< আমোস 6 >
1 ১ ধিক তোমালোক! তোমালোক যিসকল চিয়োনত নিচিন্তভাৱে আছা আৰু চমৰিয়া পাহাৰত নিৰাপদে বাস কৰি আছা, যি সকলৰ ওচৰলৈ ইস্রায়েল বংশৰ সকলো লোক সহায়ৰ বাবে আহে, তোমালোক জাতিবোৰৰ প্রধানসকলৰ মাজত প্রসিদ্ধ লোক।
Woe to them that dwell at ease in Zion; That feel secure upon the mountain of Samaria; The honorable men of the chief of the nations, To whom the house of Israel resort!
2 ২ তোমালোকে কলনিলৈ গৈ চোৱা; তাৰ পৰা হমাতলৈ যোৱা, তাৰ পাছত পলেষ্টীয়া লোকসকলৰ গাত নগৰলৈ নামি যোৱা; সেই ৰাজ্যবোৰতকৈ তোমালোকৰ এই দুই ৰাজ্য উত্তম নে? তোমালোকৰ সীমা, সেইবোৰৰ সীমাতকৈ ডাঙৰ নে?
Pass over to Calneh, and see; And thence go to great Hamath; Then go down to Gath of the Philistines: Are they better than these kingdoms, Or is their border greater than your border?
3 ৩ তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্বক ওচৰ চপাই আনিলা।
Woe to them, that put far away the day of evil, And bring near the seat of oppression;
4 ৪ যিসকলে হাতীদাঁতৰ পালেঙত শয়ন কৰে আৰু তেওঁলোকৰ শয্যাত আৰামেৰে দীঘল দি পৰে, জাকৰ পৰা মেৰ-ছাগ পোৱালি আৰু গোহালিৰ পৰা দামুৰি ভোজন কৰে;
That lie upon beds of ivory, And stretch themselves upon their couches; That eat lambs from the flock, And calves from the stall;
5 ৫ যিসকলে বীণা বাদ্যেৰে অসাৰ্থক গীত গায়, দায়ুদৰ নিচিনাকৈ বাদ্য-যন্ত্ৰত গীত ৰচনা কৰে,
That chant to the sound of the harp, And invent for themselves instruments of music, like David;
6 ৬ যিসকলে পাত্রবোৰৰ পৰা দ্ৰাক্ষাৰস পান কৰে আৰু উত্তম সুগন্ধি তেলেৰে সৈতে নিজকে অভিষেক কৰে, কিন্তু যোচেফৰ বিনষ্টৰ কাৰণে তেওঁলোকে দুখ নকৰে!
That drink wine in bowls, And anoint themselves with the most precious perfumes, But grieve not for the destruction of Joseph!
7 ৭ গতিকে বন্দী হৈ অন্য দেশলৈ যাব লগা সকলৰ মাজত এইসকলেই প্রথমে দেশান্তৰিত হ’ব; তেতিয়া ভোগবিলাসত আৰামেৰে থকাসকলৰ চিঞৰ-বাখৰ নাইকিয়া হ’ব।
Therefore now shall they go captive at the head of the captives; Yea, the shouting of them that stretch themselves upon their couches shall cease.
8 ৮ বাহিনীসকলৰ ঈশ্বৰ প্ৰভু যিহোৱাই নিজৰ নামেৰে শপত খাই কৈছে: “মই যাকোবৰ অহংকাৰ আৰু তেওঁৰ দূর্গবোৰ ঘিণ কৰোঁ; সেই বাবে মই নগৰখন আৰু তাত থকা সকলোবোৰ আনৰ হাতত সমৰ্পণ কৰিম।”
The Lord Jehovah hath sworn by himself, Thus saith Jehovah, the God of hosts: I abhor the pride of Jacob, And I hate his palaces; I will give up the city, and all that is therein.
9 ৯ তাতে এটা ঘৰত দহজন লোক জীয়াই থাকিলেও, তেওঁলোকৰ মৃত্যু হ’ব।
And if ten men remain in one house, These also shall die.
10 ১০ যেতিয়া কোনোবাজনৰ আত্মীয়ই মৃতদেহ দাহ কৰিবৰ কাৰণে শৱটো ঘৰৰ পৰা বাহিৰলৈ দাঙি লবলৈ আহিব আৰু তেওঁ ঘৰৰ একেবাৰে ভিতৰত থকা কাৰোবাক “তোমাৰ লগত আন কোনোবা আছে নেকি” বুলি জানিবলৈ সুধিব; তেতিয়া তেওঁ ক’ব, “নাই।” তাতে সেই আত্মীয়ই ক’ব, “মনে মনে থাকা! আমি যিহোৱাৰ নাম উল্লেখ কৰিব নাপায়।”
A man's relative, or a burner of the dead, shall take him up, To carry his bones out of the house, And he shall say to him that is in the innermost part of the house, Is there yet any one with thee? And he shall answer, No one! Then shall he say, Keep silence! For we may not make mention of the name of Jehovah.
11 ১১ কিয়নো চোৱা, যিহোৱাই আজ্ঞা দিব, ডাঙৰ ডাঙৰ ঘৰ ভাঙি চূৰমাৰ হ’ব আৰু সৰু সৰু ঘৰ টুকুৰা-টুকুৰ কৰা হ’ব।
For behold Jehovah hath commanded, And he will smite the great house with breaches, And the small house with clefts.
12 ১২ ঘোঁৰাবোৰে জানো খলাবমা শিলনিত লৰ মাৰিব পাৰে? কোনোৱে জানো তাত বলদেৰে হাল বাব পাৰে? কিন্তু তোমালোকে ন্যায়বিচাৰক বিহলৈ পৰিণত কৰিলা আৰু ধাৰ্মিকতাৰ ফলক তিতা ফাললৈ পৰিবৰ্ত্তন কৰিলা।
Shall horses run upon rocks, Or will one plough rocks with oxen, That ye change justice into hemlock, And the fruit of equity into wormwood,
13 ১৩ তোমালোকে লো-দেবাৰত ব্যর্থ আনন্দ কৰিছা; তোমালোকে কোৱা, “আমি জানো নিজৰ শক্তিৰে কার্নয়িম অধিকাৰ কৰা নাই?”
Ye that rejoice in a thing of naught, And say, Have we not acquired dominion by our own strength?
14 ১৪ বাহিনীসকলৰ যিহোৱাই কৈছে, “হে ইস্ৰায়েল-বংশ, চোৱা মই তোমালোকৰ বিৰুদ্ধে এক জাতিক উঠাম; সেই জাতিয়ে লিবো হমাতৰ পৰা অৰাবাৰ উপত্যকা পর্যন্ত তোমালোকৰ ওপৰত উপদ্রৱ কৰিব।”
Behold, O house of Israel, saith Jehovah, the God of hosts, I will raise against you a nation, That shall oppress you from Hamath Even to the brook of the desert.