< আমোস 9 >
1 ১ মই প্ৰভুক বেদীৰ ওচৰত থিয় হৈ থকা দেখিলোঁ। প্রভুৱে ক’লে, “স্তম্ভবোৰৰ শীর্ষস্থানত আঘাত কৰা যাতে তাৰ ভেঁটিবোৰ কঁপি উঠে। সেই ঠাইৰ সকলো লোকৰ মূৰৰ ওপৰত যাতে সেইবোৰ ডোখৰ ডোখৰকৈ ভাঙি পৰে আৰু যি সকল জীয়াই থাকিব, মই তেওঁলোকক তৰোৱালেৰে বধ কৰিম; তেওঁলোকৰ মাজৰ এজনেও পলাই যাব নোৱাৰিব; তেওঁলোকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব।
VI al Señor que estaba sobre el altar, y dijo: Hiere el umbral, y estremézcanse las puertas: y córtales en piezas la cabeza de todos; y el postrero de ellos mataré á cuchillo: no habrá de ellos quien se fugue, ni quien escape.
2 ২ তেওঁলোকে চিয়োলৰ গভীৰ পর্যন্তলৈ গাত খান্দি গ’লেও, মোৰ হাতে তাৰ পৰা তেওঁলোকক উলিয়াই আনিব। তেওঁলোকে আকাশ পর্যন্ত উঠিলেও, তাৰ পৰা মই তেওঁলোকক নমাই আনিম। (Sheol )
Aunque cavasen hasta el infierno, de allá los tomará mi mano; y si subieren hasta el cielo, de allá los haré descender. (Sheol )
3 ৩ তেওঁলোকে কৰ্মিল পাহাৰৰ চূড়াত নিজকে লুকুৱাই ৰাখিলেও, তাৰ পৰা মই তেওঁলোকক বিচাৰি উলিয়াই ধৰি আনিম; তেওঁলোকে মোৰ দৃষ্টিৰ পৰা সাগৰৰ তলত গৈ লুকালেও, সেই ঠাইত তেওঁলোকক দংশন কৰিবলৈ মই নাগক আজ্ঞা দিম, তাতে সি তেওঁলোকক দংশন কৰিব।
Y si se escondieren en la cumbre del Carmelo, allí los buscaré y los tomaré; y aunque se escondieren de delante de mis ojos en el profundo de la mar, allí mandaré á la culebra, y morderálos.
4 ৪ শত্ৰুবোৰৰ দ্বাৰা তেওঁলোক বন্দী হৈ আন দেশলৈ গলেও, সেই ঠাইতো মই তেওঁলোকক বধ কৰিবলৈ তৰোৱালক আজ্ঞা দিম। মঙ্গলৰ কাৰণে নহয়, কিন্তু অমঙ্গলৰ কাৰণেহে মই তেওঁলোকৰ ওপৰত মোৰ দৃষ্টি ৰাখিম।
Y si fueren en cautiverio, delante de sus enemigos, allí mandaré al cuchillo, y los matará; y pondré sobre ellos mis ojos para mal, y no para bien.
5 ৫ বাহিনীসকলৰ প্রভু যিহোৱাই দেশখনক চুলে, দেশ পমি যায়; তাত বাস কৰা সকলোৱে শোক কৰে। তেওঁৰ স্পর্শত গোটেই দেশ মিচৰৰ নীল নদীৰ দৰে বন্যাত ওফন্দি উঠে, তাৰ পাছত পুণৰায় নামি যায়।
El Señor Jehová de los ejércitos [es] el que toca la tierra, y se derretirá, y llorarán todos los que en ella moran: y subirá toda como un río, y hundiráse luego como el río de Egipto.
6 ৬ তেওঁ আকাশ-মণ্ডলত নিজৰ উচ্চ কোঁঠালিবোৰ সাজিলে, আৰু পৃথিৱীৰ ওপৰত নিজৰ চন্দ্ৰতাপৰ দৰে আকাশ স্থাপন কৰিলে। তেওঁ সমুদ্ৰৰ জলক আহ্বান কৰি ভুমিৰ ওপৰত ঢালি দিয়ে। যি জনাই এই সকলো কৰে, তেওঁৰ নাম যিহোৱা।
El edificó en el cielo sus gradas, y ha establecido su expansión sobre la tierra: él llama las aguas de la mar, y sobre la haz de la tierra las derrama: Jehová es su nombre.
7 ৭ যিহোৱাই কৈছে, “হে ইস্ৰায়েলৰ লোকসকল, তোমালোক জানো মোৰ ওচৰত কুচীয়া লোকসকলৰ নিচিনা নোহোৱা? মই জানো মিচৰ দেশৰ পৰা ইস্ৰায়েলক, কপ্তোৰৰ পৰা পলেষ্টীয়াসকলক আৰু কীৰৰ পৰা অৰামীয়াসকলক জানো উলিয়াই অনা নাই?
