< আমোস 5 >
1 ১ হে ইস্ৰায়েল-বংশ; মই তোমালোকৰ যি বিষয় লৈ বিলাপ কৰিছোঁ, সেই বিষয়ে তোমালোকে শুনা।
Sikilizeni hili neno ambalo nisemalo kama maombelezo juu yenu, nyumba ya Israeli.
2 ২ “কুমাৰী ইস্ৰায়েল পতিত হ’ল, তেওঁ পুনৰ নুঠিব; তেওঁক নিজৰ দেশৰ মাটিত পৰিত্যক্তা কৰি পেলাই থোৱা হৈছে, তেওঁক তুলিবলৈ কোনো নাই।”
Bikira wa Israeli ameanguka; hatoinuka tena; ametoroka kwenye nchi yake, hakuna mtu wa kumwinua.
3 ৩ কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “ইস্রায়েলৰ যি নগৰৰ পৰা এক হাজাৰ সৈন্য ওলাই যায়, তাৰে এশজন জীয়াই থাকিব আৰু যি নগৰৰ পৰা এশজন লোক ওলাই যায়, তাৰ মাত্র দহ জন ইস্ৰায়েল-বংশলৈ অৱশিষ্ট থাকিব।”
Kwa kuwa hivi ndivyo Yahwe asemavyo: “Mji ambao umetoka nje kwa elfu watabaki mia, na walioenda nje mia watabaki kumi wa mali ya nyumba ya Israeli.”
4 ৪ যিহোৱাই ইস্ৰায়েল-বংশক এই কথা কৈছে, “তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা;
Kwa kuwa hivi ndivyo Yahwe asemavyo kwa nyumba ya Israeli: “Nitafuteni na mtaishi!
5 ৫ কিন্তু বৈৎএলক বিচাৰি নাযাব; গিলগলত নোসোমাবা, আৰু বেৰ-চেবালৈ নাযাবা; কিয়নো গিলগল অৱশ্যেই বন্দী হ’ব, আৰু বৈৎ-এলৰ সর্বনাশ হ’ব।
Msimtafute Betheli; wala kuingia Gilgali; msisafiri kwenda Bersheba. Kwa kuwa Gilgali watakwenda utumwani hakika, na Betheli haitakuwa kitu.
6 ৬ তোমালোকে যিহোৱাক বিচাৰা, তাতে জীয়াই থাকিবা; নহলে তেওঁ যোচেফৰ বংশৰ মাজত অগ্নিৰ দৰে জ্বলি উঠি গ্রাস কৰিব আৰু তাক নুমাবলৈ বৈৎএলত কোনো নাথাকিব।
Mtafuteni Yahwe mtaishi, au atawaka kama moto kwenye nyumba ya Yusufu. Utateketeza, na hakutakuwa na mtu hata mmoja kuuzima katika Betheli.
7 ৭ তোমালোকে সুবিচাৰক তিতালৈ পৰিণত কৰিছা আৰু ধার্মিকতাক ভূমিস্যাৎ কৰিছা।
Wale watu wageuzao haki kuwa jambo chungu na kuiangusha haki chini!”
8 ৮ যি জনাই কৃত্তিকা আৰু মৃগশীৰ্ষ কালপুৰুষ নামৰ নক্ষত্র মণ্ডলীক নির্মাণ কৰিলে, অন্ধকাৰক পুৱাৰ পোহৰলৈ পৰিবৰ্তন কৰে, দিনক ৰাতিলৈ সলনি কৰে, যি জনাই সাগৰৰ জল সমূহক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে, তেওঁৰ নাম যিহোৱা!
Mungu aliiumba Pleidezi na Orioni; amebadilisha giza kuwa asubuhu; hufanya siku kuwa giza na usiku na kuita maji ya bahari; yeye huyamwaga juu ya uso wa dunia. Yahwe ndilo jina lake!
9 ৯ তেওঁ শক্তিশালী সৈন্যবোৰৰ ওপৰত হঠাৎ বিনাশ উপস্থিত কৰায়, তাতে দুৰ্গবোৰৰ ওপৰলৈ ধ্বংস নামি আঁহে।
Yeye huleta uharibifu wa ghafla juu ya waliohodari ili kwamba uharibifu uje juu ya ngome.
