< কলচীয়া 2 >
1 ১ আপোনালোকক সহায় কৰাৰ কাৰণে মই কিমান কঠোৰ প্ৰতিকুল অৱস্থাৰ মূখা-মূখি হৈছোঁ, সেই বিষয়ে আপোনালোকে জনাটো মই বিচাৰো৷ যি সকল লায়দিকেয়াত আছে আৰু যিমান মানুহে মোৰ মাংসময় মুখ দেখা নাই, সেই সকলৰ বাবেও মোৰ যুজ হৈ আছে৷
Car je veux que vous sachiez quel combat j’ai pour vous et pour ceux qui sont à Laodicée, et tous ceux qui n’ont point vu mon visage en la chair,
2 ২ মই বিচাৰো তেখেত সকলৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেখেত সকলে প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধনত ধনী হ’বৰ বাবে যেন ঈশ্বৰৰ নিগূঢ়-তত্ব জানে, সেই নিগূঢ় তত্বই হ’ল, খ্ৰীষ্ট৷
afin que leurs cœurs soient consolés, étant unis ensemble dans l’amour et pour toutes les richesses de la pleine certitude d’intelligence, pour la connaissance du mystère de Dieu,
3 ৩ সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।
dans lequel sont cachés tous les trésors de la sagesse et de la connaissance.
4 ৪ কোনেও যেন আপোনালোকক প্ৰলোভন-বাক্যেৰে নুভুলায়, এই কাৰণে মই এইবোৰ কথা কৈছোঁ।
Or je dis ceci, afin que personne ne vous séduise par des discours spécieux;
5 ৫ আৰু মই শাৰীৰিক ভাবে উপস্থিত নাথাকিলেও, আত্মাৰে আপোনালোকৰ লগত আছোঁ; আৰু আনন্দ কৰি আপোনালোকৰ সু-ৰীতি আৰু খ্ৰীষ্টত আপোনালোকৰ বিশ্বাসৰ যি অলৰতা, সেয়া চাই আছোঁ।
car lors même que je suis absent de corps, toutefois je suis avec vous en esprit, me réjouissant et voyant votre ordre, et la fermeté de votre foi en Christ.
6 ৬ এতেকে আপোনালোকে খ্রীষ্ট যীচুক যেনেকৈ গ্ৰহণ কৰিলে, তেনেকৈ তেওঁতেই জীৱন-যাপন কৰক৷
Comme donc vous avez reçu le christ Jésus, le Seigneur, marchez en lui,
7 ৭ তেওঁতেই দৃঢ় ৰূপে শিপা ধৰি, তেওঁত গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিল, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকক, আৰু ধন্যবাদত উপচি পৰক।
enracinés et édifiés en lui, et affermis dans la foi, selon que vous avez été enseignés, abondant en elle avec des actions de grâces.
8 ৮ কোনোৱে যেন আপোনালোকক দৰ্শন-বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই কাৰণে সাৱধান হব; সেইবোৰ মানুহ পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়।
Prenez garde que personne ne fasse de vous sa proie par la philosophie et par de vaines déceptions, selon l’enseignement des hommes, selon les éléments du monde, et non selon Christ;
9 ৯ কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে।
car en lui habite toute la plénitude de la déité corporellement;
10 ১০ যি জন সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ, তেওঁতেই আপোনালোক সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছে৷
et vous êtes accomplis en lui, qui est le chef de toute principauté et autorité,
11 ১১ তেওঁতেই আপোনালোক বিনাহাতে কৰা চুন্নৎ, মাংসময় শৰীৰ বস্ত্ৰ স্বৰূপে সোলোকাই পোলোৱাৰ দ্বাৰাই আপোনালোকে খ্ৰীষ্টৰ চুন্নতেৰে চুন্নৎ হ’ল৷
en qui aussi vous avez été circoncis d’une circoncision qui n’a pas été faite de main, dans le dépouillement du corps de la chair par la circoncision du Christ,
12 ১২ বাপ্তিস্মত আপোনালোক তেওঁৰ সৈতে মৈদামত থোৱা হ’ল আৰু ঈশ্বৰৰ কাৰ্য সাধন শক্তিত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁৰ সৈতে তোলাও হ’ল।
étant ensevelis avec lui dans le baptême, dans lequel aussi vous avez été ressuscités ensemble par la foi en l’opération de Dieu qui l’a ressuscité d’entre les morts.
