< কলচীয়া 4 >
1 ১ হে প্ৰভু সকল, আপোনালোকে নিজ দাস সকলৰ প্ৰতি যি ন্যায় আৰু সাম্য, সেয়া তেওঁলোকক দিয়ক আৰু জানক যে স্বৰ্গত আপোনালোকৰো এজন প্ৰভু আছে৷
ཨཔརཉྩ ཧེ ཨདྷིཔཏཡཿ, ཡཱུཡཾ དཱསཱན྄ པྲཏི ནྱཱཡྻཾ ཡཐཱརྠཉྩཱཙརཎཾ ཀུརུདྷྭཾ ཡུཥྨཱཀམཔྱེཀོ྅དྷིཔཏིཿ སྭརྒེ ཝིདྱཏ ཨིཏི ཛཱནཱིཏ།
2 ২ আপোনালোকে প্ৰাৰ্থনাত লাগি থাকক আৰু ধন্যবাদেৰে সচেতন থাকিব৷
ཡཱུཡཾ པྲཱརྠནཱཡཱཾ ནིཏྱཾ པྲཝརྟྟདྷྭཾ དྷནྱཝཱདཾ ཀུཪྻྭནྟསྟཏྲ པྲབུདྡྷཱསྟིཥྛཏ ཙ།
3 ৩ আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব, যাতে খ্ৰীষ্টৰ যি নিগূঢ়-তত্বৰ কাৰণে অামি বন্ধ হৈ আছোঁ; সেই নিগূঢ়-তত্ব ক’বলৈ ঈশ্বৰে যেন আমাৰ বাবে বাক্যৰ দুৱাৰ মেলি দিয়ে৷
པྲཱརྠནཱཀཱལེ མམཱཔི ཀྲྀཏེ པྲཱརྠནཱཾ ཀུརུདྷྭཾ,
4 ৪ আৰু প্ৰাৰ্থনা কৰক যাতে, মই যি দৰে কোৱা উচিত, সেইদৰে যেন স্পষ্টকৈ প্ৰকাশ কৰিব পাৰোঁ৷
ཕལཏཿ ཁྲཱིཥྚསྱ ཡནྣིགཱུཌྷཝཱཀྱཀཱརཎཱད྄ ཨཧཾ བདྡྷོ྅བྷཝཾ ཏཏྤྲཀཱཤཱཡེཤྭརོ ཡཏ྄ མདརྠཾ ཝཱགྡྭཱརཾ ཀུཪྻྱཱཏ྄, ཨཧཉྩ ཡཐོཙིཏཾ ཏཏ྄ པྲཀཱཤཡིཏུཾ ཤཀྣུཡཱམ྄ ཨེཏཏ྄ པྲཱརྠཡདྷྭཾ།
5 ৫ বাহিৰা লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিব আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিব।
ཡཱུཡཾ སམཡཾ བཧུམཱུལྱཾ ཛྙཱཏྭཱ བཧིཿསྠཱན྄ ལོཀཱན྄ པྲཏི ཛྙཱནཱཙཱརཾ ཀུརུདྷྭཾ།
6 ৬ আপোনালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহযুক্ত হৈ থাকক আৰু আস্বাদযুক্ত লোণৰদৰে, কোন জনক কেনেকৈ উত্তৰ দিব লাগে, সেই বিষয়ে যেন আপোনালোকে জানি লওঁক৷
ཡུཥྨཱཀམ྄ ཨཱལཱཔཿ སཪྻྭདཱནུགྲཧསཱུཙཀོ ལཝཎེན སུསྭཱདུཤྩ བྷཝཏུ ཡསྨཻ ཡདུཏྟརཾ དཱཏཝྱཾ ཏད྄ ཡུཥྨཱབྷིརཝགམྱཏཱཾ།
7 ৭ তুখিকে আপোনালোকক মোৰ বিষয়ে সকলো কথা জনাব৷ তেওঁ প্ৰভুৰ এজন প্ৰিয় ভাই, বিশ্বাসী পৰিচাৰক আৰু এজন সহদাস৷
