< আমোস 4 >
1 ১ হে চমৰিয়াৰ পৰ্বতত বাস কৰা বাচানৰ গাইৰ দৰে মহিলাসকল, তোমালোকে শুনা। তোমালোকে দুখীয়াক অত্যাচাৰ কৰা, অভাৱীসকলক চূৰ্ণ কৰা, আৰু নিজ নিজ স্বামীক কোৱা, “আমাৰ কাৰণে পানীয় আনা।”
Écoutez cette parole, génisses de Basan qui êtes sur la montagne de Samarie, Vous qui opprimez les misérables, qui écrasez les indigents, Et qui dites à vos maris: Apportez, et buvons!
2 ২ প্ৰভু যিহোৱাই নিজ পবিত্ৰতাৰ শপত খাই কৈছে: “চোৱা, সেই সময় নিশ্চয় আহিব, তেতিয়া হাকোঁতা লগাই তোমালোকক টানি লৈ যোৱা হ’ব। তোমালোকৰ শেষজনকো বৰশীৰে টানি নিয়া হ’ব।”
Le Seigneur, l’Éternel, l’a juré par sa sainteté: Voici, les jours viendront pour vous Où l’on vous enlèvera avec des crochets, Et votre postérité avec des hameçons;
3 ৩ তোমালোক প্ৰতিগৰাকীয়ে নিজৰ সন্মুখতে পোৱা নগৰৰ দেৱালৰ ভগ্নস্থানৰ মাজেদি পোনে পোনে বাহিৰ ওলাই যাবা আৰু তোমালোকক হৰ্মোন ফালে পেলোৱা হ’ব। মই যিহোৱাই এই কথা কৈছোঁ।
Vous sortirez par les brèches, chacune devant soi, Et vous serez jetées dans la forteresse, dit l’Éternel.
4 ৪ তোমালোক বৈৎএললৈ যোৱা আৰু পাপ কৰা; গিলগললৈ গৈ অধিক বেছি পাপ কৰা। তোমালোকে প্ৰতি ৰাতিপুৱা তোমালোকৰ উৎসর্গৰ বলি আৰু প্রতি তিনি দিনৰ দিনা তোমালোকৰ দশম ভাগ আনা।
Allez à Béthel, et péchez! Allez à Guilgal, et péchez davantage! Offrez vos sacrifices chaque matin, Et vos dîmes tous les trois jours!
5 ৫ তোমালোকে ধন্যবাদৰ অর্থে খমিৰ দিয়া পিঠা উৎসর্গ কৰা আৰু ইচ্ছাকৃতভাৱে দিয়া উৎসর্গৰ বিষয়ে প্ৰচাৰ কৰা; সেইবোৰৰ বিষয়ে ঘোষণা কৰা; কিয়নো, হে ইস্ৰায়েলৰ লোক সমূহ, তোমালোকে এই সকলো কৰিয়েই সন্তোষ পোৱা।” প্রভু যিহোৱাই এই কথা কৈছে।
Faites vos sacrifices d’actions de grâces avec du levain! Proclamez, publiez vos offrandes volontaires! Car c’est là ce que vous aimez, enfants d’Israël, Dit le Seigneur, l’Éternel.
6 ৬ “মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিস্কাৰ কৰি ৰাখিলোঁ আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ; তথাপি, তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
Et moi, je vous ai envoyé la famine dans toutes vos villes, Le manque de pain dans toutes vos demeures. Malgré cela, vous n’êtes pas revenus à moi, dit l’Éternel.
7 ৭ “শস্য দাবলৈ তিনি মাহ থাকোঁতেই মই তোমালোকৰ ওপৰত বৰষুণ পৰা বন্ধ কৰি দিলোঁ; এখন নগৰৰ ওপৰত বৰষুণ বৰষালোঁ আৰু আনখনত বৰষুণ বন্ধ কৰিলোঁ। এডোখৰ ভুমিয়ে বৰষুণ পালে আৰু আন এডোখৰে বৰষুণ নোপোৱাত শুকাই গ’ল।
Et moi, je vous ai refusé la pluie, Lorsqu’il y avait encore trois mois jusqu’à la moisson; J’ai fait pleuvoir sur une ville, Et je n’ai pas fait pleuvoir sur une autre ville; Un champ a reçu la pluie, Et un autre qui ne l’a pas reçue s’est desséché.
