την απολύτρωσιν διά του αίματος αυτού, την άφεσιν των αμαρτιών·
15 ১৫ সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি৷ তেওঁ গোটেই সৃষ্টিৰ প্ৰথমজাত;
όστις είναι εικών του Θεού του αοράτου, πρωτότοκος πάσης κτίσεως,
16 ১৬ কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷
επειδή δι' αυτού εκτίσθησαν τα πάντα, τα εν τοις ουρανοίς και τα επί της γης, τα ορατά και τα αόρατα, είτε θρόνοι είτε κυριότητες είτε αρχαί είτε εξουσίαι· τα πάντα δι' αυτού και εις αυτόν εκτίσθησαν·
17 ১৭ তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণত আছে৷
και αυτός είναι προ πάντων, και τα πάντα συντηρούνται δι' αυτού,
18 ১৮ তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই প্ৰাথমিক প্ৰাধিকাৰী, তেওঁ আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত এই কাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হয়।
και αυτός είναι η κεφαλή του σώματος, της εκκλησίας· όστις είναι αρχή, πρωτότοκος εκ των νεκρών, διά να γείνη αυτός πρωτεύων εις τα πάντα,
19 ১৯ সেই কাৰণে ঈশ্বৰে আনন্দেৰে সিদ্ধান্ত ল’লে যে, তেওঁত সকলো সম্পূৰ্ণতা বাস কৰা উচিত;
διότι εν αυτώ ηυδόκησεν ο Πατήρ να κατοικήση παν το πλήρωμα
20 ২০ আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে৷ পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে।
και δι' αυτού να συνδιαλλάξη τα πάντα προς εαυτόν, ειρηνοποιήσας διά του αίματος του σταυρού αυτού, δι' αυτού, είτε τα επί της γης είτε τα εν τοις ουρανοίς.
21 ২১ আপোনালোকেও পূৰ্বতে ঈশ্বৰৰ পৰা অসম্পৰ্কীয় আৰু দুষ্কৰ্মত থাকি মনেৰে শত্ৰু হোৱা লোক আছিল৷
Και σας, οίτινες ήσθε ποτέ απηλλοτριωμένοι και εχθροί κατά την διάνοιαν με τα έργα τα πονηρά,
22 ২২ তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত আপোনালোকক পবিত্ৰ, নিষ্কলঙ্ক আৰু নিৰ্দোষীৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন সাধন কৰিলে৷
τώρα όμως διήλλαξε προς εαυτόν διά του σώματος της σαρκός αυτού διά του θανάτου, διά να σας παραστήση ενώπιον αυτού αγίους και αμώμους και ανεγκλήτους,
23 ২৩ আপোনালোকে যি শুভবাৰ্তা শুনিছে, তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আতৰি নাযায়, তেনেহলে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে; মই পৌল, এই শুভবাৰ্তাৰ এজন দাস৷
εάν επιμένητε εις την πίστιν, τεθεμελιωμένοι και στερεοί και μη μετακινούμενοι από της ελπίδος του ευαγγελίου, το οποίον ηκούσατε, του κηρυχθέντος εις πάσαν την κτίσιν την υπό τον ουρανόν, του οποίου εγώ ο Παύλος έγεινα υπηρέτης.
24 ২৪ এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।
Τώρα χαίρω εις τα παθήματά μου διά σας, και ανταναπληρώ τα υστερήματα των θλίψεων του Χριστού εν τη σαρκί μου υπέρ του σώματος αυτού, το οποίον είναι η εκκλησία,
25 ২৫ সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ, আপোনালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰীবাব অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈছোঁ৷
της οποίας εγώ έγεινα υπηρέτης κατά την οικονομίαν του Θεού την εις εμέ δοθείσαν διά σας, διά να εκπληρώσω το κήρυγμα του λόγου του Θεού,
26 ২৬ সেই নিগূঢ়-তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁৰ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে; (aiōn )
το μυστήριον, το οποίον ήτο αποκεκρυμμένον από των αιώνων και από των γενεών, τώρα δε εφανερώθη εις τους αγίους αυτού, (aiōn )
27 ২৭ ঈশ্বৰে তেওঁৰ মূল্যবান মহিমাময় নিগূঢ় তত্ব অনা-ইহুদী সকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে, সেই নিগূঢ় তত্ব সকলো লোকৰ কাৰণে; আৰু সেই নিগূঢ় তত্ব হ’ল স্বয়ং খ্ৰীষ্ট, যি জন আপোনালোকৰ মাজত আছে৷ তেৱেঁই আমাৰ গৌৰৱৰ আশা৷
εις τους οποίους ηθέλησεν ο Θεός να φανερώση τις ο πλούτος της δόξης του μυστηρίου τούτου εις τα έθνη, όστις είναι ο Χριστός εις εσάς, η ελπίς της δόξης·
28 ২৮ সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷
τον οποίον ημείς κηρύττομεν, νουθετούντες πάντα άνθρωπον και διδάσκοντες πάντα άνθρωπον εν πάση σοφία, διά να παραστήσωμεν πάντα άνθρωπον τέλειον εν Χριστώ Ιησού·
29 ২৯ তেওঁৰ কাৰ্যসাধক শক্তিয়ে মোৰ জীৱনত পৰাক্ৰমেৰে কাৰ্য সাধন কৰি আছে, সেই শক্তি অনুসাৰে তেওঁৰ কাৰণে প্ৰাণপণ কৰি মই পৰিশ্ৰমো কৰি আছোঁ।
εις το οποίον και κοπιάζω, αγωνιζόμενος κατά την ενέργειαν αυτού την ενεργουμένην εν εμοί μετά δυνάμεως.