< আমোস 8 >
1 ১ প্ৰভু যিহোৱাই, মোক পুনৰ এটা দর্শন দেখুৱালে: তেওঁ মোক এপাচি পকা ফল দেখুৱালে।
Zimene Ambuye Yehova anandionetsa ndi izi: dengu la zipatso zakupsa.
2 ২ তেওঁ ক’লে, “আমোচ তুমি কি দেখা পাইছা?” মই কলোঁ, “এপাচি পকা ফল।” তেতিয়া যিহোৱাই মোক ক’লে, “মোৰ প্ৰজা ইস্ৰায়েলৰ শেষ সময় উপস্থিত হৈছে: মই তেওঁলোকক কেতিয়াও পুনৰ ক্ষমা নকৰিম।
Iye anandifunsa kuti, “Amosi nʼchiyani ukuona?” Ine ndinayankha kuti, “Dengu la zipatso zakupsa.” Ndipo Yehova anati kwa ine, “Nthawi yachimaliziro yawakwanira anthu anga Aisraeli; sindidzawakhululukiranso.
3 ৩ প্ৰভু যিহোৱাই কৈছে, “সেইদিনা ৰাজকীয়-মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হ’ব; মৰা-শৱ অনেক হ’ব; সেইবোৰ নীৰৱে পেলোৱা হ’ব। “মনে মনে থাকা!”
“Tsiku limenelo,” Ambuye Yehova akulengeza kuti, “Nyimbo za mʼNyumba ya Mulungu zidzasanduka kulira kofuwula. Mitembo ya anthu idzachuluka, ndipo adzayiponya ponseponse! Kudzangoti zii!”
4 ৪ তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা।
Imvani izi, inu amene mumapondereza anthu osowa ndipo simulabadira anthu osauka a mʼdzikomu.
5 ৫ তোমালোকে কোৱা যে, “ন-জোনৰ উৎসৱ কেতিয়া শেষ হ’ব? “আমি পুনৰ শস্য বিক্রী কৰিবৰ বাবে, বিশ্ৰাম-দিন কেতিয়া শেষ হ’ব? আমি বজাৰত ঘেহুঁ বিক্রী কৰিবৰ বাবে, আমি ঐফা সৰু কৰিম, চেকেল বঢ়াম, আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম।
Mumanena kuti, “Kodi chikondwerero cha mwezi watsopano chidzatha liti kuti tigulitse zinthu? Ndipo tsiku la Sabata litha liti kuti tigulitse tirigu, kuti tichepetse miyeso, kukweza mitengo kuti tibere anthu ndi miyeso ya chinyengo,
6 ৬ ৰূপৰ বিনিময়ত দৰিদ্রক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল’ম। সাৰি পেলাই দিয়া ঘেহুঁ বিক্রী কৰিম।”
tigule osauka ndi ndalama zasiliva ndi osowa powapatsa nsapato, tigulitse ngakhale mungu wa tirigu?”
7 ৭ যাকোবৰ গৌৰৱৰ নামেৰে যিহোৱাই শপত খাই কৈছে, “মই নিশ্চয়ে তেওঁলোকে যি কাৰ্যবোৰ কৰিছে, তাৰ এটিকো কেতিয়াও নাপাহৰিম।”
Yehova amene Yakobo amamunyadira, walumbira kuti: Ine sindidzayiwala chilichonse chimene anachita.
8 ৮ ইয়াৰ বাবে জানো দেশ নকঁপিব? তাৰ মাজত বাস কৰা সকলোৱে জানো বিলাপ নকৰিব? গোটেই দেশখন নীল নদীৰ বন্যাৰ দৰে ওফন্দি উঠিব, অশান্ত হ’ব আৰু পুনৰ নামি যাব, ঠিক মিচৰৰ নদীখনৰ নিচিনাই হ’ব।
“Kodi dziko silidzagwedezeka chifukwa cha zimenezi, ndi onse okhala mʼmenemo kulira mwachisoni? Dziko lonse lidzavunduka ngati mtsinje wa Nailo; lidzagwedezeka kenaka nʼkukhala bata ngati mtsinje wa ku Igupto.
9 ৯ প্ৰভু যিহোৱাই এই কথা কৈছে: “সেই দিনা মই দুপৰীয়াতে সূৰ্যক অস্ত যাবলৈ দিম, দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম।
“Tsiku limenelo,” Ambuye Yehova akunena kuti, “Ndidzadetsa dzuwa masana ndi kugwetsa mdima pa dziko lapansi dzuwa likuswa mtengo.
10 ১০ মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম; তোমালোক সকলোৰে কঁকালত শোকবস্ত্রৰ চট পিন্ধাম, প্ৰত্যেকৰ মূৰ টকলা হ’ব; একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম, আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব।
Maphwando anu achipembedzo ndidzawasandutsa kulira kwa chisoni ndipo kuyimba kwanu konse ndidzakusandutsa maliro. Ndidzakuvekani chiguduli nonsenu ndi kumeta mipala mitu yanu. Nthawi imeneyo idzakhala ngati yolira mwana wamwamuna mmodzi yekhayo, ndipo tsikulo lidzakhala lowawa mpaka kutha kwake.
11 ১১ প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, এনে দিন আহিছে, যেতিয়া মই দেশৰ মাজলৈ দুর্ভিক্ষ পঠাম; লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা পানীৰ বাবে তৃষ্ণাতুৰ নহ’ব। কিন্তু যিহোৱাৰ বাক্য শুনাৰ বাবে আকাল হ’ব।
“Nthawi ikubwera,” Ambuye Yehova akunena kuti, “Ndidzagwetsa njala mʼdziko lonse; osati njala ya chakudya kapena ludzu la madzi, koma njala yofuna kumva mawu a Yehova.
12 ১২ লোকসকলে যিহোৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে আৰু উত্তৰৰ পৰা পূবলৈকে ভ্ৰমণ কৰি ইফালে সিফালে ঘূৰি ফুৰিব। কিন্তু তাক নাপাব।
Anthu azidzangoyendayenda kuchoka ku nyanja ina kupita ku nyanja ina. Azidzangoyendayenda kuchoka kumpoto kupita kummawa, kufunafuna mawu a Yehova, koma sadzawapeza.
13 ১৩ সেই সময়ত সুন্দৰী যুৱতী আৰু সুন্দৰ যুৱকসকল পিয়াহত মূর্চ্ছা যাব।
“Tsiku limenelo “anamwali okongola ndi anyamata amphamvu adzakomoka ndi ludzu.
14 ১৪ যিসকলে চমৰিয়াৰ পাপৰ শপত খাই কয়, ‘হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত’ নাইবা কয়, ‘বেৰ-চেবাৰ দেৱতাৰ শপত’ তেওঁলোক পতিত হ’ব; পুনৰায় কেতিয়াও নুঠিব।
Onse amene amalumbira pa tchimo la Samariya, kapena kumanena kuti, ‘Iwe Dani, pali mulungu wako wamoyo,’ kapena, ‘Pali mulungu wamoyo wa ku Beeriseba.’ Iwowo adzagwa ndipo sadzadzukanso.”