8 ৮ পানী খাবৰ কাৰণে দুই তিনিখন নগৰৰ লোকসকলে ঢলং পলং কৰি আন নগৰলৈ গ’ল, কিন্তু যথেষ্ট পানী নাপালে। তথাপিও তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
Deux, trois villes sont allées vers une autre pour boire de l’eau, Et elles n’ont point apaisé leur soif. Malgré cela, vous n’êtes pas revenus à moi, dit l’Éternel.
9 ৯ “মই তোমালোকৰ শস্যবোৰ শুকাই যোৱা ৰোগ আৰু ভেঁকুৰ ধৰা ৰোগেৰে আঘাত কৰিলোঁ; তোমালোকৰ বাগানসমূহ, দ্ৰাক্ষাবাৰীবোৰ, ডিমৰু আৰু জিত গছবোৰ কাকতি ফৰিঙে খাই ধ্বংস কৰিলে; তথাপি তোমালোকে মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
Je vous ai frappés par la rouille et par la nielle; Vos nombreux jardins, vos vignes, vos figuiers et vos oliviers Ont été dévorés par les sauterelles. Malgré cela, vous n’êtes pas revenus à moi, dit l’Éternel.
10 ১০ মিচৰলৈ যেনেকৈ পঠাইছিলো, তেনেকৈ “মই তোমালোকৰ মাজলৈ মহামাৰী পঠালোঁ; তোমালোকৰ যুবকসকলক মই তৰোৱালৰ দ্বাৰাই বধ কৰিলোঁ; তোমালোকৰ ঘোঁৰাবোৰ লৈ গলোঁ; তোমালোকৰ ছাউনিৰ দু্ৰ্গন্ধ তোমালোকৰ নাকত সুমুৱাই দিলোঁ; তথাপি তোমালোকে মোলৈ ঘূৰা নাই।” যিহোৱাই এই কথা কৈছে।
J’ai envoyé parmi vous la peste, comme en Égypte; J’ai tué vos jeunes gens par l’épée, Et laissé prendre vos chevaux; J’ai fait monter à vos narines l’infection de votre camp. Malgré cela, vous n’êtes pas revenus à moi, dit l’Éternel.
11 ১১ মই, তোমালোকৰ ঈশ্বৰে চদোম আৰু ঘমোৰাক যেনেকৈ ধ্বংস কৰিছিলোঁ, তোমালোককো সেইদৰে ধ্বংস কৰিলোঁ। তোমালোক জুইৰ পৰা উলিয়াই অনা আধা পোৰা কাঠৰ নিচিনা থ’লো, তথাপিও তোমালোকে মোলৈ ঘূৰা নাই।” যিহোৱাই এই কথা কৈছে।
Je vous ai bouleversés, Comme Sodome et Gomorrhe, que Dieu détruisit; Et vous avez été comme un tison arraché de l’incendie. Malgré cela, vous n’êtes pas revenus à moi, dit l’Éternel…
12 ১২ সেই কাৰণে, হে ইস্ৰায়েলৰ লোক সমূহ, মই তোমালোকলৈ ভয়ানক কিবা এটা ব্যৱহাৰ কৰিম; মই ভয়ানক ব্যৱহাৰ কৰিম বাবে হে ইস্রায়েলবাসী, তোমালোকে নিজ ঈশ্বৰৰ লগত সাক্ষাৎ হ’বলৈ যুগুত হোৱা।
C’est pourquoi je te traiterai de la même manière, Israël; Et puisque je te traiterai de la même manière, Prépare-toi à la rencontre de ton Dieu, ô Israël!
13 ১৩ কাৰণ চোৱা, যি জনাই পর্বতবোৰ নিৰ্ম্মাণ কৰে, বতাহ সৃষ্টি কৰে আৰু মানুহৰ ওচৰত নিজৰ ভাব প্ৰকাশ কৰে; যি জনাই ৰাতিপুৱাৰ পোহৰক অন্ধকাৰ কৰে আৰু পৃথিবীৰ উচ্চস্থানবোৰত অহা-যোৱা কৰে, তেওঁৰ নাম বাহিনীগণৰ ঈশ্বৰ যিহোৱা।
Car voici celui qui a formé les montagnes et créé le vent, Et qui fait connaître à l’homme ses pensées, Celui qui change l’aurore en ténèbres, Et qui marche sur les hauteurs de la terre: Son nom est l’Éternel, le Dieu des armées.