< আমোস 6 >

1 ধিক তোমালোক! তোমালোক যিসকল চিয়োনত নিচিন্তভাৱে আছা আৰু চমৰিয়া পাহাৰত নিৰাপদে বাস কৰি আছা, যি সকলৰ ওচৰলৈ ইস্রায়েল বংশৰ সকলো লোক সহায়ৰ বাবে আহে, তোমালোক জাতিবোৰৰ প্রধানসকলৰ মাজত প্রসিদ্ধ লোক।
Nnome nka mo a mogye mo ho die wɔ Sion, ne mo a mo asom adwo mo wɔ Samaria bepɔ so, mo atitire a mowɔ ɔman dikanfoɔ mu, a Israelfoɔ ba mo nkyɛn!
2 তোমালোকে কলনিলৈ গৈ চোৱা; তাৰ পৰা হমাতলৈ যোৱা, তাৰ পাছত পলেষ্টীয়া লোকসকলৰ গাত নগৰলৈ নামি যোৱা; সেই ৰাজ্যবোৰতকৈ তোমালোকৰ এই দুই ৰাজ্য উত্তম নে? তোমালোকৰ সীমা, সেইবোৰৰ সীমাতকৈ ডাঙৰ নে?
Monkɔ Kalne, nkɔhwɛ hɔ. Na momfiri hɔ nkɔ Hamat kɛseɛ mu, monsiane nkɔ Gat a ɛwɔ Filistia. Wɔyɛ sene mo ahemman mmienu no? Wɔn asase no so sene mo deɛ no anaa?
3 তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্বক ওচৰ চপাই আনিলা।
Motu ɛda bɔne hyɛ ɛda na motwe Atemmuo da bɛn.
4 যিসকলে হাতীদাঁতৰ পালেঙত শয়ন কৰে আৰু তেওঁলোকৰ শয্যাত আৰামেৰে দীঘল দি পৰে, জাকৰ পৰা মেৰ-ছাগ পোৱালি আৰু গোহালিৰ পৰা দামুৰি ভোজন কৰে;
Modeda asonse mpa so mogye mo ahome wɔ mo nnaeɛ mu, na mowe nnwammaa ne anantwie mma a wɔadɔre sradeɛ nam.
5 যিসকলে বীণা বাদ্যেৰে অসাৰ্থক গীত গায়, দায়ুদৰ নিচিনাকৈ বাদ্য-যন্ত্ৰত গীত ৰচনা কৰে,
Mode mo sankuten to ahuhudwom, na mobɔ mo tirim yɛ nnwom wɔ mo nnwontodeɛ so te sɛ Dawid.
6 যিসকলে পাত্রবোৰৰ পৰা দ্ৰাক্ষাৰস পান কৰে আৰু উত্তম সুগন্ধি তেলেৰে সৈতে নিজকে অভিষেক কৰে, কিন্তু যোচেফৰ বিনষ্টৰ কাৰণে তেওঁলোকে দুখ নকৰে!
Monom nsã nkorama mu na mode sradehwam papa yɛ mo ho, na monni awerɛhoɔ wɔ Yosef sɛeɛ ho.
7 গতিকে বন্দী হৈ অন্য দেশলৈ যাব লগা সকলৰ মাজত এইসকলেই প্রথমে দেশান্তৰিত হ’ব; তেতিয়া ভোগবিলাসত আৰামেৰে থকাসকলৰ চিঞৰ-বাখৰ নাইকিয়া হ’ব।
Ɛno enti, mobɛka atukɔfoɔ a wɔdi ɛkan no ho; na mo apontoɔ ne mo ahomegyeɛ to bɛtwa.
8 বাহিনীসকলৰ ঈশ্বৰ প্ৰভু যিহোৱাই নিজৰ নামেৰে শপত খাই কৈছে: “মই যাকোবৰ অহংকাৰ আৰু তেওঁৰ দূর্গবোৰ ঘিণ কৰোঁ; সেই বাবে মই নগৰখন আৰু তাত থকা সকলোবোৰ আনৰ হাতত সমৰ্পণ কৰিম।”
Otumfoɔ Awurade aka ne ho ntam na deɛ Asafo Awurade Onyankopɔn seɛ nie: “Mekyiri Yakob ahomasoɔ na memmpɛ nʼaban; mede kuropɔn no bɛma ɛne deɛ ɛwɔ mu nyinaa.”