མམ ཡཱ དཤཱཀྟི ཏཱཾ ཏུཁིཀནཱམཱ པྲབྷཽ པྲིཡོ མམ བྷྲཱཏཱ ཝིཤྭསནཱིཡཿ པརིཙཱརཀཿ སཧདཱསཤྩ ཡུཥྨཱན྄ ཛྙཱཔཡིཥྱཏི།
8 ৮ মই তেওঁক নির্দিষ্ট কৰি আপোনালোকৰ তালৈ পঠিয়ালোঁ, যাতে আপোনালোকে আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে৷
ས ཡད྄ ཡུཥྨཱཀཾ དཤཱཾ ཛཱནཱིཡཱཏ྄ ཡུཥྨཱཀཾ མནཱཾསི སཱནྟྭཡེཙྩ ཏདརྠམེཝཱཧཾ
9 ৯ আৰু তেওঁৰ লগত ওনীচিমক, যি জন আপোনালোকৰে বিশ্বাসী আৰু প্ৰিয় ভাই, তেওঁকো পঠিয়ালোঁ; তেওঁলোকে ইয়াৰ সকলো কথা আপোনালোকক জনাব।
ཏམ྄ ཨོནཱིཥིམནཱམཱནཉྩ ཡུཥྨདྡེཤཱིཡཾ ཝིཤྭསྟཾ པྲིཡཉྩ བྷྲཱཏརཾ པྲེཥིཏཝཱན྄ ཏཽ ཡུཥྨཱན྄ ཨཏྲཏྱཱཾ སཪྻྭཝཱརྟྟཱཾ ཛྙཱཔཡིཥྱཏཿ།
10 ১০ মোৰ লগৰ বন্দিয়াৰ আৰিষ্টাৰ্খ, আৰু বাৰ্ণব্বাৰ কুটুম্ব মাৰ্ক, তেওঁৰ বিষয়ে আপোনালোকে যদি এইদৰে লিখা আদেশ পত্ৰ পায়, তেনেহলে গ্ৰহন কৰিব, “যদি তেওঁ আপোনালোকৰ তালৈ যায়, গ্ৰহন কৰিব৷”
ཨཱརིཥྚཱརྑནཱམཱ མམ སཧབནྡཱི བརྞབྦཱ བྷཱགིནེཡོ མཱརྐོ ཡུཥྚནཱམྣཱ ཝིཁྱཱཏོ ཡཱིཤུཤྩཻཏེ ཚིནྣཏྭཙོ བྷྲཱཏརོ ཡུཥྨཱན྄ ནམསྐཱརཾ ཛྙཱཔཡནྟི, ཏེཥཱཾ མདྷྱེ མཱརྐམདྷི ཡཱུཡཾ པཱུཪྻྭམ྄ ཨཱཛྙཱཔིཏཱཿ ས ཡདི ཡུཥྨཏྶམཱིཔམ྄ ཨུཔཏིཥྛེཏ྄ ཏརྷི ཡུཥྨཱབྷི རྒྲྀཧྱཏཱཾ།
11 ১১ আৰু যীচু, যাক যুষ্ট বোলে, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে; এওঁলোক চুন্নৎ হোৱা লোক আৰু কেৱল এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকাৰী; এওঁলোক মোৰ শান্তিজনক হ’ল।
ཀེཝལམེཏ ཨཱིཤྭརརཱཛྱེ མམ སཱནྟྭནཱཛནཀཱཿ སཧཀཱརིཎོ྅བྷཝན྄།
12 ১২ ইপাফ্ৰাই আপোনালোকক মঙ্গলবাদ জনাইছে৷ তেওঁ আপোনালোকৰ মাজৰ এজন আৰু খ্ৰীষ্ট যীচুৰ দাস৷ তেওঁ সদায় প্ৰাৰ্থনাৰে আপোনালোকৰ পক্ষে প্ৰাণপণ কৰিছে, যাতে আপোনালোকে ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয়কৈ স্থিৰে থাকে৷