10 ১০ নগৰৰ দুৱাৰত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাজনক, তোমালোকে ঘিণ কৰা আৰু সত্য কথা কোৱা জনক তুচ্ছ কৰা।
Wanamchukia kila awasahihishaye katika lango la mji, nao humchukia sana yeyote asemaye ukweli.
11 ১১ তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা।
Kwa sababu mnamkanyaga chini maskini na kuchukua sehemu ya ngano kutoka kwake- ingawa mmejenga nyumba za mawe yaliyochongwa, hamtaishi kwenye nyumba hizo. Mmependezwa na mashamba ya mizabibu, lakini hamtakunywa mvinyo wake.
12 ১২ কিয়নো, মই জানো তোমালোকৰ অপৰাধ কিমান অধিক আৰু তোমালোকৰ পাপবোৰ কিমান ভীষণ! তোমালোকে সৎ লোকৰ ওপৰত উপদ্রৱ কৰা আৰু ভেটী লোৱা; নগৰৰ দুৱাৰত তোমালোকে দৰিদ্ৰসকলৰ প্রতি অন্যায় কৰিছা।
Kwa kuwa najua ni jinsi gani mlivyo na makosa mengi na jinsi dhambi zenu zilivyo kubwa- ninyi mnaowaonea wenye haki, chukueni rushwa, na kuwageuza wahitaji kwenye lango la mji.
13 ১৩ সেই বাবে এই, এই সময়ত বিজ্ঞ লোক মনে মনে থাকে; কিয়নো ই এক দু: সময়।
Kwa hiyo kila mtu mwenye busara atanyamaza kimya kwenye wakati kama huo, kwa kuwa ni wakati wa uovu.
14 ১৪ তোমালোকে যাতে জীয়াই থাকিব পাৰা, সেইবাবে ভাল কামৰ পিছত যোৱা, বেয়া কামৰ পিছত নহয়। তেতিয়া তোমালোকে কোৱাৰ দৰে বাহিনীগণৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত থাকিব।
Tafuteni mazuri na sio mabaya, ili kwamba mpate kuishi. Hivyo Yahwe, Mungu wa majeshi, atakuwa na ninyi tayari, kama msemavyo yeye ndiye.
15 ১৫ যি মন্দ, তাক ঘিণ কৰা আৰু যি ভাল, তাক ভালপোৱা। নগৰৰ দুৱাৰত সুবিচাৰ স্থাপন কৰা; তেতিয়া কিজানি যোচেফৰ জীয়াই থকা অৱশিষ্ট লোকৰ প্রতি বাহিনীগণৰ ঈশ্বৰ যিহোৱাই দয়া কৰিব।
Chukieni uovu, imarisheni haki katika lango la mji. Huenda Yahwe, Mungu wa majeshi, atawafadhili mabaki ya Yusufu.
16 ১৬ সেইবাবে বাহিনীগণৰ ঈশ্বৰ প্ৰভু যিহোৱাই এই কথা কৈছে, “নগৰৰ চকবোৰত লোকে বিলাপ কৰিব, আলিবোৰত হায়! হায়! কৰিব; তেওঁলোকে খেতিয়কক শোক কৰিবলৈ, আৰু শোক কৰাসকলক বিলাপ কৰিবলৈ মাতিব।
Kwa hiyo, hivi ndivyo Yahwe asemavyo, Mungu wa majeshi, Bwana, “Kutakuwa na maombolezo kwenye miraba yote, na watasema kwenye mitaa yote, 'Ole! Ole!' Watawaita wakulima kuomboleza na walio hodari wa kulia na kuomboleza.
17 ১৭ সকলো দ্ৰাক্ষাবাৰীতে বিলাপ হ’ব, কিয়নো মই তোমালোকৰ মাজেদি যাম।” যিহোৱাই এই কথা কৈছে।
Katika mashamba yote ya mizabibu kutakuwa na kilio, kwa kuwa nitapita katikati yako,” asema Yahwe.
