< আমোস 1 >

1 আমোচ তকোৱাৰ মেৰ-ছাগ ৰখীয়াসকলৰ মাজৰ এজন আছিল। তেতিয়া যিহূদাৰ ৰজা আছিল উজ্জিয়া আৰু ইস্রায়েলৰ ৰজা আছিল যোৱাচৰ পুত্র যাৰবিয়াম। ভূমিকম্পৰ দুবছৰৰ আগেয়ে ইস্ৰায়েলৰ বিষয়ে আমোচে এই সকলো দৰ্শন পায়।
Mawu a Amosi, mmodzi mwa anthu oweta nkhosa ku Tekowa. Zimene iye anaona mʼmasomphenya zokhudza Israeli patatsala zaka ziwiri kuti chivomerezi chichitike, nthawi imene Uziya anali mfumu ya Yuda ndipo Yeroboamu mwana wa Yowasi anali mfumu ya Israeli.
2 আমোচে ক’লে, “যিহোৱাই চিয়োনৰ পৰা গৰ্জন কৰিছে, আৰু যিৰূচালেমৰ পৰা উচ্চস্বৰে কথা কৈছে। মেৰ-ছাগ ৰখীয়াবোৰৰ চৰণীয়া ঠাইবোৰৰ শোক হ’ব আৰু কৰ্মিল পর্বতৰ চূড়া শুকাই গৈছে।”
Amosi anati: “Yehova akubangula mu Ziyoni ndipo akumveka ngati bingu mu Yerusalemu; msipu wa abusa ukulira, ndipo pamwamba pa Karimeli pakuwuma.”
3 যিহোৱাই এই কথা কৈছে: “দম্মেচকৰ তিনিটা এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো শস্যৰ মৰণা মৰা লোহাৰ যন্ত্রৰে তেওঁলোকে গিলিয়দক মাৰিলে।
Yehova akuti, “Chifukwa anthu a ku Damasiko akunka nachimwirachimwira, Ine sindileka kuwalanga. Popeza anapuntha Giliyadi ndi zopunthira za mano achitsulo,
4 সেইবাবে মই হজায়েলৰ ৰাজপ্রাসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে বিন-হদদৰ দুর্গবোৰ গ্ৰাস কৰিব।
Ine ndidzatumiza moto pa nyumba ya Hazaeli umene udzanyeketsa nyumba zaufumu za Beni-Hadadi.
5 মই দম্মেচকৰ দুৱাৰৰ ডাংবোৰ ভাঙি পেলাম। মই আবন উপত্যকাৰ পৰা বাসিন্দাসকলক আৰু বৈৎ-এদনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; অৰামৰ লোকসকল বন্দী হৈ কীৰলৈ যাব।”
Ndidzathyola chipata cha Damasiko; ndidzawononga mfumu yokhala ku Chigwa cha Aveni, ndiponso iye amene akugwira ndodo yaufumu mu Beti-Edeni. Anthu a ku Aramu adzapita ku ukapolo ku Kiri,” akutero Yehova.
6 যিহোৱাই এই কথা কৈছে: “গাজাৰ তিনিটা, এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ইদোমৰ হাতত শোধাই দিবৰ কাৰণে তেওঁলোকে সকলো লোকক বন্দী কৰি লৈ গৈছিল।
Yehova akuti, “Chifukwa anthu a ku Gaza akunka nachimwirachimwira, Ine sindileka kuwalanga. Popeza anatenga ukapolo mtundu wathunthu ndi kuwugulitsa ku Edomu,
7 সেইবাবে মই গাজাৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।
ndidzatumiza moto pa makoma a Gaza umene udzanyeketsa nyumba zake zaufumu.
8 মই অচ্‌দোদৰ বাসিন্দাসকলক আৰু অস্কিলোনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; মই ইক্ৰোণৰ বিৰুদ্ধে মোৰ হাত চলাম আৰু পলেষ্টীয়াসকলৰ অৱশিষ্ট জীৱিত লোক বিনষ্ট হ’ব।”
Ndidzawononga mfumu ya ku Asidodi komanso amene akugwira ndodo yaufumu ku Asikeloni. Ndidzalanga Ekroni, mpaka wotsala mwa Afilisti atafa,” akutero Ambuye Yehova.
9 যিহোৱাই এই কথা কৈছে: তূৰৰ তিনিটা এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ভাতৃত্ববোধৰ চুক্তি অগ্রাহ্য কৰি তেওঁলোকে সকলো লোকক ইদোমৰ হাতত শোধাই দিলে।
Yehova akuti, “Chifukwa anthu a ku Turo akunka nachimwirachimwira, Ine sindileka kuwalanga. Popeza iwo anagulitsa mtundu wathunthu ku ukapolo ku Edomu, osasunga pangano laubale lija,
10 ১০ সেইবাবে মই তূৰৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।”
Ine ndidzatumiza moto pa makoma a Turo umene udzanyeketsa nyumba zake zaufumu.”
11 ১১ যিহোৱাই এই কথা কৈছে: “ইদোমৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সকলো দয়া-মমতা ত্যাগ কৰি ইদোমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে; তেওঁলোকৰ ভয়ঙ্কৰ ক্ৰোধ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল।
Yehova akuti, “Chifukwa anthu a ku Edomu akunka nachimwirachimwira, Ine sindileka kuwalanga. Popeza anathamangitsa mʼbale wake ndi lupanga, popanda nʼchifundo chomwe. Popeza mkwiyo wake unakulabe ndipo ukali wake sunatonthozeke,
12 ১২ সেইবাবে মই তৈমনৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে বস্ৰাৰ ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।”
Ine ndidzatumiza moto pa Temani umene udzanyeketsa nyumba zaufumu za Bozira.”
13 ১৩ যিহোৱাই এই কথা কৈছে: “অম্মোনৰ লোকসকলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো নিজৰ সীমা বঢ়াবৰ কাৰণে তেওঁলোকে গিলিয়দৰ গৰ্ভৱতী মহিলাসকলৰ উদৰ ফালিলে।
Yehova akuti, “Chifukwa anthu a ku Amoni akunka nachimwirachimwira, Ine sindileka kuwalanga. Popeza anatumbula akazi oyembekezera a ku Giliyadi nʼcholinga choti akuze malire awo,
14 ১৪ সেইবাবে যুদ্ধৰ দিনত বিজয়ধ্বনিৰে সৈতে, ভয়ঙ্কৰ বা’মৰলী বতাহৰ দিনত ধুমুহাৰে সৈতে মই ৰব্বাৰ প্রাচীৰবোৰত জুই লগাই দিম; সেয়ে ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।
Ine ndidzayatsa moto pa makoma a ku Raba umene udzanyeketsa nyumba zake zaufumu. Padzakhala kulira kwakukulu pa tsiku la nkhondoyo, kumenyana kudzakhala kwafumbi ngati mkuntho wa kamvuluvulu.
15 ১৫ তেওঁলোকৰ ৰজা আৰু তেওঁলোকৰ অধিকাৰীসকলক একেলগে বন্দী কৰি লৈ যোৱা হ’ব।”
Mfumu yawo idzatengedwa kupita ku ukapolo, iyo pamodzi ndi akuluakulu ake,” akutero Yehova.

< আমোস 1 >