ཁྲཱིཥྚསྱ དཱསོ ཡོ ཡུཥྨདྡེཤཱིཡ ཨིཔཕྲཱཿ ས ཡུཥྨཱན྄ ནམསྐཱརཾ ཛྙཱཔཡཏི ཡཱུཡཉྩེཤྭརསྱ སཪྻྭསྨིན྄ མནོ྅བྷིལཱཥེ ཡཏ྄ སིདྡྷཱཿ པཱུརྞཱཤྩ བྷཝེཏ ཏདརྠཾ ས ནིཏྱཾ པྲཱརྠནཡཱ ཡུཥྨཱཀཾ ཀྲྀཏེ ཡཏཏེ།
13 ১৩ কিয়নো মই তেওঁৰ সাক্ষ্য দিছোঁ যে, তেওঁ আপোনালোকৰ আৰু লায়দিকেয়া আৰু হিয়ৰাপলিত থকা সকলৰ কাৰণে বৰ পৰিশ্ৰম কৰিছে
ཡུཥྨཱཀཾ ལཱཡདིཀེཡཱསྠིཏཱནཱཾ ཧིཡརཱཔལིསྠིཏཱནཱཉྩ བྷྲཱཏྲྀཎཱཾ ཧིཏཱཡ སོ྅ཏཱིཝ ཙེཥྚཏ ཨིཏྱསྨིན྄ ཨཧཾ ཏསྱ སཱཀྵཱི བྷཝཱམི།
14 ১৪ লূক নামৰ প্ৰিয় চিকিৎসক আৰু দীমায়ো আপোনালোকক মঙ্গলবাদ কৰিছে।
ལཱུཀནཱམཱ པྲིཡཤྩིཀིཏྶཀོ དཱིམཱཤྩ ཡུཥྨབྷྱཾ ནམསྐུཪྻྭཱཏེ།
15 ১৫ লায়দিকেয়াত থকা ভাই সকলক, নুম্ফাক আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীক মঙ্গলবাদ দিব।
ཡཱུཡཾ ལཱཡདིཀེཡཱསྠཱན྄ བྷྲཱཏྲྀན྄ ནུམྥཱཾ ཏདྒྲྀཧསྠིཏཱཾ སམིཏིཉྩ མམ ནམསྐཱརཾ ཛྙཱཔཡཏ།
16 ১৬ আপোনালোকৰ তাত এই পত্ৰ পাঠ কৰা হ’লে, লায়দিকেয়াত থকা মণ্ডলীতো যেন পাঠ কৰা হয়, এনে চেষ্টা কৰিব; আৰু লায়দিকেয়াৰ পৰা যি পত্ৰ পাব, সেই পত্ৰ আপোনালোকেও পাঠ কৰিব।
ཨཔརཾ ཡུཥྨཏྶནྣིདྷཽ པཏྲསྱཱསྱ པཱཋེ ཀྲྀཏེ ལཱཡདིཀེཡཱསྠསམིཏཱཝཔི ཏསྱ པཱཋོ ཡཐཱ བྷཝེཏ྄ ལཱཡདིཀེཡཱཉྩ ཡཏ྄ པཏྲཾ མཡཱ པྲཧིཏཾ ཏད྄ ཡཐཱ ཡུཥྨཱབྷིརཔི པཋྱེཏ ཏཐཱ ཙེཥྚདྷྭཾ།
17 ১৭ আৰ্খিপ্পক এই কথা ক’ব, “আপুনি প্ৰভুত যি পৰিচৰ্যা পদ পালে, সেয়া সিদ্ধ কৰিবৰ কাৰণে তালৈ সাৱধান হ’ব।”
ཨཔརམ྄ ཨཱརྑིཔྤཾ ཝདཏ པྲབྷོ ཪྻཏ྄ པརིཙཪྻྱཱཔདཾ ཏྭཡཱཔྲཱཔི ཏཏྶཱདྷནཱཡ སཱཝདྷཱནོ བྷཝ།
18 ১৮ মোৰ এই মঙ্গলবাদ, মই পৌলে, নিজ হাতেৰে লিখিলোঁ। আপোনালোকে মোৰ শিকলিৰ বন্ধন সুঁৱৰিব। আপোনালোকৰ লগত অনুগ্ৰহ থাকক।
ཨཧཾ པཽལཿ སྭཧསྟཱཀྵརེཎ ཡུཥྨཱན྄ ནམསྐཱརཾ ཛྙཱཔཡཱམི ཡཱུཡཾ མམ བནྡྷནཾ སྨརཏ། ཡུཥྨཱན྄ པྲཏྱནུགྲཧོ བྷཱུཡཱཏ྄། ཨཱམེན།