18 ১৮ তোমালোক যিসকলে প্ৰভুৰ বিচাৰৰ দিন চাবলৈ আকাংক্ষা কৰা, সেই লোকসকলক ধিক। তোমালোকে কিয় যিহোৱাৰ সোধবিচাৰৰ দিনলৈ আকাংক্ষা কৰা? সেই দিন অন্ধকাৰ, পোহৰ নহয়।
Ole wenu ninyi mnaoitamani siku ya Yahwe! Kwa nini mnaitamani? Itakuwa giza na sio nuru,
19 ১৯ যেনেদৰে কোনো মানুহ সিংহৰ মুখৰ পৰা পলাই গৈ এটা ভালুকৰ সন্মুখত পৰে, নাইবা নিজৰ ঘৰত সোমাই দেৱালত হাত দিওঁতে তেওঁক সাপে খুটে, তেনেদৰেই হ’ব সেইদিন।
kama wakati mtu anamkimbia simba na kukutana na dubu, au aliingia katika nyumba na kuweka mkono wake kwenye ukuta na kung'atwa na nyoka.
20 ২০ যিহোৱাৰ দিন জানো পোহৰ নহৈ অন্ধকাৰ নহ’ব? সেয়ে জানো উজ্জ্বলতা নথকা ঘোৰ অন্ধকাৰৰ দিন নহ’ব?
Je siku ya Yahwe itakuwa giza na sio nuru? Huzuni na sio furaha?
21 ২১ মই তোমালোকৰ পর্ববোৰ ঘিণ কৰোঁ, অগ্রাহ্য কৰোঁ; মই তোমালোকৰ ধৰ্ম-সভাবোৰত আনন্দ নকৰোঁ।
“Nachukia, nazidharau sikukuu zenu, naichukia mikutano yenu ya dini.
22 ২২ তোমালোকে মোৰ উদ্দেশ্যে তোমালোকৰ হোম-বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলেও মই সেইবোৰ গ্ৰহণ নকৰিম; এনেকি তোমালোকে যদি হৃষ্টপুষ্ট পশুৰে মঙ্গলার্থক বলিও দিয়া, তথাপিও মই তালৈ দৃষ্টি নকৰিম।
Hata kama mnanitolea sadaka ya kuteketeza na sadaka za unga, sintozipokea, wala kuzitazama kwenye sadaka za ushirika wa wanyama walionona.
23 ২৩ তোমালোকৰ গানৰ কোলাহল মোৰ পৰা দূৰ কৰা; মই তোমালোকৰ বীণাৰ শব্দ শুনিব নোখোজোঁ;
Niondoleeni kelele za nyimbo zenu; sintosikiliza sauti za vinubi vyenu.
24 ২৪ কিন্তু ন্যায়বিচাৰ পানীৰ নিচিনাকৈ আৰু ধাৰ্মিকতা অবিৰামে বৈ থকা নদীৰ নিচিনাকৈ বৈ যাওঁক।
Badala yake, acheni haki itiririke kama maji, na haki kama mkondo utiririkao siku zote.
25 ২৫ হে ইস্ৰায়েল-বংশ, মৰুপ্রান্তৰত চল্লিশ বছৰ তোমালোকে মোৰ উদ্দেশ্যে জানো কোনো বলি আৰু নৈবেদ্য আনিছিলা?
Je mmeniletea dhambihu na sadaka za kuteketeza jangwani kwa mda wa miaka arobaini?
26 ২৬ বৰং তোমালোকে নিজে নির্মাণ কৰা তোমালোকৰ ৰজা-দেৱতা চিক্কুত আৰু তৰা দেৱতা কিয়ুনৰ মূৰ্ত্তিক বৈ লৈ গৈছিলা।
Mtamwinua Sikuthi kama mfalme wenu, na Kiuni, nyota yenu ya miungu-ambayo mmeifanya kwa ajili yenu wenyewe.
27 ২৭ সেয়ে, মই তোমালোকক দম্মেচকৰ সিফালে বন্দী হিচাবে লৈ যাম।” মই বাহিনীগণৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যি জনৰ নাম বাহিনীগণৰ ঈশ্বৰ।”
Kwa hiyo nitawahamisha upande wa pili wa Damaskasi,” asema Yahwe, ambaye jina lake ni Mungu wa majeshi.