< আমোস 8 >

1 প্ৰভু যিহোৱাই, মোক পুনৰ এটা দর্শন দেখুৱালে: তেওঁ মোক এপাচি পকা ফল দেখুৱালে।
כה הראני אדני יהוה והנה כלוב קיץ׃
2 তেওঁ ক’লে, “আমোচ তুমি কি দেখা পাইছা?” মই কলোঁ, “এপাচি পকা ফল।” তেতিয়া যিহোৱাই মোক ক’লে, “মোৰ প্ৰজা ইস্ৰায়েলৰ শেষ সময় উপস্থিত হৈছে: মই তেওঁলোকক কেতিয়াও পুনৰ ক্ষমা নকৰিম।
ויאמר מה אתה ראה עמוס ואמר כלוב קיץ ויאמר יהוה אלי בא הקץ אל עמי ישראל לא אוסיף עוד עבור לו׃
3 প্ৰভু যিহোৱাই কৈছে, “সেইদিনা ৰাজকীয়-মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হ’ব; মৰা-শৱ অনেক হ’ব; সেইবোৰ নীৰৱে পেলোৱা হ’ব। “মনে মনে থাকা!”
והילילו שירות היכל ביום ההוא נאם אדני יהוה רב הפגר בכל מקום השליך הס׃
4 তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা।
שמעו זאת השאפים אביון ולשבית ענוי ארץ׃
5 তোমালোকে কোৱা যে, “ন-জোনৰ উৎসৱ কেতিয়া শেষ হ’ব? “আমি পুনৰ শস্য বিক্রী কৰিবৰ বাবে, বিশ্ৰাম-দিন কেতিয়া শেষ হ’ব? আমি বজাৰত ঘেহুঁ বিক্রী কৰিবৰ বাবে, আমি ঐফা সৰু কৰিম, চেকেল বঢ়াম, আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম।
לאמר מתי יעבר החדש ונשבירה שבר והשבת ונפתחה בר להקטין איפה ולהגדיל שקל ולעות מאזני מרמה׃
6 ৰূপৰ বিনিময়ত দৰিদ্রক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল’ম। সাৰি পেলাই দিয়া ঘেহুঁ বিক্রী কৰিম।”
לקנות בכסף דלים ואביון בעבור נעלים ומפל בר נשביר׃
7 যাকোবৰ গৌৰৱৰ নামেৰে যিহোৱাই শপত খাই কৈছে, “মই নিশ্চয়ে তেওঁলোকে যি কাৰ্যবোৰ কৰিছে, তাৰ এটিকো কেতিয়াও নাপাহৰিম।”
נשבע יהוה בגאון יעקב אם אשכח לנצח כל מעשיהם׃
8 ইয়াৰ বাবে জানো দেশ নকঁপিব? তাৰ মাজত বাস কৰা সকলোৱে জানো বিলাপ নকৰিব? গোটেই দেশখন নীল নদীৰ বন্যাৰ দৰে ওফন্দি উঠিব, অশান্ত হ’ব আৰু পুনৰ নামি যাব, ঠিক মিচৰৰ নদীখনৰ নিচিনাই হ’ব।
העל זאת לא תרגז הארץ ואבל כל יושב בה ועלתה כאר כלה ונגרשה ונשקה כיאור מצרים׃
9 প্ৰভু যিহোৱাই এই কথা কৈছে: “সেই দিনা মই দুপৰীয়াতে সূৰ্যক অস্ত যাবলৈ দিম, দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম।
והיה ביום ההוא נאם אדני יהוה והבאתי השמש בצהרים והחשכתי לארץ ביום אור׃
10 ১০ মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম; তোমালোক সকলোৰে কঁকালত শোকবস্ত্রৰ চট পিন্ধাম, প্ৰত্যেকৰ মূৰ টকলা হ’ব; একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম, আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব।
והפכתי חגיכם לאבל וכל שיריכם לקינה והעליתי על כל מתנים שק ועל כל ראש קרחה ושמתיה כאבל יחיד ואחריתה כיום מר׃
11 ১১ প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, এনে দিন আহিছে, যেতিয়া মই দেশৰ মাজলৈ দুর্ভিক্ষ পঠাম; লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা পানীৰ বাবে তৃষ্ণাতুৰ নহ’ব। কিন্তু যিহোৱাৰ বাক্য শুনাৰ বাবে আকাল হ’ব।
הנה ימים באים נאם אדני יהוה והשלחתי רעב בארץ לא רעב ללחם ולא צמא למים כי אם לשמע את דברי יהוה׃
12 ১২ লোকসকলে যিহোৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে আৰু উত্তৰৰ পৰা পূবলৈকে ভ্ৰমণ কৰি ইফালে সিফালে ঘূৰি ফুৰিব। কিন্তু তাক নাপাব।
ונעו מים עד ים ומצפון ועד מזרח ישוטטו לבקש את דבר יהוה ולא ימצאו׃
13 ১৩ সেই সময়ত সুন্দৰী যুৱতী আৰু সুন্দৰ যুৱকসকল পিয়াহত মূর্চ্ছা যাব।
ביום ההוא תתעלפנה הבתולת היפות והבחורים בצמא׃
14 ১৪ যিসকলে চমৰিয়াৰ পাপৰ শপত খাই কয়, ‘হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত’ নাইবা কয়, ‘বেৰ-চেবাৰ দেৱতাৰ শপত’ তেওঁলোক পতিত হ’ব; পুনৰায় কেতিয়াও নুঠিব।
הנשבעים באשמת שמרון ואמרו חי אלהיך דן וחי דרך באר שבע ונפלו ולא יקומו עוד׃

< আমোস 8 >