Hijos de Israel, ¿no me sois vosotros, dice Jehová, como hijos de Etiopes? ¿no hice yo subir á Israel de la tierra de Egipto, y á los Palestinos de Caphtor, y de Chîr á los Arameos?
8 ৮ চোৱা, প্ৰভু যিহোৱাৰ দৃষ্টি অৱশ্যেই এই পাপপূৰ্ণ ৰাজ্যৰ ওপৰত আছে। পৃথিৱীৰ পৰা মই তাক উচ্ছন্ন কৰিম। তথাপিও মই যাকোবৰ বংশক সম্পূর্ণকৈ ধ্বংস নকৰিম।
He aquí los ojos del Señor Jehová están contra el reino pecador, y yo lo asolaré de la haz de la tierra: mas no destruiré del todo la casa de Jacob, dice Jehová.
9 ৯ মই এক আজ্ঞা দিম, চালনীত যেনেকৈ শস্য চলা হয়, তেনেকৈ সকলো জাতিৰ মাজত মই ইস্রায়েল বংশক চালিম; কিন্তু শস্যৰ এটা ধানো মাটিত নপৰিব।
Porque he aquí yo mandaré, y haré que la casa de Israel sea zarandeada entre todas las gentes, como se zarandea [el grano] en un harnero, y no cae un granito en la tierra.
10 ১০ মোৰ প্রজাসকলৰ সকলো পাপীলোকে কয়, “অমঙ্গলে আমাক ঢুকি নাপাব নাইবা আমাৰ ওচৰলৈ নাহিব; তেওঁলোক সকলোৰে মৃত্যু তৰোৱালৰ দ্বাৰাই হ’ব।
A cuchillo morirán todos los pecadores de mi pueblo, que dicen: No se acercará, ni nos alcanzará el mal.
11 ১১ যিহোৱাই কৈছে, “সেই দিনা মই দায়ুদৰ পৰি যোৱা পঁজাটো পুনৰায় তুলিম; মই তাৰ ভাঙি যোৱা ফাটবোৰ মেৰামতি কৰিম, ধ্বংসস্থানবোৰ ঠিক কৰিম, তাক আগৰ নিচিনাকৈ পুনৰায় গঢ়িম;
En aquel día yo levantaré el tabernáculo de David, caído, y cerraré sus portillos, y levantaré sus ruinas, y edificarélo como en el tiempo pasado;
12 ১২ যাতে ইস্রায়েলে ইদোমৰ বাকী অংশ আৰু মোৰ নামেৰে প্ৰখ্যাত হোৱা সকলো জাতিবোৰৰ দেশ অধিকাৰ কৰিব পাৰে।” যি জনে এই সকলো কার্য কৰে, সেই জন ঈশ্বৰ যিহোৱাই এই কথা ঘোষণা কৰিছে।
Para que aquellos sobre los cuales es llamado mi nombre, posean el resto de Idumea, y á todas las naciones, dice Jehová que hace esto.
13 ১৩ যিহোৱাই পুনৰ কৈছে, “চোৱা, সেই দিনবোৰ নিশ্চয়ে আহিব, যেতিয়া হালোৱাই শস্য দোৱাজনক অতিক্রম কৰি আগবাঢ়িব; দ্রাক্ষাগুটি গচকাজনে গুটি বোৱাজনক লগ ধৰি অতিক্রম কৰি যাব; পৰ্ব্বতবোৰৰ পৰা মিঠা দ্ৰাক্ষাৰস জৰি জৰি পৰিব, আৰু সেইবোৰে সকলো উপ-পৰ্ব্বতবোৰক ধুই লৈ যাব।
He aquí vienen días, dice Jehová, en que el que ara alcanzará al segador, y el pisador de las uvas al que lleva la simiente; y los montes destilarán mosto, y todos los collados se derretirán.
14 ১৪ বন্দী অৱস্থাত থকা মোৰ লোক ইস্ৰায়েলীয়াসকলক মই পুনৰ ঘূৰাই আনিম; তেওঁলোকৰ ধ্বংস হোৱা নগৰবোৰ পুনৰায় সাজিব আৰু সেইবোৰত বাস কৰিব; তেওঁলোকে আঙুৰ খেতি কৰি দ্রাক্ষাৰস পান কৰিব; তেওঁলোকে বাৰী পাতি তাৰ ফল ভোগ কৰিব;
Y tornaré el cautiverio de mi pueblo Israel, y edificarán ellos las ciudades asoladas, y las habitarán; y plantarán viñas, y beberán el vino de ellas; y harán huertos, y comerán el fruto de ellos.
15 ১৫ মই ইস্রায়েলীয়া সকলক তেওঁলোকৰ দেশত ৰুম, যি দেশ মই তেওঁলোকক দিছোঁ, তাৰ পৰা তেওঁলোকক কেতিয়াও পুনৰ উঘলা নহব।” এই কথা তোমালোকৰ ঈশ্বৰ যিহোৱাই কৈছে।
Pues los plantaré sobre su tierra, y nunca más serán arrancados de su tierra que yo les dí, ha dicho Jehová Dios tuyo.