9 তাতে এটা ঘৰত দহজন লোক জীয়াই থাকিলেও, তেওঁলোকৰ মৃত্যু হ’ব।
Sɛ wogya nnipa edu wɔ efie baako mu a, wɔn nso bɛwuwu.
10 ১০ যেতিয়া কোনোবাজনৰ আত্মীয়ই মৃতদেহ দাহ কৰিবৰ কাৰণে শৱটো ঘৰৰ পৰা বাহিৰলৈ দাঙি লবলৈ আহিব আৰু তেওঁ ঘৰৰ একেবাৰে ভিতৰত থকা কাৰোবাক “তোমাৰ লগত আন কোনোবা আছে নেকি” বুলি জানিবলৈ সুধিব; তেতিয়া তেওঁ ক’ব, “নাই।” তাতে সেই আত্মীয়ই ক’ব, “মনে মনে থাকা! আমি যিহোৱাৰ নাম উল্লেখ কৰিব নাপায়।”
Na sɛ obusuani a ɔrebɛhye awufoɔ no ba sɛ ɔrebɛfa wɔn afiri efie hɔ na ɔbisa obi a wakɔtɛ sɛ, “Obi ka wo ho anaa?” Na ɔbuaa sɛ, “Dabi” a, afei ɔbɛka sɛ, “Mua wʼano!” Ɛnsɛ sɛ wɔbɔ Awurade din.
11 ১১ কিয়নো চোৱা, যিহোৱাই আজ্ঞা দিব, ডাঙৰ ডাঙৰ ঘৰ ভাঙি চূৰমাৰ হ’ব আৰু সৰু সৰু ঘৰ টুকুৰা-টুকুৰ কৰা হ’ব।
Na Awurade ahyɛ mmara na ɔbɛbubu afie akɛseɛ no mu asinasini ne afie nketewa no nso mu nketenkete.
12 ১২ ঘোঁৰাবোৰে জানো খলাবমা শিলনিত লৰ মাৰিব পাৰে? কোনোৱে জানো তাত বলদেৰে হাল বাব পাৰে? কিন্তু তোমালোকে ন্যায়বিচাৰক বিহলৈ পৰিণত কৰিলা আৰু ধাৰ্মিকতাৰ ফলক তিতা ফাললৈ পৰিবৰ্ত্তন কৰিলা।
Apɔnkɔ tu mmirika wɔ abotan a apaapae so anaa? Na obi de nantwie funtum hɔ anaa? Nanso, moadane atɛntenenee ayɛ no awuduro. Na tenenee nso ayɛ nwononwono.
13 ১৩ তোমালোকে লো-দেবাৰত ব্যর্থ আনন্দ কৰিছা; তোমালোকে কোৱা, “আমি জানো নিজৰ শক্তিৰে কার্নয়িম অধিকাৰ কৰা নাই?”
Mo a moani gye Lo-debar nkoguo ho, na mobisa sɛ, “Ɛnyɛ yɛn ahoɔden na yɛde dii Karnaim so anaa?”
14 ১৪ বাহিনীসকলৰ যিহোৱাই কৈছে, “হে ইস্ৰায়েল-বংশ, চোৱা মই তোমালোকৰ বিৰুদ্ধে এক জাতিক উঠাম; সেই জাতিয়ে লিবো হমাতৰ পৰা অৰাবাৰ উপত্যকা পর্যন্ত তোমালোকৰ ওপৰত উপদ্রৱ কৰিব।”
Deɛ Asafo Awurade Onyankopɔn seɛ nie: “Mɛhwanyan ɔman bi abɛtia mo, Ao Israelfoɔ, deɛ ɔbɛhyɛ mo so firi Lebo Hamat akɔsi Araba bɔnhwa mu.”

< আমোস 6 >