13 ১৩ আৰু আপোনালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচুন্নতত মৃত আছিল, তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে আপোনালোকক জীয়ালে আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে৷
Et vous, lorsque vous étiez morts dans vos fautes et dans l’incirconcision de votre chair, il vous a vivifiés ensemble avec lui, nous ayant pardonné toutes nos fautes,
14 ১৪ আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণ পত্ৰ খন আমাৰ বিপক্ষে আছিল, সেই খন তেওঁ মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই, সেই খন দূৰ কৰিলে৷
ayant effacé l’obligation qui était contre nous, [laquelle consistait] en ordonnances [et] qui nous était contraire, et il l’a ôtée en la clouant à la croix:
15 ১৫ তেওঁ সকলো আধিপত্য আৰু শাসনকৰ্তাবোৰক অপসাৰিত কৰিলে, আৰু তেওঁলোকক মুকলিভাবে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ যোগেদি এটা বিজয়ৰ শোভাযাত্ৰাত তেওঁলোকক চালিত কৰিলে৷
ayant dépouillé les principautés et les autorités, il les a produites en public, triomphant d’elles en la [croix].
16 ১৬ এতেকে কোনেও আপোনালোকক ভোজনত বা পান কৰাত বা উৎসৱত বা ন জোনত বা বিশ্ৰামবাৰৰ কথাত, বিচাৰ নকৰক।
Que personne donc ne vous juge en ce qui concerne le manger ou le boire, ou à propos d’un jour de fête ou de nouvelle lune, ou de sabbats,
17 ১৭ এই সকলো ভাবী বিষয়ৰ ছাঁ মাথোন; কিন্তু প্ৰকৃত সত্য হৈছে খ্ৰীষ্ট।
qui sont une ombre des choses à venir; mais le corps est du Christ.
18 ১৮ কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।
Que personne ne vous frustre du prix [du combat], faisant sa volonté propre dans [l’]humilité et dans [le] culte des anges, s’ingérant dans les choses qu’il n’a pas vues, enflé d’un vain orgueil par les pensées de sa chair,
19 ১৯ কিন্তু সংস্পৰ্শ আৰু বন্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যি জনৰ পৰা ঐশ্বৰিক বৃদ্ধি পাই বাঢ়িছে, সেই মূৰ স্বৰূপ খ্ৰীষ্টক অৱলম্বন নকৰে৷
et ne tenant pas ferme le chef, duquel tout le corps, alimenté et bien uni ensemble par des jointures et des liens, croît de l’accroissement de Dieu.
20 ২০ যদি আপোনালোকে জগতৰ পাপপূৰ্ণ নিয়মবোৰৰ বিশ্বাসত খ্ৰীষ্টৰ সৈতে একেলগে মৰিল, তেনেহলে কিয় জগতৰ বিশ্বাসত জীৱন-যাপন কৰি বশীভূত হৈ আছে:
Si vous êtes morts avec Christ aux éléments du monde, pourquoi, comme si vous étiez encore en vie dans le monde, établissez-vous des ordonnances,
21 ২১ “সেইবোৰক নধৰিবা, নাচাকিবা, নুচুবাও?”
– ne prends pas, ne goûte pas, ne touche pas!
22 ২২ লোক সকলৰ বাবে এই আজ্ঞা আৰু শিক্ষা সকলো বস্তু ভোগ কৰাৰ দ্বাৰাই ক্ষয় পাবৰ কাৰেণেহে হৈছে৷
– (choses qui sont toutes destinées à périr par l’usage, ) selon les commandements et les enseignements des hommes
23 ২৩ এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান, আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰিক দুখ দিয়া, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সাৰ্থক নহয়।
(qui ont bien une apparence de sagesse en dévotion volontaire et en humilité, et en ce qu’elles n’épargnent pas le corps, ne [lui] rendant pas un certain honneur), pour la satisfaction de la chair?